সৰিয়হ খেতিৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতাৰ সমস্য়া আৰু নিয়ন্ত্ৰণ Get link Facebook X Pinterest Email Other Apps সৰিয়হ খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গৰ সমস্যা আৰু নিয়ন্ত্ৰণসৰিয়হ খেতিৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ সৰিয়হ খেতিৰ পুষ্টিহীনতাৰ সমস্য়া আৰু নিৰাময় Get link Facebook X Pinterest Email Other Apps
গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি আগতীয়াকৈ জানিবলগীয়া কিছু দৰকাৰী বিষয় Ø জাত নিৰ্বাচন সঠিক হ ’ ব লাগে । নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে বীজ সংগ্ৰহ কৰিব লাগে । কৃষকৰ পথাৰত ইতিমধ্যে ভাল ফল দেখুওৱা জাত সমূহৰ বীজ ক্ৰয় কৰিব লাগে । নতুন বজাৰত অহা জাত সমূহৰ ক্ৰয় কৰিলে কম পৰিমাণৰ মাটিৰ বাবেহে ক্ৰয় কৰিব লাগে , যাতে সেইবোৰৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পিচৰ বছৰ খেতি কৰিব পাৰি । সম্পূৰ্ণ পঢ়িবৰ বাবে ক্লিক কৰক »
জিকা আৰু ভোল খেতিৰ দিহা নয়ন কুমাৰ বৰা জাতঃ জিকা: Ø পুচা নাচদাৰ , চুৰেখা আাৰু বি ভি ন্ন কোম্পানীৰ হাইব্ৰীড জাত । ভোল: থলুৱা সঁচ আৰু পুচা চিকনি । আজিকালি বজাৰত বহুতো হাইব্ৰীড জাতৰ সঁচো পোৱা যায় । স্থানীয় জহা ভোলৰ চাহিদা বজাৰত অধিক হয় । বীজৰ পৰিমাণঃ প্ৰতি বিঘাত – ৪৭০ গ্ৰামৰ পৰা ৬০০ গ্ৰাম । ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত ১ . ৫ - ২ . ৫ মিটাৰ । দুজোপা শস্যৰ মাজত - ১ . ৫ - ২ . ৫ মিটাৰ । বীজ সিঁচাৰ সময়ঃ জানুৱাৰী মাহৰ পৰা মে মাহলৈকে । পুষ্টি পৰিচালনা: এজন কৃষকে জৈৱিক নে ৰাসায়নিক, কোনটো পদ্ধতিৰে জিকা আৰু ভোলৰ খেতি কৰিব সেয়া আগতীয়াকৈয়ে সিদ্ধান্ত লব লাগে। যদি জৈৱিক পদ্ধতিৰে খেতি কৰিব বিচাৰে তেন্তে জৈৱিক কৃষি পদ্ধতিৰ উপায়সমূহ অৱলম্বন কৰিব লাগিব আৰু ইয়াৰবাবে সেউজ চিন্তাত প্ৰকাশিত জৈৱিক কৃষি পদ্ধতিসমূহ অধ্যয়ন কৰিব পাৰে। এই আলোচনাত ৰাসায়নিক পদ্ধতিসমূহৰ বিষয়েহে আলোচনা কৰা হৈছে। ৰাসায়নিক সাৰঃ Ø - প্ৰতিবিঘাৰ বাবে পচন সাৰ - ১৫ - ২০ কুইন্টেল , ইউ্ৰৰীয়া - ১২ কিলোগ্ৰাম , একক চুপাৰ ফচফেট - ২৪ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ - ৬ কিলোগ্ৰাম । ইউৰীয়া সাৰৰ আধা অংশ আৰু সমুদায় চুপাৰ ফচফেট আ... সম্পূৰ্ণ পঢ়িবৰ বাবে ক্লিক কৰক »
জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব নয়ন কুমাৰ বৰা কৃষিকাৰ্যত ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত বিজ্ঞানীসকলে আধুনিক কৃষি পদ্ধতিৰ আৰম্ভনিৰ পৰাই সতৰ্ক বাণী শুনাই আহিলেও সেইবোৰৰ প্ৰতি ভ্ৰক্ষেপ নকৰি জধে-মধে সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত ন ন পৰিবেশীয় সমস্যাই দেখা দিলে। প্ৰাকৃতিক ভাৰসাম্যতাৰ প্ৰতি ভাবুকি আহিল। মানব স্বাস্থ্য আৰু জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হ’বলৈ ধৰিলে। শস্য অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণুৰ বাবে আধুনিক কৃষিয়ে এক অনুকূল পৰিবেশ সৃষ্টি কৰি সেইবোৰৰ উপদ্ৰৱ বঢ়াই তুলিলে আৰু সেইবোৰক নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰৰ ব্যৱহাৰ নিশ্চিত হৈ পৰিল। ইয়েই আকৌ পৰিবেশৰ ওপৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিলে। বাৰে বাৰে কীটনাশক ব্যৱহাৰ হৈ থকাৰ ফলত নিয়ন্ত্ৰণ কৰিব বিছৰা কীটৰ কিছু অংশই আকৌ নিৰ্দিষ্ট কীটনাশকৰ প্ৰতি সহ্যশক্তি গঢ়ি তুলিছে। অন্যহাতে কীটনাশক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপকাৰী কীটৰ লগতে অনেক উপকাৰী কীটৰো ধ্বংস হৈছে। শস্যৰ পথাৰত পৰ্যাপ্ত পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ ফলত শস্যই গ্ৰহণ কৰিব নোৱাৰা অৱশিষ্ট অংশ নাইবা সেইবোৰ প্ৰয়োগৰ পিছতে প্ৰাকৃতিক উপায়েৰে উটি গৈ ভূ-গৰ্ভৰ পানী, নলীনাদ, কুঁৱা, নৈ, বিল, সুঁ... সম্পূৰ্ণ পঢ়িবৰ বাবে ক্লিক কৰক »
সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি নয়ন কুমাৰ বৰা খোৱা তেল বা মিঠাতেল হিচাপে সৰিয়হৰ তেল আমাৰ সমাজৰ প্ৰতিটো পৰিয়ালতে এক অপৰিহাৰ্য্য দ্ৰব্য । মিঠাতেলৰ বজাৰ চাহিদাও কম নহয় । আজিকালি পেকেট মিঠাতেলৰ ব্যৱসায় হোৱাৰ পৰা ই এক বিশেষ উদ্যগলৈ গতি কৰিছে । কেৱল খোৱাতেল হিচাপেই যে ইয়াৰ চাহিদা আছে তেনে নহয় । কাহুদি , খৰালি , পানীটেঙা মচলা চাটনিৰ উপৰিও সৰিয়হৰ খলিহৈক পশু খাদ্য আৰু কীটনাশক হিচাপে ব্যৱহাৰ কৰাৰ চাহিদাও বৰ্ত্তমান সময়ত বৃদ্ধি পাইছে । অসমত প্ৰায় ২.৮৬ লাখ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰা হয় যদিও গড় উৎপাদন অতি কম হৈ আছে , প্ৰতি হেক্টৰত মাত্ৰ ৬৪৩ কিলোগ্ৰাম। মুঠ উৎপাদন ১.৮৪ লাখ উৎপাদন যদিও এই উৎপাদনে অসমৰে চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত অসমৰ বাহিৰৰ পৰা বুজন পৰিমাণৰ সৰিয়হ আমদানি কৰিবলগীয়া হয়। অসমৰ বালিচঁহীয়া পলসুৱা মাটিবোৰ সৰিয়হৰ খেতিৰ বাবে অতি উপযুক্ত । তদুপৰি বান অধ্যুষিত অঞ্চলত এই খেতিয়ে এক উল্লেখযোগ্য পৰিৱৰত্তন আনি দিব পাৰে । সৰিয়হৰ প্ৰজাতি : সৰিয়হৰ প্ৰজাতিসমূহ হ ’ ল - হালধীয়া সৰিয়হ ( Yellow Sarson ), মুগা সৰিয়হ ( ... সম্পূৰ্ণ পঢ়িবৰ বাবে ক্লিক কৰক »
কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ হেমেন্দ্ৰ কুমাৰ বৰি “ এমুঠিত দুটকাকৈ চাৰিমুঠি লেচেৰামাহৰ দাম আঁঠ টকা , এটা জাতিলাও , যাৰ দাম হ ’ ব দুটকা , মুঠ দহ টকা পাম , এসাঁ জ ভাতৰ বাবে প্ৰয়োজনীয় চাউলৰ ল গ তে মাছ - পুঠি কিবা এটাও যোগাৰ হ ’ লে ৰাতিৰ ভাত সাঁজ ভালকৈ খাবলৈ পাম- এই আশাৰে বজাৰলৈ গৈছিলোঁ৷ কিন্তু …..” তেওঁ বাকৰুদ্ধ হৈ পৰিল৷ তেওঁৰ আবেগত গধূৰ হৈ পৰা মাতটোৱে কথোপকথন আগুৱাই নিয়াত বাধা প্ৰদান কৰিলে ৷ চকুলৈ জলপ্লাৱন নামি অহাৰ আগজাননী আহিল , লগে লগে তেওঁৰ মুখাৱয়বত ফুটি উঠিল সেই প্লাৱনক বাধা প্ৰদান কৰাৰ এক সকৰুণ ৰূপ ৷ মানুহৰ এনে ৰূপে মোক বৰকৈ বিচলিত কৰে ৷ সম্পূৰ্ণ পঢ়িবৰ বাবে ক্লিক কৰক »