মাকৈৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ
মাকৈৰ কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ
১। ডালৰ মাখি (Stem Fly):
ক্ষতিৰ লক্ষণ:
- এই পোকৰ পলুৱে নতুনকৈ ওলোৱা অগ্ৰজ মুকুল খায় আৰু ঠোৰটো মৰি যায়
নিয়ন্ত্ৰণৰ দিহা:
- Imidacloprid 70 WS ৰে বীজ শোধন কৰিব লাগে। প্ৰতি কিলোগ্ৰামত ১০ গ্ৰাম মিহলাব লাগে
- শস্য চপোৱাৰ লগে লগে অৱশিষ্ট ঠাৰি আৰু জাৱৰ-জোঠৰবোৰ চাফা কৰি পুৰি পেলাব লাগে
২। মজ্জাখোৱা পোক (Stem borer):
ক্ষতিৰ লক্ষণ:
- মাকৈৰ শাহটো খাই আৰু মৰহি যায়
- পলুবোৰে পাতৰ মধ্যসিৰাইদি সোমাই ডাল পাইগৈ আৰু ভিতৰৰ অংশ খাবলৈ ধৰে।
- ডালবোৰৰ গাঁঠিৰ ওপৰতে ফুটা কৰি পলুবোৰ ওলাই আহি কুমলীয়া পাতবোৰ খাই ফুটা কৰি পেলায়।
নিয়ন্ত্ৰণৰ দিহা:
- জৈৱিক নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’গ্ৰামা চিল’নিছ (প্ৰতি বিঘাত প্ৰায় ৭০০০ কণী/ প্ৰতি সপ্তাহত) এৰিব লাগে
- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
২। গোলাপী মজ্জাখোৱা পোক (Pink stem borer):
ক্ষতিৰ লক্ষণ:
- মাকৈৰ ঠাৰিৰ ভিতৰত সোমাই খাই আৰু ঠোৰটো মৰি যায়
নিয়ন্ত্ৰণৰ দিহা:
- জৈৱিক নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’গ্ৰামা চিল’নিছ (প্ৰতি বিঘাত প্ৰায় ৭০০০ কণী/ প্ৰতি সপ্তাহত) এৰিব লাগে
- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৩। মাকৈৰ শুৰ পোক (Fall Army Worm):
ক্ষতিৰ লক্ষণ:
- এডোখৰ নিৰ্দিষ্ট স্থানৰ পাতবোৰত বগা কাগজৰ খিৰিকিৰ নিচিনা দাগ দেখা যায়
- পিছত পাতবোৰ খাই ফুটা কৰি দিয়ে আৰু এটা অৱস্থাত পাতবোৰ সম্পূৰ্ণ খাই অনিষ্ট কৰে
নিয়ন্ত্ৰণৰ দিহা:
- মাকৈৰ লগত মাহজাতীয় শস্যৰ (মগুমাহ/ মাটিমাহ/ ৰহৰ মাহ) খেতি কৰিব লাগে
- বীজ শোধন-Cyantraniliprole 19.8% + Thiomethoxam 19.8% (প্ৰতি কিলোগ্ৰাম বীজত ৪ গ্ৰামকৈ)
- ফেৰম’ন ফান্দ প্ৰতি বিঘাত ১-২ টা প্ৰয়োগ কৰিব লাগে।
- বীজ সিঁচাৰ পিছত চৰাই বহিবলৈ ব্যৱস্থা কৰি দিব লাগে
- পোকবিধৰ লেটা, পলু দেখাৰ লগে লগে মোহাৰি পেলাব লাগে
- নিমৰ শাহৰ পৰা তৈয়াৰী ৰস (৫%) বা Azadirachtin 1500 ppm (প্ৰতি লিটাৰ পানীত ৫ মিলিলিটাৰ)
- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Spinosad 45 SC (প্ৰতি লিটাৰ পানীত ০.৩ মিলিলিটাৰ) বা Chlorantraniliprole 18.5 SC (প্ৰতি লিটাৰ পানীত ০.৩ মিলিলিটাৰ)
৪। মাকৈৰ ফল খোৱা পোক (Earhead feeder):
ক্ষতিৰ লক্ষণ:
- এই পোকৰ পলুৱে মাকৈ ফল আৰু ভিতৰৰ গুটি খাই অনিষ্ট কৰে
নিয়ন্ত্ৰণৰ দিহা:
- পোহৰ ফান্দ আঁৰিব লাগে
- মালাথিয়ন ৫% পাউদাৰ প্ৰতিবিঘাত ৩ কিলোগ্ৰাম কৈ ছটিয়াব লাগে
৫। মোৱা পোক বা উদ্ভিদ ওকনি (Aphid or Plant lice):
ক্ষতিৰ লক্ষণ:
- পাত হালধীয়া হোৱা
- ঠোৰ পাতত মোৱা পোকৰ থুপ দেখা যায়
নিয়ন্ত্ৰণৰ দিহা:
- Dimethoate 30% EC (প্ৰতি বিঘাত ৩৩০ মিলিলিটাৰ ১৭০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ
১। ডাউনি মিলদিউ (Downey Mildew):
ক্ষতিৰ লক্ষণ:
- পাতত শেতা পৰা দাগ আৰু দুয়ো পিঠিত বগা ভেঁকুৰ দেখা যায়
- আক্ৰান্ৰ গছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু পাববোৰ ছুটি হোৱা বাবে গছজোপা জোপোহা নিচিনা হয়
- কেতিয়াবা মুকুল আৰু ফুলবোৰত পাতত ওলোৱা দেখা যায়
নিয়ন্ত্ৰণৰ দিহা:
- আক্ৰান্ত গছবোৰ দেখাৰ লগে লগে উভালি পেলাব লাগে
- ৰোৱাৰ আগতে মাটিত চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি
- Metalaxyl (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) বা Mancozeb (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) – বীজ সিঁচাৰ ২০ দিনৰ পিছত স্প্ৰে কৰিব লাগে
২। পাত জ্বলা ৰোগ (Leaf blight):
ক্ষতিৰ লক্ষণ:
- এইবিধ ভেঁকুৰ ৰোগে মাকৈৰ বাঢ়ন অৱস্থাতে আক্ৰমণ কৰে
- পাতত অৰ্দ্ধ-বৃত্তকাৰ, পানী জোলা দাগ দেখা যায়
- পিছত লক্ষণবোৰ চিগাৰেট আৰ্হিৰ দাগ দেখা যায় আৰু এইবোৰ লগ লাগি পাতখিলা জ্বলি যোৱা নিচিনা হয়
নিয়ন্ত্ৰণৰ দিহা:
- আক্ৰান্ত গছবোৰ দেখাৰ লগে লগে উভালি পেলাব লাগে
- চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি ( প্ৰতি বিঘাত ৭০০ গ্ৰাম ৫০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই বীজ সিঁচাৰ ১০ দিনৰ আগতে নাইবা ৩০ দিনৰ পিছত মাটিত প্ৰয়োগ কৰিব লাগে।
- Metalaxyl (প্ৰতি লিটাৰ পানীত ১ গ্ৰাম) বা Mancozeb (প্ৰতি লিটাৰ পানীত ২ গ্ৰাম) – বীজ সিঁচাৰ ২০ দিনৰ পিছত স্প্ৰে কৰিব লাগে
৩। চাৰক’ল ৰ’ট (Charcoal rot):
ক্ষতিৰ লক্ষণ:
- মাকৈৰ ঠাৰিত কজলা বৰণৰ আঁচ দেখা যায়
- ঠাৰি ডাল ফাটি চিৰিলা-চিৰিলি হয় আৰু গছজোপা ভাগি পৰে
নিয়ন্ত্ৰণৰ দিহা:
- প্ৰয়োজনীয় অনুমোদিত পুষ্টিমৌল যোাগান ধৰিব লাগিব
- প্ৰতি বিঘাত ১৩ কিলোগ্ৰাম পটাছ প্ৰয়োগ কৰিব লাগে
- চিউদ’মনাচ ফ্লৰেন্স বা ট্ৰাইক’দাৰমা ভিৰিদি ( প্ৰতি বিঘাত ৭০০ গ্ৰাম ৫০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই বীজ সিঁচাৰ ১০ দিনৰ আগতে নাইবা ৩০ দিনৰ পিছত মাটিত প্ৰয়োগ কৰিব লাগে।