জলকীয়াৰ অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। পাত ওকণী (Thrips):

ক্ষতিৰ লক্ষণ:





- আক্ৰান্ত পাতবোৰ ওপৰফালে ঘেৰ খাই, জহি যায় আৰু সৰি পৰে

- আক্ৰান্ত কলিবোৰ মূৰমুৰীয়া হৈ যায় আৰু সৰি পৰে

- আক্ৰান্ত জলকীয়াবোৰত ঈষৎ মুগা বৰণীয়া দাগ পৰে

- প্ৰথম অৱস্থাত আক্ৰান্ত হলে বৃদ্ধি বাধাপ্ৰাপ্ত হয়, ফুল আৰু ফল ধৰাত বিসঙ্গতি হয়

- খেতিৰ কাষত বক-ফুলৰ গছ থাকিলে এই পোকৰ আক্ৰমণ কম হয়

নিয়ন্ত্ৰণৰ দিহা:

- পিঁয়াজ খেতি জলকীয়াৰ লগত কৰিব নেলাগে

- জলকীয়াৰ পুলিত ওপৰৰ পৰা পানী দিব লাগে

- জলকীয়া ৰোৱাৰ আগতে ভেটিবোৰত নিমৰ খলিহৈ (৩৩ কিলোগ্ৰাম প্ৰতি বিঘাত) প্ৰয়োগ কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে  fipronil 5% SC (প্ৰতি বিঘাত ১০৭-১৩৩ মিলিলিটাৰ ৬৫ লিটাৰ পানীত মিহলাব লাগে) বা lambda-cyhalothrin 5% E (প্ৰতি বিঘাত ৪০ মিলিলিটাৰ ৫৩-৮০ লিটাৰ পানীত মিহলাব লাগে) স্প্ৰে কৰিব পাৰি


২। মোৱাপোক (Aphid):

ক্ষতিৰ লক্ষণ:




- কুমলীয়া আগ, পাতবোৰত এই পোকে আক্ৰমণ কৰে

- মোৱাপোকে এবিধ মিঠা ৰস নিঃসৰণ কৰে আৰু তাতে ছাঁই বৰণীয়া ভেঁকুৰৰ জমা হয় আৰু পাতখিলা ক’লা হৈ পৰে

- পাতৰ পৰা ৰস শুহি গছজোপাক নিসকতীয়া কৰে

- জলকীয়াবোৰতো মোৱাপোকে আক্ৰমণ কৰাৰ ফলত সেইবোৰ ক’লা হৈ বিক্ৰিৰ বাবে অনুপযুক্ত হয়

নিয়ন্ত্ৰণৰ দিহা:

- এই মোৱা পোক হ’ল ভাইৰাছৰো বাহক; ফলত গছজোপা ভাইৰাছৰ দ্বাৰাও আক্ৰান্ত হয়  

- জলকীয়া খেতিৰ মাজত/ কাষত বেলিফুল, নাৰ্জি ফুল আদিৰ খেতি কৰিব লাগে

- বীজ শোধন: imidacloprid 70% WS (প্ৰতি কিলোগ্ৰাম বীজত ৪-৬ গ্ৰাম)

- Fipronil 5% SC (প্ৰতি বিঘাত ১০৭-১৩৩ মিলিলিটাৰ ৬৫ লিটাৰ পানীত মিহলাব লাগে)

৩। হালধীয়া চাহি পোক (Yellow Mite) :

ক্ষতিৰ লক্ষণ:





- এই পোকৰ পোৱালি আৰু প্ৰাপ্ত-বয়স্ক দুয়োটা অৱস্থাই গছত আক্ৰমণ কৰি ইয়াক নিসকতীয়া কৰি পেলায়।

- পাতবোৰ তলফাললৈ ঘেৰ খাই আৰু লুটিয়াই থোৱা নাওখনৰ দৰে হয়

- পাতৰ ঠাৰিবোৰ দীঘল হৈ ঘেৰ খাই তললৈ ওলমি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- জলকীয়া খেতিৰ চাৰিওকাষে দুশাৰীকৈ মাকৈৰ খেতি কৰিব লাগে

- Dimethoate 30% EC (প্ৰতি বিঘাত ১৩২ মিলিলিটাৰ ৬৬-১৩৩ লিটাৰ পানীত মিহলাব লাগে)

৪। পলু পোক (Tobacco Caterpillar):

ক্ষতিৰ লক্ষণ:




- এই পোক সাধাৰণতে ৰাতি সক্ৰিয় হয়

- আক্ৰান্ত জলকীয়া বগা হয়

- পাতবোৰত ফুটা হয় আৰু শুকাই সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- পথাৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে

- খেতিডৰাৰ কাষত এৰা গছ ৰুব লাগে, যিবোৰক কীট আকৰ্ষণকাৰী উদ্ভিদ হিচাপে ব্যৱহাৰ কৰিব পাৰি

- পোহৰ ফান্দ ব্যৱহাৰ কৰি পখিলা/ চগা নিয়ন্ত্ৰণ কৰিব পাৰি

- নিমৰ গুটি শাহৰ ৰস (৫%) স্প্ৰে কৰিব লাগে

- fipronil 5% SC (প্ৰতি বিঘাত ১০৭-১৩৩ মিলিলিটাৰ ৬৫ লিটাৰ পানীত মিহলাব লাগে) বা lambda-cyhalothrin 5% E (প্ৰতি বিঘাত ৪০ মিলিলিটাৰ ৫৩-৮০ লিটাৰ পানীত মিহলাব লাগে) স্প্ৰে কৰিব পাৰি


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ


১। পুলিৰ গুৰি পচা (Damping off):

ক্ষতিৰ লক্ষণ:



- বীজ তলীত বীজ পচি গৈ নগজা, পুলিবোৰ লেৰেলি শুকাই যোৱা
- পুলিবোৰৰ গুৰি অংশ ঘা-লগাৰ দৰে দাগ হোৱা আৰু পুলিবোৰ লেৰেলি যোৱা

নিয়ন্ত্ৰণৰ দিহা:

- জেকা মাটিত বীজতলী তৈয়াৰ কৰিব নেলাগে
- বীজতলীত অত্যাধিক পানী দিব নেলাগে
- বীজতলীৰ ভেটি কমেও ১৫ ছেন্টিমিটাৰ ওখ হব লাগে
- প্লাষ্টিকৰ ট্ৰেত পুলি গজাব লাগে
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে বীজখিনি captan 75 WS (১ কিলোগ্ৰাম বীজত ২৫-৩০ গ্ৰাম বিহলাব লাগে)
- বীজতলীৰ মাটিখিনি captan 75% WP ৰে (প্ৰতি লিটাৰ পানীত ২.৫-৩.০ গ্ৰাম) শোধন কৰিব লাগে  


২। জলকীয়া আগ ক’লা পৰি শুকাই যোৱা (Dieback & Anthracnose) আৰু ফল পচা (Fruit rot):

ক্ষতিৰ লক্ষণ:



- সাধাৰণতে অক্টোবৰ-নবেম্বৰ মাহত পুলি ৰোপনৰ পিছত এই ৰোগ হয়
- পাতত সৰু সৰু মুগা-ক’লা বৰণীয়া অনিয়মীয়া দাগ দেখা যায়
- বেছিকৈ আক্ৰান্ত হলে পাত আৰু ফুল বোৰ সৰি যায়
- জলকীয়াটোত সৰু বৃত্তাকাৰ, হালধীয়াৰ পৰা বেঙুনীয়া ৰঙৰ ওখহা দাগ দেখা যায় আৰু পচিবলৈ আৰম্ভ কৰে

নিয়ন্ত্ৰণৰ দিহা:
- গছবোৰ আক্ৰান্ত হোৱাৰ লগে লগেই উভালি পেলাব লাগে
- ৰোপন কৰা পথাৰডৰাৰ কাষৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে
- খেতিডৰাত পানী জমা হবলৈ দিব নেলাগে 
- নিয়ন্ত্ৰণৰ বাবে copper oxychloride 50% WP – প্ৰতি বিঘাৰ বাবে ৩৩০ গ্ৰাম ১০০-১৩০ লিটাৰ পানীত (প্ৰতি লিটাৰ পানীত ২.৫-৩.০ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।অৱশ্যে, এনথ্ৰাকনজ আৰু ফল পচা ৰোগ নিয়ন্ত্ৰণৰ captan 50% WG – প্ৰতি বিঘাৰ বাবে ২০০ গ্ৰাম ৭০-৮০ লিটাৰ পানীত (প্ৰতি লিটাৰ পানীত ২.৫-৩.০ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।        


৩। জলকীয়া পাত জ্বলা/ পচা (Choeanephora blight/ wet rot): 

ক্ষতিৰ লক্ষণ:



- জলকীয়াৰ বৃত্তিৰ চাৰিওকাষে, ঠাৰি, কলি আৰু পাতত এই ৰোগ দেখা যায়। আক্ৰান্ত অংশ মুগা/ ক’লা হৈ পচিবলৈ ধৰে
- অপৈনত কলিবোৰ অকালতে বেয়া হৈ যায়
- আগ অংশৰ পৰা ঠাল-ঠেঙুলিবোৰ আক্ৰান্ত হৈ পচি গোটেইজোপা গছেই মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:
- অনুমোদিত দূৰত্ব ৰাখিহে পুলি ৰোপন কৰিব লাগে
- captan 75% WP – প্ৰতি বিঘাৰ বাবে ২৬৭ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব লাগে।  


৪। ভাইৰাছজনিত মজাইক ৰোগ (Mosaic complex): 

ক্ষতিৰ লক্ষণ:



- পাতখিলাৰ ডাঠ সেউজীয়া অংশত পানীজোলা আৰু ফুটুকা-ফুটুকী হৈ ওখহি যায়
- পাতবিলাক মাটিলৈ হালি যায়
- ঠাৰিবোৰত দাগ দেখা যায়
- জলকীয়াবোৰ সমানে নপকে আৰু আকাৰত সৰু হৈ যায়
- পাতবিলাক তলফাললৈ ঘেৰ খাই

নিয়ন্ত্ৰণৰ দিহা:
- বীজখিনি ৰোগমুক্ত হব লাগে
- যিবিলাক শস্যত মজাইক ৰোগ নহয় তেনে শস্যৰ লগত জলকীয়া খেতিৰ শস্যাৱৰ্তন কৰিব লাগে
- বহুবৰ্ষী বন-বাতবোৰ নষ্ট কৰিব লাগে
- আক্ৰান্ত গছবোৰ প্ৰথমতেই উভালি পেলাব লাগে
- খেতিডৰাৰ চাৰিওকাষে চাৰিশাৰীকৈ মাকৈ খেতি কৰিব লাগে
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে বীজবোৰ imidacloprid 70% WS (প্ৰতি কিলোগ্ৰামত ১০ গ্ৰামকৈ মিহলাব লাগে)
- fipronil 5% SC (প্ৰতি বিঘাৰ বাবে ১০৬- ১৩৩ গ্ৰাম ৬৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে)    

 

৫। পাতত বগা পাউদাৰৰ নিচিনা আৱৰণ (Powdery mildew):

ক্ষতিৰ লক্ষণ:




- পাতত বগা পাউদাৰৰ দৰে গুড়ি বিশেষকৈ তলপিঠিত দেখা যায়
- পাতৰ ওপৰফালে হালধীয়া দাগ দেখা যায়
- বেছিকৈ আক্ৰান্ৰ হলে পাতবোৰ শুকাই যায় আৰু সৰি পৰে
- ঠাল-ঠেঙুলি আৰু অপৈনত জলকীয়াবোৰতো বগা পাউদাৰৰ লক্ষণ দেখা যায় আৰু কলিবোৰ সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:
- dinocap 48% EC -প্ৰতি বিঘাৰ বাবে ৩০ মিলিলিটাৰ ১০০ লিটৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে  


৫। পাতত মুগা/ ক’লা বৰণীয়া দাগ (Cercospora leaf spot):

ক্ষতিৰ লক্ষণ:




- পাতত বৃত্তাকাৰ, কাষটো মুগা আৰু কেন্দ্ৰটো কজলা বৰণৰ দাগ দেখা যায়। পিছত দাগবোৰ বাঢ়ি গৈ লগ-লাগি যায়
- দাগবোৰৰ কেন্দ্ৰ অংশ বগা আৰু পাতখিলা হালধীয়া হৈ সৰি যায়

নিয়ন্ত্ৰণৰ দিহা:
- mancozeb 75% WP- প্ৰতি বিঘাৰ বাবে ২০০-২৬৬ গ্ৰাম ১০০ লিটৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে        


৬। বেক্টেৰিয়াজনিত পাতত ফুট ফুটীয়া দাগ পৰা ৰোগ (Bacterial Leaf Spot):

ক্ষতিৰ লক্ষণ:




- পাত, ঠাল-ঠেঙুলি আৰু ফলত আক্ৰমণ কৰে
- পাতত বৃত্তাকাৰ পানীজোলা দাগ পৰে। দাগবোৰ পচি যায় আৰু খেৰ বৰণীয়া হয়।
- বেছিকৈ আক্ৰান্ত হলে পাতবোৰ হালধীয়া হৈ সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:
- পথাৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে
- বেক্টেৰিয়াজনিত পাতত ফুট ফুটীয়া দাগ পৰা ৰোগ (Bacterial Leaf Spot) নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপটচাইক্লিন চালফেট ৯% + টেট্ৰাচাইক্লিন হাইড্ৰক্লৰাইড ১% SP (ষ্ট্ৰেপটচাইক্লিন)- ৪০-৫০ পি.পি.এম. অনুমোদিত হাৰত জলকীয়াৰ পোনপ্ৰথমে প্ৰকৃত পাত ওলোৱা সময়তে স্প্ৰে কৰিব লাগে। তদুপৰি পুলি ৰোপনৰ আগে আগে এবাৰ আৰু পুলি ৰোপনৰ পিছত এবাৰ স্প্ৰে কৰিব  লাগে।  


৭। অলটাৰনেৰিয়া দাগ পৰা ৰোগ (Alternaria Leaf Spot):

ক্ষতিৰ লক্ষণ:



- পাত আৰু ফলত আক্ৰমণ কৰে আৰু পানীজোলা হৈ দাগ পৰে। আক্ৰান্ত অংশৰ চাৰিওকাষ হালধীয়া হয়

নিয়ন্ত্ৰণৰ দিহা:
- mancozeb 75% WP- প্ৰতি বিঘাৰ বাবে ২০০-২৬৬ গ্ৰাম ১০০ লিটৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে     


৮। ভেঁকুৰজনিত লেৰেলি যোৱা ৰোগ (Fusarium wilt):

ক্ষতিৰ লক্ষণ:



- প্ৰথমে পাতৰ সিৰাবোৰ স্পষ্ট হৈ পৰে আৰু সেউজীয়া ৰং শেতা হৈ পৰে, কুমলীয়া পাতবোৰ মৰি যায় আৰু গোটেই গছজপাই লেৰেলিবলৈ আৰম্ভ কৰে
- পুলিৰ গুৰিৰ মাটিখিনি captan 75% WP ৰে (প্ৰতি লিটাৰ পানীত ২.৫-৩.০ গ্ৰাম) শোধন কৰিব লাগে
- captan 75% WP – প্ৰতি বিঘাৰ বাবে ২৬৭ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব লাগে।     


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন

১। নাইট্ৰজেন মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ ইউৰীয়া  ১৫ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

২। ফচফৰাচ মৌলৰ অভাৱ:




- প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ ডি.এ.পি ১৫ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

৩। পটেছিয়াম মৌলৰ অভাৱ:




- পটেছিয়াম চালফেট (K2SO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ দুসপ্তাহৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

৪। কেলছিয়াম মৌলৰ অভাৱ:



- প্ৰতিবিঘাত ৩.৩৩ কিলোগ্ৰামকৈ মাটিত প্ৰয়োগ কৰিব লাগে বা কেলছিয়াম চালফেট (CaSO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত তিনিবাৰ স্প্ৰে কৰিব লাগে

৫। মেগনেছিয়াম মৌলৰ অভাৱ:



- মেগছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত  স্প্ৰে কৰিব লাগে

৬। চালফাৰ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫-১০ গ্ৰামকৈ কেলছিয়াম চালফেট (CaSO4) পাতত স্প্ৰে কৰিব লাগে

৭। বৰ’ণ মৌলৰ অভাৱ:


- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৮। কপাৰ মৌলৰ অভাৱ:




- কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত  ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে
৯। আইৰণ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

১০। মেঙ্গানিজ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে

১১। জিংক মৌলৰ অভাৱ:



- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান