জৈৱিক কৃষিৰ আখৰা::অধ্যায়-৪

কেইবিধমান শস্য বৃদ্ধিকাৰক

মাছৰ পেলনীয়া অংশৰ পৰা


v মাছৰ পেলনীয়া কাঁইট, বাকলি, পেটু, ছাল আদি সংগ্ৰহ কৰি এটা পাত্ৰত ৰাখিব লাগে লক্ষ্য কৰিব লগীয়া বিষয় হ- পেলনীয়া সামগ্ৰীবোৰ যাতে সতেজ হয়

v উল্লিখিত সামগ্ৰীৰ লগত সম-পৰিমাণৰ জুলীয়া গুড় যোগ কৰক

v পাত্ৰটো মুখ বন্ধ কৰি ৩-৪ দিন ৰাখি দিয়ক

v এনেদৰে থৈ দিলে পাত্ৰৰ তলিত কিছু জুলীয়া দ্ৰৱ জমা হ এই জুলীয়া দ্ৰৱৰ ১ ভাগ ১০০০ ভাগ পানীৰ লগত মিহলাই শস্যৰ পাতত স্প্ৰে কৰিব পাৰি

চাউল ধোৱা পানী:



v চাউল ধোৱা পানী সংগ্ৰহ কৰিব লাগে

v এটা পাত্ৰত পানীখিনি লৈ মুখখন কাপোৰেৰে বন্ধ কৰি ছাঁ পৰা স্থানত এসপ্তাহৰ বাবে ৰাখি থব লাগে

v এক সপ্তাহৰ পিছত এই পানীৰ লগত ১০ ভাগ গাখীৰ যোগ কৰি পুনৰ এক সপ্তাহ ৰাখিব লাগে তেতিয়া ই এক ঈষৎ হালধীয়া এক জুলীয়া দ্ৰৱত পৰিণত হ

v উক্ত দ্ৰৱৰ লগত ২০-৪০ অংশ পানী মিহলাই শস্যত স্প্ৰে কৰিব লাগে ই এক জৈৱিক ৰোগ-নাশকৰ লগতে শস্যৰ বৃদ্ধিকাৰক হিচাপেও অৰিহণা যোগায়

প্ৰাকৃতিকভাবে তৈয়াৰী কিছুমান বৃদ্ধিকাৰক:

v দোকমোকালিতে উঠি খৰকৈ বৃদ্ধি হোৱা আৰু স্থানীয়ভাবে উপলব্ধ বিভিন্নধৰণৰ অলাগতিয়াল উদ্ভিদৰ সংগ্ৰহ কৰি সেইবোৰৰ কুমলীয়া অংশ সংগ্ৰহ কৰি লব লাগে

v সংগৃহীত উদ্ভিদ অংশবোৰ ১:৩ অণুপাতত গুড়ৰ লগত হাতেৰে সানি মিহলাব লাগে কিন্তু, উদ্ভিদ অংশবোৰ মিহলোৱাৰ আগতে কেতিয়াও ধুব নেলাগে

v এটা বহল মুখৰ পাত্ৰত উক্ত মিশ্ৰণখিনি ভৰাই তাত শিল, ইটা জাপি দিব লাগে লক্ষ্য কৰিব লাগে যাতে গধুৰ বস্তুৰ হেঁচাত উদ্ভিদৰ অংশবোৰ ১:৩ অণুপাতত পৰিণত হয়

v এতিয়া পাত্ৰটোৰ মুখখন কাপোৰ বা কাগজেৰে মেৰিয়াই বন্ধ কৰিব লাগে

v এইদৰে ছাঁ পৰা স্থানত ৫-৭ দিন ৰাখিব লাগে

v এনেদৰে থৈ দিলে পাত্ৰৰ তলত এক ৰস জমা হব এই ৰসৰ ১ অংশৰ লগত ৫০০ ভাগ পানী যোগ কৰি যিকোনো শস্যৰ পাতত স্প্ৰে কৰিব পাৰি

v এই মিশ্ৰণ এক উত্তম প্ৰাকৃতিক বৃদ্ধিকাৰক

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান