অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়
নয়ন কুমাৰ বৰা
অমিতাৰ
উপাদানসমূহঃ বীজ- ৮.৫%, বাকলি- ১২.০ %, ফলৰ শাহ অংশ-
৭৯.৫%
আৰু
বীজ- ৮.৫%
অমিতা বহুলিঙ্গী উদ্ভিদ- ১। পুংলিঙ্গী, ২। উভয়লিঙ্গী আৰু ৩। স্ত্ৰী-লিঙ্গী
জলবায়ু কাৰক যেনে, খৰাং আৰু উঞ্চতাৰ ওপৰত নিৰ্ভৰ কৰি
অমিতা গছৰ লিঙ্গ প্ৰস্ফুটিত হব পাৰে। উঞ্চ জলবায়ুত পুংপুষ্প সংখ্যা বৃদ্ধি হয়। কেৱল
পুংপুষ্প থকা অমিতা গছক মতা অমিতা গছ বুলি কোৱা হয়। এনে মতা গছৰ পৰা ফল পোৱা নেযায়।
উভয়লিঙ্গী ফুল থকা গছত অমিতা ফল লাগে যদিও এনে ফলৰ পৰা সংগ্ৰহ কৰা অমিতাৰ বীজৰ পৰা
ফল ধৰা অমিতা গছ পোৱা নেযাবও পাৰে। সেয়ে কোনটো ফলৰ পৰা বীজ সংগ্ৰহ কৰিলে ফল লগা গছ
পোৱা যাব সেইটো চিনাক্তকৰণ কৰাতো দৰকাৰ। অমিতা গছত কৃত্ৰিমভাবে হাতেৰে পৰাগ সংযোগ কৰি
ঈপ্সিত অমিতাৰ ফল উৎপাদন কৰিব পাৰি। ইয়াৰবাবে মেল নোখোৱা ফুলবোৰ (উভয়লিঙ্গী বা স্ত্ৰী-লিঙ্গী
দুয়োবিধ) কাগজৰ ঠোঙাত ভৰাই বন্ধ কৰি থব লাগে। যেতিয়া ফুলপাহৰ পাহি মেল খাবলৈ ধৰে তেতিয়াই
বিচৰা পৰাগৰেণু আনি সংস্থাপন কৰিব লাগে। এনে পদ্ধতিৰ অধ্যয়নৰ পৰা নিম্নোক্ত তথ্যসমূহ
পোৱা গৈছে-
১।
স্ত্ৰী-লিঙ্গী পুষ্পক পুংলিঙ্গী পুষ্পৰ দ্বাৰা পৰাগ সংযোগ কৰি উৎপাদন হোৱা বীজ পৰা
সমান সংখ্যক পুংলিঙ্গী আৰু স্ত্ৰী-লিঙ্গী ফুল থকা অমিতা পোৱা যায়
২।
স্ত্ৰী-লিঙ্গীপুষ্পক উভয়লিঙ্গী পুষ্পৰ দ্বাৰা পৰাগ সংযোগ কৰি উৎপাদন হোৱা বীজ পৰা সমান
সংখ্যক উভয়লিঙ্গী আৰু স্ত্ৰী-লিঙ্গী ফুল থকা অমিতা পোৱা যায়
৩।
উভয়লিঙ্গী পুষ্পৰ স্ব-পৰাগযোগ বা অন্য উভয়লিঙ্গী পুষ্পৰ দ্বাৰা পৰ-পৰাগ সংযোগ কৰি উৎপাদন
হোৱা বীজ পৰা ১:২ অনুপাতত স্ত্ৰী-লিঙ্গী: উভয়লিঙ্গী ফুল থকা অমিতা পোৱা যায়
৪।
উভয়লিঙ্গী পুষ্পক পুংলিঙ্গী পুষ্পৰ দ্বাৰা পৰাগ সংযোগ কৰি উৎপাদন হোৱা বীজ পৰা সমান
সংখ্যক স্ত্ৰী-লিঙ্গী, পুংলিঙ্গী আৰু উভয়লিঙ্গী ফুল থকা অমিতা পোৱা যায়
উপৰোক্ত
অধ্যয়নৰ পৰা দেখা যায় যে দ্বিতীয় আৰু তৃতীয় পদ্ধতিত বেছি সংখ্যক ফল ধাৰণ কৰা অমিতা
গছ পোৱা যাব
অমিতা
গছৰ বৃদ্ধিৰ ধৰণঃ
১।
অমিতা গছ ছাঁ-পৰা ঠাইত ভাল হয়, কিন্তু ফলবোৰ মিঠা নহয়
২।
অমিতাক পাতল, পানী জমা নোহোৱা মাটি লাগে। সেমেকা মাটিত অমিতা গছ মৰি যায়। গৰমকালি মাটিখিনি
সেমেকি থাকিব লাগে আৰু ঠাণ্ডাকালি শুকান হৈ থাকিব লাগে।
৩।
অমিতাই
লুনীয়া পানী বা মাটি সহ্য কৰিব নোৱাৰে
৪।
অমিতাৰ বাবে পানী জমা নোহোৱা আৰু পৰ্যাপ্ত পৰিমাণে জৈৱিক পদাৰ্থ থকা মাটিৰ দৰকাৰ।
৫।
মাটিৰ অম্লতা- ৫.৫- ৬.৭ হব লাগে। আম্লিক মাটিত চূণ প্ৰয়োগ কৰি অম্লতা হ্ৰাস কৰিব পাৰি।
৬।
বন-বাত নিয়ন্ত্ৰণৰ বাবে অমিতা খেতিত কেতিয়াও অপতৃণ-নাশক প্ৰয়োগ কৰিব নেলাগে, কিয়নো
ইয়াক প্ৰয়োগ কৰিলে অমিতা গছ মৰি যাব। ক’লা পলিথিনৰ আচ্ছাদন ব্যৱহাৰ কৰি বন-বাত নিয়ন্ত্ৰণ
কৰিব পাৰি
বীজৰ
পৰিমাণঃ
উভয়লিঙ্গী/
হাইব্ৰীড জাতৰ বাবেঃ প্ৰতি বিঘাৰ ৭ গ্ৰাম
মুক্ত পৰাগযোগ জাতৰ বাবেঃ প্ৰতি বিঘাত ৩৫ গ্ৰাম
অমিতাৰ বীজ পচোৱাৰ বাবে মাটি প্ৰস্তুতিঃ
- ৪ ভাগ পলসুৱা মাটি, ২ ভাগ শুকান মিহি গোৱৰ আৰু ১ ভাগ মিহি বালিৰ মিশ্ৰণ প্ৰস্তুত কৰিব লাগে
- উক্ত মিশ্ৰণটো ভেঁকুৰ, বেক্টেৰীয়া, অপতৃণৰ বীজ আৰু কীটৰ কণী, লেটাৰ পৰা মুক্ত কৰিবৰ বাবে শোধন কৰিব লাগিব। ইয়াৰবাবে অনুমোদিত ভেঁকুৰনাশক/ বেক্টেৰীয়ানাশক আৰু কীটনাশক প্ৰয়োগ কৰিব লাগে।
- মাটি প্ৰস্তুত কৰাৰ পিছত বীজতলী বা পলিথিনৰ বেগবোৰ ৩ দিনৰ বাবে পানী ছটিয়াই ৰাখি থব লাগে যাতে তাত থকা বন-বাতবোৰ গজি যায় আৰু সেইবোৰক আঁতৰাই পেলাব পাৰি
- বীজবোৰ ১-১.৫ ছেন্টিমিটাৰ দ’ত সিঁচিব লাগে আৰু সিঁচাৰ পিছত পানী ছটিয়াব লাগে
- বীজ সিঁচাৰ পিছত বীজতলী আচ্ছাদনৰে ঢাকি দিব লাগে আৰু যেতিয়া বীজ গজিবলৈ আৰম্ভ কৰে তেতিয়া আচ্ছাদন আঁতৰাই দিব লাগে।
পুলি ৰোপন আৰু পৰিচৰ্যাঃ
- বায়ু সোমাব নোৱাৰা পাত্ৰত অমিতাৰ বীজ ২-৩ বছৰলৈকে অংকুৰণ ক্ষমতা অটুট ৰাখিব পাৰি
- জানুৱাৰী মাহত পলিথিনৰ গৃহত আৰু মাৰ্চ মাহত মুকলিকৈ বীজ সিঁচিব পাৰি।
- আগতীয়াকৈ বীজ সিঁচিলে গৰমকালিত অমিতাৰ বৃদ্ধি সোনকালেই হব।
- প্ৰতিটো গাঁতৰ জোখঃ ৪৫ ছেন্টিমিটাৰ X ৪৫ ছেন্টিমিটাৰ X ৪৫ ছেন্টিমিটাৰ আৰু প্ৰতিটো শাৰী আৰু পুলিৰ মাজৰ দূৰত্বঃ ১.৮ মিটাৰ X ১.৮ মিটাৰ হব লাগে
- বীজ সিঁচাৰ পিছত ২-৩ সপ্তাহত অঙ্কুৰণ হয়। যেতিয়া পুলিবোৰ ২-৩ পতীয়া হয় তেতিয়া পুলিবোৰ বীজতলী (৫-৭.৫ ছেন্টিমিটাৰ আঁতৰে আঁতৰে) নাইবা পলিথিন বেগলৈ স্থানান্তৰিত কৰিব লাগে।
- পুলিবোৰ যেতিয়া ৭.৫-১০ ছেন্টিমিটাৰ ওখ হয় তেতিয়া মূল পথাৰত ৰোপন কৰিব লাগে
- বেছি লহপহকৈ বাঢ়ি অহা অমিতাৰ গছবোৰ ৰোপন কৰিবৰ বাবে নিৰ্বাচন কৰিব নেলাগে।
- এটা গাঁতত ২-৩ টা পুলি ৰোপন কৰিব লাগে। এনে কৰিলে পুলি বাঢ়ি গৈ প্ৰথম ফুল ধৰা অৱস্থাত পুংলিঙ্গী ফুল থকা (মতা অমিতা গছ) গছবোৰ চিনাক্তকৰণ আঁতৰাই পেলব পাৰি। অৱশ্যে প্ৰতি ২৫ জোপা স্ত্ৰি-লিঙ্গী পুষ্প (মাইকী) থকা গছৰ মাজত এজোপা পুংলিঙ্গী ফুল থকা (মতা) গছ থাকিব লাগে।
- পুলি ৰোপনৰ পিছত পানী যোগান আৰু ছাঁৰ ব্যৱস্থা কৰিব লাগে
- অমিতাৰ বীজ পোনে পোনেই মূল পথাৰত সিঁচিব পাৰি নাইবা বীজতলী বা পলিথিন বেগত গজোৱা ৬ সপ্তাহ বয়সৰ পুলি ৰোপন কৰিব পাৰি।
অমিতাত সাৰ-প্ৰয়োগঃ
- - ৰোৱাৰ
দুমাহৰ পিছতঃ ইউৰীয়া- ৫০০ গ্ৰাম একক চুপাৰ
ফচফেট-১.৫ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ- ৪১৫ গ্ৰাম
- - উক্ত
সাৰখিনি পুনৰ প্ৰথম অমিতা ফুলিবলৈ লোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে
শস্যৰক্ষাঃ
পুষ্টিমৌলৰ অভাৱজনিত বিসঙ্গতি আৰু নিৰাময়:
১। নাইট্ৰজেন মৌলৰ অভাৱঃ পাতত ইউৰীয়া (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
২। ফচফৰাচ মৌলৰ অভাৱঃ পুলি ৰোপনৰ আগতে অনুমোদিত হাৰত ফছফেট সাৰ (একক চুপাৰ ফচফেট) প্ৰয়োগ কৰিব লাগে
৩।
পটেচিয়াম মৌলৰ অভাৱঃ পাতত পটেচিয়াম ক্লৰাইদ (KCL) (২০ গ্ৰাম প্ৰতি লিটাৰ
পানীত) স্প্ৰে কৰিব লাগে
৪।
কেলচিয়াম মৌলৰ অভাৱঃ প্ৰতি বিঘা মাটিত ৩৪ কিলোগ্ৰাম জিপছাম প্ৰয়োগ কৰিব লাগে
৫। মেগনেছিয়াম
মৌলৰ অভাৱঃ পাতত মেগনেছিয়াম চালফেট (MgSO4) (১০-২০ গ্ৰাম প্ৰতি লিটাৰ
পানীত) স্প্ৰে কৰিব লাগে
৬।
চালফাৰ মৌলৰ অভাৱঃ পাতত মেগনেছিয়াম চালফেট (MgSO4) (১০-২০ গ্ৰাম প্ৰতি লিটাৰ
পানীত) স্প্ৰে কৰিব লাগে
৭। বৰ’ণ মৌলৰ অভাৱঃ প্ৰতিজোপা গছত ২-৩
গ্ৰাম বৰাক্স প্ৰয়োগ কৰিব লাগে
৮। কপাৰ মৌলৰ অভাৱঃ প্ৰতি বিঘা মাটিত ২.৬৭ কিলোগ্ৰাম কপাৰ চালফেট (CuSO4) প্ৰয়োগ কৰিব লাগে বা প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে
৯। আইৰণ মৌলৰ অভাৱঃ প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰা্ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে
১০।
মেঙ্গানিজ মৌলৰ অভাৱঃ মেঙ্গানিজ চালফেট (MnSO4.)
(প্ৰতিলিটাৰ পানীত ১০-২০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে
১১। জিংক মৌলৰ অভাৱঃ প্ৰতিজোপা কলগছত ৫০ গ্ৰাম জিংক চালফেট (ZnSO4) পুলি ৰোপনৰ সময়তে প্ৰয়োগ কৰিব লাগে বা প্ৰতিলিটাৰ পানীত পাতত জিংক চালফেট- ৩ গ্ৰাম + ইউৰীয়া- ৫ গ্ৰাম + ১০ মিলিলিটাৰ আঠা পুলি ৰোৱাৰ ৪৫ আৰু ৬৫ দিনত একোবাৰকৈ প্ৰয়োগ কৰিব লাগে
অমিতাৰ
ৰোগ আৰু নিয়ন্ত্ৰণঃ
১। গুৰি পচা (Stem rot/ foot rot)
- অমিতা গছৰ গুৰিত পানী জোলা হৈ গুৰিটো আগুৰি ধৰে, ক’লা পৰে আৰু পচি যায়
- কাষৰ পাতবোৰ হালধীয়া হয় আৰু হাউলি যায়
- গোটেই গছজোপাই লঠঙা হৈ মৰি যায়
- অমিতাৰ বীজ Thiram বা Captan বা Chlorothalonil ৰে (৪ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) শোধন কৰিব লাগে
- Copper oxychloride 0.25 % (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা Bordeaux mixture 1% (১০ গ্ৰাম প্ৰতি লিটাৰ পানীত)বা Metalaxyl 0.1%.(১ গ্ৰাম প্ৰতি লিটাৰ পানীত) অমিতাৰ গুৰি অংশ ভিজি যোৱাকৈ প্ৰয়োগ কৰিব লাগে
২। পাউদাৰী মিলদিউ (Powdery mildew)
- পাতৰ ওপৰ পিঠিত, ফুলৰ ঠাৰিত আৰু ফলত ভেঁকুৰৰ বৃদ্ধি দেখিবলৈ পোৱা যায়, পাতখিলা হালধীয়া হয় আৰু পাতবোৰ সৰি পৰে
- Wettable Sulphur 0.25% বা (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) Dinocap 0.05% বা (০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) Chinomethionate 0.1% বা (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) Tridemorph 0.1% বা (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৩। অমিতাৰ আঙুঠি ভাইৰাছ (Papaya ring spot)
- পাতৰ সিৰাবোৰ উজ্বল হৈ পৰে, পত্ৰহৰিৎ থুপ খাই, পাতৰ কাষ আৰু আগ তলফালে ঘেৰ খাই, ফুটুকা-ফুতুকী হয়, ডাঠ সেউজীয়া ফোঁহা আৰু পাতবোৰ মেটুৰা-মেতুৰি হয়
- অমিতাৰ ফলত আঙুঠি সদৃশ দাগ দেখা যায়
- এই ৰোগৰ বাহক হ’ল মোৱা পোক। সেয়ে মোৱা পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লব লাগে
৪। অমিতাৰ পাত ঘেৰ খোৱা ভাইৰাছ (Papaya Leaf curl virus)
- পাত ঘেৰ খোৱা, মেটুৰা-মেটুৰি হোৱা আৰু পাতৰ আকাৰ সৰু হে যোৱা, পাক খোৱা আৰু সিৰাবোৰ ঘন হৈ যোৱা
- এই পোকৰ বাহক হ’ল বগা মাখি, সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে
- আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে
- অমিতা ওচৰত বিলাহীৰ খেতি কৰিব নেলাগে
৫। এনথ্ৰাকন’জ ৰোগ
- অমিতাৰ ফলবোৰ গেঠেলা মাৰে আৰু অনিয়মীয়া আকৃতিৰ হয়
- আক্ৰান্ত পাত, কুমলীয়া আগ আদি আঁতৰাই নষ্ট কৰিব লাগে
- চপোৱাৰ ১৫ দিন আগতে ফলবোৰ মুগা বৰণৰ কাগজৰ ঠোঙাৰে ঢাকি দিব লাগে
অমিতাৰ
অনিষ্টকাৰী কীট আৰু নিয়ন্ত্ৰণঃ
১। বগা মাখি (White fly)
- পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকবোৰে পাতৰ তলপিঠিৰ ৰস শোহে
- পাতখিলা হালধীয়া পৰে
- খেতিডৰা চাফ-চিকুণকৈ ৰাখিব লাগে
- হালধীয়া আঠাযুক্ত কাৰ্ড আঁৰিব লাগে
- আক্ৰান্ত বেছি হ’লে Imidacloprid 200SL (০.১ মিলিলিটাৰ ১ লিটাৰ পানীত) বা triazophos 40EC (০.৬ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
- নিম তেল প্ৰতি লিটাৰ পানীত ৩০ মিলিলিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে
২। ছাঁই বৰণীয়া উইভিল (Ash weevils)
- এই পোকৰ গুৱৰুৱাই অমিতাৰ শিপা খাই অনিষ্ট কৰে
- অমিতাৰ পুলি লেৰেলি যায়
- প্ৰাপ্তবয়স্ক পোকে পাতৰ কাষবোৰ কাটি দিয়ে
- প্ৰাপ্তবয়স্ক পোকবোৰ নষ্ট কৰিব লাগে
৩। ফল বিন্ধা কৰা মাখি (Fruit fly)
- এই পোকৰ পলুবোৰে আধা পকা ফলবোৰত বিন্ধা কৰি দিয়ে আৰু ফলটো গেলি যায়
- ফলৰ পৰা ৰস ওলাই, মুগা ৰঙৰ ঘাঁ লাগে আৰু ফলবোৰ সৰি যায়
- সৰি যোৱা ফলবোৰ গোটাই গাঁত খান্দি পুতি পেলাব লাগে
- ফেৰ’মন ফান্দ ব্যৱহাৰ কৰা
- fenthion 100 EC (২ মিলিলিটাৰ ১ লিটাৰ পানীত) বা malathion 50 EC (২ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৪। মোৱা পোক (Aphid)
- পোৱালি আৰু প্ৰাপ্তবয়স্ক মোৱাপোকবোৰে পাত, ঠাৰি আৰু ফলৰ পৰা ৰস শোহে
- পাতবোৰ ঘেৰ খাই যোৱা আৰু সৰি পৰা
- অকালতে ফল সৰা
- অমিতা খেতিত ৰূপালী ৰঙৰ প্লাষ্টিকৰ আচ্ছাদন (Plastic mulch) ব্যৱহাৰ কৰিব লাগে
- নিম তেল (১০ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
৫। মিলিবাগ (Mealybug)
- আৰম্ভনিতে আক্ৰমনিত অংশ শেতা হয়, পিছত মগা বৰণীয়া হৈ শুকাই যায়
- বগা উৰহৰ নিচিনা পোকবিধে এবিধ মিঠা ৰস নিৰ্গত কৰে আৰু আক্ৰান্ত অংশ জিলিকি উঠে আৰু সেমেকি যায়, পিছত সেই অংশত ভেঁকুৰে আক্ৰমণ কৰে আৰু ক’লা ছাঁই বৰণীয়া হৈ যায়
- আক্ৰমণৰ লক্ষণসমূহ পাত, ঠাৰি আৰু ফলত দেখা যায়
- অমিতা খেতিৰ কাষত থকা বনবাত বা অন্য অলাগতিয়াল শস্য আঁতৰাই দিব লাগে
- নিমৰ পৰা তৈয়াৰী কীটনাশক স্প্ৰে কৰিব পাৰি
- Dichlovas (প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে
(ইন্টাৰনেটৰ
বিভিন্ন উৎস অধ্যয়ন আৰু সংগ্ৰহ কৰা তথ্যৰে এই লিখনি প্ৰস্তুত কৰা হৈছে- লিখক)