জৈৱিক কৃষিৰ আখৰা::অধ্যায়- ৫

জৈৱিক কৃষিত সঁচ নিৰ্বাচন

তাজ আহমেদ 

 

জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰোতে শস্যৰ সঁচ নিৰ্বাচন কৰাটো অতি গুৰত্বপূৰ্ণ বিষয় সাধৰণ জৈৱিক কৃষিৰ বাবে জৈৱিক কৃষিৰ প্ৰমাণপত্র লাভকৰা গুটি বা সচঁহে ব্যৱহাৰ কৰিব লাগে কিন্তু বহু সময়ত এনে জৈৱিক প্ৰমাণপত্র থকা গুটি বা সঁচ সহজে উপলব্ধ নহয় তেনেক্ষেত্রত থলুৱা সঁচ, স্থানীয় পৰিৱেশ আৰু মাটিৰ লগত খাপখোৱা সঁচ নিৰ্বাচন কৰিব লাগে সাধাৰণতে স্থানীয় সঁচৰ কীট-পতঙ্গ আৰু বেমাৰ প্ৰতিৰোধী গুণ বেছি থাকে স্থানীয়ভাৱে উপলব্ধ বহু শস্যৰ সঁচ উচ্চ উৎপাদনক্ষম হোৱাৰ লগতে বেমাৰ আৰু কীট-পতঙ্গৰ প্ৰতিৰোধ কৰিব পৰা গুণো থাকে পৰাপক্ষত তেনে সঁচ নিৰ্বাচন কৰিব পাৰিলে অতি উত্তম

জৈৱিক কৃষিত যিকোনোধৰণৰ বৰ্ণ সংকৰ (Hybrid) জাত ব্যৱহাৰ কৰাত বাধা আছে কিন্তু স্থানীয়ভাৱে বংশগত (Genetical) পৰিবৰ্তন  ঘটি  জলবায়ু আৰু ভূমিৰ লগত খাপখোৱা জাত ব্যৱহাৰ কৰিব পাৰি তাৰোপৰি শস্যবোৰৰ আন কিছুমান শিঠিলতাও আছে উদাহৰণস্বৰূপে অসমৰ চাহ খেতিত আগৰে পৰা ব্যৱহাৰ হৈ থকা বৰ্ণ সংকৰ জাত ব্যৱহাৰত অনুমোদন আছে, কিন্তু ধানৰ ক্ষেত্রত  বৰ্ণ সংকৰ জাত ব্যৱহাৰ সম্পূৰ্ণৰূপে বাধা আছে


প্ৰাথমিকভাবে বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰি জৈৱিক পদ্ধতি অৱলম্বন কৰাত বহুতো অসুবিধা আছে কিছুলোকে ধাৰণা কৰে যে উৎপাদন বৃদ্ধি কৰিবৰ বাবে বৰ্ণ-সংকৰ জাতৰ অবিহনে গত্যন্তৰ নাই বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰিব, কিন্তু ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰিব গতিকে তাত বাধা কত? কিন্তু কথাটো হ, বৰ্ণ সংকৰ উচ্চ উৎপাদনক্ষম জাতৰ শস্যৰ বাবে অতি উচ্চ হাৰত নাইট্ৰজেন, ফছফেট, পটাছ আদি উদ্ভিদৰ প্ৰয়োজনীয় মৌলবোৰ প্ৰয়োজন হয় অন্যথা উৎপাদন ভাল নহ গতিকে তাৰ যোগান ধৰিবলৈ যাওঁতে জৈৱিক পদ্ধতিৰ পৰিধিৰ ভিতৰত থকাটো সম্ভৱ নহয় ইউৰীয়া, মিউৰেট অৱ পটাছ, চুপাৰ ফছফেট আদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ লগে লগে  শস্যত পোক-পতঙ্গৰ আক্ৰমণ বৃদ্ধি পায় কাৰণ ৰাসায়নিক সাৰে উদ্ভিদ দেহ কোমল কৰি তোলে আনহাতে বৰ্ণ সংকৰ জাত স্থানীয় বতৰৰ লগত খাপ নেখাবও পাৰে আন কিছুলোকে ব্যৱহাৰিক জ্ঞানৰে কব খোজে যে যোৱা বছৰ কোনোধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাকৈ বৰ্ণ-সংকৰ জাত ব্যৱহাৰ কৰি অতি কম উৎপাদন পাইছে কিন্তু কথাটো হল তেওঁৰ খেতি ডৰা অতি সাৰুৱা আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰে ভৰপূৰ আছিল সেইবাবে হয়তু, প্ৰথম বছৰৰ বাবে বৰ্ণ-সংকৰ জাতৰ পৰা ভাল ফল পালে কিন্তু ২য় বছৰ বা ৩য় বছৰত তেওঁ তেনে ফল নোপোৱাটো নিশ্চিত উদাহৰণস্বৰূপে, উক্ত মাটি বহু বছৰ ধৰি থলুৱা সঁচৰ ধান খেতি কৰি বছৰি প্ৰায় ১০-১২ মোন ধান লাভ কৰি আহিছিল মাটিত ঘৰৰ গোৱৰ-জাৱৰ দিয়াৰ বাহিৰে কোনো ৰাসায়নিক সাৰ দিয়া নাছিল বৰ্ণ সংকৰ জাতৰ ধান খেতি কৰি ১ম বছৰত ৩০ মোন ধান পালে কোনো ৰাসায়নিক সাৰ নিদিয়াকৈ ২য় বছৰত বৰ্ণ সংকৰ জাতৰ ধান খেতি ৰাসায়নিক সাৰ নিদিয়াকৈ কৰিছিল, কিন্তু খেতি মূঠেও ভাল নহ ৩য় বছৰত পুনৰ থলুৱা জাতৰ খেতি কৰি ৫-৬ মোন ধান পালে মাটিডৰাত থলুৱা সঁচৰ ধানৰ উৎপাদন ১০-১২ মোন পাবৰ বাবে বহু পৰিমাণৰ গোৱৰ জাৱৰ দিব লাগিব আৰু হয়তো বহু বছৰলৈকে অপেক্ষা কৰিব লাগিব গতিকে বৰ্ণ সংকৰ জাত জৈৱিক কৃষি পদ্ধতিত কিয় নিষিদ্ধ কৰা হৈছে বুজি পোৱাত নিশ্চয় অসুবিধা নহ

         জৈৱিক কৃষিত শস্যৰ জাত নিৰ্বাচনত গুৰত্ব দিয়াৰ লগতে কোন ঠাইত কি খেতি কৰিব তাক ভালদৰে ভাবি-চিন্তি কৰিব লাগে কোনো শস্যৰ খেতি কৰি বহুত লাভ হোৱা বুলি শুনি, জধে-মধে যিকোনো খেতি কৰিব নেলাগে সেই অঞ্চলৰ জলবায়ু, মাটিৰ গুণাগুণ আদিৰ ওপৰত লক্ষ্য কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে কোনো অঞ্চলৰ জলবায়ুৰ লগত খাপ নোখোৱা শস্য জোৰ-জুলুম কৰি কৰিব নেলাগে উদাহৰণস্বৰূপে, অসমত চাহ খেতি ভাল হয় আৰু অসমৰ জলবায়ু চাহ খেতিৰ বাবে উপযোগী, কিন্তু আপেল, আঙুৰ খেতিৰ বাবে উপযোগী নহয় হয়তু বিশেষ যত্ন ললে উৎপাদন হবও পাৰে, কিন্তু জৈৱিক কৃষিৰ বাবে তাক নিৰ্বাচন কৰিব নোৱাৰি অসমত জহাধান, থলুৱা সঁচৰ ধানৰ খেতি হয়, কিন্তু বাচমতি ধান নহয় গতিকে বাচমতি ধান অসমত জৈৱিকভাৱে কৰিবলৈ নিৰ্বাচন কৰিব নেলাগে জৈৱিক খেতিৰ প্ৰমাণ পত্র লাভ কৰিবলৈ হলেও এইবোৰ কথাত গুৰত্ব দিব লাগিব জৈৱিক খেতিত আন এক লক্ষণীয় দিশ হল গুটি বা সঁচ কেতিয়াও ৰাসায়নিক পদাৰ্থৰ দ্বাৰা শোধন (Treatment) কৰিব নোৱাৰিব গুটি বা সঁচ সংৰক্ষণ কৰিবৰ বাবে জৈৱিকভাৱে উপলব্ধ পদ্ধতিহে ব্যৱহাৰ কৰিব লাগিব

লেখকৰ ঠিকনাঃ  প্ৰৱন্ধক, গ্ৰীণ হাৰভেষ্ট বায়টেক (ইণ্ডিয়া) প্ৰাঃ লিঃ, ৰাণী, গুৱাহাটী

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান