কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-১১
“কঠীয়া গুণে কৃষি”, অৰ্থাৎ কঠীয়া বা বীজৰ গুণাগুণৰ ওপৰতেই
কোনো এবিধ শস্যৰ উৎপাদন নিৰ্ভৰ কৰে। মাটিত যিমানেই সাৰ প্ৰয়োগ কৰা নহওঁক কিয়, পৰিচৰ্যা যেনেকৈয়ে কৰা নহওঁক কিয়,
বীজৰ মানদণ্ড ঠিক-ঠাক নেথাকিলে আশানুৰূপ উৎপাদন
পাব নোৱাৰি। তাৰোপৰি বীজ ভাল হ’লেও তাৰ লগত যদি অন্য অপতৃণ বা অদৰকাৰী
শস্যৰ বীজ মিহলি হৈ থাকে তেতিয়াও শস্যৰ
উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাব।
সুস্থ বীজৰ গুণাগুণঃ
১। নিৰ্বাচিত বীজৰ বংশগত গুণাগুণখিনি অটুট থাকিব
লাগিব।
২। বীজৰ অংকুৰণ ক্ষমতা ভাল হ’ব লাগিব। বহুদিনলৈ
মজুত কৰি থলেও যাতে ই বেয়া হৈ নেযায়।
৩। বীজবোৰ সম্পূৰ্ণ পূৰঠ, বিশুদ্ধ হ’ব লাগে
আৰু ইয়াত কোনোধৰণৰ নিৰ্জীৱ পদাৰ্থ আৰু অপতৃণৰ বীজ মিহলি থাকিব নেলাগে।
৪। বীজবোৰ সমান আকাৰৰ হ’ব লাগে।
৫। বীজবোৰ নিৰোগী হ’ব লাগে, যাতে ই
পৰৱৰ্তী বংশলৈ বীজাণু কঢ়িয়াই নিব নোৱাৰে।
৬। বীজত থকা জলীয় বাষ্পৰ পৰিমাণ নিৰ্দিষ্ট জোখতকৈ
অধিক হ’ব নেলাগে। সাধাৰণতে ইয়াৰ পৰিমাণ ৮-১৩% জোখত থাকিব
লাগে।
৭। বীজৰ পেকেট, বস্তা নাইবা টেমাত উপযুক্ত লেবেল লগোৱা
থাকিব লাগে আৰু বীজৰ মানদণ্ডৰ বিষয়ে ইয়াত লিপিবদ্ধ কৰা থাকিব লাগে।
বীজ কেনেকৈ সৃষ্টি হয়, সেই বিষয়ে আমি ১ম অধ্যায়ত আলোচনা কৰিছিলো। আমি ইয়াকো আলোচনা কৰিছিলো যে, যৌণ প্ৰজনন পৰাগযোগৰ ফলত বীজৰ সৃষ্টি হয়। কিন্তু উদ্ভিদৰ ফুলৰ গঠন অনুযায়ী এই পৰাগযোগ বিভিন্ন প্ৰকাৰৰ হয়।
ক) স্ব- পৰাগযোগ
খ) পৰ-পৰাগযোগ
গ) সাময়িক- পৰ-পৰাগযোগ
স্ব-পৰাগযোগ হ’লে উদ্ভিদজোপাত
নিজস্বভাবে, সাধাৰণতে এপাহ ফুলতে স্ব-পৰাগযোগ
হয়। ফুলবোৰ উভয়লিঙ্গী হয়।
পৰ-পৰাগযোগৰ ক্ষেত্রত এজোপা উদ্ভিদৰ পৰাগৰেণু অন্য এজোপা উদ্ভিদৰ ফুলৰ স্ত্রী-কেশৰৰ গৰ্ভমুণ্ডত পৰি পৰাগযোগ হয়। উদ্ভিদত এই কাৰ্য বতাহ, পতঙ্গ নাইবা চৰাইৰ দ্বাৰা হয়। কিছুমান শস্যৰ পৰাগযোগ পদ্ধতি তালিকাত দিয়া হ’ল।
বীজৰ প্ৰকাৰঃ
উৎপাদনৰ ধৰণ অনুযায়ী বীজক নিম্নোক্ত প্ৰকাৰ সমূহত ভাগ কৰা হৈছে।
ক) প্ৰজননবিধৰ বীজ বা নিউক্লিয়াচ
বীজ (Breeders
Seed):
প্ৰজননবিধে উপযুক্ত
গৱেষণাৰে নিৰ্দিষ্ট গুণসম্পন্ন বীজ তৈয়াৰ কৰে। এনে
বীজ তৈয়াৰ কৰোতে যথেষ্ট সময় অৰ্থাৎ কেইবাবছৰো লাগিব পাৰে। উৎপাদিত
বীজৰ পৰিমাণ অতি তাকৰ হয় আৰু ইয়াৰ মূল্যও খুউব বেছি হয়।
খ) বুনিয়াদী বীজ
(Foundation
Seed):
নিউক্লিয়াচ বীজৰ পৰা উৎপাদন কৰা বীজক বুনিয়াদী বীজ বুলি কোৱা হয়। সাধাৰণতে গৱেষণাৰ পৰা উপলব্ধ নিউক্লিয়াচ বীজখিনি কিছুমান বীজ উৎপাদনকাৰী সংস্থা যেনে, ৰাষ্ট্ৰীয় বীজ নিগম, অসম বীজ নিগম আদিক বুনিয়াদী বীজ উৎপাদন কৰিবলৈ দিয়া হয়। অৱশ্যে, কিছুমান ব্যক্তিগত কোম্পনীয়েও নিজস্ব গাৱেষণাগাৰতে উদ্ভাৱন কৰা নিউক্লিয়াচ বীজৰ পৰা বুনিয়াদী বীজ উৎপাদন কৰে।
গ) প্ৰমাণিত বীজ((Certified Seed)):
চৰকাৰী নাইবা ব্যক্তিগত বীজপামসমূহত বুনিয়াদী বীজৰ পৰা প্ৰমাণিত বীজ উৎপাদন কৰা হয়। উক্ত প্ৰমাণিত বীজবোৰ কৃষকৰ বাবে বজাৰত মুকলি কৰি দিয়া হয়।
কৃষকে প্ৰমাণিত বীজ কেনেকৈ
উৎপাদন কৰিবঃ
১)
অসমক কৃষকে অসম বীজ প্ৰমানীকৰণ এজেন্সি”ৰ জৰিয়তে
বীজ প্ৰমানীকৰণ কৰিব লাগিব। ইয়াৰবাবে উক্ত এজেন্সিৰ পৰা নিৰ্দিষ্ট আবেদন
প্ৰ-পত্র সংগ্ৰহ কৰিব লাগিব।
২)
আবেদন প্ৰ-পত্র পুৰণ কৰি নিৰ্দিষ্ট পৰিমাণৰ মাচুলসহ
(বৰ্তমান চৰকাৰে এই মাচুলো ৰেহাই দিছে) জমা দিব লাগিব।
৩)
প্ৰমাণিকৰণ এজেন্সিৰ নিৰ্দেশনা অনুসৰি বীজ উৎপাদনৰ বাবে খেতি কৰিব লাগে। কেনেকৈ, কিমান দূৰত্বত বীজ সিচা হ’ব, কি কি শস্যৰক্ষা ব্যৱস্থা লোৱা হ’ব সেইবিষয়েও এজেন্সিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে। উক্ত
প্ৰমাণিকৰণ এজেন্সিৰ দ্বাৰা সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰা হয়।
নিৰীক্ষন কৰা অৱস্থাসমূহ হ’ল-
ক) ফুল ফুলাৰ আগতে যিকোনো সময়ত
খ) ফুল ফুলাৰ সময়ত যেতিয়া পৰাগযোগ হয়
গ) ফুল ফুলাৰ পিছৰ অৱস্থাত, গাখীৰতী আৰু কলি বা চেঁই ধৰা অৱস্থাত
ঘ) পূৰঠ অৱস্থাত
ঙ) শস্য বা ফল চপোৱাৰ পিছৰ অৱস্থাত
৪) শস্য বা ফল চপোৱাৰ পিছত সংগ্ৰহ কৰা বীজবোৰৰ
পৰা নমুনা সংগ্ৰহ কৰি প্ৰমাণিকৰণ এজেন্সিৰ দ্বাৰা পৰীক্ষা কৰিব লাগে। উক্ত পৰীক্ষাত নিম্নলিখিত বিষয়বোৰ পৰীক্ষা
কৰা হয়-
উপাদান |
বুনিয়াদী বীজ |
প্ৰমাণিত বীজ |
বিশুদ্ধ বীজৰ সংখ্যা |
৯৮% |
৯৮% |
অন্য শস্যৰ বীজৰ সংখ্যা |
প্ৰতি কিলোগ্ৰামত ৫ টা |
০.১% |
অপতৃণ বীজৰ সংখ্যা |
প্ৰতি কিলোগ্ৰামত ৫ টা |
০.১% |
অংকুৰণ ক্ষমতা |
৮০% |
৮০% |
পানীৰ পৰিমাণ |
১২% |
১২% |
৫) বীজৰ নমুনা পৰীক্ষা কৰা ৰিপৰ্ট পোৱাৰ পিছত প্ৰমাণ পত্র দিয়া হয় আৰু ‘টেগ’বা ‘লেবেল’ দিয়া হয়। উক্ত ‘টেগ’বা লেবেলত নিম্নোক্ত তথ্যসমূহ লিপিবদ্ধ কৰা হয়-
-
-
জাতৰ নাম বা ধাৰণ
-
আনুবংশিক বিশুদ্ধতা (%)
-
প্ৰমাণিত বীজ উৎপানকাৰী সংস্থাৰ নাম আৰু
ঠিকনা
-
টোপোলাৰ নম্বৰ
-
প্ৰস্তুত বা পেকিং কৰাৰ তাৰিখ
- ম্যাদ কাল আদি
৬) তিনওবিধ বীজৰ বাবে পৃথক ৰঙৰ টেগ’ দিয়া হয়। নিউক্লিয়াচ বীজ আৰু বুনিয়াদী বীজৰ বাবে বগা ৰঙৰ ‘টেগ’ আৰু প্ৰমাণিত বীজৰ বাবে নীলা ৰঙৰ টেগ ব্যৱহাৰ কৰা হয়। তদুপৰি সেউজীয়া ৰঙৰ টেগ এখনত বীজৰ বিশুদ্ধতা সম্পৰ্কীয় তথ্যবোৰ সন্নিবিষ্ট কৰা থাকে।
বীজৰ সংৰক্ষণঃ
-
মজুত কৰি ৰাখিব বিচৰা ভঁৰাল পৰিষ্কাৰ কৰি
ৰাখিব লাগে।
-
মাজে সময়ে ভঁৰালত গোট খোৱা জাৱৰ-জোথৰ আঁতৰাই ৰাখিব লাগে।
-
বেৰ, মজীয়া আৰু ছালত থকা ফাট নাইবা ফুটাবোৰ
ভালকৈ বন্ধ কৰিব লাগে।
-
বীজত থকা পানীৰ পৰিমাণ শতকৰা ১২ ভাগতকৈ অধিক
হ’ব নেলাগে।
-
বস্তাবোৰ ৰাখোতে তাৰ মাজত যাতে বায়ু চলাচল
কৰিব পৰা ফাক থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
-
যদি দীৰ্ঘ সময়ৰ বাবে বস্তাত বীজ মজুত কৰিব
লগীয়া হয় তেতিয়া ৩ মাহৰ মূৰে মূৰে বস্তাবোৰ ৰ’দত দিব লাগে।
- বস্তাবোৰ মজিয়াৰ পৰা কমেও ১ ফুট ওপৰত কাঠৰ ওপৰত ৰাখিব লাগে।
-
যদি বীজ মাটিৰ কলহত ৰাখে তেতিয়া কলহৰ মুখখন
নিপাতেৰে তৈয়াৰী মলমেৰে বন্ধ কৰিব লাগে।
-
সংৰক্ষণৰ আগেয়ে বীজবোৰত নিমতেল সানিব লাগে। ইয়াৰবাবে
প্ৰতি ১ কি:গ্ৰা: বীজত ১০ মি:লি: নিমতেল সানি ছাঁত শুকুৱাইহে সংৰক্ষণ কৰিব লাগে।
-
বীজ ৰাখিব বিচৰা বস্তাবোৰ ১০% (১০লি: পানীত ১লি:)
নিমগুটিৰ আৰকেৰে শোধন কৰি ল’ব লাগে। ইয়াৰবাবে
-
বস্তাবোৰ ১৫ মিনিট সময়ৰ বাবে নিম গুটিৰ আৰকত
ডুবাই ৰাখি ছাঁত শুকুৱাই ল’ব লাগে। যদি বস্তাবোৰ নতুন হয় তেতিয়া আধাঘন্টা সময়ৰ
বাবে তিয়াব লাগে।
-
মজিয়া গোৱৰেৰে লেপোতে তাৰ লগত নিমতেল (১০লি:পানীত ৫০লি:)
আৰু নিমগুটিৰ আৰক মিহলাব লাগে।
-
যদি বাহেৰে সজা পাত্রত বীজ ৰখা হয় তেতিয়া
বেৰবোৰ নিমগুটিৰ আৰকেৰে লেপি দিব লাগে।
-
ভঁৰালত বা বস্তাত নিমপাত বা বিহলঙনিৰ বা
কৰচ গছৰ পাত ভৰাই থব লাগে।
-
ভঁৰালত বায়ু চলাচল কৰিব পৰা হ’ব লাগে।
-
ভঁৰালত মাজে সময়ে নিমপাত বা বিহলঙণিৰ পাতেৰে
৩০-৪৫ মিনিট সময় ধোৱা
দিব লাগে।