টেঙাজাতীয় শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। টেঙাজাতীয় শস্যৰ মোৱা পোক (Citrus aphid):

ক্ষতিৰ লক্ষণ:



- কোমল আগলি অংশ আৰু ফুলত এই মোৱাপোকে খাই

- ট্ৰিছটেঝা ভাইৰাছ ৰোগৰ বাহক

- গছজোপা মৰহি যায় আৰু ফুলবোৰ সৰি যায়

- আক্ৰান্ত পাতবোৰ ‘কাপ’ৰ নিচিনা হয় আৰু মেটুৰা-মেটুৰী হয়

- গছজোপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়

নিয়ন্ত্ৰণৰ দিহা:

- হালধীয়া আঠাযুক্ত কাৰ্ড খেতিডৰাৰ মাজত আঁৰিব লাগে

- ৰগৰ (২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে

২। টেঙাজাতীয় শস্যৰ পখিলা (Citrus/Lemon butterfly):

ক্ষতিৰ লক্ষণ:



- এই পোকৰ পলুৱে পাতল সেউজীয়া ৰঙৰ কোমল পাতবোৰ খায় কেৱল মধ্য সিৰাডালহে থাকি যায়

- আক্ৰান্ত বেছি হলে গোটেই গছজোপাই অনিষ্ট হয়

নিয়ন্ত্ৰণৰ দিহা:

- টেঙা খেতিৰ মাজত কীট-আকৰ্ষণকাৰী উদ্ভিদ যেনে, বেলিফুল, গাজৰ, মাকৈ আদি

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন (প্ৰতি লিটাৰ পানীত ১ মিলিটাৰ) স্প্ৰে কৰিব লাগে

৩। টেঙা গছৰ চাইলা পোক (Citrus Psylla):

ক্ষতিৰ লক্ষণ:


- এই পোকৰ পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকে টেঙা গছৰ পৰা ৰস শোহে আৰু এবিধ বিষাক্ত লেলাউতি সুমুৱাই দিয়ে

- পোৱালিবোৰে বেছি ক্ষতি কৰে; কোমল আগ, কলি আৰু কোমল পাতত থুপ পাতি থাকে

- মিঠা ৰস নিৰ্গত কৰে আৰু তাতে ছাঁই বৰণীয়া ভেঁকুৰ বৃদ্ধি হয়

- আক্ৰান্ত অংশ শুকাই যায় আৰু মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- এই পোক “Greening” ভাইৰাছৰো বাহক

- আক্ৰান্ত পাত, ঠাল-ঠেঙুলি কাটি আনি ধ্বংস কৰিব লাগে

- imidacloprid 17.8%SL (প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে বা Thiamethoxam 25%WG (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) হিচাপে লৈ পাতত স্প্ৰে কৰিব লাগে


৪। পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Leaf miner):

ক্ষতিৰ লক্ষণ:




-  এই পোকৰ পলুৱে পাতৰ ভিতৰত সোমাই খাই আৰু পাতল সুৰঙ্গৰ সৃষ্টি কৰে

নিয়ন্ত্ৰণৰ দিহা:

- ফেৰ’মন ফান্দ (প্ৰতি বিঘাত ১-২ খন) ব্যৱহাৰ কৰিব লাগে

- আক্ৰান্ত অংশবোৰ শীতকালত কাটি জ্বলাই দিয়ে

- Imidacloprid 17.8%SL (প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


৫। মিলিবাগ (Mealy bug):

ক্ষতিৰ লক্ষণ:



- এই পোকৰ পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকে টেঙা গছৰ কোমল আগ, কলি আৰু কোমল পাতৰ পৰা ৰস শোহে

- মিঠা ৰস নিৰ্গত কৰে আৰু তাতে ছাঁই বৰণীয়া ভেঁকুৰ বৃদ্ধি হয়

-  আক্ৰান্ত অংশ শুকাই যায় আৰু মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাত, ঠাল-ঠেঙুলি কাটি আনি ধ্বংস কৰিব লাগে

- হালধীয়া আঠাযুক্ত কাৰ্ড খেতিডৰাৰ মাজত আঁৰিব লাগে

- Dichlovas (প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


৬। ফলৰ ৰস শোহা পোক (Fruit Sucking Moth):

ক্ষতিৰ লক্ষণ:



- এইবিধ পোক কমলা খেতিৰ এবিধ মাৰাত্মক পোক। প্ৰাপ্তবয়স্ক পোকে পকা ফলবোৰত বিন্ধা কৰে। ফলত ফলবোৰত ভেঁকুৰ আৰু বেক্টেৰীয়া সংক্ৰমিত হৈ ফলবোৰ নষ্ট কৰে, অকালতে সৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- কাষৰীয়া বন-বাৰবোৰ য’ত এই পোকে বাস কৰিব পাৰে সেইবোৰ নষ্ট কৰিব লাগে

- পোহৰ ফান্দ পাতি এই পোকৰ চগা (পখিলা) কমাব পাৰি

- ধোঁৱা দি মতা চগাবোৰৰ সংখ্যা কমাব পাৰি

- বিহযুক্ত টোপ ব্যৱহাৰ কৰিব পাৰি-  মালাথিয়ন-৫০ ই.চি. ০.০৫% (১ লিটাৰ পানীত ১ মিলিলিটাৰ) + কমলা ৰসৰ লগত চেনি/ গুড় (১০ গ্ৰাম ১ লিটাৰ পানী)

৭। টেঙা জাতীয় শস্যৰ ক’লা মাখি (Citrus Black Fly):

ক্ষতিৰ লক্ষণ:



- পাতৰ পৰা ৰস শুহি খায়

- পাত ঘেৰ খাই

- অকালতে পাত সৰে

- মিঠা ৰস নিৰ্গত কৰে আৰু তাতে ছাঁই বৰণীয়া ভেঁকুৰ বৃদ্ধি হয়

- পাতখিলা ক’লা ৰঙৰ হয় আৰু সালোক-সংশ্লষেণত বাধাপ্ৰাপ্ত হয়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাত, ঠাল-ঠেঙুলি কাটি আনি ধ্বংস কৰিব লাগে

- Chloropyriphos (প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ)- পাতবোৰত স্প্ৰে কৰিব লাগে

- পোহৰ ফান্দ ব্যৱহাৰ কৰা

- হালধীয়া আঠাযুক্ত কাৰ্ড খেতিডৰাৰ মাজত আঁৰিব লাগে


৮। টেঙা শস্যৰ ডাল বিন্ধা কৰা পোক (Trunk Borer):

ক্ষতিৰ লক্ষণ:



- টেঙা গছত বিশেষকৈ কমলা গছৰ ই এবিধ মাৰাত্মক অনিষ্টকাৰক পোক। এক পোকৰ প্ৰাপ্তবয়স্ক অৱস্থাত টেঙাগছৰ গুৰিৰ ডাল অংশত বিন্ধা কৰে আৰু ডালৰ ভিতৰত সোমাই সুৰঙ্গ সৃষ্টি কৰি ওপৰলৈ মজ্জা অংশ খাই, গছজোপা নিশকতীয়া হৈ মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত ডাল/ ঠাল-ঠেঙুলি শুকাই যোৱা অংশৰ পৰা ৪-৫ ছেন্টিমিটাৰ তলত কাটি নষ্ট কৰি পেলাব লাগে

- মাৰ্চ-এপ্ৰিল মাহত গছৰ গুৰি অংশৰ পৰা ১ মিটাৰ ওপৰলৈকে চূণ সানিব লাগে। চূণৰ লগত  Monocrotophos বা Quinalphos কীটনাশক (প্ৰতিলিটাৰ পানীত ১ মিলিলিটাৰ) লব লাগে

- টেঙা গছত ফল নলগা সময়ত বা পূৰঠ ফলবোৰ চিঙি আনি   Monocrotophos 36 WSC (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। ফল লগে অৱস্থাত স্প্ৰে কৰিলে কমেও ১৫ দিনলৈ ফল চিঙিব নেলাগে বা Quinalphos 25 EC (প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

- ফুটাবোৰত কেৰাচিন বা পেট্ৰলত ভিজাই লোৱা কপাহ সুমুৱাই মাটিৰে লেপি দিব লাগে


৯। কোঁহ আৰু আগ বিন্ধা কৰা পোক (Shoot Borer):

ক্ষতিৰ লক্ষণ:

-  কোঁহ আৰু আগ বিন্ধা পোকে সাধাৰণতে টেঙা গছৰ আগ আৰু কোঁহৰ কোমল অংশইদি বিন্ধা কৰি সোমাই আৰু ওপৰৰ পৰা তললৈ ডালৰ ভিতৰেদি সুৰঙ্গ সৃষ্টি কৰি খাই, ডালটো লাহে লাহে শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত ডাল/ ঠাল-ঠেঙুলি শুকাই যোৱা অংশৰ পৰা ৪-৫ ছেন্টিমিটাৰ তলত কাটি নষ্ট কৰি পেলাব লাগে

- টেঙা গছত ফল নলগা সময়ত বা পূৰঠ ফলবোৰ চিঙি আনি   Monocrotophos 36 WSC (প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। ফল লগে অৱস্থাত স্প্ৰে কৰিলে কমেও ১৫ দিনলৈ ফল চিঙিব নেলাগে


অনিষ্টকাৰী আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। শিপা পচা ৰোগ (Gummosis Root rot):

ক্ষতিৰ লক্ষণ:



- আক্ৰান্ত গা-গছৰ আৰু ডালবোৰৰ পৰা ডাঠ মুগা বৰণৰ ৰস ওলাই বৈ আহে। আক্ৰান্ত অংশৰ পৰা আঠা নি:সৰণ হ’বলৈ ধৰে আৰু এই প্ৰক্ৰিয়াক গাম’ছিচ বোলা হয়। 
- গছৰ শিপাবোৰ গেলিবলৈ ধৰে আৰু পাতবোৰ সৰি সৰি গছজোপা লঠঙা হৈ শুকাই মৰি আহে। 

নিয়ন্ত্ৰণৰ দিহা:
- টেঙা গছৰ শিপা আৰু মাটিৰ সংস্পৰ্ষ্পত থকা ডালবোৰত যাতে আঘাত নেলাগে তাৰ প্ৰতি সাৱধান হব লাগে
- যদি আক্ৰান্ত গছৰ স্থানডোখৰ চোকা কটাৰীৰে কাটি উঠাই দিব লাগে আৰু সেই স্থানত বৰদ’ মিশ্ৰণ সানিব লাগে (চূণ- ২৭০ গ্ৰাম+ তুতীয়া- ১০ গ্ৰাম + পানী- ১ লিটাৰ)

২। টেঙা গছত ঘাঁ হোৱা (Citrus canker):

ক্ষতিৰ লক্ষণ:



- নেমুটেঙা জতীয় ফলত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। 
- আক্ৰান্ত গছবোৰৰ ডাল-পাত আৰু ফলত খহুৰ দৰে মুগা বৰণৰ টেমুনা হয়। 
- খহু ৰোগত পাতৰ এটা পিঠিত আৰু ঘাঁ ৰোগত দুয়োটা পিঠিতে খহু হয়।

নিয়ন্ত্ৰণৰ দিহা:
- এই ৰোগৰ পৰা মুক্ত  পুলিহে ৰোপন কৰিব লাগে
- বাৰিষাৰ আগতেই এই ৰোগত আক্ৰান্ত ডাল-পাত কাটি পুৰি পেলাব লাগে
- Carbendazim 0.1% (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম মিহলাই) গছত স্প্ৰে কৰিব লাগে
- Captan 75% WP (প্ৰতি লিটাৰ পানীত ১.৫ গ্ৰাম মিহলাই) গছত স্প্ৰে কৰিব লাগে

৩। টেঙা গছত খহু হোৱা ৰোগ (Citrus Scab):

ক্ষতিৰ লক্ষণ:


- পাত, ডাল আৰু ফলত এই ৰোগে আক্ৰমণ কৰে; কিন্তু পাতবোৰ মেটুৰা-মেটুৰি নহয়
- আক্ৰান্ত ঘাঁ-লগাখিনি বৃত্তাকাৰ, কাষটো হালধীয়া, পাতৰ দুয়োপিঠিতে দেখা যায়
- আক্ৰান্ত ফলৰ বজাৰ মুল্য হ্ৰাস পায়

নিয়ন্ত্ৰণৰ দিহা:
- Copper oxychloride 0.2% (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) বা Streptomycin sulphate (  ১ গ্ৰাম  ১০ লিটাৰ পানীত)  স্প্ৰে কৰিব লাগে
- বাৰিষাৰ আগতেই এই ৰোগত আক্ৰান্ত ডাল-পাত কাটি পুৰি পেলাব লাগে


৪। চাইট্ৰাছ ট্ৰিছটেযা ভাইৰাছ(Citrus Tristeza Virus):

ক্ষতিৰ লক্ষণ:


- এই ভাইৰাছ ৰোগ এফিড(Aphid)ৰ দ্বাৰা সংক্ৰমিত হয়। 
- সাধাৰণতে ৰবাব টেঙা, কমলা টেঙা, মৌচুম্বী এইবিধ ৰোগত সংক্ৰমিত হয়
- শিপাবোৰ পচি যায়, আগবোৰ শুকাই যায়, গছজোপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়

নিয়ন্ত্ৰণৰ দিহা:
- এবাৰ এই ৰোগ হ’লে এই ৰোগৰ প্ৰতিকাৰ হিচাপে আক্ৰান্ত গছবোৰ কাটি জ্বলাই পেলাব লাগে আৰু বাহক এফিড(Aphid)ৰ নিয়ন্ত্রণ কৰিব লাগে।
- পুলিবোৰ ভাইৰাছ মুক্ত হব লাগে
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Monochrotophos 0.05 % (১ লিটাৰ পানীত ৫ গ্ৰাম মিহলাই) স্প্ৰে কৰিব লাগে
- Copper oxychloride 0.2% (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) স্প্ৰে কৰিব লাগে

৫। চাইট্ৰাছ গ্ৰীণিং ৰোগ(Citrus Greening disease):

ক্ষতিৰ লক্ষণ:


- এই বেক্টেৰীয়াজনিত চাইলা কীট (Psylla)ৰ দ্বাৰা সংক্ৰমিত হয়। 
- পাতৰ আকাৰ সৰু, সিৰাৰ মাজৰ অংশ হালধীয়া হৈ পৰে, ফলৰ আকাৰ স্বাভাৱিকতকৈ সৰু আৰু সোৱাদহীন হয়। 
- পাতৰ আগবোৰ ঠিয় হৈ থাকে আৰু পাতৰ আকাৰ সৰু হয়

নিয়ন্ত্ৰণৰ দিহা:
- এই ৰোগৰ প্ৰতিকাৰ হিচাপে আক্ৰান্ত গছবোৰ আঁতৰাই পেলাব লাগে আৰু বাহক চাইলা কীট (Psylla)ৰ নিয়ন্ত্রণ কৰিব লাগে। ইয়াৰবাবে ৰগৰ (২ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
- গছজোপাৰ মুকুট শিপা আৰু ডালৰ নিম্নাংশত আঘাট লাগিব নেলাগে
- খৰালিকালত টেঙা গছবোৰৰ গুৰিৰ পৰা ৬০ চেন্টিমিটাৰ ওপৰলৈকে চুণ লেপি দিব লাগে।


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন

১। নাইট্ৰজেন মৌলৰ অভাৱ:



- প্ৰতি সপ্তাহত পাতত ইউৰীয়া (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) এসপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে

২। পটেচিয়াম মৌলৰ অভাৱ:



- পাতত পটেছিয়াম নাইট্ৰেট KNO3 2%  (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৩। বৰ’ণ মৌলৰ অভাৱ:


- পাতত বৰ’ণ  (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৪। কপাৰ মৌলৰ অভাৱ:



- পাতত কপাৰ চালফেট CuSO4 (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৫। আইৰণ মৌলৰ অভাৱ:



- পাতত ফেৰাচ চালফেট FeSO4 (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৬। মেঙ্গানিজ মৌলৰ অভাৱ:



- পাতত মেঙ্গানিজ চালফেট MnSO4 (৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৭। জিংক মৌলৰ অভাৱ:



- পাতত জিংক চালফেট ZnSO4 (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান