ভেন্দিৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

ভেন্দিৰ কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ


১। ফল আৰু ডাল বিন্ধা কৰা পোক:

ক্ষতিৰ লক্ষণ:



- ফুটফুটীয়া দাগ থকা পলুৱে ভেণ্ডিত ফুটা কৰি অনিষ্ট কৰে

নিয়ন্ত্ৰণৰ দিহা:

- পোকে আক্ৰমণ কৰা ভেণ্ডি আৰু ডালবোৰবোৰ চিঙি আনি ধ্বংস কৰি পেলাব লাগে 

- বিঘাই প্ৰতি ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ ভেণ্ডি গঁজাৰ পিছতে প্ৰয়োগ কৰিব লাগে আৰু ৩০ দিনৰ অন্তৰে অন্তৰে পুনৰ  দুবাৰ প্ৰয়োগ কৰিব লাগে

- নিমৰ পৰা তৈয়াৰী কীটনাশক অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে

২। মোৱা পোকঃ

ক্ষতিৰ লক্ষণ:


থুপ খাই থকা উৰহ সদৃশ কিছুমান পোকে ভেণ্ডিৰ আগলি অংশ, কলি আৰু পাতৰ তলপিঠিত আক্ৰমণ কৰি সেইবোৰ অনিষ্ট কৰে

নিয়ন্ত্ৰণৰ দিহা:

- মোৱাপোকে আক্ৰমণ কৰা ভেণ্ডিৰ আগলি অংশ চিঙি  ধ্বংস কৰি পেলাব লাগে 

- নিমৰ পৰা তৈয়াৰী কীটনাশক অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে

- ফুল ফুলাৰ আগতে ডাইমেথৱেট (Dimethoate 30 EC) -প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ হিচাপে স্প্ৰে কৰিব লাগে

৩। পাত শোহনী পোক (Leaf Hopper):

ক্ষতিৰ লক্ষণ:


- পাতবোৰ দেই যোৱা নিচিনা হয়

- পাতবোৰ ঘেৰ খাই আৰু মুগা বৰণীয়া হয়

- আক্ৰান্ত গছবো্ৰৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়

নিয়ন্ত্ৰণৰ দিহা:

- এই পোকে আক্ৰমণ কৰিব পৰা বিকল্প শস্য ধ্বংস কৰি পেলাব লাগে যাতে ভেণ্ডি খেতি শেষ হোৱাৰ পিছত ই থাকি নেযায়

- ভেণ্ডি খেতিৰ মাজত অন্তৰ্ৱতী শস্য হিচাপে মাকৈ খেতি কৰা

- নিমৰ পৰা তৈয়াৰী কীটনাশক স্প্ৰে কৰা

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Thiamethoxam 25% WG (১ বিঘা শস্যৰ বাবে ১৩ গ্ৰাম ৬৬ – ১৩৩ লিটাৰ  পানীত) Imidacloprid 70% W (১ বিঘা শস্যৰ বাবে ৪ গ্ৰাম ৫০ – ৬৩ লিটাৰ পানীত

- Dimethoate 30% EC (১ বিঘা শস্যৰ বাবে ২৬৪ মিলিলিটাৰ ৬৬ – ১৩৩ লিটাৰ  পানীত)


৪। বগা মাখি (Whitefly):

ক্ষতিৰ লক্ষণ:



- পাতত শেতা দাগ পৰে আৰু পিছলৈ হালধীয়া হৈ গোটেই পাতখিলাতে বিয়পি পৰে, পাতখিলা সৰি পৰে

- পাতত ছাঁই বৰণীয়া ভেঁকুৰ ধৰে

- কোমল কলিবোৰ সৰি পৰে আৰু ফল নধৰে

নিয়ন্ত্ৰণৰ দিহা:

- পথাৰখন পৰিষ্কাৰ কৰি ৰখাখিব লাগে

- পথাৰখনৰ চাৰিওকাষে বেৰাত ৪ শাৰী মাকৈৰ খেতি কৰা

- কাষত পদিনাৰ খেতি কৰিলে তাৰ গোন্ধত এই পোক আঁতৰি যায়

- কীট আকৰ্ষণকাৰী উদ্ভিদ হিচাপে ফ্ৰেন্সবোনৰো খেতি কৰিব পাৰি

- নিমৰ পৰা তৈয়াৰী কীটনাশক স্প্ৰে কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Thiamethoxam 25% WG (১ বিঘা শস্যৰ বাবে ১৩ গ্ৰাম ৬৬ – ১৩৩ লিটাৰ  পানীত) স্প্ৰে কৰিব পাৰি


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। হালধীয়া মজাইক ভাইৰাছ:

ক্ষতিৰ লক্ষণ: 



- ভেন্দিৰ পাতৰ সিৰাবোৰ হালধীয়া হৈ পাতখিলা ‘মজাইক’ কৰাৰ নিচিনা হৈ পৰে

- বেছিকৈ আক্ৰান্ত হ’লে কুমলীয়া পালবোৰো হালধীয়া হৈ পৰে, আকাৰত সৰু হয় আৰু গছজোপা কঁটীয়া (বাঢ়ন নোহোৱা) হৈ পৰে।

- ভেন্দিৰ ফুল কমকৈ মেলে আৰু ফল ধৰাত বাধাপ্ৰাপ্ত  হয়। ফল ধৰিলেও সেইবোৰ সৰু, টান আৰু খহতা হয়। 

- ৫০-১০০ শতাংশলৈকে ভেন্দিৰ উৎপাদন ক্ষতি  হয়।

- এবিধ বগা মাখি (White fly) ৰ দ্বাৰা এই ভাইৰাছ ৰোগ বিয়পে।

নিয়ন্ত্ৰণৰ দিহা:

- শস্যডৰা চাফচিকুনকৈ ৰাখিব লাগে আৰু আক্ৰান্ত গছবোৰ উভালি আঁতৰত পুতি থব লাগে।

- শস্যডৰাৰ চাৰিওফালৰ সীমাত ওখ প্ৰতিৰোধী শস্য যেনে, মাকৈ ৰোপন কৰিব লাগে।

- প্ৰতিবিঘা মাটিত ১ খনকৈ হালধীয়া আঠাযুক্ত কাৰ্ড আঁৰিব লাগে।

- নিমৰ পৰা নিষ্কাশিত ‘আঝাডিৰেকটিন’ ৫% ( প্ৰায় ২৫ মিলিলিটাৰ  ৫০ লিটাৰ পানীত

মিহলাই) স্প্ৰে কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে অক্সিদিমেটন-মিথাইল ২৫% ই.চি. (প্ৰতিবিঘাত ১৩৩ মিলিলিটাৰ  ৬৬-১৩৩ লিটাৰ পানীত) বা ফেন’প্ৰপাথিন ৩০% ই.চি.  (প্ৰতিবিঘাত ৩৩-৪৫ মিলিলিটাৰ  ১০০-১৩৩ লিটাৰ পানীত)

২। পাতত ফুটফুটীয়া দাগ পৰা (Cercospora Leaf Spot):

ক্ষতিৰ লক্ষণ:



- পাতত মুগা নাইবা ক’লা বৰণৰ দাগ পৰা
- আক্ৰান্ত পাতবোৰ সৰি পৰে আৰু বতৰ সেমেকা হলে ই বেছিকৈ হয়

- আক্ৰান্ত পাতবোৰ আঁতৰাই পুৰি পেলাব লাগে
- নিমৰ পৰা নিষ্কাশিত ‘আঝাডিৰেকটিন’ ৫% ( প্ৰায় ২৫ মিলিলিটাৰ  ৫০ লিটাৰ পানীত
মিহলাই) স্প্ৰে কৰিব লাগে।
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে অক্সিদিমেটন-মিথাইল ২৫% ই.চি. (প্ৰতিবিঘাত ১৩৩ মিলিলিটাৰ  ৬৬-১৩৩ লিটাৰ পানীত) বা ফেন’প্ৰপাথিন ৩০% ই.চি.  (প্ৰতিবিঘাত ৩৩-৪৫ মিলিলিটাৰ  ১০০-১৩৩ লিটাৰ পানীত)

৩। পাউদাৰী মিলদিউ (Powdery Mildew):

ক্ষতিৰ লক্ষণ:


- পাতত কজলা পাউদাৰৰ নিচিনা লক্ষণ দেখা যায়
- আক্ৰান্ত পাতবোৰ হালধীয়া হৈ সৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- নিৰ্দিষ্ট জোখতহে ভেণ্ডি ৰোপন কৰিব লাগে
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে  sulphur 80% WP (প্ৰতিবিঘাৰ বাবে ৪১৭ গ্ৰাম ১০০ – ১৩৩ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে

৪। পুলিৰ গুৰি অংশ শুকাই লেৰেলি যোৱা (Damping off):

ক্ষতিৰ লক্ষণ:



- দুটা অৱস্থাত এই ৰোগ হব পাৰে- প্ৰথমে পুলি গজাৰ আগতে আৰু দ্বিতীয়তে পুলি গজাৰ পিছত
- প্ৰথম অৱস্থাত আক্ৰান্ত হলে পুলি গজি উঠাৰ আগতেই ই মৰি যায়
- দ্বিতীয় পৰ্যায়ত আক্ৰমণ কৰিলে পুলিবোৰৰ গুৰি অংশ চিঁযা হৈ পচিবলৈ ধৰে আৰু পুলিটো লেৰেলি যায়

নিয়ন্ত্ৰণৰ দিহা:
- গ্ৰীষ্ম কালত মাটি দ’কৈ চহাব লাগে
- মাটিৰ সৌৰকৰণ অৰ্থাৎ তিনি সপ্তাহৰ বাবে পলিথিনেৰে মাটিখিনি ঢাকি ৰখা
- মাটিত নিমৰ খলিহৈ প্ৰয়োগ কৰা
- ৰাসায়নিক ভেঁকুৰনাশক যেনে, Captan 75% WS ৰ দ্বাৰা বীজ শোধন ( ২০-৩০ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত)
- পুলিৰ গুৰি অংশৰ মাটিত Captan 75% WS (প্ৰতি বিঘাৰ বাবে ৩৩৩ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগিব

পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন:


১। পটেছিয়াম মৌলৰ অভাৱ:



- পটেছিয়াম ক্লৰাইড (KCl) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

২। বৰ’ণ মৌলৰ অভাৱ:



- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৩। আইৰণ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

৪। মেঙ্গানিজ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে


৫। জিংক মৌলৰ অভাৱ:


- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে বা প্ৰতি বিঘা মাটিত ১.৩৪ কিলোগ্ৰাম জিংক চালফেট (ZnSO4) প্ৰয়োগ কৰিব লাগে 


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান