কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-৬
বিভিন্ন প্ৰকাৰৰ
সাৰ
ইতিমধ্যে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌলৰ বিষয়ে আলোচনা কৰা হ’ল। যি মাটিত উদ্ভিদৰ প্ৰয়োজনীয় পুষটিমৌলৰ পৰিমানে থাকে তেনে মাটিক আমি সাৰুৱা মাটি কব পাৰো। যদি মাটিত এইবোৰৰ অভাৱ হয় তেন্তে বাহ্যিকভাৱে এইবোৰৰ যোগান ধৰিব লগীয়া হয়। মাটিত এই মৌলসমূহৰ যোগান ধৰা ব্যৱস্থাটো আমি কেইবাপ্ৰকাৰেও ভাগ কৰিব পাৰো।
১। জৈৱিক সাৰৰ যোগান
২। ৰাসায়নিক সাৰৰ যোগান
৩। জীৱাণুসাৰৰ যোগান।
জৈৱিক সাৰ
প্ৰাণী নাইবা উদ্ভিদ গেলি-পচি যি সাৰ উৎপাদন হয় সেয়াই হ’ল জৈৱিক সাৰ। এই জৈৱিক সাৰ যোগানৰ ফলত কেৱল যে পুষ্টিমৌলই যোগান হয়, তেনে নহয়। এনে সাৰৰ যোগানে শস্যৰ বিভন্নধৰণে উপকাৰ কৰে।–
১। মাটিৰ ভৌতিক গুণাগুণ উন্নত কৰে।
২। মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি হয়।
৩। বতাহ, পানীৰ দ্বাৰা হোৱা
খহনীয়া ৰোধ কৰাত ই সহায় কৰে।
৪। মাটিত অণুজীৱবোৰৰ বৃদ্ধিত সহায় কৰে।
৫। উদ্ভিদৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ মৌলৰে যোগান
ধৰে।
৬। কেঁচা জৈৱিক সাৰে আম্লিক মাটিত ফচফৰাচ উদ্ভিদে
গ্ৰহণ কৰিব পৰা কৰি দিয়ে।
জৈৱিক
সাৰ বুলিলে পাম সাৰ,
পচন সাৰ, সেউজ সাৰ আদিকে সহজতে বুজা হয় যদিও বাদাম,
তিচি, এঢ়ি, নিম আদিৰ খলিহৈ
আদিকো জৈৱিক সাৰ বুলি কব পাৰি।
তালিকাত বিভিন্ন জৈৱিক সাৰত থকা প্ৰধান পুষ্টিমৌলৰ পৰিমাণ দেখুওৱা হৈছে।
ক্ৰমিক নং |
জৈৱিক সাৰৰ নাম |
পুষ্টিমৌলৰ পৰিমাণ ( গ্ৰাম/ প্ৰতি কিলোগ্ৰামত) |
||
নাইট্ৰজেন |
ফছফৰাচ |
পটেছিয়াম |
||
১ |
পাম সাৰ |
৫.০ |
২.৫ |
৬.০ |
২ |
পচন সাৰ |
৮.৯ |
৫.১ |
৩০.৫ |
৩ |
বিষ্ঠা সাৰ |
১০.০ |
৮.০ |
৮.০ |
৪ |
বাদাম খলিহৈ |
৭২.৯ |
১৫.৩ |
১৩.৩ |
৫ |
তিচি খলিহৈ |
5.৬ |
১৪.৪ |
১২.৮ |
৬ |
এড়ি খলিহৈ |
৪৩.৭ |
১৮.৫ |
১৩.৯ |
৭ |
নিম খলিহৈ |
৫২.২ |
১০.৮ |
১৪.৮ |
পাম সাৰ
প্ৰতিদিনে
গোহালিৰ পৰা ওলোৱা গোৱৰ আৰু মূত মিহলি খেৰ, ঘাঁ-বন আৰু পেলনীয়া খাদ্যদ্ৰব্য জমা কৰি পচিবলৈ দিলে পাম সাৰ প্ৰস্তুত হয়। বিঘাই প্ৰতি ১০ কুইন্টল পাম সাৰ প্ৰয়োগ কৰি
মাটিত প্ৰায় ৫ কিলোগ্ৰাম নাইট্ৰজেন, ২.৫ কিলোগ্ৰাম ফচফৰাচ আৰু ৬ কিলোগ্ৰাম পটেছিয়াম যোগান ধৰিব পাৰি।
গোহালিৰ গোবৰ-মূত, জাৱৰ-জোথৰ আদি য’তে-ত’তে পেলালে ইয়াৰ গুণাগুণ নষ্ট
হয়। সেয়ে ইয়াৰ গুণাগুণ অটুট ৰাখিবলৈ ২০-২৫ ফুট দীঘল, ৫-৬ ফুট বহল আৰু ৩
ফুট দ’ এটা গাঁত খান্দিব লাগে।
উক্ত
গাঁতটো ৩ ফুটকৈ ভাগ কৰি লব লাগে। প্ৰথমতে
এটা ভাগত দিনটোৰ জমা হোৱা মল-মূত্র, খেৰ আদি
পেলাই যাব লাগে। উক্ত গাঁতটো
পূৰ হৈ ওপৰলৈ ডেৰফুটমান ওখ হ’লে গোৱৰ মাটিৰে লিপি দিব লাগে। একে পদ্ধতিৰে পিছৰ অংশ কেইটাও পূৰ কৰিব লাগে। প্ৰায় তিনি মাহৰ পিছত উক্ত সাৰখিনি ব্যৱহাৰ
কৰিব পাৰি।
পচন সাৰ
শস্যৰ পেলনীয়া অংশ, গছৰ পাত, কুমলীয়া ডাল, মেটেকা ঘৰৰ পেলনীয়া জাৱৰ-জোথৰ তথা ৰান্ধনিঘৰৰ পেলনীয়া খাদ্য, পাত, বাকলি, আদি গোটাই তাক উপযুক্তভাৱে পচন ঘটাই পচন সাৰ প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে ১০ ফুট দীঘল, ৫ ফুট বহল, আৰু ২ ফুট গভীৰতাৰ এটা গাঁত খান্দি উল্লিখিত দ্ৰব্যবোৰ পেলাব লাগে। আৱৰ্জনাবোৰ ১ ফুট উচ্চতাৰ হ’লে তাৰ ওপৰত ৬ ইঞ্চি ডাঠকৈ গোৱৰ-মূত চটিয়াই দিব লাগে। যদি তাৰ লগত আধাকিলোমান ইউৰীয়া সাৰ ছটিয়াই দিব পাৰি তেতিয়া পচন সাৰ ভাল হয়। সেইদৰে তৰপে-তৰপে গাঁতটো পূৰ কৰি থাকিব লাগে আৰু গাঁতটোৰ ওপৰত এক-ডেৰফুট ওখ হ’লে ওপৰভাগ বোকা মাটিৰে লিপি দিব লাগে। খৰাং অৱস্থাত মাজে-সময়ে পানী ছটিয়াই থাকিব লাগে। প্ৰায় চাৰি মাহৰ পিছত পচন সাৰ প্ৰস্তুত হয়।
উক্ত পদ্ধতিটোৰ লক্ষ্যণীয় দিশ হ’ল গাঁতটোত পলিথিন, কলপাত, বাঁহৰ জেং আদি পচন নোহোৱা দ্ৰব্যবোৰ পেলাব নেলাগে। পচন সাৰ প্ৰস্তুত কৰোতে একক চুপাৰ ফচফেট সাৰৰ দ্ৰৱণ (১ লিটাৰ পানীত ৫০ গ্ৰাম) চটিয়াই দিলে তাৰ পৰা নাইট্ৰজেনৰ অপচয় ৰোধ কৰিব পাৰি।
সেউজীয়া সাৰ
কিছুমান গছৰ পাত, কুমলীয়া ডাল-পাত, আগলি অংশ আদি মাটিত মিহলাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা হয়। এই সেউজ সাৰ প্ৰয়োগ কৰাৰ ফলত-
১। মাটিত জৈৱিক পদাৰ্থ বৃদ্ধি কৰাৰ লগতে মাটিত
থকা অণুজীৱবোৰৰো সক্ৰিয়তা বৃদ্ধি কৰে।
২। শস্যৰ পুষ্টিমৌলৰ আহৰণ সহজলভ্য কৰি তোলে। সেউজীয়া সাৰৰ গছ হাল বাই মাটিত মিহলালে পুষ্টিদ্ৰব্যসমূহ
মাটিৰ ওপৰিভাগৰ তৰপৰ লগত মিহলি হয়।
৩। বন-বাতৰ বৃদ্ধি নিয়ন্ত্রণ কৰে। কাৰণ সেউজীয়া সাৰৰ গছবোৰৰ বৃদ্ধি খুওব সোনকালে
বৃদ্ধি হয়।
৪। মাটিৰ সংগঠন ভাল হয়।
সেউজীয়া সাৰ দুটা পদ্ধতিৰে প্ৰয়োগ কৰা হয়। প্ৰথম পদ্ধতিত, যি ঠাইত সেউজীয়া সাৰৰ খেতি কৰা হয়, সেই ঠাইতেই হাল বাই মিহলোৱা হয় আৰু দ্বিতীয় পদ্ধতিত, অন্য ঠাইৰ পৰা সেউজীয়া সাৰৰ গছ সংগ্ৰহ কৰি আনি মাটিত মিহলোৱা হয়।
তালিকাত বিভিন্ন সেউজীয়া সাৰৰ উদ্ভিদৰ নাম, প্ৰতিবিঘাৰ উৎপাদন আৰু মাটিত উপলব্ধ নাইট্ৰজেনৰ পৰিমাণ উল্লেখ। উক্ত তালিকাত দিয়াবোৰৰ উপৰিও গোমধান, লেচেৰামাহ আদিকো সেউজীয়া সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
সাধাৰণতে চ’ত মাহৰ প্ৰথম জাক বৰষুণৰ পিছতে সেউজীয়া সাৰৰ বীজ সিচিব লাগে। সেউজীয়া সাৰ গছৰ উপযুক্ত শ্ৰীবৃদ্ধিৰ বাবে বিঘাই প্ৰতি ৩০ কিলোগ্ৰাম একক চুপাৰ ফচফেট সাৰ মিহলাই দিব লাগে। গছবোৰত ফুল ধৰাৰ ঠিক আগে আগে বা ৬-৮ সপ্তাহৰ পিচতে গুৰিতে কাটি মাটিত পেলাই পিছত হালবাই দিব লাগে। আম্লিক মাটিত গছবোৰ পচিবলৈ অধিক সময় লাগে বাবে তেনে মাটিত আগতীয়াকৈ চূণ প্ৰয়োগ কৰি মাটিৰ অম্লতা কমাই দিব লাগে। মাহজাতীয় সেউজ সাৰৰ বীজবোৰত সিঁচাৰ আগতে ৰাইজ’বিয়াম জীৱাণুসাৰ মিহলাইহে সিঁচিব লাগে।
কেঁচুসাৰ
বৰ্ত্তমান কৃষিকাৰ্যত
পুষ্টিমৌল যোগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ’ল- কেঁচুসাৰ বা ‘ভাৰ্মিকমপষ্ট’। বছৰ বছৰ ধৰি মাটিৰ গুনাগুণ নষ্ট নোহোৱাকৈ
শস্যত পুষ্টিমৌল
যোগানৰ বাবে এক উৎকৃষ্ট আৰু ফলপ্ৰসূ ব্যৱস্থা। নিজৰ চৌহদতে নাইবা মাটিৰ পাত্র, পকী বা প্লাষ্টিকৰ টাৱ আদিতে অনায়াসে এই সাৰ প্ৰস্তুত
কৰি ল’ব পাৰি।
সকলো কেঁচুয়েই কেঁচুসাৰৰ বাবে
উপযুক্ত নহয়। কেঁচুসাৰৰ
বাবে উপযুক্ত কেইবিধমান কেঁচুৰ বৈজ্ঞানিক
নাম হ’ল- আইচেনিয়া ফ’টিডা, এমাইনথেচ্ ডিকিৰিনজেনচ্,লেমপিট মৰিচি, ইউড্ৰিলাচ ইউজেনি আদি।
কেঁচুসাৰ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। আমাৰ অসমত গোটেই বছৰ ধৰি কেঁচুসাৰ উৎপাদন কৰিবলৈ হ’লে ওখ, পানী জমা নোহোৱা মাটিত ৪০ ফুট দীঘল, ১০ ফুট বহল আৰু ২.৫ ফুট ওখ আকাৰৰ পকী নাইবা বাঁহেৰে এটা টেঙ্কী তৈয়াৰ কৰি লব লাগে। এনে আকাৰৰ টেঙ্কীৰ পৰা প্ৰায় ১০০-১৫০ কুইন্টেল কেঁচুসাৰ পোৱা যায়। প্ৰয়োজনমতে টেঙ্কীৰ আকাৰ সৰু, ডাঙৰ কৰি লব পাৰি। টেঙ্কীৰ তলিভাগত ৮-১০ ইঞ্চিৰ সৰু সৰু শিলগুটিৰে বা ইটাগুটিৰে এটা তৰপ দিব লাগে। তাৰ ওপৰত ১-১.৫ ইঞ্চিৰ এটা মোটা বালিৰ তৰপ দিব লাগে আৰু ইয়াৰ ওপৰত ৮-১০ ইঞ্চিৰ সেমেকা পলসুৱা মাটিৰ এটা তৰপ দিব লাগে। এতিয়া প্ৰায় ১৫-২০ কিলোগ্ৰাম কেঁচু তাত এৰি দিব লাগে। তাৰ ওপৰত গোৱৰৰ ৩-৪ ইঞ্চিৰ এটা তৰপ দি ২-৩ ইঞ্চিৰ শুকান ঘাঁহ-বনৰ এটা তৰপ দিব লাগে। এতিয়া এই তৰপবোৰক সিক্ত কৰি ৰাখিবৰ বাবে পানী চটিয়াই থাকিব লাগে। ৩০ দিনৰ পিছত পুনৰ আগৰ দৰেই শুকান গোৱৰ আৰু ঘাঁহ-বনৰ তৰপ সপ্তাহত দুদিনকৈ জাপিব লাগে। প্ৰায় ২-৩ মাহৰ ভিতৰত কেঁচুসাৰ তৈয়াৰ হয়। মাজে-সময়ে তৰপবোৰ লুটিয়াই বগৰাই থাকিব লাগে। সংগ্ৰহ কৰা কেঁচুসাৰখিনি ছাঁত শুকুৱাই লৈ চালনীৰ সহায়ত তাঁত থকা কেঁচু, কেঁচুৰ কণী বা অন্য মোটা জৈৱিক পদাৰ্থ আদি আঁতৰাই পেলাব লাগে।
অমৃত পানী বা অমৃতাকাৰাইছল
তলত দিয়া
সামগ্ৰীখিনি যোগাৰ কৰি লব লাগে।
১। কেঁচা গোৱৰ: ১ কিলোগ্ৰাম, ২। গৰু মূত: ১ লিটাৰ, ৩। জুলীয়া গুড় : ১০০ গ্ৰাম, ৪। পানী: ১০ লিটাৰ
- এটা মাটিৰ টেকেলিত উক্ত সামগ্ৰীখিনি ভালদৰে মিহলাই চাৰিদিনৰ বাবে ঢাকি ৰাখিব লাগে। প্ৰত্যেক দিনাই ১৩ বাৰ ঘড়ীৰ কাটাৰ দিশত আৰু ১৩ ঘড়ীৰ কাটাৰ বিপৰীত দিশত লৰাব লাগে।
- চাৰিদিনৰ পিছত এই দ্ৰৱৰ লগত ১০০ লিটাৰ পানী মিহলাই শস্যত, মাটিত বা পচন সাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব পাৰি।
পঞ্চগব্য
- তলত দিয়া দিয়া সামগ্ৰীখিনি গোটাই ল’ব লাগে
১। কেঁচা গোবৰ: ৫০০ গ্ৰাম, ২। গৰু মূত: ৩০০ মি:লি:, ৩। গৰু ঘিউ: ১০০ মি:লি:, ৪। গৰু গাখীৰ: ২০০ মি:লি:, ৫। দৈ: ২০০ মি:লি:, ৬। ডাৱ নাৰিকল: ৩০০ মি:লি:, ৭। কুঁহিয়াৰৰ ৰস বা জুলীয়া গুড়: ৩০০ মি:লি:, ৮। মৌ-ৰস বা পকা কল: ৫০ মি:লি:
এটা মাটিৰ কলহত গোৱৰ, গৰুমূত আৰু ঘিউখিনি মিহলাই ল’ব লাগে। ৰাতিপুৱা
আৰু আবেলি সময়ত এসপ্তাহৰ বাবে ভালদৰে লৰাই থাকিব
লাগে। উক্ত মিশ্ৰণত গৰুৰ গাখীৰ, দৈ, ডাৱ নাৰিকলৰ
পানী, কুঁহিয়াৰৰ ৰস বা জুলীয়া গুড় আৰু মৌজোল মিহলাব লাগে। এসপ্তাহৰ পিছত উক্ত মিশ্ৰণৰ ৩০০ মি:লি: ১০ লিটাৰ পানীৰ লগত
মিহলাই বাঢ়িবলৈ ধৰা শস্যত স্প্ৰে কৰিব পাৰি।
শস্যগব্য
দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালী:
৩৩ কিলোগ্ৰাম বিবিন্নধৰণৰ বনবাত যেনে-কচু, ঢেঁকীয়া, বিহলঙনী, জাৰ্মানীবন, ধপাত তিতা আদি সংগ্ৰহ কৰি সৰু সৰুকৈ কাটি এটা ঢাকনি থকা প্নাষ্টিকৰ ড্ৰামত থব লাগে। ইয়াৰ লগত ১০ কিলোগ্ৰাম কেঁচা গোৱৰ আৰু ১২০ লিটাৰ পানী মিহলাই ঢাকোন মাৰি থব লাগে।
প্ৰতিদিনে অন্ততঃ এবাৰকৈ লৰাওক। এইদৰে গৰমৰ দিনত ৬ দিন আৰু ঠাণ্ডা দিনত ১২ দিন পৰ্যন্ত থব লাগে।
এতিয়া এই জুলীয়া দ্ৰব্যখিনি চেকি লৈ ১ লিটাৰ ১০ লিটাৰ পানী হিচাপে মিহলাই শস্যত স্প্ৰে কৰিব লাগে।