জৈৱিক কৃষিৰ আখৰা::অধ্যায়- ৬

জৈৱিক কৃষি পদ্ধতিত মাটিৰ উৰ্বৰতা

তাজ আহমেদ 

 


শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কি ব্যৱহাৰ কৰিব আৰু কি ব্যৱহাৰ নকৰিব
?

ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন আঁচনিৰ নীতি নিয়মমতে কৃষকে মাটিৰ সাৰুৱা গুণ বৃদ্ধিৰ বাবে বা কৃষি ভূমিক সঠিক ৰূপত ৰাখিবৰ বাবে কি কি ব্যৱহাৰ কৰিব পাৰিব বা কি কি ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ এক নিৰ্দিষ্ট নীতি নিৰ্দেশনা আছে কৃষক ৰাইজৰ সুবিধাৰ্থে সেইবোৰ তলত উল্লেখ কৰা হ-

-      জৈৱিক কৃষি পদ্ধতিৰ নীতি অনুসৰি মাটিৰ সাৰুৱা গুণ অটুট ৰাখিবৰ বাবে কৃষিজাত জৈৱিক পদাৰ্থসমূহ  অণুজীৱৰ কাৰ্যকাৰিতাৰ যোগেদি পুনৰাই ব্যৱহাৰ কৰিব লাগে কিন্তু বহুসময়ত এনে জৈৱিক পদাৰ্থসমূহ ব্যৱহাৰ কৰাত কিছু বাধানিষেধ আহি পৰে সেই পদাৰ্থসমূহ ব্যৱহাৰ কৰাৰ বাবে কিছুমান নীতি নিৰ্দেশনাও আছে

o   জৈৱিক কৃষিপামৰ ভিতৰতে জমা তথা উৎপাদন হোৱা জীৱ-জন্তুৰ গোৱৰ, মূত্র, মূৰ্গীৰ মল, শস্যৰ অৱশিষ্ট অংশ, খেৰ, সেউজ সাৰ ব্যৱহাৰ কৰাত বাধা নাই

o   জৈৱিক কৃষিপামৰ বাহিৰত উৎপাদন হোৱা কিছুমান জৈৱিক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি, যেনে:- পীট, (Peat), কাঠৰগুড়ি বা কাঠফলা মিলৰ গুড়ি (যিবোৰ কাঠত কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়), উদ্ভিদৰ বিভিন্ন অংশ ব্যৱহাৰ কৰি তৈয়াৰ কৰা পচন সাৰ


o   আনহাতে,    জৈৱিক কৃষিপামৰ বাহিৰত উৎপাদন হোৱা বহুত পদাৰ্থ ব্যৱহাৰ কৰাত কিছু নীতি নিৰ্দেশনা আছে সাধাৰণতে এইবোৰ ব্যৱহাৰ কৰাৰ সময়ত জৈৱিক কৃষিৰ প্ৰমাণ পত্র দিয়া সংস্থাৰ লগত আলোচনা কৰিহে ব্যৱহাৰ কৰিব লাগে তেনেধৰণৰ উৎপাদন সমূহ হ-

) জীৱ-জন্তুৰ তেজ, মাংস, হাড়, পাখি আদি 

) জীৱ-জন্তুৰ মল ব্যৱহাৰ কৰি উৎপাদন কৰা পচন সাৰ

) পাম সাৰ (FYM) মূত্র

) মাছ আৰু মাছৰ বিভিন্ন অংশ ব্যৱহাৰ কৰি তৈয়াৰ কৰা সাৰ

) খাদ্য বস্তু আদি উদ্যোগৰ পেলনীয়া জৈৱিক অংশবিশেষ

) সাগৰীয় অপতৃণ বা সাগৰীয় অপতৃণৰ দ্বাৰা প্ৰস্তুত কৰা উৎপাদন

) খেৰ

) কেঁচুসাৰ

) তেল প্ৰস্তুত কৰা কাৰখানাৰ পেলনীয়া অংশ বা নগৰ চহৰৰ জৈৱিক জাৱৰ-জোথৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা পচন সাৰ

১০) জীৱ-জন্তুৰ এঙাৰ বা ছাই আদি

 

পৰোক্ত উৎপাদনসমূহক নিয়ন্ত্ৰিত সামগ্ৰী (RESTRICTED) বুলি গণ্য কৰা হয়

খনিজাত সামগ্ৰীৰ ভিতৰত- ) কেলছিয়াম ক্লৰাইড, ) কেলছিয়াম কাৰ্বনেট- চক, চূণশিল, জিপচাম, ফচফেট ৰক ৩) মেগনেছিয়াম চালফেট, ) ক্লে- বেনটনাইট, জিমলাইট, পাৰলাইট আদি ব্যৱহাৰ কৰাত কোনো বাধা নিষেধ নাই


         কিন্তু খনিজাত সামগ্ৰীৰ কিছুমানক অনুমোদন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰি, সেইবোৰ হ- ) কেলছিয়াম বা মেগছিয়াম ৰক ২) প্ৰাকৃতিক ফছফেট (ৰক ফছফেট), ) চডিয়াম ক্লৰাইড, ) অণুসাৰ যেনে, বৰণ লো, মলিবডেনাম, জিংক, আয়ডিন আদি ৫) পটেছিয়াম চালফেট, ) ছালফাৰ, ) এলমুনিয়াম কেলছিয়াম ফছফেট, ) শিলৰ গুড়ি আদি এইবোৰক  RESTRICTED ৰ শাৰীত ধৰা হয়


অণুজীৱৰ উপাদান:


) যিকোনো ধৰণৰ উপকাৰী বেক্টেৰীয়াৰ দ্বাৰা প্ৰস্তুত কৰা উপাদান যেনে- জীৱাণুসাৰ (Biofertilizer) ব্যৱহাৰ কৰিব পাৰি

) যিকোনো ধৰণৰ বায়ডাইনেমিক মিশ্ৰণ ব্যৱহাৰ কৰাত কোনো বাধা নাই

) উদ্ভিদজাত সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা যিকোনো উপাদন বা উদ্ভিদৰ পৰা নিষ্কাশিত দ্ৰব্য (Botanical Extract) ব্যৱহাৰ কৰাত বাধা নাই কিন্তু যিবোৰ উদ্ভিদৰ পৰাড্ৰাগচবা নিছা জাতীয় পদাৰ্থ উৎপন্ন কৰা হয় সেইবোৰ উদ্ভিদ ব্যৱহাৰত সামান্য বাধা আছে যেনে, ধপাত, কানি, ভাং আদি

) কেঁচুসাৰত অণুজীৱ মিহলি কৰি ব্যৱহাৰ কৰাত বাধা নাই

) পীট (Peat)ৰ লগত অণুজীৱ মিহলি কৰি ব্যৱহাৰ কৰাত কোনো বাধা নাই

লেখকৰ ঠিকনাঃ  প্ৰৱন্ধকগ্ৰীণ হাৰভেষ্ট বায়টেক (ইণ্ডিয়াপ্ৰাঃ লিঃৰাণীগুৱাহাটী

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান