'হুৰুম'ৰেও গঢ়ি তুলিব পাৰি গ্ৰাম্য কৃষি ভিত্তিক উদ্যোগ
ড ০ চাৰুলতা মহন্ত বৰ্ণালী বৰুৱা দাস উজনি অসমৰ বিশেষকৈ আহোম জনগোষ্ঠীৰ মাজত প্ৰচলিত এবিধ পৰম্পৰাগত জলপান হৈছে হুৰুম । হূৰুম দেখাত মুড়িতকৈ ডাঙৰ , পাতল আৰু স্বচ্ছ হয় । অসমীয়া সমাজত হুৰুমৰ সৈতে গাখীৰ বা দৈ আৰু গুড় দি এবিধ সন্মানজনক জলপান হিচাবে পৰিবেশন কৰা হয় । কিন্তু এইবিধ জলপান প্ৰায় লুপ্ত হৈ পৰিছে । হুৰুমৰ কষ্টকৰ প্ৰস্তুত প্ৰণালীয়েই বোধহয় ইয়াৰ বিলুপ্তিৰ অন্যতম কাৰণ । এই প্ৰবন্ধত হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী আৰু গৱেষণাৰ ভিত্তিত উদ্ভাৱিত সহজ প্ৰস্তুত প্ৰণালীৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ ’ ল । হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী : হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী যথেষ্ট কষ্টকৰ আৰু দীঘলীয়া - হুৰুমৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালী বৰাধান i ৫ দিন পানীত তিয়াই ৰাখক i পানী সলনি কৰক , পানীত সিজাওক ( পানীত বুৰবুৰণি উঠা লৈকে চাব , যাতে ধানৰ চোকোৰাটো ফাটি নাযায় ) i পানিখিনি পেলাই ঠাণ্ডা হ ’ বলৈ দিয়ক i বালি নিদিয়াকৈ ভাজক i ঠাণ্ডা হ ’ বলৈ মেলি দিয়ক i ঢেঁকীত খুন্দি চাউল উলিয়াওক ( চাউলবোৰ সামান্য চ