কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-৪
মাটিৰ অম্লতা
আমি সকলোৱে জানো যে মাটিত চূণ প্ৰয়োগ কৰাটো শস্য উৎপাদনৰ কাৰণে
এক দৰকাৰী ব্যৱস্থা। কিন্তু কি কাৰণে এই চূণ প্ৰয়োগ কৰা হয়।
এটা সহজ উদাহৰণ লোৱা যাওক-
নেমুটেঙা আৰু চৌদাখাৰ। নেমুটেঙাৰ ৰসৰ এচিড থকাৰ বাবে ইয়াৰ
সোৱাদটো টেঙা। অন্যহাতে, চৌদাখাৰৰ সোৱাদটো ইয়াৰ বিপৰীত অৰ্থাৎ খাৰুৱা। টেঙাৰ ভিতৰতো যেনেকৈ কম টেঙা, মধ্যমীয়া টেঙা
আৰু বেছি টেঙা হ’ব পাৰে, ঠিক তেনেকৈ খাৰৰ
ক্ষেত্ৰতো কম-বেছি হব পাৰে। কেতিয়াবা আকৌ সোৱাদটো টেঙাও নহয় আৰু খাৰো নহয়। উপৰোক্ত টেঙা আৰু খাৰৰ গুণবোৰ মাটিৰ ক্ষেত্ৰতো আছে আৰু যাৰ ফলত মাটিৰ বিভিন্নতা
হয়।
মাটিৰ অম্লতা পৰীক্ষাগাৰত জুখি
উলিয়াব পাৰি। ইয়াৰবাবে এডাল সূচক-স্কেল
ব্যৱহাৰ কৰা হয়, যাতে কোৱা হয়-পি.এইচ স্কেল (pH)। এই পি. এইচৰ মান অনুসৰি মাটি কিমান টেঙা অথবা
কিমান খাৰুৱা তাক নিৰূপন কৰা হয় (তালিকা-১)
মাটিৰ টেঙা আৰু খাৰুৱা গুণৰ
ওপৰত নিৰ্ভৰ কৰি পুষ্টিমৌলৰ বিভিন্নতা হয়। যদি মাটিত পি.এইচ. ৬.৫ আৰু ৭.৫ ৰ মাজত থাকে তেতিয়াহে মাটিত নাইট্ৰ’জেনৰ উপলব্ধ উদ্ভিদে
গ্ৰহণ কৰিব পৰা অৱস্থা হয়। অৱশ্যে পটেচিয়ামৰ উপলব্ধতা বেছি
তাৰতম্য নহয়। আম্লিক মাটিত কেলচিয়াম আৰু মেগনেচিয়ামৰ উপলব্ধতা কম হয়, কিন্তু আইৰণ, এলুমিনিয়াম আৰু মেঙ্গানিজৰ
উপলব্ধতা বেছি। অন্যহাতে খাৰুৱা মাটিত কিন্তু তাৰ ওলোটাহে হয়। ব’ৰণ, কপাৰ আৰু জিংকৰ উপলব্ধতা
আম্লিক মাটিত কম হয়।
পি.এইচ অনুযায়ী বিভিন্ন শস্যৰ তালিকা-২ ত উল্লেখ কৰা হ’ল-
মাটিৰ আম্লিক গুণটো প্ৰায়বোৰ শস্যৰ বাবে অপকাৰী। যদিও প্ৰাকৃতিকভাৱে এই আম্লিক মাটিৰ সৃষ্টি হয়, কিছুমাণ নিৰ্দিষ্ট কাৰণৰ বাবেও এই গুণটো কেতিয়াবা বাঢ়ি যায়। অত্যাধিক মাত্ৰাৰ বৰষুণ হৈ থকা অঞ্চলত মাটিৰ উপৰিভাগৰ পৰা কেলচিয়াম আৰু মেগনেচিয়াম মৌল মাটিৰ বেছি তললৈ অৰ্থাৎ উদ্ভিদৰ শিপাই গ্ৰহণ কৰিব নোৱাৰা অবস্থা হয়গৈ। ফলত মাটিৰ আম্লিক গুণটো বাঢ়ি যায়। তাৰোপৰি অতিমাত্ৰা আৰু একেবাৰে নাইট্ৰজেনজাতীয় সাৰ (যেনে-ইউৰীয়া) প্ৰয়োগ কৰি থাকিলেও মাটিৰ আম্লিক গুণটো বাঢ়ি যায়।
চূণ প্ৰয়োগ
চূণ প্ৰয়োগৰ নিয়ম:
যদিও আম্লিক মাটিত বছেৰেকত একোবাৰ চূণ প্ৰয়োগ কৰিব লাগে, প্ৰতিটো খেতিৰ আগতে চূণ প্ৰয়োগ কৰিব পাৰি। হালবোৱাৰ আগতে নাইবা হালবোৱাৰ সময়ত চূণ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই দিব লাগে। জোখতকৈ অধিক পৰিমাণে চূণ প্ৰয়োগ কৰিলে শস্যৰ অপকাৰ হ’ব পাৰে।