জৈৱিক কৃষিৰ আখৰা::অধ্যায়-২
কৃষি ভূমিৰ সাৰুৱা গুণ বৃদ্ধি কৰিবৰ বাবে বিভিন্ন পদ্ধতি
কেঁচুসাৰ:
পচা জৈৱিক পদাৰ্থ কেঁচুৰ উত্তম খাদ্য। কেঁচুয়ে খাদ্যগ্ৰহণ কৰি মল হিচাবে বাহিৰ কৰি দিয়া অংশই হ’ল কেঁচুসাৰ। বৰ্তমানে বহু কৃষকে কেঁচুসাৰ তৈয়াৰ কৰা পদ্ধতি ইতিমধ্যেই আহৰণ কৰিছে, গতিকে তাৰ বিষয়ে বহু বিশদভাৱে আলোচনা নকৰি কেইটামান প্ৰয়োজনীয় দিশহে ইয়াত উনুকিয়াব বিচৰা হৈছে।
-
কেঁচু
কেইবাপ্ৰকাৰৰ আছে, তাৰ ভিতৰত পচা জৈৱিক পদাৰ্থ খাদ্য হিচাপে
গ্ৰহণ কৰা আৰু মাটিৰ উপৰিভাগত বাস কৰা কেঁচুক, কেঁচুসাৰ
উৎপাদন কৰিবৰ বাবে বাচনি কৰা হয়।
-
কেঁচুসাৰ
প্ৰস্তুত কৰিবৰ বাবে জৈৱিক পদাৰ্থ যোগান সুনিশ্চিত কৰিব লাগে।
তাৰ
বাবে
‘কলগছ’ পানী মেটেকা, গোৱৰ, ঘাঁহ-বন বিশেষ
ভাৱে উল্লেখযোগ্য।
-
কেঁচু
খাদ্য ঠিকভাৱে যোগান ধৰিলে কেঁচুসাৰৰ উৎপাদন ঠিক থাকিব।
বহু
সময়ত দেখা যায় যে কেঁচু খাদ্য ঠিকমতে যোগান ধৰিব নোৱাৰা বাবে উৎপাদন হ্ৰাস হোৱাৰ লগতে
কেঁচুবোৰ খাবলৈ নাপায় মৰি থাকে। আনহাতে
বহুতে নপচা খাদ্য কেঁচুক যোগান ধৰে যাক কেঁচুৱে খাব নোৱাৰে আৰু তাতে পচিব ধৰি বিষাক্ত
গেছ নিৰ্গত হৈ কেঁচুৰ ক্ষতিসাধন কৰে।
-
কেঁচুসাৰ
প্ৰস্তুত কৰিবৰ বাবে পকী টেংক লাগিব বুলি কথা নাই।
পানী
জমা নোহোৱা সমান ঠাইত পঁচা জৈৱিক পদাৰ্থৰ প্ৰায় ১-২ ফুট ওখ, ৩-৪ ফুট বহল
ভেটি বনাই তাত কেঁচু এৰি দিব পাৰি। কেঁচুয়ে
আন্ধাৰ ডাল ভাল পাই আৰু আন্ধাৰতহে খাদ্য গ্ৰহন কৰে।
গতিকে
কেঁচুসাৰৰ ভেটি সদাই ঢাকি ৰাখিব লাগে। অন্যহাতে
কেঁচুসাৰৰ ভেটিত পানী সঠিকভাৱে থাকিব লাগে। বাৰিষা
অতিৰিক্ত পানী আৰু খৰালি শুকান অৱস্থাৰ পৰা কেঁচুসাৰৰ ভেটিক ৰক্ষা কৰি ৰাখিব লাগে। স্পঞ্জ এটুকুৰা পানীত তিয়াই চেপি দিয়াৰ পাচত
যি পানী থাকে কেঁচুসাৰৰ ভেটি তেনেধৰণৰ হ’ব লাগে।
-
কেঁচুসাৰৰ
ভেটিত যাতে কোনো ধৰণৰ ৰসায়নিক পদাৰ্থ, কিছুমান বিষাক্ত
উদ্ভিদ যেনে বিহলঙনী, ধতুৰা আদি দিব নালাগে। বাঁহপাত, ইউকেলিপটাচৰ
পাত,
কৰচ
গছৰ পাত,
আকন
গছৰ পাত আদিও কেচুঁৰ বাবে অনিষ্টকাৰী।
-
কেঁচুসাৰ
প্ৰস্তুত কৰোতে বিভিন্ন ধৰণৰ অনিষ্টকাৰী ভেঁকুৰো থাকিব পাৰে, তাক প্ৰতিৰোধ
কৰিবৰ বাবে
‘ট্ৰাইক’ড্ৰামা’ ব্যৱহাৰ
কৰিব লাগে। ট্ৰাইক’ড্ৰামা
ব্যৱহাৰ কৰিলে কেঁচুসাৰৰ গুণাগুণ বহু পৰিমাণে বৃদ্ধি পায়।
পচন সাৰ:
পচন
সাৰ প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয়।
আমি
ইয়াত এক নিৰ্দিষ্ট পদ্ধতিহে আলোচনা কৰিম।
পচন
সাৰ প্ৰস্তুত কৰিবৰ বাবে গোৱৰ আৰু বিভিন্ন ধৰণৰ জাৱৰ-জোঠৰ ব্যৱহাৰ
কৰা হয়। জাৱৰ-জোঠৰক আমি
দুটা ভাগত ভাগ কৰিছো কেঁচা আৰু শুকান।
কেঁচা জাৱৰ: য’ত নাইট্ৰ’জেন আৰু
পানীৰ পৰিমাণ বেছি থাকে যেনে- গছৰ পাত কেঁচা কলগছ, শাক-পাছলিৰ
পেলনীয়া অংশ, মেটেকা
আদি।
শুকান জাৱৰ: শুকান গছৰ
পাত,
খেৰ, নৰা, তুঁহ, শুকান মাহ, আদি।
- পানী জমা
নোহোৱা সমান ঠাইত ৪ফুট বহল, ৭ ফুটৰ পৰা ২০ ফুট
দীঘল
(সুবিধা
অনুযায়ী)
আকাৰত
পাতলীয়াকৈ কোৰ মাৰি লব লাগে। তাৰ ওপৰত
গছৰ সৰু শুকান ঠাৰি ২” মান ডাঠকৈ পাৰি দিব লাগে। তাৰ ওপৰত ৬”(হেচি দিলে) ডাঠকৈ শুকান
জাৱৰ জাপি দিব লাগে।
- গৰুৰ গোৱৰ
পৰ্যাপ্ত পৰিমাণে থাকিলে ১” ডাঠকৈ গোৱৰ দিব। যদি গোৱৰৰ নাটনি আছে ১ কেজি গোৱৰ ৫ লিটাৰ
পানীত অনুপাতত মিহলাই গোৱৰখিনি তিতি যোৱাকৈ চটিয়াই দিব। তাৰ ওপৰত ৬” (হেচি দিলে) ডাঠকৈ কেঁচা
জাৱৰ,
পুনৰ
৬”
ডাঠকৈ
শুকান জাৱৰ দিব। শুকান জাৱৰৰ ওপৰত, উপৰত উল্লেখ
কৰাৰ দৰে গোৱৰ বা গোৱৰ পানী চটিয়াব। ইয়াৰ ওপৰত
পুনৰ ৬”
ডাঠকৈ
কেঁচা জাৱৰ দি পুনৰ ৬” ডাঠকৈ শুকান জাৱৰ দিব, গোৱৰ পানী
বা গোৱৰ দিব। পুনৰ ৬” ডাঠকৈ কেঁচা
জাৱৰ দি তিৰপালেৰে বায়ু-পানী সোমাব নোৱাৰাকৈ
ঢাকি দিব। এনে অৱস্থাত ২০ ৰ পৰা ২৫ দিন ৰাখিব লাগিব। ২৫ দিনৰ পাছত তিৰপালখন আঁতৰাই কাটা কোৰৰ দ্বাৰা এই আধাপচাঁ জাৱৰবোৰ মিহলাই
পুনৰ তিৰপাল দি ঢাকি থ’ব। এইদৰে পুনৰ ২৫-৩০ দিনৰ
পাছত তিৰপাল আঁতৰাই মিহলি কৰি ঢাকি দিব। এনেদৰে
ঢাকি দিয়াৰ ২০-২৫ দিনৰ
ভিতৰত পচনসাৰ প্ৰয়োগ কৰিব বাবে প্ৰস্তুত হৈ পৰিব।
পচনসাৰ
প্ৰস্তুত কৰা সময়চোৱাত পানীৰ পৰিমাণ নিৰীক্ষণ কৰিব লাগে।
বেছি
পানী পালে জাৱৰ গেলি যাব, কম পালে নপচিব।
- পচন সাৰ
খৰতকীয়াকৈ প্ৰস্তুত কৰিবৰ বাবে ট্ৰাইক’ড্ৰামা লগত ব্যৱহাৰ
কৰিব পাৰি। যিসকলে পচনসাৰৰ লগতে কেঁচুসাৰ প্ৰস্তুত কৰে, তেওঁলোকে
পচন সাৰৰ ভেটি ২য় বাৰ মিহলাই সেইখিনিক কেঁচুসাৰৰ ভেঁটিত ব্যৱহাৰ কৰিব পাৰি।