কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২০

কীটনাশক ব্যৱহাৰ কৰোঁতে লবলগীয়া সাৱধানতা 


শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে কীট-নাশক প্ৰয়োগ কৰাতো কেতিয়াবা জৰুৰী হৈ পৰে। কিন্তু আপুনি নিশ্চয় এইটোও জানে যে এই ৰাসায়নিক কীটনাশকবোৰ হ’ল মাৰাত্মক বিহ। এইবোৰৰ একো একোটা ক্ষুদ্ৰ কণিকাই আমাৰ মানব স্বাস্থ্যৰ লগতে পৰিবেশৰো বিস্তৰ ক্ষতি কৰে। বিশেষকৈ ক্ষতি কৰে আমাৰ খেতিয়কসকলক, যিসকলে এই কীটনাশকবোৰ নিজৰ শস্যডৰাত ছটিয়াই। কীট-নাশক স্প্ৰে কৰোঁতে লবলগীয়া সাধাৰণ সাৱধানতাখিনি অৱলম্বন নকৰাৰ ফলত খেতিয়কসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগতে সাংঘাটিক অঘটনৰ আশংকাও নুই কৰিব নোৱাৰি। সেয়ে আমাৰ খেতিয়কসকলে কীটনাশক স্প্ৰে কৰোতে লবলগীয়া সাৱধানতাখিনিৰ বিষয়ে উল্লেখ কৰা হৈছে।


কি কৰিব লাগে?

-      কীটনাশক স্প্ৰে কৰোতে সদায় হাতমোজা আৰু শৰীৰত এপ্ৰন পিন্ধিব লাগে।

-      পানীত কীটনাশক মিহলাওতে সৰু কাঠৰ নাইবা বাঁহৰ মাৰি এডাল ব্যৱহাৰ কৰিব লাগে

-      স্প্ৰে কৰাৰ আগেয়ে স্প্ৰে-যন্ত্ৰটোৰ ক’ৰবাত পানী সৰকিব পৰা ফুটা আছেনেকি পৰীক্ষা কৰি চাব লাগে। ফুটা বন্ধ নকৰাকৈ স্প্ৰে-যন্ত্ৰটো ব্যৱহাৰ কৰিব নেলাগে।

-      প্লাষ্টিকৰ চুপিৰ সহায়তহে কীটনাশক স্প্ৰে-যন্ত্ৰটোত ভৰাব লাগে।

-      নিৰ্দিষ্ট জোখৰ কীটনাশক কম পৰিমাণে মিহলাই লৈ পিছত স্প্ৰে যন্ত্ৰত সম্পূৰ্ণ পানী ভৰাব লাগে।

-      সদায় জলপান খাই লৈহে স্প্ৰে কৰিব লাগে।

-      ৰাতিপুৱা বা আবেলি গৰমৰ মাত্ৰা কম হলেহে স্প্ৰে কৰিব লাগে।

-      অনুমোদিত কীটনাশকহে ব্যৱহাৰ কৰিব লাগে। ইয়াৰবাবে অভিজ্ঞ কৃষি কৰ্মী বা কৃষি বিষয়া বা বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।

-      কাম শেষ হোৱাৰ পিছত স্প্ৰে-যন্ত্ৰটো সুৰক্ষিত স্থানত ভালদৰে ধুই পেলাব লাগে।

-      কীটনাশকৰ টেমা নাইবা পেকেটৰ লগত থকা নিদেৰ্শনাৱলী ভালদৰে পঢ়িব লাগে নাইবা  পঢ়িব জনা ব্যক্তিৰ দ্বাৰা পঢ়ুৱাই বুজি লব লাগে।

কি কৰিব নেলাগে

-      খালী হাতেৰে কেতিয়াও কীটনাশকৰ টেমা খুলি চাব নেলাগে আৰু নাকেৰে শুঙি চাব নেলাগে

-      স্প্ৰে মিশ্ৰণ প্ৰস্তুত কৰোতে কেতিয়াও খৰখেদা কৰিব নেলাগে

-      স্প্ৰে-যন্ত্ৰত পানী ভৰাই লৈ তাত কীটনাশক পোনে পোনে ঢালিব নেলাগে

-      কেতিয়াও পুখুৰী বা নদীৰ পানীত জুবুৰিয়াই পানী ভৰাব নেলাগে নাইবা ধুব নেলাগে

-      কীটনাশকৰ টেমা বা পেকেট কেতিয়াও ল’ৰা-ছোৱালীয়ে সহজতে পোৱা স্থানত বা পাকঘৰ আদিত ৰাখিব নেলাগে।

-      স্প্ৰেয়াৰৰ কোনো অংশই মুখত লগাব নেলাগে। গছৰ ঠাৰি বা সৰু খৰিকাৰে ন’জলৰ ফুটা পৰিষ্কাৰ কৰিব লাগে।

-      কেতিয়াও দুই তিনিবিধ কীট-নাশকৰ মিশ্ৰণ একেলগে ব্যৱহাৰ কৰিব নেলাগে

-      বতাহৰ গতিৰ বিপৰীত দিশত স্প্ৰে কৰিব নেলাগে

-      বৰষুণ দি থকা অৱস্থাত বা বতৰ বেয়া হ’লে স্প্ৰে কৰিব নেলাগে

-      স্প্ৰে কৰাৰ সময়ত কেতিয়াও কীট-নাশক পৰিবলৈ দিব নেলাগে।

-      শৰীৰৰ কটা-চিঙা অংশত কেতিয়াও কীট-নাশক পৰিবলৈ দিব নেলাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান