গোলাপ ফুলৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

 কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। মোৱা পোক (Aphid):

ক্ষতিৰ লক্ষণ:




- পোৱালি আৰু প্ৰাপ্তবয়স্ক মোৱাপোকবোৰ কুমলীয়া আগলি কোঁহ, কলি, ফুল আদিত  থুপ পাতি ৰস শোহে

- কোমল কোঁহবোৰ শুকাই যায়

- কলিবোৰ অকালতে সৰি যায় আৰু ফুলবোৰ শেতা হৈ পৰে

নিয়ন্ত্ৰণৰ দিহা:

- নিমতেল- প্ৰতি লিটাত পানীত ৫ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰনৰ বাবে Dimethoate- প্ৰতি লিটাত পানীত ২ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে


২। পাত ওকনি (Thrips):

ক্ষতিৰ লক্ষণ:



- পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকবোৰে পাতৰ তলপিঠিৰ পৰা ৰস শোহে

- আক্ৰান্ত পাতত ৰূপালী বা বগা ৰঙৰ আঁচ দেখা যায়

-  আক্ৰান্ত ফুলবোৰ মেল নেখায়, ৰং শেতা হৈ পৰে আৰু কলিতে সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:

- নিমতেল- প্ৰতি লিটাত পানীত ৫ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰনৰ বাবে Dimethoate- প্ৰতি লিটাত পানীত ২ মিলিলিটাৰ মিহলাই স্প্ৰে কৰিব লাগে


৩। চোকোৰা পোক (Scale Insect):

ক্ষতিৰ লক্ষণ:




- ডালবোৰ সম্পূৰ্ণকৈ আৱৰি ধৰে

- আক্ৰান্ত অংশবোৰ শুকাই যায়

- বেছিকৈ আক্ৰান্ত হলে সম্পূৰ্ণ গছজোপা মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত ডালবোৰ কাটি পুৰি পেলাব লাগে

- ডিজেল বা কেৰাচিন তেলত ভিজাই লোৱা কপাহেৰে চোকোৰা পোকবোৰ ঘঁহি এৰুৱাই দিব লাগে

- Malathion-50EC- প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰকৈ মিহলাই স্প্ৰে কৰিব লাগে।


৪। ৰঙা চাঁহি মকৰা (Red Spider Mite):

ক্ষতিৰ লক্ষণ:



- পাতৰ তলপিঠিত ৰস শোহে আৰু আঁহেৰে জাল বান্ধে

- পাতৰ ওপৰফালে হালধীয়া ফোঁট দেখা যায় আৰু ৰস শোহি খোৱাৰ ফলত পাতখিলা ৰঙচুৱা হৈ পৰে

- আক্ৰান্ত পাতবোৰ সৰি পৰে

- গছৰ বৃদ্ধি আৰু ফুল ধৰাত ব্যাঘাট জন্মে

নিয়ন্ত্ৰণৰ দিহা:

- Spray dicofol- প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰকৈ মিহলাই স্প্ৰে কৰিব লাগে বা Wettable Sulphur- প্ৰতি লিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই স্প্ৰে কৰিব লাগে।


৫। পাত কটা বৰল (Leaf Cutter Bee):

ক্ষতিৰ লক্ষণ:




- গোলাপ ফুলৰ পাতবোৰ বিশেষ ধৰণে কাটি অনিষ্ট কৰে

- পাতৰ কাষৰ পৰা বৃত্তকাৰ বা অৰ্দ্ধ-বৃত্তাকাৰ আঁকাৰত কাটে

নিয়ন্ত্ৰণৰ দিহা:

- বৰলবোৰ ফুলত পৰিব নোৱাৰাকৈ জালেৰে ঢাকি দিব লাগে

- বৰলৰ বাহবোৰ আঁতৰাব লাগে


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ


১। পাতত ক’লা দাগ (Black Spot):

ক্ষতিৰ লক্ষণ:




- পাতত ক’লা দাগ হয়, যিবোৰৰ চাৰিওফালে হালধীয়া হয়। আক্ৰান্ত পাত সোনকালেই সৰি পৰে

- প্ৰথম বছৰত বেঙুনীয়া নাইবা ৰঙা ৰঙৰ ঠাল মেলে

- পাত সৰি পৰাৰ ফলত গছজোপা নিশকতীয়া হয় আৰু ফুলৰ উৎপাদন কমি যায়

নিয়ন্ত্ৰণৰ দিহা:

- গোলাপ ফুলৰ খেতি ৰ’দ পৰা ঠাইতহে কৰিব লাগে য’ত বেলিৰ তাপত ৰাতিৰ নিঁয়ৰৰ কণিকাবোৰ সোনকালে যাতে শুকাই যায়

- গোলাপ ফুলৰ খেতিৰ মাজত বায়ু চলাচল কৰিব পৰাকৈ গছবোৰৰ মাজত যথেষ্ট ব্যৱধান থাকিব লাগে

- ওপৰৰ পৰা পানী দিব নেলাগে; পাতবোৰ যিমান পাৰি সিমান শুকানকৈ ৰাখিব লাগে

- আক্ৰান্ত ঠাল আৰু পাতবোৰ আঁতৰাই পুৰি পেলাব লাগে


২। পাতত বগা পাউদাৰ নিচিনা ভেঁকুৰ লগা (Powdery Mildew):

ক্ষতিৰ লক্ষণ:




- কুমলীয়া পাত, ডাল আৰু কলিত কজলা-বগা ৰঙৰ পাউদাৰৰ নিচিনা ভেঁকুৰ হয়

- আক্ৰান্ত পাতবোৰ বিকৃত হয়, কিছুমান পাত সৰে

- কলিবোৰ মেলাত অসুবিধা হয় আৰু নিম্ন মানদণ্ডৰ ফুল হয়

- ছাঁ-পৰা ঠাইত আৰু ঠাণ্ডাৰ সময়ত এই ৰোগ বেছিকৈ হয়

নিয়ন্ত্ৰণৰ দিহা:

- সৰি যোৱা বেমাৰী পাতবোৰ গোটাই পুৰি পেলাব লাগে

- Wettable sulphur 0.3% - প্ৰতি লিটাৰ পানীত ৩ গ্ৰামকৈ বা  Carbendazim 0.1% - প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই ১৫ দিনৰ মূৰে মূৰে ২-৩ বাৰ স্প্ৰে কৰিব লাগে


৩। আগ শুকাই মৰি যোৱা (Die-back):

ক্ষতিৰ লক্ষণ:




- গোলাপ ফুলৰ ডালবোৰ আগলিৰ ফালৰ পৰা তললৈ মৰি শুকাই যায়

- আগবোৰ ক’লা পৰি যায়

- ৰোগটো শিপালৈকে বিয়পে আৰু গছজোপা সম্পূৰ্ণকৈ মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত বেমাৰী ঠাল-ঠেঙুলিবোৰ কাটি চাফা কৰি আঁতৰাই পেলাব লাগে আৰু কটা অংশত ট্ৰাইক’ডাৰমা ভিৰিদি ভেঁকুৰনাশকৰ মলম সানি দিব লাগে


৪। মামৰে ধৰা (Rust):

ক্ষতিৰ লক্ষণ:



-  পকা নেমুৰ হালধীয়া ৰঙৰ নিচিনা ফোঁহা কিছমান পাতৰ তলপিঠিত আৰু ডালত দেখা যায়, পিছত ৰঙটো ক’লা-ৰঙচুৱা বৰণৰ হয়

- আক্ৰান্ত পাতবোৰ হালধীয়া হৈ মেটুৰা-মেটুৰী হয় আৰু সৰি পৰে

- আগ মৰি শুকাই যোৱা নিচিনা হয়

নিয়ন্ত্ৰণৰ দিহা:

- সৰি যোৱা বেমাৰী পাতবোৰ গোটাই পুৰি পেলাব লাগে

- Wettable sulphur 0.3% - প্ৰতি লিটাৰ পানীত ৩ গ্ৰামকৈ স্প্ৰে কৰিব লাগে


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন

১। ফচফৰাচ মৌলৰ অভাৱ:


- পুলি ৰোৱাৰ আগতেই  মাটিত অনুমোদিত হাৰত একক চুপাৰ ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে নাইবা ৰক ফচফেট প্ৰয়োগ কৰিব লাগে

২। পটেছিয়াম মৌলৰ অভাৱ:



- পটেছিয়াম চালফেট (K2SO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ ১৫ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

৩। মেগনেছিয়াম মৌলৰ অভাৱ:


- মেগছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত ২ সপ্তাহৰ মূৰত  স্প্ৰে কৰিব লাগে বা মাটিত ২.৬৭ কিলোগ্ৰাম মেগছিয়াম চালফেট (MgSO4)  প্ৰয়োগ কৰিব লাগে



Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান