গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি


আগতীয়াকৈ জানিবলগীয়া কিছু দৰকাৰী বিষয়

Ø জাত নিৰ্বাচন সঠিক হব লাগে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে বীজ সংগ্ৰহ কৰিব লাগে কৃষকৰ পথাৰত ইতিমধ্যে ভাল ফল দেখুওৱা জাত সমূহৰ বীজ ক্ৰয় কৰিব লাগে নতুন বজাৰত অহা জাত সমূহৰ ক্ৰয় কৰিলে কম পৰিমাণৰ মাটিৰ বাবেহে ক্ৰয় কৰিব লাগে, যাতে সেইবোৰৰ ফলাফলৰ ওপৰত ভিত্তি কৰি পিচৰ বছৰ খেতি কৰিব পাৰি


Ø আগতীয়াকৈ খেতি কৰিবলৈ হলে অৰ্থাৎ শীতকালতে (পুহ/মাঘ/ফাগুন) বীজ সিঁচিলে কিছুমান বীজ যেনে, তিতাকেৰেলা, ভোল, জিকা, তিঁয়হ, জাতিলাও, ভাতকেৰেলা  আদিৰ বীজ শীতৰ বাবে গজালি মেলাত অসুবিধা হয় সেয়ে, বীজবোৰ গজালি মেলিবলৈ অলপীয়া কুহুমীয়া পানীত দুঘন্টামান সময়ৰ বাবে তিঁয়াই পিছত কপাহী ফটাকানিৰে টোপোলা বান্ধি শুকান গোৱৰৰ মাজত নাইবা জুহালৰ কাষৰ মাটিত গাঁত খান্দি পুতি গাপ দিব লাগে সাধাৰণতে জিকা, তিঁয়হ, জাতিলাও আদিৰ বীজ ২-৩ দিনত আৰু তিতাকেৰেলা, ভোল, ভাতকেৰেলা আদিৰ বীজ ৫-৬ দিনত গজালি মেলে   
Ø বীজ সিঁচাৰ অন্ততঃ ২-৩ সপ্তাহৰ আগতেই বিঘাই প্ৰতি ১৫-২০ কুইন্টল পচন সাৰ নাইবা পচা গোৱৰ প্ৰয়োগ কৰিব লাগে
Ø মাটি সৌৰকৰণঃ মাটিত থকা শস্য অনিষ্টকাৰী পোক-পৰুৱা আৰু ৰোগৰ বীজাণু নিয়ন্ত্ৰণ কৰিবৰ বাবে বীজ সিঁচিবলগীয়া ভেটিবোৰ পলিথিনেৰে ( .৪৫ মিঃ মিঃ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাখিব লাগে
Ø মাটিত থকা অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ বাবে শেষৰ চাহ হাল বোৱাৰ সময়ত বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়াগ কৰিব লাগে
Ø গোৱৰ বা পচন সাৰৰ লগত জৈৱিক কীটনাশক ট্ৰাইকডাৰমা ভিৰিডি (বিঘাই প্ৰতি ১ কিলোগ্ৰাম) মিহলাই প্ৰয়োগ কৰিব লাগে

ভেণ্ডি খেতিৰ দিহা

জাতঃ
পুচা শ্ৰাৱণী, প্ৰভানী ক্ৰাম্তি, অৰ্কা অনামিকা বজাৰত বিভিন্ন কোম্পানীয়ে হাইব্ৰীড জাতৰ বীজো মোকোলাই দিছে আৰু সেইবোৰো কৃষকৰ মাজত জনপ্ৰিয় হৈছে

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত-.৫ কিলোগ্ৰামৰ পৰা ২.৮কিলোগ্ৰাম

ৰোপন দূৰত্বঃ দুটা শাৰীৰ মাজত ৩০ ছেন্টিমিটাৰ, দুজোপা শস্যৰ মাজত ১৫ ছেন্টিমিটাৰ

বীজ সিঁচাৰ সময়ঃ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে

ৰাসায়নিক সাৰঃ
Ø প্ৰতিবিঘাৰ বাবে পচন সাৰ ১০ কুইন্টল, ইউৰীয়া ১২ কিলোগ্ৰাম, একক চুপাৰ ফচফেট-৪০ কিলোগ্ৰাম  আৰু মিউৰেট অব পটাছ-১০  কিলোগ্ৰাম ইউৰীয়া সাৰৰ আধা আৰু সমুদায় চুপাৰ ফচফেট আৰু পটাচ পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ইউৰীয়া সাৰৰ বাকী আধা অংশ গছ ৬-৭ ইঞ্চি ওখ হলে শাৰীৰ মাজত প্ৰয়োগ কৰিব লাগে পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (১০ লি: পানীত ৫০-৭৫ গ্ৰাম) স্প্ৰে কৰিব লাগে

শস্যৰক্ষাঃ
Ø অনিষ্টকাৰী পোকৰ ভিতৰত গা-গছ বিন্ধা কৰা পোক, পুলি কটা পোক আৰু ৰোগৰ ভিতৰত পাত হালধীয়া পৰা ভাইৰাছ ৰোগ প্ৰধান  পুলি কটা পোক নিয়ন্ত্রণ কৰিবলৈ শেষবাৰৰ মাটি চহাওতে মালাথিয়ন৫% পাউদাৰ(বিঘাই প্ৰতি ২.৫ কিলোগ্ৰাম) মিহলাই লব লাগে গা-গছ বিন্ধা কৰা পোক আৰু ফল বিন্ধা কৰা পোক নিয়ন্ত্রণৰ বাবে পুলিবোৰ ৬-৮ ইঞ্চি ওখ হোৱাৰ পিছত ৭-৮ দিনৰ মূৰে মূৰে  মালাথিয়ন ৫০ ইচি (১০ লি: পানীত ২.৫ মি:লি)স্প্ৰে কৰিব লাগে

জিকা খেতিৰ দিহা

জাতঃ
Ø পুচা নাচদাৰ, চুৰেখা আাৰু বিভন্ন কোম্পানীৰ হাইব্ৰীড জাত

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত৪৭০ গ্ৰামৰ পৰা ৬০০ গ্ৰাম

ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত ১.-.৫ মিটাৰ দুজোপা শস্যৰ মাজত- .-.৫ মিটাৰ

বীজ সিঁচাৰ সময়ঃ জানুৱাৰী মাহৰ পৰা মে মাহলৈকে

ৰাসায়নিক সাৰঃ
Ø -প্ৰতিবিঘাৰ বাবে পচন সাৰ- ১৫-২০ কুইন্টেল, ইউ্ৰৰীয়া- ১২ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ২৪ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ৬ কিলোগ্ৰাম ইউৰীয়া সাৰৰ আধা অংশ আৰু সমুদায় চুপাৰ ফচফেট আৰু পটাচ পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ইউৰীয়া সাৰৰ বাকী আধা জিকা গছ বগাবলৈ ধৰাৰ লগে লগে প্ৰয়োগ কৰিব লাগে
Ø  যদি সাৰ ভেটিত প্ৰয়োগ কৰা হয়, তেতিয়া প্ৰতিটো ভেটিত পচন বা গোৱৰ সাৰ : -১০ কিলোগ্ৰাম, ইউৰীয়া: ৪০-৫০ গ্ৰাম, একক চুপাৰ ফচফেট: ৪০-৫০ গ্ৰাম আৰু মিউৰেট অব পটাচ: ৮০-৯০ গ্ৰাম
Ø পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (১০ লিটাৰ পানীত ৫০-৭৫ গ্ৰাম) স্প্ৰে কৰিব লাগে

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ
-১০ দিনৰ মূৰে মূৰে জিকা গছত পানী দি থাকিব লাগে গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগেজিকা যদিও উভয়লিঙ্গি শস্য, ইয়াৰ পংপুষ্প আৰু স্ত্রী পুষ্প একেজোপাৰ বেলেগ বেলেগ অংশত ফুলে স্ত্রী পুষ্পৰ সংখ্যা বাঢ়িলেহে জিকাৰ উৎপাদন বাঢ়ে এই স্ত্রী পুষ্পৰ সংখ্যা বঢ়াবলৈ বাবে পুলি দুপতীয়াৰ পৰা চাৰিপতীয়া হোৱা অৱস্থাতে ইথ্ৰেল হৰমোন (.৬ মিলি: ১২ লি: পানীত মিহলাই) স্প্ৰে কৰিব লাগে

ভোল খেতিৰ দিহা


জাতঃ
Ø থলুৱা সঁচ আৰু পুচা চিকনি আজিকালি বজাৰত বহুতো হাইব্ৰীড জাতৰ সঁচো পোৱা যায় স্থানীয় জহা ভোলৰ চাহিদা বজাৰত অধিক হয়
Ø কৃষি পদ্ধতি জিকাৰ সৈতে প্ৰায় একেই

তিতা কেৰেলা খেতিৰ দিহা


জাতঃ
বসন্ত কালৰ বাবে- আৰ্লিয়েষ্ট অব অল, লং গ্ৰীন, এক্সটা লং গ্ৰীন আৰু পুচা-ডো-মৌচম
গ্ৰীষ্ম কালৰ বাবে- মনচুন মনাৰ্ক, লং গ্ৰীন মনচুন আৰু কম্বাইটোৰ লং

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত-৬০০ গ্ৰামৰ পৰা ৮০০ গ্ৰাম

ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত- .-.৫ মিটাৰ দুজোপা শস্যৰ মাজত- ৬০ চেন্টিমিটাৰ- .২ মিটাৰ

বীজ সিঁচাৰ সময়ঃ
Ø আগতীয়া- অক্টোবৰ মাৰ পৰা নৱেম্বৰ মাহলৈকে মধ্যমীয়া- ফেব্ৰুৱাৰী-মাৰ্চ
Ø শেহতীয়া- জুন-জুলাই

ৰাসায়নিক সাৰঃ
Ø জিকাৰ সৈতে প্ৰায় একেই

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ 
Ø -১০ দিনৰ মূৰে মূৰে জিকা গছত পানী দি থাকিব লাগে
Ø গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাত বোৰ পৰিষ্কাৰ কৰিব লাগে

তিঁয়হ খেতিৰ দিহা


জাতঃ

চাইনিজ গ্ৰীন, পুচা সংযোগ, পইনছেটি, এ এ ইউ চি- ,,৩ আৰু ৪ নম্বৰ তদুপৰি থলুৱা আৰু হাইব্ৰীড জাতৰ সঁচবোৰো কৃষকৰ মাজত জনপ্ৰিয়

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত- ৩০০ গ্ৰাম
ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত ১.৫ চেন্টিমিটাৰ আৰু দুজোপা শস্যৰ মাজত- .২ মিটাৰ
বীজ সিঁচাৰ সময়ঃ
বসন্ত কালত অৰ্থাৎ মাৰ্চ-এপ্ৰিল মাহত চপাব পৰা তিঁয়হৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত সাধাৰণতে এই খেতি মাটিতে খেৰ নাইবা নৰা পাৰি কৰা হয় বাৰিষা কালৰ বাবে অৰ্থাৎ জুন-জুলাই মাহত তিঁহয়ৰ বাবে মাৰ্চ-এপ্ৰিল মাহত বীজ সিঁচিব লাগে
ৰাসায়নিক সাৰঃ
প্ৰতি বিঘাৰ বাবে পচন সাৰ ১৫-২০ কুইন্টেল, ইউৰীয়া-১৫ কিলোগ্ৰাম, একক চুপাৰ ফচফেট-৩৬ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ১৬ কিলোগ্ৰাম ইউৰীয়া সাৰৰ আধা আৰু  সমুদায় চুপাৰ ফচফেট আৰু পটাচ বীজ সিঁচাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ইউৰীয়া সাৰৰ বাকী আধা পুলি গজাৰ ৩০ দিনৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে
জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ
-১০ দিনৰ মূৰে মূৰে তিঁয়হ গছত পানী দি থাকিব লাগে গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে

তৰমুজ আৰু চিৰাল খেতিৰ দিহা

তৰমুজ আৰু চিৰাল গ্ৰীষ্মকালীন পাচলি যদিও পূৰঠ অৱস্থাতে ইহঁতক চিঙা হয় আৰু ফল হিচাপে ধৰা হয়
জাতঃ
তৰমুজঃ চুগাৰ বেবি, পূচা বেদেনা, নিউ হেম্প চায়াৰ, মিদগেট, আচী য়ামাটো আৰু ফেচাবাদী
চিৰালঃ পুচা পৰৱৰ্তী, হৰা মধূ, পঞ্জাৱ চুনেহেৰী, দুৰ্গাপুৰ মধূ, অৰ্কা ৰাজহংস আৰু অৰ্কা জীত

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত- ৭০০-৯০০ গ্ৰাম
ৰোপন দূৰত্বঃ
তৰমুজৰ বাবেঃ দুটা শাৰীৰ মাজত-.৫ মিটাৰ দুজোপা শস্যৰ মাজত- ২ মিটাৰ
চিৰালৰ বাবেঃ দুটা শাৰীৰ মাজত-.-.০ মিটাৰ দুজোপা শস্যৰ মাজত- .-.০ মিটাৰ
বীজ সিঁচাৰ সময়ঃ
জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে বীজ সিঁচিব পাৰি
ৰাসায়নিক সাৰঃ
প্ৰতি বিঘাৰ বাবে পচন সাৰ ৩০ কুইন্টল, ইউৰীয়া- ১৮ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৩২ কিলোগ্ৰাম আৰু মিউৰেট অব পটাচ- ১২ কিলোগ্ৰাম সমুদায় সাৰ পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ
Ø -১০ দিনৰ মূৰে মূৰে জিকা গছত পানী দি থাকিব লাগে
Ø গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে

স্কোৱাছ খেতিৰ দিহা


জাতঃ
সাধাৰণতে সঁচ দুবিধ বগা বিধৰ আৰু সেউজীয়া বিধৰ বগা বিধবোৰ ঘুৰণিয়া, দীঘল আৰু সেউজীয়া বিধবোৰ হল জোঙা, বহল আৰু কণী অকৃতিৰ
মাটিঃ
সাধাৰণতে পানী জমা নোহোৱা, বালিচঁহীয়া, সাৰুৱা, ওখ, দঘাই মাটিত এই খেতি ভাল হয়
বীজৰ পৰিমাণঃ প্ৰতি বিঘাত ২৫০-৩০০ টা স্কোৱাছৰ দৰকাৰ হয়
ৰোপন দুৰত্বঃ দুটা শাৰীৰ মাজত ২-৩ মিটাৰ দুজোপা শস্যৰ মাজত ১-২ মিটাৰ
বীজ সিঁচাৰ সময়ঃ অক্টোবৰ-নৱেম্বৰ মাহত
ৰাসায়নিক সাৰঃ
প্ৰতিজোপা স্কোৱাচৰ বাবে পচন সাৰ- ১০-১৫ কিলোগ্ৰাম, ইউৰীয়া- ১১০ গ্ৰাম, একক চুপাৰ ফচফেট- ১২৫ গ্ৰাম আৰু মিউৰেট অব পটাচ- ৫০ গ্ৰাম
জলসিঁঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ স্কোৱাছ বগাবলৈ ধৰাৰ লগে লগে গুৰি অংশৰ পৰা বন-বাতবোৰ ভালদৰে নিৰণি কৰিব লাগে ফলবোৰ বেছিকৈ পূৰঠ হবলৈ দিব নেলাগে অন্যথা গুটি ধৰিব সাধাৰণতে ফুল ফুলাৰ পৰা ৩০ দিনৰ পিছলে ফল পূৰঠ হয়

জাতিলাও, কোমোৰা আৰু ধুন্দূলি খেতিৰ দিহা


জাতঃ
Ø সাধাৰণতে স্থানীয় জাতৰ জাতিলাও কৃষকৰ প্ৰথম পচন্দ যদিও অন্যান্য অনুমোদিত জাত হ- চামাৰ প্ৰলিফিক, পুচা মেঘদূত আৰু পুচা মঞ্জুৰী
Ø কোমোৰাঃ সাধাৰণতে স্থানীয় জাতৰ সঁচেই কৃষকে কৰে
Ø ধুন্দলিঃ লং গ্ৰীন, লং হোৱাইট আৰু এক্সটা লং
বীজৰ পৰিমাণঃ জাতিলাও আৰু ধুন্দলি প্ৰতি বিঘাত -৬০০-৭০০ গ্ৰাম কোমোৰাৰ বাবে৩০০-৪০০ গ্ৰাম
ৰোপন দূৰত্বঃ দুটা শাৰীৰ মাজত ২-৩ মিটাৰ দুজোপা শস্যৰ মাজত ১-২ মিটাৰ
বীজ সিঁচাৰ সময়ঃ
জাতিলাওঃ মাৰ্চ-এপ্ৰিল মাহত আৰু অক্টোবৰ-নৱেম্বৰ মাহত, কোমোৰাঃ ফেব্ৰুৱাৰী-এপ্ৰিল মাহ আৰু ধুন্দুলি মাৰ্চ-মে মাহ
ৰাসায়নিক সাৰঃ
প্ৰতি বিঘাৰ বাবে পচন সাৰ ২৫ কুইন্টেল, ইউৰীয়া ১৪ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৩২ কিলোগ্ৰাম মিউৰেট অব পটাচ- ১০ কিলোগ্ৰাম ইউৰীয়া সাৰৰ আধা আৰু সমুদায় চুপাৰ, পটাচ পুলি ৰোৱাৰ আগেয়ে প্ৰয়োগ কৰিব লাগে ইউৰীয়া সাৰৰ বাকী আধা গছ বগোৱাৰ সময়ত গুৰিত প্ৰয়োগ কৰিব লাগে
জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যাঃ
Ø -১০ দিনৰ মূৰে মূৰে জিকা গছত পানী দি থাকিব লাগে
Ø গছজোপা বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে আৰু গুৰিৰ পৰা বন-বাতবোৰ পৰিষ্কাৰ কৰিব লাগে
বগাই যোৱা গ্ৰীষ্মকালীন শাক-পাচলি অনিষ্টকাৰি পোক-পৰুৱা নিয়ন্ত্রণৰ ব্যৱস্থা
Ø পুলিবোৰ ২-৩ পতীয়া হওঁতে গুৰি কটা পোকে আক্ৰমণ কৰিব পাৰে নিয়ন্ত্রণৰ বাবে মালাথিয়ন ৫০ ইচি(১০ লিটাৰ পানীত ২.৫ মি:লি:) স্প্ৰে কৰিব লাগে মিশ্ৰণটোত অলপমান গুড় (১০ লি: পানীত প্ৰায়  ১০০ গ্ৰাম) মিহলাই ললে কীটনাশকে  ভাল কাম কৰে অন্যান্য মোৱা পোক, বিটল পোক, এপিলেকনা পোক আদিৰ বাবেও একেধৰণৰ ব্যৱস্থা লব পাৰি
Ø পাতত বগা পাউদাৰৰ গুড়ি পৰি পাতখিলা লাহে লাহে মৰহি যোৱা ৰোগ (পাউদাৰী মিলডিউ) লে কাৰ্বানদাজিম (১০ লি: পানীত ১০ গ্ৰাম) স্প্ৰে কৰিব লাগে
Ø  শস্যত মুগা বৰণৰ দাগ  পৰি পাতখিলা লাহে লাহে মৰহি যোৱা ৰোগ হলে নিয়ন্ত্রণৰ বাবে মেনকজেব + মেটালেক্সিল (১০ লি: পানীত ২০গ্ৰাম) নাইবা বৰডো মিশ্ৰণ স্প্ৰে কৰিব লাগে

কৃষি বিভাগ, অসম; অসম  কৃষি বিশ্ব-বিদ্যালয় আৰু ভাৰতীয়  কৃষি গৱেষণা পৰিষদৰ অনুমোদনাৱলীৰ আধাৰত  ‘এই  মাহৰ কৃষিশিতানটো যুগুতোৱা হৈছে- সম্পাদক (অবৈতনিক), সে.চি.) 

Popular posts from this blog

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান