ক্লান্তিবিহীন সংগ্ৰামী কৃষক দুর্গেশ্বৰ পেগু

হেমেন্দ্ৰ কুমাৰ বৰি ধৰিত্ৰীৰ বুকুত নাঙলৰ সিৰলুৰে নিজৰ ভাগ্যলিপি ৰচনা কৰোঁতে কেতিয়াবা প্ৰখৰ ৰ ’ দৰ প্ৰচণ্ড উত্তাপে , কেতিয়াবা বিৰামহীন বৰষুণে , কেতিয়াবা আকৌ বজ্ৰ নিনাদেৰে ফাটি পৰা আকাশখনে তেওঁক হতোদ্যম কৰিবলৈ চেষ্টা কৰিছিল , ঘৰখনৰ মানুহ আৰু সমাজৰ পৰাও সহায় সহযোগ বিচ্ছিন্ন হৈ পৰিছিল । কৰ্তব্যৰ পৰা কাষ্ঠাৰে নির্মিত তেওঁৰ কঠিন শৰীৰ আৰু হৃদয়ত এটা দুৰন্ত ৰণুৱা ঘোঁৰাই থি তাপি লৈছিল । সেই কথা প্ৰত্যক্ষদৰ্শীয়ে অনুধাৱন কৰিয়েই তেওঁক ‘ ৰণুৱা পেগু ’ উপনামেৰে মাতিছিল ।