অসমীয়াৰ শিক্ষিত যুৱকসকল কৃষিৰ প্ৰতি আগ্ৰহী কেতিয়া হ’ব: প্ৰয়োজন ‘কৃষি-উদ্যমীতা’ৰ
নয়ন কুমাৰ বৰা
এটা কথা মন কৰিবচোন, আমি অসমীয়া মানুহখিনিয়ে নিজকে নিজেই এলেহুৱা বুলি কবলৈ
বেয়া নোপোৱা হৈছো। কথাতে ওলাই, “অসমীয়াই ক’ত খেতি কৰিব? অমুকেহে কৰিব (বিশেষ সম্প্ৰদায়ক
উদেশ্যি)…. অমুক নেথাকিলে অসমীয়াৰ নিগমে মৰণ। অসমীয়াৰ ডেকা ল’ৰাই খেতি কৰিবলৈ লাজ কৰে”…
ইত্যাদি ইত্যাদি। কিন্তু কথাবোৰ কিমানদূৰ গ্ৰহণযোগ্য? অসমীয়া জাতি সচাঁকেয়ে এলেহুৱা
জাতিনে? নে আমি কথাখিনিৰ গভীৰতালৈ নগৈ নিজকে তুচ্চ জ্ঞান কৰাতো এক অভ্যাসত পৰিণত হৈছে।
আজিৰ পৰা ৪০ বছৰ আগলৈ আমি উভতি চাওচোন। আমি প্ৰায়বোৰ শিক্ষিত মানুহ দেখোন চহা
কৃষকৰেই সন্তান আছিলো। বোপাককাৰ দিনৰ পৰা দেখোন খেতিৰ ধনৰেই আমাৰ পৰিয়ালবোৰ পোহপাল
দিয়া হৈছিল। ল’ৰা-ছোৱালীৰ কাপোৰ-কানিৰ খৰচৰ পৰা পঢ়া-শুনাৰ খৰচলৈকে খেতি-বাতিৰ পৰা
হোৱা আয়ৰেই জোৰা মাৰিছিল। পথাৰৰ ধান, বাৰীৰ তামোল-পাণ, গোঁহালৰ গৰু-ছাগলী আৰু পুখুৰীৰ
মাছেৰে নদন-বদন আছিল আমাৰ পৰিয়ালবোৰ। ভিক্ষাৰি বুলিবলৈ অসমীয়া মানুহ নাছিলেই। গাঁওবোৰত
তেতিয়া চাকৰিয়ালনো কেইটা আছিল, আঙুলিৰ মূৰত লেখিবপৰা মাষ্টৰ চাকৰি কেইটিমানহে আছিল।
উল্লেখ্য
যে, ভাৰতৰ
স্বাধীন হোৱাৰ পিছৰ প্ৰায় দুটা দশকলৈকে অসমৰ জনমুৰি আয় ভাৰতৰ অন্যান্য অগ্ৰণী ৰাজ্যৰ
লগত সমানেই ফেৰ মাৰিব পৰা আছিল। অসমৰ পৰা ধান, মাহ, সৰিয়হ, মৰাপাট আদি বৰ্হিৰাজ্যলৈ সৰবৰাহ হৈছিল।
অসমৰ কুটীৰ আৰু ৰেচম শিল্পই গ্ৰাম্য-অৰ্থনীতি মজবুত কৰি ৰাখিছিল। তেন্তে,
সেইসময়ত অসমীয়া মানুহবোৰ কি এলেহুৱা আছিল?
সত্তৰ দশকৰ
ভাৰতৰ সেউজ বিপ্লৱৰ পিছতে অসমৰ কৃষি অৰ্থনীতিয়ে বেয়াকৈ মাধমাৰ খাবলগীয়া হ’ল। অসমৰ স্ব-নিৰ্ভৰশীল কৃষি অৰ্থনীতি থান-বান হৈ পৰিল। ইয়াৰ কাৰণবোৰৰ নিৰ্মোহ বিশ্লেষণ হৈছেনে? কেৰোণটো আৰম্ভ হ’ল তেতিয়াই, যেতিয়া আই-বোপায়ে আমাক শিক্ষিত কৰিবলৈ বিদ্যালয়লৈ
পঠালে আৰু ক’লে “বোপাই আগলৈ ডাঙৰ চাকৰি কৰিবি দেই। ধেৰ টকা পাবি, সুখেৰে থাকিব পাৰিবি”।
লাহে লাহে আমিবোৰে শিক্ষা-দীক্ষা লৈ চহৰলৈ ধাপলি মেলিলো, গাঁৱৰ মাটিডৰা, খেতিডৰাৰ কথা
পাহৰি গলো আৰু ধন-সৰ্বস্ব এক আৰামদায়ক জীবনৰ বাবে হাবাথুৰি খালো। গাঁৱৰ মাটিখিনি, খেতিডৰাৰ
দায়িত্ব পৰিল এচাম নদাই-ভদাইৰ ওপৰত, যিসকলে দৰিদ্ৰতাৰ লগত যুদ্ধ কৰি থাকি স্কুলীয়া
শিক্ষা আধাতে সামৰিব লগীয়া হ’ল।
আশাৰ বতৰা যে, সাম্প্ৰতিক অসমৰ চুঁকে-কোণে
বহুজন অসমীয়া শিক্ষিত যুৱকে কৃষিকাৰ্যক বৃত্তি হিচাপে লৈ স্ব-নিয়োজনৰ পথ লৈছে। অৰ্থনৈতিকভাৱে জৰ্জৰিত
অসমৰ বাবে ই নিশ্চয় এক শুভ লক্ষণ। কিন্তু, প্ৰত্যাহ্বান হ’ল- এই কৃষি-মুখী ধাৰাটোক গতিশীল কৰিব পৰা হ’বনে? কৃষিকাৰ্যৰ জৰিয়তে কিছু যুৱক লাভৱান হৈছে,
কিছুৱে লাভৰ বাবে নেৰা-নেপেৰা চেষ্টা কৰি আছে আৰু আন কিছুমান যুৱকে লাভ কৰিব নোৱাৰি
হতাশ হৈ কৃষি বৃত্তিটোকে পৰিত্যাগ কৰিছে। লাভৱান হোৱাসকলৰ বুজনসংখ্যকে আকৌ কৃষিতে অধিক বিনিয়োগ নকৰি
অন্য ব্যৱসায়-বাণিজ্যৰ প্ৰতিহে অধিক গুৰুত্ব আৰোপ কৰিছে। কৃষিটো হৈ পৰিছে গৌণ বৃত্তি। কিয়নো, কৃষিকাৰ্যটো
এওঁলোকৰ বাবে হৈ পৰিছে অনিশ্চিত আৰু অসুৰক্ষিত। প্ৰাকৃতিক দুৰ্য্যোগ যেনে, খৰাং, বানপানী, ধুমুহাৰ লগতে কীট-পতঙ্গ, ৰোগ-ব্যাধি আদি সমস্যাই কৃষিকাৰ্যক অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। তাতাকৈ ডাঙৰ কথা হ’ল, শিক্ষিত যুৱকসকলৰ মাজৰে এচামে ঠিকা-ঠুকুলি কৰি, কমিচন এজেন্ট হৈ, ঘোচ-ঘাচ দি যেনেতেনে চাকৰি এটা যোগাৰ কৰি চকুৰ সন্মুখতে দামী বাইক, বিলাসী গাড়ী দৌৰাই থাকিব আৰু আন এচামে শৰীৰৰ ছাল
ক’লা পেলাই খেতি-বাতিত লাগি থাকিব!
কোন সতেৰেনো ল’ৰাহঁতৰ খেতিত লাগিবলৈ মন যাব?
অসমীয়া ডেকালৰাক আমি খেতি-বাতি কৰিবলৈ সভাই-সমিতিয়ে ভাষণ দিও, কিন্তু খেতি-বাতি
কৰিবলৈ একোজন শিক্ষিত লৰাক কেনেধৰণৰ এক পৰিবেশ নাইবা সুবিধা দিব লাগিব সেইকথাও আলোচনা
হ’ব লাগে। কিয়নো, এতিয়াও যদি আমি সেই তাহানিৰ মূৰত জাপি, গৰুহালেৰে সৈতে কান্ধত নাঙল-যুঁৱলি
লৈ থকা খেতিয়কজনৰ ছবিকে কল্পনা কৰি থাকো, তেন্তে ইন্টাৰনেট যুগৰ শিক্ষিত যুৱকসকল খেতি
কৰিবলৈ আগ্ৰহী যে নহয় সেয়া খাটাং।
অসমৰ মুঠ ২৯,৭৭০০০ হেক্টৰ খেতি কৰা মাটিৰ ২৩,৬০,০০০ হেক্টৰ মাটিতে ধানখেতি কৰা
হয় (৭৯.২৮ শতাংশ)। ইয়াৰে ১৮,৬৪,০০০ হেক্টৰ এলেকাতে শালিধানৰ খেতি কৰা হয় আৰু এই খেতিৰ
পিছত প্ৰায় ১০ লাখ হেক্টৰ মাটি চন পৰি থাকে, অৰ্থাৎ বছেৰেকত এবাৰেই খেতি কৰা হয়। এনেদৰে
চন পৰি থকা মাটিৰ পৰিমাণ উজনি অসমতেই বেছি। তাৰ প্ৰমাণ, শালিধান চপোৱাৰ পিছত উজনি অসমৰ
উদং হৈ পৰি থকা বিশাল পথাৰবোৰ। এতিয়া কথা হ’ল, খেতিমাটিৰ ইমান সম্ভাৱনা থকাৰ পিছতো
অসমৰ কৃষিক্ষেত্ৰত চকুতলগা পৰিবৰ্তন হোৱা নাই কিয়? অসমীয়া মানুহখিনিয়ে, শিক্ষিত যুৱকসকলে
খেতিৰ বাবে আগ্ৰহী হোৱা নাই কিয়?
আমি ভাবো, অসমীয়াক খেতি কৰিবলৈ ‘অমুক-তমুক’ সম্প্ৰদায়ৰ লগত তুলনা কৰিলে নহ’ব।
অসমীয়া মানুহখিনি হ’ল- স্ব-অভিমানী। নিজে ভিক্ষা খুজিবলৈ লাজ পায়, কিন্তু আনক আলহী
সোধে। অসমীয়া মানুহখিনিৰ জীৱনশৈলীও অন্যান্য পমুৱা, বনিয়াৰ পৰা পৃথক আৰু উন্নত মাণদণ্ডৰ।
আমাৰ মানুহখিনিয়ে মাটিয়ে-বালিয়ে, লেতেৰা-ফেদেলাকৈ য’তে-ত’তে থাকি জীন যাব নোৱাৰে। অসমীয়াৰ
এক গৌৰৱোজ্জ্বল অৰ্থনৈতিক ইতিহাস আছে, গ্ৰাম্য-অৰ্থনীতিৰ ভেটি আছে আৰু আমি এই চিন্তাবোৰ
অসমৰ কৃষি-অৰ্থনৈতিক পৰিকল্পনাত অন্তৰ্ভূক্ত কৰিব লাগিব।
আজি যদি এজন শিক্ষিত ডেকালৰাই খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেন্তে তেওঁৰ সন্মুখত
দেখা দিয়া প্ৰধান আৰু প্ৰথম সমস্যা হ’ল- খেতি কৰা মাটিৰ সমস্যা। হেজাৰ হেজাৰ বিঘা মাটি
চন পৰি আছে, অথচ খেতি কৰিবলৈ বিচাৰিলে মাটি নাই। এজন শিক্ষিত ডেকা লৰাক খেতিৰ পৰাই
মাহে ১ লাখ টকাকৈ বছৰি ১২ লাখ টকা উপাৰ্জন কৰিবলৈ হ’লে কমেও ৫০-৬০ বিঘা মাটিৰ প্ৰয়োজন
হয়। আগ্ৰহীজনে ৫০-৬০ বিঘা মাটি যোগাৰ কৰি লব পৰাতো বতৰ্মান ব্যৱস্থাটোত সম্ভৱনে? যিজনৰ
পৈত্ৰিক মাটি আছে, তেওঁৰ কথা বেলেগ। কিন্তু বেছিভাগৰে নাই। দ্বিতীয়তে, কৃষি কাৰ্য অনিশ্চিত
নহবলৈ আধুনিক বিজ্ঞানসন্মত কৌশল আৰু উপুযুক্ত
আন্তঃগাঁঠনি যেনে, জলসিঞ্চনৰ ব্যৱস্থা, মেচিন আৰু যন্ত্ৰপাতি প্ৰয়োজন। ইয়াৰবাবে,
একোজন যুৱকক প্ৰাথমিকভাবেই প্ৰয়োজন হ’ব ১০-১৫ লাখ টকাৰ এক পুঁজিৰ। এই পুঁজি তেওঁ ক’ৰ
পৰা পাব? নিজৰ পুঁজি বুলিবলৈ আমাৰ একোজন যুৱকে খুব বেছি ২-৩ লাখ টকা যোগাৰ কৰিব পাৰিব।
কিন্তু বাকী পুঁজি ক’ৰ পৰা আহিব। বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা ঋণ
নাইবা অনুদান পোৱা ব্যৱস্থাটোৰ কোৱা হয় যদিও সেয়াও সিমান সূচল নহয়। অন্যান্য ক্ষেত্ৰবোৰতকৈ
কৃষি ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সিমান আগ্ৰহী দেখা নেযায়। তৃতীয়তে, চৰকাৰী কৃষি আঁচনিৰ প্ৰায়বোৰেই হ’ল হিতাধিকাৰী কৃষকৰ আঁচনি।
নিৰ্দিষ্ট পৰিমাণৰ খেতি-মাটি আৰু ৰেহাই মূল্যই সামৰি লোৱা প্ৰায়বোৰ আঁচনিয়েই ‘উদ্যমী
কৃষকসকলক’ সামৰি লব পৰা নাই। ফলত, আঁচনিবোৰৰ পৰা আংশিক সকাহ পালেও বহুসময়ত সেইবোৰ তেওঁলোকৰ
প্ৰয়োজন নোহোৱাবিধৰ হয়।
সেয়ে আমি ভাবো, অসম আৰু অসমীয়াৰ বাবে কৃষি উদ্যমীতা (Agri-Entrepreneurship) হ’ল বৰ্ত্তমান সময়ৰ এটি গুৰত্বপূৰ্ণ বিষয়। মুক্ত অৰ্থনীতি বিকাশৰ লগে লগে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতো এই উদ্যমীতাই সামগ্ৰিক অৰ্থনৈতিক দিশতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত অনুন্নত অঞ্চলৰ গৰিষ্ঠসংখ্যক জনগণৰ কল্যান সাধনৰ বাবে এই কৃষি উদ্যমীতা অতি প্ৰয়োজনীয়। কিয়নো সেইখিনি মানুহে নিয়োজনৰ বাবে কৃষি ক্ষেত্রখনৰ ওপৰতে নিৰ্ভৰশীল। শিক্ষিত যুৱকসকল আৰু গ্ৰামাঞ্চলৰ নিবনুৱাসকলৰ নিয়োজনৰ বাবে ‘কৃষি-উদ্যমীতা’ৰ বিকাশ সাধন কৰাতো অতি জৰুৰী।
------------------------------------------------------------------------