কল খেতিৰ ৰোগ, কীট আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান

 কলখেতিৰ অনিষ্টকাৰী কীটৰ সমস্যা আৰু সমাধান:

১। কলৰ মূঢ়া অনিষ্ট কৰা উইভিল পোক (Rhizome weevil):

ক্ষতিৰ লক্ষণ:  

  • কলৰ মূঢ়াত সোমাই এই পোকৰ পলুবোৰে খাই কলগছবোৰক মাৰি পেলায়
  • মূঢ়াবোৰৰ ভিতৰত ডাঠ ৰঙৰ কিছুমান ফুটা দেখা যায়
  • ঠোৰটো মৰি যোৱা নাইবা বাহিৰৰ পাতবোৰ হালি পৰে


নিয়ন্ত্ৰণৰ দিহা:

  • ৰুবৰ বাবে কলৰ পুলিবোৰ সুস্থ-সবল হব লাগে
  • একেডৰা মাটিতে বহুদিনলৈ কলখেতি কৰি থাকিব নেলাগে
  • কলখেতিডৰা চাফ-চিকুনকৈ ৰাখিব লাগে
  • আক্ৰান্ত গছবোৰৰ মূঢ়া মাটিৰ তলৰ পৰা সম্পূৰ্ণৰূপে খান্দি উলিয়াই নষ্ট কৰিব লাগে
  • ৰোৱাৰ আগতে কলৰ মূঢ়াবোৰ কুইনালফছ ( প্ৰতিলিটাৰ পানীত ১ মিলিলিটাৰ) মিশ্ৰণত ডুবাই লব লাগে
  • বেছিকৈ আক্ৰান্ত হলে ৰগৰ (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ) কলৰ গুৰিৰ চাৰিওকাষে স্প্ৰে কৰিব লাগে

২। কলৰ কৃত্ৰিম কাণ্ড বিন্ধা কৰা পোক (Pseudostem borer):

ক্ষতিৰ লক্ষণ

  • এই পোকৰ পলুৱে বিন্ধা কৰি কলৰ কৃত্ৰিম কাণ্ডৰ ভিতৰলৈ সোমাই যায়
  •  বিন্ধাবোৰৰ পৰা ক’লা ৰস নিৰ্গত হয়
  • বিন্ধা কৰা অংশটো পচি যায় আৰু কলগছজোপা লেৰেলি যায়



নিয়ন্ত্ৰণৰ দিহা:

  • বিন্ধা কৰা অংশটো পচি যায় আৰু কলগছজোপা লেৰেলি যায়
  • কলগছৰ শুকান পাতবোৰ নিয়মিত চাফা কৰি থাকিব লাগে
  • মূঢ়াৰ পৰা নতুনকৈ ওলোৱা পুলিবোৰ আঁতৰাই ৰাখিব লাগে
  • আক্ৰান্ত কলগছবোৰ উভালি পেলাই পুৰি পেলাব লাগে

৩। কলৰ মোৱা পোক (Banana aphid):

ক্ষতিৰ লক্ষণ:

  • পাতবোৰ ফিটাৰ মুঠা নিচিনা হৈ পৰে, গছজোপা নিশকতীয়া হৈ পৰে আৰু পাতবোৰৰ কাষবোৰ ওপৰমূৱাকৈ ঘেৰ খাই
  • কলৰ ঠোক নেমেলে
  • কলৰ মুজুৰা পৰা ভাইৰাছ ৰোগৰ বাহক
  • কলত ঠোৰত মোৱাপকোবোৰ থুপ পাতি থকা দেখা যায়



নিয়ন্ত্ৰণৰ দিহা:

  • কলৰ বাৰীখন চাফ-চিকুনকৈ ৰাখিব লাগে
  • ৰুবৰ বাবে কলৰ পুলিবোৰ সুস্থ-সবল হব লাগে
  • আক্ৰান্ত গছবোৰ মূঢ়াৰে সৈতে উভালি নষ্ট কৰি পেলাব লাগে
  • হালধীয়া ৰঙৰ আঠাযুক্ত পানী-পাত্ৰ ব্যৱহাৰ কৰিব লাগে (বিঘাই প্ৰতি ১-২ খন)
  • মোৱাপোক নিয়ন্ত্ৰণৰ বাবে ৰগৰ (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ) কলৰ গুৰিৰ চাৰিওকাষে স্প্ৰে কৰিব লাগে

৪। কল আঁচোৰা পোক (Banana Scab Moth)

ক্ষতিৰ লক্ষণ:

  • এই পোকৰ পলুবোৰে কুমলীয়া কলবোৰ আঁচুৰি খায়, কলবোৰ ক’লা হৈ বিক্ৰিৰ বাবে অনুপযোগী হৈ পৰে  



নিয়ন্ত্ৰণৰ দিহা:

  • কলৰ বাৰীখন চাফ-চিকুনকৈ ৰাখিব লাগে
  • কীট আকৰ্ষণকাৰী উদ্ভিদ যেনে, বেলিফুল, গাজৰ, মাকৈ আদিৰ খেতি কৰিব লাগে
  • গছত কলডিল ওলোৱাৰ সময়ত ফল আঁচোৰা পোকে কুমলীয়া ফলবোৰ আঁচুৰি আঁচুৰি খাই নষ্ট কৰে নিৰাময়ৰ কাৰণে অনুমোদিত কীটনাশক প্ৰয়োগ কৰিব লাগে কাৰণ এই পোকবোৰে নতুনকৈ মেল খাই অহা কুমলীয়া পাতৰ মাজতহে বাঁহ লয়


কলখেতিৰ ৰোগৰ সমস্যা আৰু সমাধান:

পানামা লেৰেলি যোৱা ৰোগ (Panama Wilt):

ক্ষতিৰ লক্ষণ:

  • আক্ৰান্ত গছবোৰ লেৰেলি যায়, তলৰ পাতবোৰ হালধীয়া হৈ যায় আৰু কাষবোৰ শুকাই যায়
  • কলগছৰ তলফালে ফাটি যায়
  • কলগছজোপা পঠালিকৈ কাটিলে মূঢ়াৰ ওচৰত কিছুমান আঙুঠি সদৃশ দাগ দেখা যায়
  • এই ৰোগটো মাটিৰ পৰা শিপাই দি গছজোপালৈ সোমাই 



নিয়ন্ত্ৰণৰ দিহা:

  • এই ৰোগৰ অসহনশীল জাতবোৰৰ খেতি কৰিব নেলাগে
  • কলখেতিৰ পৰা আক্ৰান্ত গছবোৰ মূঢ়াৰে সৈতে উভালি নষ্ট কৰিব লাগে
  • জৈৱিক বেক্টেৰীয়ানাশক Pseudomonas fluorescens প্ৰতি বিঘাত ৭৫০ গ্ৰাম গোৱৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে বা ৬০ মিলিগ্ৰামৰ এটা কেপচুল তৈয়াৰ কৰি কলৰ মূঢ়াটোৰ ১০ ছেন্টিমিটাৰ ভিতৰত সুমুৱাই দিব লাগে
  • ৰোৱাৰ আগতে কলৰ মূঢ়াটোৰ পৰা শিপাখিনি কাটি আৰু বাকলি এৰুৱাই ফুৰাডন মিহলি বোকা মাটিৰে (৪০ গ্ৰাম প্ৰতিটো মূঢ়াত) লেপি লব লাগে
  • পুলি ৰোৱাৰ ৫ মাহৰ পিছৰ পৰা পুলিটোৰ গুৰিৰ চাৰিওকাষে মাটিখিনিত কাৰ্বানদাজিম (১ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে

২। কলৰ মুজুৰা পৰা ৰোগ (Bunchy top)

ক্ষতিৰ লক্ষণ:

  • প্ৰথমতে পাতৰ তলৰ অংশত সিৰাবোৰৰ মাজত ডাঠ সেউজীয়া আঁচ দেখা যায়
  • কলৰ ওপৰভাগটো মুঠা বন্ধা ফিটাৰ নিচিনা হয়
  • বেছিকৈ আক্ৰান্ত গছত কল নেলাগে আৰু লাগিলেও সেইবোৰ সৰু সৰু আঙুলিৰ নিচিনা হয়
  • এই ৰোগ মোৱাপোকে বিয়পাই


নিয়ন্ত্ৰণৰ দিহা:

  • ৰুবৰ বাবে এই ৰোগ মুক্ত পুলিহে নিৰ্বাচন কৰিব লাগে
  • আক্ৰান্ৰ গছবোৰ উভালি নষ্ট কৰিব লাগে
  • পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে
  • মোৱাপোক নিয়ন্ত্ৰণৰ বাবে পুলি ৰোৱাৰ ৩ মাহ পিছৰ পৰা কলদিল ওলোৱালৈকে ৪৫ দিনৰ মূৰে মূৰে ‘মনক্ৰট’ফছ’ (২.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহালাই স্প্ৰে কৰিব লাগে 

৩। কল ক’লা দাগ পৰা ৰোগ (Anthracnose disease)

ক্ষতিৰ লক্ষণ:

  • আৰম্ভণিতে কলত সৰু, বৃত্তাকাৰ ক’লা দাগ হয়, পিছত দাগবোৰ বাঢ়ি গৈ মুগা বৰণৰ হয়
  • কলবোৰৰ বাকলি ক’লা হৈ সোঁতৰা-সোঁতৰ হয়, গোটেই কলঠোকেই আক্ৰান্ত হৈ যায়
  • কলবোৰ অপৈণত অৱস্থাতে পকিবলৈ আৰম্ভ কৰে আৰু আক্ৰান্ত কলবোৰত বেঙুনীয়া ভেঁকুৰৰ গুড়ি দেখিবলৈ পোৱা যায়
  • কেতিয়াবা কলঠোকৰ ঠাৰিডালতো এই ৰোগ হোৱা দেখা যায় 




নিয়ন্ত্ৰণৰ দিহা:

  • কল গছৰ পৰা কটাৰ সময়ত আৰু পৰিবহনৰ সময়ত যাতে আঘাটপ্ৰাপ্ত নহয় তাৰবাবে সাৱধান হব লাগে
  • আক্ৰান্ত কলঠোক কাটি আনি পুৰি পেলাব লাগে
  • কল খেতিডৰাত যাতে পানী জমা নহয়
  • উপযুক্ত সময়ত কলঠোক গছৰ পৰা কাটিব লাগে
  • গছত উপযুক্ত পৰিমাণে সাৰ প্ৰয়োগ কৰিব লাগে

৪। হালধীয়া চিগাট’কা ৰোগ (Yellow Sigatoka disease)

ক্ষতিৰ লক্ষণ:

  • পাতত উপ-বৃত্তাকাৰ দাগ দেখা যায়, যিবোৰৰ কেন্দ্ৰ হালধীয়া ৰঙৰ মাজত পাতল কজলা বৰণৰ
  • দাগবোৰ বাঢ়ি লগ লাগি যায় আৰু পাতখিলা খণ্ড খণ্ডকৈ শুকাই যায়
  • পাতবোৰ তৎক্ষনাত শুকাই সৰি যায়


নিয়ন্ত্ৰণৰ দিহা:

  • আক্ৰান্ত পাতবোৰ আঁতৰাই নষ্ট কৰি পেলাব লাগে
  • অতিৰিক্ত কলপুলিবোৰ নিৰ্দিষ্ট সময়ত কাটি থাকিব লাগে
  • কল পুলি ঘনকৈ ৰুব নেলাগে
  • কল খেতিডৰাত যাতে পানী জমা নহয়
  • কাৰ্বানদাজিম ( ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই) – ৩ বাৰ স্প্ৰে কৰিব লাগে

৫। কলৰ গুৰি পচি যোৱা (Erwinia rot)

ক্ষতিৰ লক্ষণ:
  • সৰু কল পুলিবোৰত সাধাৰণতে এই ৰোগ হয়, পুলিবোৰৰ গুৰি অংশত পচি যায় আৰু বেয়া গোন্ধ নিৰ্গত হয়
  • কলডাল ফাটি যায় আৰু কল পুলিটো টানি দিলে ওলাই আহে



নিয়ন্ত্ৰণৰ দিহা:
  • কল খেতিডৰাৰ পৰা পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থাকিব লাগে
  • আক্ৰান্ত কলজোপা তৎক্ষনাত উভালি পেলাব লাগে
  • কল পুলিটো ৰোৱাৰ আগতে copper oxychloride (৪০ গ্ৰাম ১০ লিটাৰ পানীত)+ streptocycline (৩ গ্ৰাম ১০ লিটাৰ পানীতমিশ্ৰণত ৩০ মিনিট সময়ৰ বাবে ভিজাই লব লাগে

৬। পাতত ফুটফুটীয়া দাগ পৰা ভাইৰাছ ৰোগ (Infection Chlorosis Mosaic disease)

ক্ষতিৰ লক্ষণ:
  • পাতত ফুটফুটীয়া আঁচ দেখা যায়
  • পাতৰ কাষ ঘেৰ খাই, নতুনকৈ ওলোৱা পাতবোৰ পোন হৈ থাকে
  • এই ৰোগ আক্ৰান্ত কলগছৰ পুলি ৰোপন কৰিলে আৰম্ভ হয় আৰু পিছত মোৱাপোকে এই ৰোগ বিস্তাৰ কৰে



নিয়ন্ত্ৰণৰ দিহা:
  • কলখেতিডৰা বন-বাত মুক্ত হব লাগে
  • আক্ৰান্ত কলখেতিৰ পৰা পুলি ৰোপন কৰিব নেলাগে
  • কলখেতিৰ মাজত ৰঙালাও, তিঁয়হ আৰু অন্যান্য বগাই যোৱা পাচলিৰ খেতি কৰিব পাৰি

 কলখেতিৰ অপুষ্টিৰ সমস্যা আৰু সমাধান:

১। নাইট্ৰজেন মৌলৰ অভাৱ:

 

সমাধান: প্ৰতি সপ্তাহত পাতত ইউৰীয়া (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

২। ফচফৰাচ মৌলৰ অভাৱ


  • প্ৰতিজোপা কলগছত ৪০-৬০ গ্ৰাম একক চুপাৰ ফচফেট (SSP) পুলি ৰোপনৰ সময়তে প্ৰয়োগ কৰিব লাগে
৩। পটেচিয়াম মৌলৰ অভাৱ


  • প্ৰতি সপ্তাহত পাতত পটেচিয়াম ক্লৰাইদ (KCL) (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৪। কেলচিয়াম মৌলৰ অভাৱ



  • প্ৰতি সপ্তাহত পাতত পটেচিয়াম ক্লৰাইদ (KCL) (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৫। মেগনেছিয়াম মৌলৰ অভাৱ



  • পাতত মেগনেছিয়াম চালফেট (MgSO4) (৫০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে বা
  • মাটিত ডল’মাইট চূণ (প্ৰতিবিঘাত ৪ কুইন্টল) প্ৰয়োগ কৰিব লাগে
৬। চালফাৰ মৌলৰ অভাৱ



  • প্ৰতিজোপা গছত ১০০ গ্ৰাম এম’নিয়াম চালফেট প্ৰয়োগ কৰিব লাগে
৭। বৰ’ণ মৌলৰ অভাৱ



  • প্ৰতিজোপা গছত ২০ গ্ৰাম বৰাক্স প্ৰয়োগ কৰিব লাগে
  • বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পুলি ৰোৱাৰ ৪ আৰু ৫ মাহত একোবাৰকৈ স্প্ৰে কৰিব লাগে
৮ । কপাৰ মৌলৰ অভাৱ



  • প্ৰতি বিঘা মাটিত ২.৬৭ কিলোগ্ৰাম কপাৰ চালফেট (CuSO4) প্ৰয়োগ কৰিব লাগে বা প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে
৯ । আইৰণ মৌলৰ অভাৱ



  • প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰা্ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে
১০ । মেঙ্গানিজ মৌলৰ অভাৱ


  • মেঙ্গানিজ চালফেট (MnSO4.) (প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ সপ্তাহত একোবাৰকৈ পাতত স্প্ৰে কৰিব লাগে
১১ । জিংক মৌলৰ অভাৱ



  • প্ৰতিজোপা কলগছত ৫০ গ্ৰাম জিংক চালফেট (ZnSO4পুলি ৰোপনৰ সময়তে প্ৰয়োগ কৰিব লাগে অথবা, প্ৰতিলিটাৰ পানীত পাতত জিংক চালফেট- ৩ গ্ৰাম + ইউৰীয়া- ৫ গ্ৰাম + ১০ মিলিলিটাৰ আঠা পুলি ৰোৱাৰ ৪৫ আৰু ৬৫ দিনত একোবাৰকৈ প্ৰয়োগ কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান