আলু খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা সমস্যা আৰু নিয়ন্ত্ৰণ

অনিষ্টকাৰী কীট-পতঙ্গ

১। গুৰি কটা পোক (Cut worm):




ক্ষতিৰ লক্ষণ:


- পোৱালি পলুবোৰেপাতৰ অধিচৰ্ম খাই

- প্ৰাপ্তবয়স্ক পলুবোৰ নিশা ওলাই আৰু পুলি গুৰি, ডাল অংশ কাটি দিয়ে

- আলুৰ কন্দবোৰো খাই নষ্ট কৰে


নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত খেতিডৰাত পানী সুমুৱাই দিব লাগে

- ৰাতিপুৱা আৰু আবেলি খেতিডৰাত ওলাই থকা পলুপোকবোৰ হাতেৰে আঁতৰাই নষ্ট কৰিব লাগে

- ফেৰ’ম’ন নাইবা পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- নিমতেল (প্ৰতিলিটাৰ পানীত ৩ মিলিলিটাৰকৈ) স্প্ৰে কৰিব পাৰি

- আবেলি সময়ত খেতিডৰাৰ মাজে মাজে তুঁহগুড়ি ছটিয়াই ৰাখিব লাগে আৰু পিছদিনা তাত পৰি থকা পলুবোৰ আঁতৰাই নষ্ট কৰিব লাগে


২। আলুৰ কন্দ নষ্ট কৰা চগা পোক (Potato Tuber Moth):



ক্ষতিৰ লক্ষণ:


- এই পোকে পথাৰত আৰু ভঁৰালত আলুৰ কন্দ খাই নষ্ট কৰে

- পলুবোৰ আলুৰ পাত, ডাল আৰু কন্দত সোমাই সুৰঙ্গ সৃষ্টি কৰে

- কন্দৰ চকুবোৰৰ ওচৰত থুপ খাই থাকে

নিয়ন্ত্ৰণৰ দিহা:

- ৰোৱাৰ বাবে স্বাস্থ্যবান আৰু নিৰোগী কন্দহে ব্যৱহাৰ কৰিব লাগে

- আলু ৰুওতে ওপৰতে ৰাখিব নেলাগে, ১০-১৫ ছেন্টমিটাৰ দ’ত ৰোপন কৰিব লাগে

- পথাৰত ফেৰ’ম’ণ ফান্দ ব্যৱহাৰ কৰিব লাগে

- আক্ৰান্ত আলুবোৰ পথাৰৰ পৰা আঁতৰাই নষ্ট কৰিব লাগে

- আলু চপোৱাৰ পিছত কেতিয়াও পথাৰতে ৰাখি থব নেলাগে

- আলুৰ মাজত জলকীয়া, নহৰু নাইবা মটৰ মাহৰ খেতি কৰিব লাগে

- ৰোৱাৰ ৬০ দিনৰ পিছতে মাটি চপাব লাগে যাতে মাইকী চগাবোৰে আলুৰ কন্দত কণী পাৰিব নোৱাৰে

- আলু চপোৱাৰ পিছত মজুত কৰোতে তাৰ ওপৰত গু-ফুল (Lantana camera) নাইবা জাৰ্মানী বনৰ (Eupatorium odoratum) পাত ওপৰত জাপি দিব লাগে যাতে চগাবোৰে তাৰ ওপৰত কণী পাৰিব নোৱাৰে

- নিমগুটিৰ শাহৰ পৰা তৈয়াৰী ৰসেৰে  (প্ৰতি লিটাৰ পানীত ৫০ মিলিলিটাৰ)স্প্ৰে কৰিব লাগে


৩। মোৱাপোক (Aphid):


ক্ষতিৰ লক্ষণ:


- আলুৰ কোমল পাত, আগলি অংশৰ ৰস শুহি খায় নষ্ট কৰে। পাতবোৰ সম্পূৰ্ণকৈ নোলায় আৰু সৰু সৰু হয়

- মোৱাপোকে এজোপাৰ গছৰ পৰা আনজোপা গছলৈ ভাইৰাছ ৰোগৰ বীজাণু বহন কৰে

নিয়ন্ত্ৰণৰ দিহা:

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Dimethoate 0.3% (১ লিটাৰ পানীত ৩ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

- নিমগুটিৰ শাহৰ ৰস ৫% (প্ৰতিলিটাৰ পানীত ৫০ মিলিটাৰ) স্প্ৰে কৰিব লাগে


৪। বগা পলু (White grub):



ক্ষতিৰ লক্ষণ:


- আলুৰ কন্দ আৰু শিপাবোৰ খাই

- নিশা এই পোকে গো-গ্ৰাসে খাই

নিয়ন্ত্ৰণৰ দিহা:

- ৰোৱাৰ আগতে আলুখেতি কৰিব বিচৰা পথাৰখন ভালদৰে হালবাই তাত থকা এই পোকৰ কণী, লেটা নষ্ট কৰিব লাগে

- পথাৰত পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে


৬। বগা মাখি (White fly):


ক্ষতিৰ লক্ষণ:


- পোৱালি পলুবোৰে পাতৰ ৰস শোহে আৰু পাতখিলা নিশকতীয়া কৰি তোলে

- পাতবোৰ হালধীয়া হয় আৰু তলফালে ভাজ খায়

- আক্ৰান্ত পাতত ভেঁকুৰ ধৰে

নিয়ন্ত্ৰণৰ দিহা:

- নিৰ্দিষ্ট সময়ত খেতিডৰাত পানী যোগান ধৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Dimethoate 0.3% (১ লিটাৰ পানীত ৩ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


৭। চাহি মকৰা (Spider Mite):


ক্ষতিৰ লক্ষণ:


- আক্ৰান্ত পাতবোৰ ৰঙা পৰে আৰু তাম বৰণীয়া হয়

- বেছিকৈ আক্ৰান্ত হ’লে পলুবোৰে জাল বান্ধে

- পাতবোৰ মৰহি শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- আলু খেতিৰ মাজে মাজে বেলিফুল, ফ্ৰেন্সবিন, গাজৰ জাতীয় খেতি কৰিব লাগে যাতে পোকবোৰ সেইবোৰ খেতিৰ প্ৰতি আকৰ্ষিত হয়

- নিমগুটিৰ শাহৰ ৰস ৫% (প্ৰতিলিটাৰ পানীত ৫০ মিলিটাৰ) স্প্ৰে কৰিব লাগে


৮। পাত ওকনি (Thrips):


ক্ষতিৰ লক্ষণ:


- পাতৰ তলপিঠিত ৰস শুহি খায়। আলু গছৰ কোমল পাত, আগলি অংশ খায় অনিষ্ট কৰে, পাতবোৰ তলফালে ঘেৰ খাই

- এই পোকে ভাইৰাছ ৰোগৰ বীজাণু বহন কৰে

নিয়ন্ত্ৰণৰ দিহা:

- নিমগুটিৰ শাহৰ ৰস ৫% (প্ৰতিলিটাৰ পানীত ৫০ মিলিটাৰ) স্প্ৰে কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Dimethoate 30% EC (১ লিটাৰ পানীত ১-১.৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে


৯। ধপাত বিছা  (Tobacco Caterpillar):



ক্ষতিৰ লক্ষণ:


- পোৱালি পলুবোৰে পাতবোৰ গো-গ্ৰাসে ভক্ষণ কৰে আৰু আকুহি পেলায়

- পুৰণি পাতবোৰ সম্পূৰ্ণৰূপে ভক্ষণ কৰে

নিয়ন্ত্ৰণৰ দিহা:

- ৰোৱাৰ আগতে আলুখেতি কৰিব বিচৰা পথাৰখন ভালদৰে হালবাই তাত থকা এই পোকৰ কণী, লেটা নষ্ট কৰিব লাগে

- আলু খেতিৰ কাষে কাষে এৰা গছ ৰুব লাগে, পানী যোৱা নলাবোৰৰ পাৰতো এৰা গছ ৰুব পাৰি

- ৰোৱাৰ আগতে পথাৰখনত পানী ভৰাই লব লাগে

- পোহৰ ফান্দ পাতিব লাগে

- বিষ ফান্দ ( তুঁহ গুড়ি- ৫ কিলোগ্ৰাম + গুড়- ৫০ ০ গ্ৰাম + Carbaryl 50 WP 500g + ৩ লিটাৰ পানী) আবেলি সময়ত পথাৰত পাতিব পাৰি


অনিষ্টকাৰী ৰোগ:

১। লেইট ব্লাইট (Late blight):


        ফাইটফ্থৰা  ইনফেষ্টানচ্ (Phytophthora infestans) নামৰ এবিধ ভেঁকু্ৰৰ দ্বাৰা আলুৰ এইবিধ মাৰাত্মক ৰোগ হয়।  প্ৰতিষেধক ব্যৱস্থা নল’লে এইবিধ ৰোগে সমূলঞ্চে আলুখেতি নষ্ট কৰি পেলায়। সাধাৰণতে জানুৱাৰী মাহত এই ৰোগে আলুখেতিত আক্ৰমণ কৰে। 

ক্ষতিৰ লক্ষণ:



- এই ভেঁকুৰ ৰোগে পাত, ঠাল-ঠেঙুলি আৰু আলুৰ কন্দত আক্ৰমণ কৰে

- পানীজোলা হৈ পাতত দাগ পৰে, সেইবোৰ বাঢ়ি যায়, বেঙুনীয়া-মুগা বৰণীয়া হয় আৰু শেষত ক’লা হৈ যায়

- পাতৰ তল পিঠিত বগা কপাহৰ নিচিনা হয়

- ভেঁকৰৰ সংক্ৰমণ পাতৰ ঠাৰিলৈও বিয়পে

- ঠাল-ঠেঙলিৰ সংক্ৰমণিত ঠাইত ভাগি যায়

- কন্দবোৰত বেঙুনীয়া-মুগা দাগ পৰে 

নিয়ন্ত্ৰণৰ দিহা:

- ৰোগৰ লক্ষণ দেখা পোৱাৰ আগতেই প্ৰতিষেধক ব্যৱস্থা ল’লেহে  এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।  

- আলু ৰোৱাৰ ১২-১৫ দিনৰ পিছতে  মেনক’জেব ৬৪% + মেটালেক্সিল ৮% ( প্ৰতিলিটাৰ পানীত ২ গ্ৰাম) আৰু তাৰ ১২-১৫ দিনৰ পিছত  মেনক’জেব ৭৫% ( প্ৰতিলিটাৰ পানীত ২.৫ গ্ৰাম) পাতৰ তলপিঠি ভিজি যোৱাকৈ স্প্ৰে কৰিব লাগে। উক্ত ভেঁকুৰনাশক পুনৰ ১২-১৫ দিনৰ মূৰে চ অগাপিছাকৈ স্প্ৰে কৰিব লাগে।


২। আৰ্লি ব্লাইট (Early blight):

    অলটাৰনেৰিয়া চলানি (Alternaria solani) নামৰ ভেঁকু্ৰৰ  দ্বাৰা আলুত এই ৰোগ হয়। 

ক্ষতিৰ লক্ষণ:



- আলুৰ বুঢ়া পাতবোৰত ক’লা-মুগা বৰণৰ, অৰ্দ্ধ বৃত্তাকাৰ দাগ পৰে আৰু পিছলৈ পাতখিলাত বিয়পি পৰে। 

- দাগৰ চাৰিওফালৰ অংশখিনি হালধীয়া হৈ পাতখিলাত ফুটা ফুটা সম্পূৰ্ণৰূপে নষ্ট হৈ যায়।

নিয়ন্ত্ৰণৰ দিহা:

- নিৰোগী আলুৰ বীজহে ৰোপন কৰিব লাগে

- কেপটান ৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০  লিটাৰ পানীত – ১ বিঘাৰ বাবে) ৮ দিনৰ অন্তৰালত বা কপাৰ অক্সিক্লৰাইড ৫০% WP (৩৩০ গ্ৰাম ১০০- ১৫০  লিটাৰ পানীত – ১ বিঘাৰ বাবে) ২১ দিনৰ অন্তৰালত স্প্ৰে কৰিব লাগে।

- কুফ্ৰী সিন্ধুৰী নামৰ জাতবিধে কিছু পৰিমাণে এই ৰোধ প্ৰতিৰোধ কৰিব পাৰে


৩। আলুৰ গছ লেৰেলি/মৰহি যোৱা (Bacterial Wilt)


    ৰালষ্টনিয়া  চলানেছিয়েৰাম (Ralstonia solanacearum) নামৰ এবিধ বেক্টেৰীয়াৰ দ্বাৰা এই ৰোগ হয়। 

ক্ষতিৰ লক্ষণ:


- সুস্থ হৈ থকা গছবোৰ হঠাতে মৰহি নাইবা লেৰেলি যায়। দেখাত ৰ’দৰ তাপত লেৰেলি যোৱাৰ নিচিনা লাগে। আক্ৰান্ত গছবোৰ ২-৩ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে শুকাই যায়। 

- সাধাৰণতে পাতৰ আগৰ পৰা আলু গছবোৰ লেৰেলিবলৈ আৰম্ভ কৰে

- পাতৰ গুৰিৰ পৰা হালধীয়া হয়

- যদি গছত ইতিমধ্যে আলু গুটি ধৰিছে, তেন্তে আলুবোৰ দুফাল কৰি কাটিলে দাঁতিৰ চাৰিওফালে মুগা ৰঙৰ আঙঠি দেখিবলৈ পোৱা যাব।

নিয়ন্ত্ৰণৰ দিহা:

- ৰোগমুক্ত আলু গুটিহে বীজ হিচাবে ব্যৱহাৰ কৰিব লাগে।

- মাটিৰ অম্লতা হ্ৰাস কৰিবলৈ মাটি পৰীক্ষা কৰি অনুমোদিত পৰিমাণত চূণ প্ৰয়োগ কৰিব লাগে।

- বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।

- (Streptomycin sulphate 9% + tetracycline hychloride 1% SP) – ১ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই ২০ দিনৰ অন্তৰত ২-৩ বাৰ স্প্ৰে কৰিব লাগে। প্ৰথমবাৰ আলু ৰোৱাৰ ৩০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে।

৪। আলুত ক’লা ফাপৰে ধৰা (Black scurf):

    ৰাইঝকটনিয়া চ’লানি (Rhizoctonia solani) নামৰ ভেঁকুৰৰজৰিয়তে আলুৰ বাকলিত এই ৰোগ হয়। 

ক্ষতিৰ লক্ষণ:



- আলুৰ বাকলিত ক’লা ফাপৰৰ নিচিনা দাগ লিপিট খাই থাকে। 

- আলু গজালি মেলাৰ সময়ত চকুবোৰৰ পৰা ডাঠ মুগা বৰণৰ গজালি ওলায়

- আক্ৰান্ত আলুৰ ছাল শুকান ৰঙচুৱা বৰণৰ হয়

নিয়ন্ত্ৰণৰ দিহা:

- ক’লা ফাপৰে ধৰা আলুবোৰ বীজ হিচাবে ব্যৱহাৰ কৰিব নেলাগে।

- আলু খেতি কৰাৰ আগেয়ে মাটিডৰাত মাকৈ নাইবা সেউজ সাৰ ধইনচাৰ খেতি কৰিব লাগে।

- আলুৰ বীজবোৰ ৰোৱাৰ আগেয়ে কাৰ্বানডাজিম ভেঁকুৰনাশকত ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) ১০ মিনিট সময়ৰ বাবে ডুবাই ছাঁত শুকুৱাই ৰোপন কৰিব লাগে।

৫। আলুৰ সাধাৰণ খৰ বা সোপোকা ৰোগ (Common Scab or Corky Scab)  

ক্ষতিৰ লক্ষণ:


- আলুৰ ছালবোৰ খহতা, ফাটি যোৱা আৰু সোপোকা হয়

- প্ৰথমতে ছালৰ ওপৰত ৰঙচুৱা-মুগা বৃদ্ধি হয় আৰু পিছলৈ বাঢ়ি গৈ সেইখিনি মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- ৰোগমুক্ত আলু গুটিহে বীজ হিচাবে ব্যৱহাৰ কৰিব লাগে।

- আলু ৰুবলৈ বিচৰা পথাৰখনত আগতীয়াকৈ সেউজ সাৰৰ বীজ সিঁচিব লাগে

- আলু খেতিডৰাৰ পৰ্যাপ্ত পৰিমাণে পানী থাকিব লাগে

৬। আলুৰ ভাইৰাছজনিত ৰোগ (Viral disease of potato):

ক্ষতিৰ লক্ষণ:

 - আলুৰ পাতবোৰ মেৰ খাই যোৱা, গছবোৰ চাপৰ হৈ যোৱা, পাতত হালধীয়া মজাইক হোৱা ইত্যাদি বিভিন্ন লক্ষণ দেখা যায়।

- এই ভাইৰাছ ৰোগ কেইৱাবিধৰো আছে আৰু সেইমতে লক্ষণবোৰো বেলেগ বেলেগ

নিয়ন্ত্ৰণৰ দিহা:

- ভাইৰাছজনিত ৰোগ বিয়পে মোৱাপোকৰ দ্বাৰা। সেয়ে মোৱাপোক নিয়ন্ত্ৰণ কৰিলেই ভাইৰাছজনিত ৰোগৰ প্ৰাদূৰ্ভাব কমাব পাৰি।

- ৰোগৰ লক্ষণ দেখা মাত্ৰেই গছবোৰ উভালি জ্বলাই নাইবা মাটিত পুতি থ’ব লাগে। 

৭। আলুৰ অন্তৰ্ভাগ ক’লা-ফোপোলা হোৱা (Black heart disorder):

ক্ষতিৰ লক্ষণ:


-  সাধাৰণতে আলুৰ গুদামত অক্সিজেন গেছ কম হ’লে এই বিসঙ্গতি হয়

-  আলুৰ ভিতৰভাগৰ পৰা বাহিৰলৈ কোষখিনি মিহি ক’লা ৰঙৰ হৈ মৰি যায়, পিছত গোটেই আলুটোৱেই পচি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আলু মজুত কৰা স্থানত বায়ু চলাচল কৰিব পৰা হ’ব লাগে

- শীতলীকৰণ ভঁৰালত ৪ ডিগ্ৰী উঞ্চতাত আলু মজুত কৰিব লাগে

৮। আলু গেলি যোৱা (Black leg & soft rot):

ক্ষতিৰ লক্ষণ:


- আলু গছৰ গুৰিত ক’লা ঘাঁ লাগে

- আলুৰ কন্দবোৰ লাহে লাহে মুগা বৰণীয়া হয়

- গছজোপা হালধীয়া হয় আৰু শেষত মৰহি মৰি যায়

- আলুৰ কন্দবোৰ পচি যায় আৰু কোমল, ৰঙা বা ক’লা ৰিং আকৃতি দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

-আলু খান্দোতে যাতে কোনো ঘাঁ নেলাগে। ঘাঁ লগা আলু ভঁৰালত ৰাখিব নেলাগে।

- মজুত কৰাৰ আগেয়ে আলুখিনি ৫ দিনৰ বাবে ১৫-২০ ডিগ্ৰী উঞ্চতা আৰু ৯০-৯৫% আদ্ৰতাত ৰাখিব লাগে


পুষ্টিহীনতা সমস্যা আৰু সংশোধন:


১। নাইট্ৰজেন মৌলৰ অভাৱ (Nitrogen Deficiency):


- পাতত ইউৰীয়া (১ লিটাৰ পানীত ২০ গ্ৰাম) স্প্ৰে কৰিব লাগে


২। ফচফৰাচ মৌলৰ অভাৱ (Phosphorus Deficiency) :


- অনুমোদিত হাৰত ফচফৰাচ জাতীয় সাৰ যেনে একক চুপাৰ ফচফেট বা ডাই এম’নিয়াম ফচফেট প্ৰয়োগ কৰিব লাগে


৩। পটেছিয়াম মৌলৰ অভাৱ (Potassium Deficiency):


- পাতত পটেছিয়াম চালফেট ১% (K2SO4 1%) -১ লিটাৰ পানীত ১০ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে


৪। মেগনেছিয়াম মৌলৰ অভাৱ (Magnessium Deficiency):


- পাতত মেগনেছিয়াম চালফেট ১% (MgSO4 0.2%) -১ লিটাৰ পানীত ২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে


৫। চালফাৰ মৌলৰ অভাৱ (Sulphur Deficiency):


- মাটিত জিপছাম প্ৰতি বিঘাত ৩৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে বা চালফাৰ থকা সাৰ যেনে, একক চুপাৰ ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে।

- পাতত পটেছিয়াম চালফেট বা কেলছিয়াম চালফেট ১% (K2SO4 or CaSO41%) -১ লিটাৰ পানীত ১০ গ্ৰাম মিহলাই দুবাৰ স্প্ৰে কৰিব লাগে

৬। বৰ’ণ মৌলৰ অভাৱ (Boron Deficiency):



- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


৭। কপাৰ মৌলৰ অভাৱ (Copper Deficiency):


- কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত  ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


৮। আইৰণ মৌলৰ অভাৱ (Iron Deficiency):


- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে


৯। মেঙ্গানিজ মৌলৰ অভাৱ (Manganese Deficiency):


- প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত এসপ্তাহৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে


০। জিংক মৌলৰ অভাৱ (Zinc Deficiency):

- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


১১। কেলছিয়াম মৌলৰ অভাৱ (Calcium Deficiency):


- কেলছিয়াম চালফেট প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে


১২। মলিবদেনাম মৌলৰ অভাৱ (Molybdenum Deficiency):

- এম’নিয়ামলিবদেট প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰামকৈ মহিলাই পাতত এসপ্তাহৰ মূৰত দুবাৰ স্প্ৰে কৰিব লাগে 


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান