কৃষি বিজ্ঞানৰ অ.আ.ক.খ.:অধ্যায়-৯
ৰাসায়নিক
সাৰ
আমি আগতেই আলোচনা কৰি আহিছো যে শস্যৰ বৃদ্ধিৰ বাবে ই মাটিৰ পৰা বিভিন্ন মৌল আহৰণ কৰে। এই মৌলসমুহ মাটিত যোগানৰ বাবে কিছুমান প্ৰাকৃতিক উপায় যেনে, জৈৱিক সাৰ, জীৱানুসাৰ, সেউজীয়া সাৰ আদি প্ৰয়োগৰ বিষয়ে আমি আলোচনা ইতিমধ্যে আলোচনা কৰি আহিছো। উক্ত উপায়বোৰৰ বাহিৰেও শস্যত পুষ্টিমৌল যোগানৰ বাবে কৃত্রিমভাৱেও কিছুমান ৰাসায়নিক দ্ৰব্য (যিবোৰ সাধাৰণতে অজৈৱ) ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক দ্ৰব্যবোৰত কোনো এবিধ নিৰ্দিষ্ট মৌল নাইবা কেইবাবিধো মৌল মিশ্ৰিত হৈ থাকিব পাৰে। যিবিলাক ৰাসায়নিক সাৰত কেৱল এবিধ মৌল থাকে সেইবোৰক একক সাৰ আৰু যিবোৰত দুটা বা তাতোধিক মৌল থাকে সেইবোৰক যোগিক সাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইউৰীয়াত কেৱল নাইট্ৰজেন মৌল থাকে বাবে ই হ’ল একক সাৰ আৰু ডি.এ.পি.ত নাইট্ৰজেন আৰু ফছফেট দুয়োবিধ মৌল থাকে বাবে ই হ’ল যোগিক সাৰ।
মাটিত
মৌল যোগানৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰি নিম্নলিখিতধৰণে ৰাসায়নিক সাৰসমুহক বিভক্ত কৰিব
পাৰি-
(ক) নাইট্ৰজেনযুক্ত ৰাসায়নিক সাৰঃ
নাইট্ৰজেন জাতীয়ঃ চডিয়াম নাইট্ৰেট, পটেচিয়াম নাইট্ৰেট, কেলচিয়াম নাইট্ৰেট
এম’নিয়াম জাতীয়ঃ এম’নিয়াম চালফেট,এম’নিয়াম ক্লৰাইড,
ডাই এম’নিয়াম চালফেট নাইট্ৰেট।
নাইট্ৰেট আৰু এম’নিয়াম
জাতীয়ঃ
এম’নিয়াম নাইট্ৰেট, এম’নিয়াম
চালফেট নাইট্ৰেট
এমাইড
জাতীয়ঃ
ইউৰীয়া,
কেলছিয়াম চাইনামাইড
নাইট্ৰজেন জাতীয় সাৰৰ ভিতৰত আমাৰ কৃষকে খুউব বহুলভাৱে ব্যৱহাৰ কৰা সাৰবিধেই হ’ল-ইউৰীয়া।
ইউৰীয়াঃ
এই সাৰবিধ কম পাৰিমাণে আম্লিক। বগা, দানাকাৰ এই সাৰবিধত প্ৰায় ৪৬ শতাংশ নাইট্ৰ’জেন থাকে। ই বায়ুমণ্ডলৰ পৰা জলীয়বাষ্প সহজেই শোষণ কৰিব পাৰে। সেয়েহে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি। ইয়াক সৰহ পৰিমাণে মাটিত প্ৰয়োগ কৰিলে অঙ্কুৰিত বীজ বা শিপাৰ ক্ষতিসাধন কৰিব পৰে। বায়ুমন্ডলৰ সংস্পৰ্শলৈ অহাৰ লগে লগে যিহেতু ই লোকচান হ’ব পাৰে, সেয়ে প্ৰয়োগৰ পিছত ইয়াক ভালদৰে মাটিত মিহলাই দিব লাগে। আজিকালি বজাৰত নিমতেল সানি লোৱা ইউৰীয়া সাৰ পোৱা যায়। ইয়াক পানী থকা মাটিত প্ৰয়োগ কৰিলে লাহে লাহে শস্যই নাইট্ৰ’জেনভাগ গ্ৰহণ কৰিব পাৰে। তদুপৰি ইউৰীয়া একেবাৰতে প্ৰয়োগ নকৰি কেইবাটাও ভাগত প্ৰয়োগ কৰিও ইয়াৰ লোকচান কমাব পাৰি।
ফছফেট জাতীয় সাৰঃ
ৰক ফছফেট, বনমিল, একক চুপাৰ ফচফেট আদি। ইয়াৰ ভিতৰত একক চুপাৰ ফচফেট সাৰবিধেই বহুলভাৱে আমাৰ কৃষকে ব্যৱহাৰ কৰে। ‘একক চুপাৰ ফচফেট’ ঈষৎ, মুগা বা ধোঁৱা বৰণীয়া এইবিধ সাৰত ১৬ শতাংশ ফচফৰিক এচিড থাকে। মাটিত প্ৰয়োগ কৰাৰ পিছতো ই সহজে লোকচান নহয় আৰু লাহে লাহে পানীত দ্ৰবীভূত হয়। আম্লিক মাটিত এইবিধ সাৰ প্ৰয়োগ কৰিলে অধিক ফল পোৱা যায়। বীজ সিঁচাৰ আগেয়ে বা কঠীয়া ৰোৱাৰ দুদিনমান আগেতে ইয়াক প্ৰয়োগ কৰিব লাগে।
পটাছ জাতীয় সাৰঃ
মিউৰেট অব পটাছ (পটেছিয়াম ক্লৰাইড) আৰু পটেছিয়াম চালফেট আদি। ইয়াৰ ভিতৰত মিউৰেট অব পটাছ সাৰবিধেই বহুলভাৱে ব্যৱহৃত হয়।
মিউৰেট অব পটাছঃ
এই সাৰত শতকৰা ৬০ ভাগ
পটেছিয়াম মৌল থাকে। বায়ুমণ্ডলৰ
পৰা জলীয়ভাপ শোষণ নকৰে বাবে এই সাৰ বহু দিনলৈ মজুত ৰাখিব পাৰি। মাটিতো ইয়াৰ অপচয় নহয়। অৱশ্যে বালিয়া মাটিত ই পানীৰ লগত মাটিৰ
তললৈ সোমাই নষ্ট হ’ব পাৰে। সেয়ে, বালিয়া মাটিত পটাছ সাৰ ভাগ ভাগ কৰি প্ৰয়োগ কৰিব লাগে।
ডি.এ.পি. (ডাই-
এম’নিয়াম ফছফেট):
ই এবিধ যৌগিক সাৰ। ইয়াত শতকৰা ১৮ ভাগ নাইট্ৰ’জেন অৰু শতকৰা ৪৬ ভাগ ফছফৰিক এচিড থাকে। অৰ্থাৎ এই সাৰে ইউৰীয়া আৰু একক চুপাৰ ফচফেট কাম একেলগে কৰে। ১কিলোগ্ৰাম ডি.পি.এ.সাৰ প্ৰয়োগ কৰিলে ২.৮৬২ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ০.৪০০ গ্ৰাম ইউৰীয়াৰ সমান কাম কৰে। বায়ুৰ পৰা জলীয়ভাপ শোষণ নকৰে বাবে ইয়াক মজুত কৰিবলৈও সহজ।
এন.পি.কে.
সাৰঃ
নাইট্ৰ’জেন, ফছফৰাছ আৰু পটেছিয়াম- এই তিনিওবিধ মৌলক নিৰ্দিষ্ট অণুপাতত মিহলাই এই সাৰ প্ৰস্তুত কৰা হয়। বিভিন্ন অনুপাতত যেনে- ১২-৩২-১৬, ১৫-১৫-১৫ ইত্যাদি অণুপাতৰ (গ্ৰেড) এন.পি.কে. সাৰ পোৱা যায়।
সূক্ষ্ম সাৰ বা অণূ সাৰঃ
তাম, লো, দস্তা, ব’ৰণ, মলিবডেনাম, মেগনেছিয়াম আদি মৌলবোৰ শস্যক খুউব কম পৰিমাণে দৰকাৰ হয়। এই অণুপুষ্টি মৌলবোৰ নিৰ্দিষ্ট অণুপাতত মিহলাই পেকেট তৈয়াৰ কৰি বজাৰত মুকলি কৰি দিয়া হয়। যেনে- গ্ৰীণ হাৰভেষ্ট অল ক্ৰপ, ট্ৰেচেল-২, মালিপ্লেক্স, মাইক্ৰপ্লেক্স আদি। এই সাৰবোৰ কম পৰিমাণে অন্যান্য সাৰৰ লগত মিহলি কৰি মাটিত প্ৰয়োগ কৰিব পাৰি নাইবা স্প্ৰে কৰিও পাতত প্ৰয়োগ কৰিব পাৰি। সূক্ষ্ম পুষ্টিদ্ৰব্যবোৰ শস্যক খুউব কম পৰিমাণে লাগে বাবে ইয়াক অধিক মাত্রাত প্ৰয়োগ কৰিলে শস্যত বিষক্ৰিয়া হৈ অনিষ্ট কৰিব পাৰে।
ৰাসায়িনিক সাৰ কেনেকৈ প্ৰয়োগ কৰিব পাৰিঃ
বিভিন্ন পদ্ধতিৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰি-
ছটিওৱা
পদ্ধতিঃ
শস্য
গজি উঠাৰ পিচত তাৰ মাজে মাজে নাইবা শাৰীবোৰৰ মাজত ইউৰীয়া সাৰ ছটিয়াই প্ৰয়োগ কৰিব
পাৰি। ইয়াক ‘টপ ড্ৰেছিং’ বুলি কোৱা হয়।
নাঙলৰ সীৰলুত নাইবা শস্যৰ ওচৰে-পাজৰে এই পদ্ধতিত সাৰ প্ৰয়োগ কৰা হয়। ধান খেতিত ইউৰীয়া সাৰ প্ৰয়োগ কৰিবলৈ হ’লে বোকা মাটিৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে।
কল, অমিতা, কমলা আদি কিছুমান ফলমূল আৰু কিছুমান শাক-পাচলি যেনে- বিলাহী, বেঙেনা আদিত শস্যজোপাৰ চাৰিওকাষে মাটিত পাতলীয়াকৈ দ’ কৰি তাত সাৰ প্ৰয়োগ কৰিব লাগে আৰু মাটিৰে পুনৰ পুতি দিব লাগে।
তামোল, নাৰিকল আদি গছত সাৰ প্ৰয়োগ কৰিবলৈ হ’লে শস্যৰ গুৰি অংশৰ পৰা ১-৩ ফুট আঁতৰত চাৰিওকাষে বাঁহৰ খুটিৰ সহায়ত ৬ ইঞ্চি মান দ’ সৰু সৰু গাঁত কৰি তাত অলপমান সাৰ দি মাটিৰে পুতি দিব লাগে।
পাতত জুলীয়া সাৰ প্ৰয়োগঃ
কিছুমান সাৰ বিশেষকৈ ইউৰীয়া, মিউৰেট অব পটাছ আৰু বিভিন্ন অণুসাৰ নিৰ্দিষ্ট পৰিমাণত মিহলাই পাতত স্প্ৰে কৰিব লাগে। লক্ষ্যণীয় বিষয় হ’ল, অধিক পৰিমাণে সাৰ মিহলি কৰি যাতে পাত অনিষ্ট নহয়।
ৰাসায়নিক সাৰ প্ৰয়োগৰ দৰকাৰী কথাঃ
· নাইট্ৰজেন
সাৰ শস্যৰ বৃদ্ধিৰ প্ৰায় সকলো সময়তে দৰকাৰ হয় আৰু ই মাটিৰ পৰা পানীৰ লগত মিহলি হৈ
বেছি তললৈ গৈ আৰু
সূৰ্যৰ তাপত সহজে নষ্ট হ’ব পাৰে। সেয়ে, এই সাৰ কেইবাটাও
ভাগত প্ৰয়োগ কৰিব লাগে।
· শস্যৰ
শিপা বৰ্দ্ধনত আৰু শাৰিৰীক বাঢ়নত ফছফৰাছ প্ৰয়োজন হয়। সেয়ে প্ৰয়োগ কৰাৰ পিছত ই যাতে শিপাৰ ওচৰতে থাকে তাৰ বাবে ইয়াক নিৰ্দিষ্ট স্থানত প্ৰয়োগ কৰিলে
ভাল হয়। অৰ্থাৎ গুটি সিঁচোতে বা পুলি ৰুওতে উক্ত
স্থানত ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে।
· জলসিঞ্চিত মাটিত অধিক মাত্রাত পানী যোগান ধৰিলে সাৰৰ অপ-ব্যৱহাৰ
হয়।
· আলতীয়া
বা বোকা মাটিতকৈ বালিয়া মাটিত অধিক সাৰৰ প্ৰয়োজন হয়।
· আম্লিক
মাটিত চূণ প্ৰয়োগ কৰিলে সাৰৰ কাৰ্যদক্ষতা বাঢ়ে।
· প্ৰকৃততে
মাটিত থকা মৌলৰ পৰিমাণ নিৰ্ণয় কৰিহে, অৰ্থাৎ মাটি পৰীক্ষা কৰিহে সাৰ প্ৰয়োগ কৰা উচিত।
· সুষম
হাৰতহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা উচিত অৰ্থাৎ কোনো এবিধক অধিক হাৰত আৰু
অন্য এবিধক কম হাৰত প্ৰয়োগ কৰা উচিত নহয়।