কৃষি বিজ্ঞানৰ অ.আ.ক.খ.:অধ্যায়-৭
জীৱাণুসাৰ
উদ্ভিদে
ইয়াৰ বাবে প্ৰয়োজনীয় মৌলসমূহ মাটি, পানী আৰু বায়ুৰ পৰা আহৰণ
কৰে যদিও মূলতঃ মাটিৰ পৰাই সৰহভাগ মৌল গ্ৰহণ কৰে। এই বিষয়ে পূৰ্বৱৰ্তী পাঠত আলোচনা কৰা হৈছে।
উদ্ভিদৰ
প্ৰয়োজনীয় মৌলসমূহ সিহঁতে
পোনপটীয়াকৈ গ্ৰহণ কৰিব পৰা অৱস্থাত মাটিত নেথাকে। অন্যহাতে কৃত্রিমভাৱে যোগান ধৰা ৰাসায়নিক
সাৰসমূহো উদ্ভিদে পোনে পোনে মাটিৰ পৰা গ্ৰহণ কৰিব নোৱাৰে।
জৈৱিকেই
হওক বা অজৈৱিকেই হওক এই সাৰসমূহ মাটিত থকা বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱৰ দ্বাৰাহে
উদ্ভিদে গ্ৰহণ কৰিব পৰা কৰি দিয়ে। জৈৱিক সাৰ
যোগান ধৰোতে ইয়াৰ লগতে বহুতো অণজীৱৰো যোগান ধৰা হয়।
কিন্তু, অজৈৱ সাৰৰ লগত এইবোৰ নেথাকে। সেয়ে অজৈৱ
কৃত্রিম সাৰবোৰ বছৰে বছৰে মাটিত প্ৰয়োগ কৰি থকাৰ ফলত মাটিত থকা অণুজীৱবোৰৰ সংখ্যা ক্ৰমান্ধয়ে
কমি যায়। গতিকে এনেকুৱা মাটিত অণজীৱবোৰৰ সংখ্যা বঢ়োৱাটো
জৰুৰী হৈ পৰে। উদাহৰণস্বৰূপে- ৰাইজ’বিয়াম, এযট’বেকটাৰ, এয’স্পিৰিলাম, ব্লু-গ্ৰীন এলগি (নীল সেউজ শেলাই) আদিয়ে বায়ুমণ্ডলত থকা নাইট্ৰজেন মাটিলৈ
অনাত সহায় কৰে। বেচিলাচ, চিউড’মনাচ, এচপাৰজিলাচ,
পেনিছিলিয়াম আদিয়ে মাটিত থকা ফচফেটভাগ দ্ৰৱণীয়
কৰি তোলাত সহায় কৰে।
এনেদৰেই এনে বহুত অণুজীৱ আছে যিবোৰ মাটি আৰু শস্যৰ বাবে উপকাৰী। আজিকালি বিজ্ঞানীসকলে এনে বহুতো অণুজীৱক বিজ্ঞানাগাৰত বিশেষ উপায়েৰে ধৰি ৰাখি তাৰ পেকেট তৈয়াৰ কৰি বজাৰত এৰি দিছে, যিবোৰ অন্যান্য সাৰৰ নিচিনাকৈ বীজ, উদ্ভিদৰ শিপাত নাইবা পোনে পোনে মাটিত প্ৰয়োগ কৰিলে উদ্ভিদৰ বাবে প্ৰয়োজনীয় মৌলসমূহ গ্ৰহণ কৰাত সুবিধা হয়। মাটিৰ উৰ্বৰতা তথা সংগঠন ভালে ৰখাত ই সহায় কৰে। এনেধৰণৰ অণুজীৱ বা জীৱাণুৰ দ্বাৰা তৈয়াৰ কৰা দ্ৰব্যবিধকে জীৱাণুসাৰ বুলি কোৱা হয়।
জীৱাণুসাৰৰ দ্বাৰা কি কি উপকাৰ হয়-
- উদ্ভিদৰ বাবে মাটিত পুষ্টিমৌল সহজলভ্য হয়, বিশেষকৈ নাইট্ৰজেন আৰু ফচফৰাচৰ সহজলভ্যতা বৃদ্ধি পায়।
- ৰাসায়নিক সাৰৰ প্ৰয়োগ প্ৰায় শতকৰা ২৫-৩০ ভাগ হ্ৰাস কৰিব পাৰি।
- উৎপাদকতা বৃদ্ধি পায়। সাধাৰণতে ১০-৪০ শতাংশ শস্য উৎপাদন আৰু ১৫-৩০ শতাংশ শাৰীৰিক বৃদ্ধি হয়।
- জৈৱিকভাৱে মাটিত ক্ৰিয়া কৰি ইয়াৰ প্ৰকৃতিক উৰ্বৰতা বৃদ্ধি পায়।
- কিছুমান অণুজীৱই ভেঁকুৰনাশক নাইবা এন্টিবায়টিক দ্ৰব্য নিঃসৰণ কৰি কিছুমান ৰোগৰ প্ৰাদূৰ্ভাৱৰ পৰা ৰক্ষা নাইবা উদ্ভিদৰ প্ৰতিৰোধ শক্তি বৃদ্ধি হোৱাত সহায় কৰে।
জীৱাণুসাৰৰ প্ৰকাৰঃ
(ক) নাইট্ৰজেন সংস্থাপনকাৰীঃ
ভূ-গৰ্ভত সংস্থাপিত হোৱা নাইট্ৰজেনভাগ বিভিন্ন উৎস যেনে- উদ্যোগ নাইবা বিভিন্ন প্ৰাকৃতিক উৎস যেনে, বিজুলী আদিৰ পৰা সংস্থাপিত হ’লেও মাটি আৰু পানীত ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱবোৰহে ইয়াৰ সিংহভাগ সংস্থাপন কৰে। সেয়ে, অণুজীৱৰ ক্ষমতা অপৰিসীম। অণুজীৱৰ পৰা তৈয়াৰ কৰা তুলনামূলকভাৱে শক্তিশালী কেইবিধমান নাইট্ৰজেন সংস্থাপনকাৰী জীৱাণুসাৰৰ বিষয়ে তলত বৰ্ণনা কৰা হ’ল।
ৰাইয’বিয়ামঃ
এইবিধ জীৱাণুসাৰত অসংখ্য ৰাইয’বিয়াম বেক্টেৰীয়া থাকে। বীজৰ লগত মিহলোৱাৰ পিছত এই বেক্টেৰীয়াবোৰ মাটিৰ সংস্পৰ্শলৈ আহি ব্যাপক ৰূপত বংশ বৃদ্ধি কৰে আৰু বৰ্দ্ধিত শিপাইদি সোমাই যায়। যথাসময়ত বেক্টেৰীয়াবোৰে শিপাত নাইট্ৰজেনৰ সৃষ্টি কৰে। এই টেমুনাবোৰতেই নাইট্ৰজেন সংস্থাপিত হয়। গতিকে টেমুনাৰ পৰিমাণৰ ওপৰতেই উদ্বিদৰ বৃদ্ধি আৰু ফচল উৎপাদন নিৰ্ভৰ কৰে। দৰকাৰী কথা হ’ল- যিকোনো এবিধ নিৰ্দিষ্ট শস্যৰ বাবে তৈয়াৰী ৰাইয’বিয়াম সাৰ অন্য এবিধ শস্যত প্ৰয়োগ কৰিব নোৱাৰি।
এযটবেকটাৰঃ
এইবিধ জীৱাণুসাৰত বহু পৰিমাণে
জীৱিত এযট’বেকটাৰ থাকে, যিবোৰ জীয়াই থাকিবলৈ
অক্সিজেনৰ প্ৰয়োজন হয় আৰু যিবোৰে মুক্তভাবে থাকি নাইট্ৰজেন সংস্থাপন
কৰিব পাৰে। যিকোনোধৰণৰ হ্ৰস্বকালীন নাইবা দীৰ্ঘকালীন শস্যত
(মাহজাতীয় নহয়) এইবিধ জীৱাণুসাৰ
ব্যৱহাৰ কৰিব পাৰি। যেতিয়া
ইয়াক বীজৰ লগত মিহলাই নাইবা শিপা শোধন কৰি মাটিত প্ৰয়োগ কৰা হয় তেতিয়া বেক্টেৰীয়াবোৰে দ্ৰুতহাৰত বংশবৃদ্ধি কৰি শিপাৰ চাৰিওফালে থকা মাটিত ইয়াৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে।
এই
বেক্টেৰীয়াবোৰে মুক্তভাবে
জীয়াই থাকে বাবে ইহঁতে মাটিত থকা জৈৱিক পদাৰ্থ আৰু শিপাই নিঃসৰণ কৰা
পদাৰ্থৰ পৰা খাদ্য সংগ্ৰহ কৰে আৰু বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনভাগ মাটিত সংস্থাপিত কৰিব
পাৰে, যিবোৰ কাষতে থকা শিপাই শুহি ল’ব পাৰে। ইহঁতে কিছুমান বৃদ্ধিকাৰক হৰমোণ যেনে, ইনদল এচিডিক এচিড, চাইট’কাইনিন আদিও নিঃসৰণ কৰে, যাৰফলত
উদ্ভিদৰ শাৰীৰিক বৃদ্ধি হোৱাত সহায় হয়।
তাৰোপৰি
ইহঁতে এন্টিবায়টিকৰ নিচিনা পদাৰ্থও নিঃসৰণ কৰে, যাৰফলত মাটিত
হোৱা ৰোগৰ পৰাও উদ্ভিদজোপাক সুৰক্ষাদিয়ে।
এযস্পিৰিলামঃ
ইও এযট’বেক্টাৰৰ নিচিনা এবিধ জীৱানুসাৰ।
এই
সাৰতো এয’স্পিৰিলাম নামৰ বেক্টেৰীয়াবিধ থাকে আৰু অমাহজাতীয় সকলো শস্যতে ইয়াক প্ৰয়োগ
কৰিব পাৰি। পানী বন্ধ হৈ থকা মাটিতো ই কিছুদিনলৈ জীয়াই
থাকিব পাৰে। এযট’বেক্টাৰৰ নিচিনাকৈ
এয’স্পিৰিলামেও মাটিত বংশবৃদ্ধি কৰি নাইট্ৰজেন সংস্থাপিত কৰে।
ব্লু-গ্ৰীন এলগি (নীল সেউজ শেলাই):
পানী বন্ধ হৈ থকা ধানখেতিত এইবিধ অণুজীৱই নাইট্ৰজেন সাৰ যোগানত এক উল্লেখযোগ্য ভূমিকা পালন কৰে । এনেবোৰ ধানখেতিৰ মাজত থকা পানীত নীলা-সেউজীয়া বা কলা-সেউজীয়া বা কলা-মুগা বৰণীয়া জেলিৰ নিচিনা কিছুমান চামনি দেখিবলৈ পোৱা যায়। এই চামনিবোৰেই ধানখেতিৰ মাটিত জৈৱিকভাৱে নাইট্ৰজেনৰ যোগান ধৰি শস্য বৃদ্ধিত সহায় কৰে। আৱশ্যকীয় পৰিমাণৰ নাইট্ৰজেন পাবলৈ হ’লে এইবোৰ বিশেষ পদ্ধতিৰে তৈয়াৰ কৰি শস্যত যোগান ধৰিব লাগিব।
ব্লু-গ্ৰীন এলগি (বি.জি.এ.) তৈয়াৰ কৰা পদ্ধতিঃ
ইয়াক তৈয়াৰ কৰিবলৈ
হ’লে টিৰনৰথাল নাইবা নিৰ্দিষ্ট জোখৰ গাঁত, সাৰুৱা মাটি,
চূন, একক চুপাৰ ফচফেট, মালাথিয়ন আৰু ব্লু- গ্ৰীন এলগি সঁচৰ প্ৰয়োজন।
- ৬ফুট বহল, ৩ ফুট দীঘল আৰু ৯ ইঞ্চি দ’ৰ এটা গাঁত মুকলি ঠাইত খান্দিব লাগে। তলিখন পলিথিনেৰে ঢাকি দিব লাগে। মাটিৰ গাঁতৰ সলনি সমান জোখৰ টিনৰ থাল নাইবা টিনৰ পাত্রও ব্যৱহাৰ কৰিব পাৰি।
- গাঁতটোত ৬-৮ কিলোগ্ৰাম মাটি, ১০০ গ্ৰাম চূণ আৰু ২০০ গ্ৰাম একক চুপাৰ ফচফেট সাৰ মিহলাই ল’ব লাগে।
- গাঁতটো ৪-৫ ইঞ্চি পানীৰে পূৰ্ণ কৰিব লাগে। বোকাখিনি নিগৰি তললৈ যোৱাৰ পিছত তাত বি.জি.এ.ৰ সঁচ ২০০ গ্ৰামকৈ চটিয়াই দিব লাগে ।
- প্ৰত্যেক সপ্তাহত ৫ মি:লি:কৈ মালাথিয়ন গাঁতটোত মিহলাই দিব লাগে। ১৫-২০ দিন পিছত গাঁতটোত বি.জি.এ. ৰ বৃদ্ধি চকুত পৰিব।
- এতিয়া পানীখিনি শুকুৱাই লৈ গাঁতটো ৰ’দত শুকাবলৈ দিব লাগে। পিছত শুকান বি.জি.এ.ৰ চামনিবোৰ পলিথিনৰ বেগত ভৰাই নি ধানখেতিৰ পথাৰত প্ৰয়োগ কৰিব পাৰি।
প্ৰয়োগ
পদ্ধতিঃ
-১ হেক্টৰ (৭.৫ বিঘা) মাটিৰ বাবে ১৫-২০ কিলোগ্ৰাম বি.জি.এ.ৰ আৱশ্যক হয়। বি.জি.এ. খিনিক ১০-২০ কিলোগ্ৰাম মাটিৰ
সৈতে মিহলাই কঠিয়া ৰোৱাৰ ৭-১০ দিনৰ পিছত চটিয়াই দিব লাগে। প্ৰয়োগৰ পিছত অন্ততঃ ৩০ দিনৰ বাবে পানী ওলাই
যাব দিব নালাগে।
সেউজীয়া
সাৰ-
এজলাঃ
আমাৰ গাঁৱে থকা
পুখুৰী,
খাল-বিল, নদী আদিত বিভিন্নধৰণৰ
এজলা (বৰপুনি) দেখিবলৈ পোৱা যায়। ইহঁতেও মাটিত পৰ্যাপ্ত পৰিমাণে নাইট্ৰজেন
সাৰৰ যোগান ধৰিব পাৰে।
এজলাৰ খেতি আৰু প্ৰয়োগঃ
- ৫ মিটাৰ দীঘল, ১.৫ মিটাৰ বহল আৰু ১৫ চেন্টিমিটাৰ দ’ জোখৰ ৫-৬ তা খাল খান্দিব লাগে।
- উক্ত জোখৰ খালত প্ৰায় ৩ কিলোগ্ৰাম সতেজ এজলা, ৭৫-১০০ একক চুপাৰ ফচফেট সাৰৰ সৈতে মিহলাই খালটোত দিব লাগে।
- ১৫-২০ দিনৰ পিছত গোটেই খালটো এজলাৰে ভৰি পৰিব আৰু খালটোৰ পৰা ২০-২৫ কিলোগ্ৰাম এজলা গোটাব পাৰি।
- গোটাই লোৱা এজলাখিনি ধানখেতিৰ পথাৰত ৰোৱাৰ আগতে প্ৰয়োগ কৰা হয় আৰু মাটিত ভালদৰে মিহলাই দিয়া হয়।
- কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ পিছত প্ৰতিবিঘাৰ বাবে ৬০-৭০ কিলোগ্ৰাম এজলা পুনৰ প্ৰয়োগ কৰা হয় আৰু সেইবোৰক ধানৰ মাজত বৃদ্ধি হ’বলৈ দিয়া হয়।
ফচফৰাচ দ্ৰৱনীয়াক জীৱাণুসাৰঃ
ফচফটিকাঃ
এইবিধ জীৱাণুসাৰ
হ’ল বেক্টেৰীয়া আৰু ভেঁকুৰৰ এবিধ মিশ্ৰণ।
বেক্টেৰীয়াবোৰ
হ’ল- বেচিলাছ পলিমিক্স, চিউডমানাচ
ষ্ট্ৰাইটা। ভেঁকুৰবোৰ হ’ল-
এছপাৰজিলাচ নাইজাৰ, পেনিছিলাম ডিজিচেটাম,
স্কোৱান্নিয়’মাইচিটি অক্সিডেনটেলিচ ।
যেতিয়া ফচফটিকা শস্যৰ বীজৰ লগত মিহলাই, শিপাত নাইবা মাটিত মিহলোৱা হয় তেতিয়া বদ্ধিত শিপাৰ চাৰিওফালে অণুজীৱবোৰে দ্ৰুতহাৰত বংস বৃদ্ধি কৰে। এই অনুজীৱবোৰেও সিহঁতৰ জৈৱিক ক্ৰিয়াৰ দ্বাৰা বিভিন্ন জৈৱিক এচিড যেনে- চাইট্ৰিক এচিড, ফুমাৰিক এচিড, গ্লুটামিক এচিড, গ্লাইক’লিক এচিড আদি নিঃসৰণ কৰে। এই জৈৱ এচিডবোৰে ভেঁকুৰনাশক আৰু বৃদ্ধি নিয়ন্ত্রকৰ ভূমিকাও পালন কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।
পচন বৃদ্ধিকাৰক
জীৱাণুসাৰঃ
কিছুমান অনুজীৱ যেনে- ট্ৰাইকডাৰমা ভিৰিডি, ছিটমিয়াম এম্বুয়েন্স, এছপাৰজিলাচ নাইজাৰ, মাইৰথেছিয়াম বৰিডাম, চেলুল’মনাচ স্পেচিচ আদিয়ে পচন ক্ৰিয়া দ্ৰুততৰ কৰি তুলিব পাৰে।
ট্ৰাইকডাৰমা ভিৰিডি
মাইক’ৰাইঝঃ
কিছুমান উদ্ভিদৰ
শিপাত কিছুমান উপকাৰী সহযোগী ভেঁকুৰ বাস কৰিব পাৰে।
এইবোৰক মাইক’ৰাইঝ বুলি কোৱা হয়। এনেধৰণৰ সহজীৱিতাৰ দ্বাৰা ভেঁকুৰ আৰু উদ্ভিদ উভয়ে উপকৃত হয়।
ভেঁকুৰে
উদ্ভদৰ শিপাৰ পৰা শৰ্কৰা আৰু জৈৱিক নিঃসৰণবোৰ সংগ্ৰহ কৰে।
অন্যহাতে, এই ভেঁকুৰেই উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌল যেনে, ফচফৰাচ, কেলচিয়াম, মেগনেচিয়াম,
জিংক, কপাৰ, মেঙ্গানিজ আৰু
লো আদি উদ্ভিদৰ শিপাত সংস্থাপিত কৰিব পাৰে।
মাইক’ৰাইঝ দুটা ভাগত ভগাব পাৰি- বহি:মাইক’ৰাইঝ আৰু আন্ত: মাইক’ৰাইঝ
বহি: মাইক’ৰাইঝবোৰ উদ্ভিদৰ শিপাত
বাহ্যিক দিশত ইয়াৰ শোষক অঙ্গ শিপাৰ ভিতৰতলৈ সুমুৱাই, কিন্তু কোষ আৱৰণ
ভেদ নকৰে। এনেধৰণৰ বহি:মাইকৰাইঝ থকা কিছুমান উদ্ভিদ হ’ল ওক, পাইন আদি।