বৰোধানৰ খেতি

জাত নিৰ্বাচন কেনেকৈ কৰিব? - কৃষক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা জাতটোৱেই হল উপযোগী জাত। নিৰ্বাচিত জাতটোৱে যে অধিক উ ৎপা দন দিবই লাগিব তেনে নহয় ; পানীৰ উপলভ্যতা (বৰষুণ বা জলসিঞ্চন), মাটিৰ ধৰণ, পথাৰৰ ঢাল আদিয়েও জাত নিৰ্বাচনত প্ৰভাৱিত কৰাৰ উপৰিও ঘৰত খাবৰ কাৰণে নে বিক্ৰি কৰিব তাৰ ওপৰতো নিৰ্ভৰ কৰিব। - অধিক উ ৎপা দন দিব পৰা, ৰোগ-ব্যাধি প্ৰতিৰোধ কৰিব পৰা, খাবলৈ ভাল, ধান বনাওতে নভগা আৰু বজাৰৰ বাবে উপযোগী জাত হব লাগে। যেতিয়া জাত এটা নিৰ্বাচন কৰা হয় নিম্নলিখিত কথাখিনি মন কৰিব লাগে- শস্য কালঃ - দীৰ্ঘকালীন জাতবোৰ (১৬০ দিনতকৈ বেছি) জলসিঞ্চত নাইবা বানাক্ৰান্ত অঞ্চলৰ বাবে উপযুক্ত। - মধ্যকালীন জাতবোৰ (১২০-১৪০ দিন) জলসিঞ্চত নাইবা বৰষুণ নিৰ্ভৰশীল দুয়োটা অঞ্চলৰ বাবে উপযুক্ত। - হ্ৰস্বকালীন (১২০ দিনতকৈ কম) জাতবোৰ খৰাং অঞ্চল নাইবা দুতৰপীয়া কৃষিৰ বাবে উপযুক্ত। শস্যৰ উচ্চতাঃ - ওখ...