জৈৱিক কৃষিৰ আখৰা::অধ্যায়- ৭

 জৈৱিক পদ্ধতিৰে ধান খেতি

তাজ আহমেদ 



v জৈৱিক পদ্ধতিৰে ধান খেতি কৰিবলৈ হলে কঠীয়া সিঁচা সময়ৰ পৰাই সকলো পদ্ধতি সঠিকভাৱে পালন কৰিব লাগিব।

v জৈৱিক পদ্ধতিৰে ধান খেতি  কৰিবৰ বাবে সদায় থলুৱা উচ্চ উৎপাদনক্ষম জাঁত নিৰ্বাচন কৰিব লাগে। কেতিয়াবা বজাৰৰ চাহিদা অনুযায়ীও কিছুমান জাঁত নিৰ্বাচন কৰিব পাৰি। উদাহৰণ স্বৰূপে, বৰ্ত্তমান বজাৰত কলা চাউলৰ চাহিদা যথেষ্ট বৃদ্ধি হৈছে। তাৰ লগতে কণ-জহাৰ কথাও ক’ব পাৰি।

v ধান খেতিৰ বাবে সাধাৰণতে কঠীয়াতলি আগতীয়াকৈ হাল-কোৰ বাই চহাই থ’ব লাগে।

v কঠীয়াতলিত যথেষ্ট পৰিমাণে গোৱৰ বা পচন সাৰ দি জীৱাণু সাৰ যেনে-এয’ট’বেক্টাৰ (নাইট্ৰজেন সংস্থাপক বেক্টেৰীয়া), পি.এচ.বি.(ফছফেট দ্ৰৱনীয়ক বেক্টেৰীয়া) আদি প্ৰয়োগ কৰিব লাগে। অসমত সাধাৰণতে কঠীয়াতলি বোকা কৰি বীজ সিঁচা হয়। বীজ সিঁচাৰ এক সপ্তাহমানৰ পাছত মিহিকৈ চালি লোৱা পচনসাৰ প্ৰয়োগ কৰিবৰ বাবে আগতীয়াকৈ প্ৰস্তুত কৰি বস্তাত ভৰাই থ’ব লাগে। এই পচন সাৰৰ লগত ট্ৰাইক’ডাৰমা জীৱাণুসাৰ মিহলাই থ’ব লাগে।

v ধানৰ বীজ সাধাৰণতে এক ৰাতি পানীত তিয়াই ৰখা হয়। বীজ সদায় চাফা পানীত তিয়াব লাগে। পানীৰ পৰা বীজ উঠাই অনাৰ পাছত গো-মূত্রত শোধন কৰিব লাগে। তাৰ বাবে ১ লিটাৰ গো-মূত্র ১০ লিটাৰ পানীত মিহলাই ল’ব লাগে। এই মিশ্ৰণত বীজখিনি অধাঘন্টা তিয়াই ৰাখি গজালি মেলিবৰ বাবে গাপ দিব লাগে। গাপ দিয়াৰ সময়ত ট্ৰাইক’ডাৰমাৰ পেষ্ট মিহলাই দিব পাৰিলে ভাল। এই সময়ত ট্ৰাইক’ডাৰমা ব্যৱহাৰ কৰিব নোৱাৰিলে বীজ সিঁচাৰ পাছত স্প্ৰে কৰিব লাগে।

v কঠীয়াতলিত বীজ সিঁচাৰ পাছত কঠীয়াডৰা সমানে চকু দিব লাগে। সেই সময়ত বিভিন্ন পোক বা বেমাৰৰ আক্ৰমণ হ’ব পাৰে। কঠীয়াডৰা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তিতাবাহক, নিম, কৰচ আদিৰ ঘৰতে বনোৱা জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব লাগে। বেমাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে পচতীয়া, বিহলঙণী, বচ আদি ব্যৱহাৰ কৰিব পাৰি।

v বীজ সিঁচাৰ ২০ দিনমানৰ পাচত ১০% অনুপাতত এবাৰ গো-মূত্র স্প্ৰে কৰিলে কঠিয়াবোৰ শকত আৰু ওখ হয়। তাৰ লগত ‘ট্ৰাইকডাৰমা’, ‘চিউডমনাচ’ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। মূল পথাৰত কঠীয়া ৰোপন কৰাৰ আগতে কঠীয়াৰ শিপাবোৰ তলৰ মিশ্ৰণত আধাঘন্টা তিয়াই ৰাখি শোধন কৰিব লাগে -

ট্ৰাইকড্ৰামা + জীৱাণুসাৰ (এযটবেক্টাৰ, ফচফেট দ্ৰৱনীয়ক অনুজীৱ আদি)+ গো-মূত্র

তাৰ বাবে পথাৰৰ এটা চুকত পলিথিন ব্যৱহাৰ কৰি এক ফুটমান দ  এটা টেংক বনাই তাত এই মিশ্ৰণ প্ৰস্তুত কৰি কঠীয়া ৰোৱাৰ আগদিনা এই শোধন কাৰ্য কৰি ল’ব পাৰি।




v কঠীয়া ৰোৱাৰ আগতে মূল পথাৰখন ভালদৰে চহাই, সঠিক মাত্রাত পচন সাৰ দি ল’ব লাগে। জীৱাণুসাৰখিনি পচনসাৰৰ লগতে পথাৰডৰাত প্ৰয়োগ কৰিব লাগে। অসমৰ মাটি সাধাৰণতে আম্লিক। সেইবাবে মাটি পৰীক্ষা কৰাই আম্লিক ভাৱ নাইকীয়া কৰিবৰ বাবে চূণ বা ড’ল’মাইট ব্যৱহাৰ কৰাটো অতি জৰুৰী।

v কঠীয়া পাত কটা  পদ্ধতিটো বহু সময়ত এটা ভাল পদ্ধতি। কাৰণ এনে কৰিলে পাতৰ আগত থকা পোকৰ কণী, লেটা আদি কঠীয়াতলিতে থাকি যায়। মুঠৰ ওপৰত মূল পথাৰত ৰোৱাৰ আগতে কঠীয়া সদায় পোক আৰু ৰোগমুক্ত হোৱাটো একান্তই জৰুৰী। 

v কঠিয়া ৰোৱাৰ পাছত পথাৰ ডৰা অনিষ্টকাৰী পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে মাজে সময়ে কিছুমান জৈৱিক কীটনাশক ঘৰতে প্ৰস্তুত কৰি বা বজাৰত পোৱা জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব লাগে।

v পথাৰ ডৰাত মাজে মাজে বাহৰ জেং বা গছৰ ঠানি কিছুমান পুতি থ’ব লাগে, য’ত চৰাইয়ে বহি ধানৰ অনিষ্টকাৰী পোক-পতঙ্গবোৰ খাব পাৰে। এই কাম আগতীয়াকৈ কৰি থলে, চেলেকা জাতীয় পোকৰ পৰা পৰিত্রাণ পাব পাৰি। তাৰোপৰি সম্ভৱ হ’লে ‘পোহৰ ফান্দ’ ব্যৱহাৰ কৰিও বহু পোক-পতঙ্গ ধ্বংস কৰিব পাৰি।

v কঠীয়া ৰোৱাৰ পাছত পথাৰত পানীৰ পৰিমাণ সঠিকভাৱে ৰাখিব লাগে। পথাৰত ‘ট্ৰাইক কাৰ্ড’, ‘ফেৰ’মেন ট্ৰেপ’, নিম তেল ব্যৱহাৰ কৰি সঠিক সময়ত পোক-পতঙ্গৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি।

v বেমাৰ প্ৰতিৰোধৰ বাবে প্ৰতি মাহে ১০% গো-মূত্র স্প্ৰে কৰিলে ভাল ফল পোৱা যায়। তাৰোপৰি বুভ্যেৰিয়া বেচিয়ানা, বেচিলাচ থুৰিয়েনজেনিচিচ, ষ্ট্ৰেপট’মাইচিটিজ আদি অণুজীৱ ব্যৱহাৰ কৰি ধানৰ প্ৰায়ভাগ বেক্টৰীয়া বা ভেকুঁৰজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

v পথাৰৰ পানী যোৱা নলাত নিমৰ খলিহৈ, নহৰু, পচতিয়া পাত, কৰচ গছৰ গুটি আদি গুড়ি কৰি বস্তাত ভৰাই ৰাখি থ’ব লাগে। এনে কৰিলে পানীৰ সোঁতত বস্তাৰ পৰা গোটেই গোটেই পথাৰ ডৰাতে বিয়পি পৰে। এই পদ্ধতিৰে মজাখোৱা, শুৰপোক আদিকে কৰি বহু পোক নিয়ন্ত্রণ কৰিব পাৰি।

v মুঠৰ ওপৰত সৰু সৰু কিছুমান কৌশলৰ দ্বাৰা সহজতে জৈৱিক কৃষি কৰিব পাৰি। তাৰ বাবে কিন্তু সময়ৰ কাম সময়ত কৰিব লাগিব আৰু সঠিক পৰ্যবেক্ষণ কৰিব লাগিব।

লেখকৰ ঠিকনাঃ  প্ৰৱন্ধক, গ্ৰীণ হাৰভেষ্ট বায়’টেক (ইণ্ডিয়া) প্ৰাঃ লিঃ, ৰাণী, গুৱাহাটী

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান