কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২১

পাম পৰিচালনা

পাম পৰিচালনা হ’ল কোনো এখন পামত ধাৰাবাহিকভাবে সবোৰ্চ লাভ আৰু সন্তোষৰ বাবে ইয়াৰ উৎসমূহৰ তথা বিকল্প ব্যৱহাৰৰ ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত লোৱা এক বিজ্ঞানসন্মত পদ্ধতি। এহাতে এজন কৃষকৰ মাটি, শ্ৰম, পামঘৰ, চলিত মূলধন, কৃষি সঁজুলি আদি উৎসসমূহ আছে। অন্যহাতে সেইজন কৃষকৰে পামৰ আয় বৃদ্ধি কৰিবলৈ তথা পৰিয়ালৰ সন্তোষৰ বাবে কিছুমান লক্ষ্য আৰু উদেশ্য ঠিক কৰি লোৱা আছে। তদুপৰি কৃষকজনৰ নিজা সামৰ্থও আছে। উক্ত সামৰ্থৰেই তথা তেখেতৰ চিন্তা-চৰ্চাৰে কৃষকজনে ইয়াৰ উৎসসমূহৰ সঠিক ব্যৱহাৰ কৰি লক্ষ্যত উপনীত হব পাৰে। এই সমস্ত কাম-কাজখিনিয়েই হ’ল পাম পৰিচালনা প্ৰণালী, ইংৰাজীত যাক কোৱা হয় (Farm Management Process)

উল্লেখযোগ্য কথা হ’ল, কৃষি ব্যৱসায় পৰিচালনাৰ বিষয়টো অন্য উদ্যোগ ব্যৱসায় পৰিচালনাৰ লগত যথেষ্ট পাৰ্থক্য আছে। বিশেষকৈ কৃষি পাম ব্যৱসায়ত এক দৃঢ় আৰু নিৰৱছিন্ন প্ৰচেষ্টাৰ দৰকাৰ। শস্য উৎপাদনৰ ক্ষেত্ৰত প্ৰতিটো মুহুৰ্ততে পামত লক্ষ্য ৰখাটো অতি জৰুৰী।


পাম পৰিচালনাৰ সিদ্ধান্তসমূহঃ

১। উৎপাদন আৰু আন্তঃগাঠনিমূলক সিদ্ধান্ত

২। পাম আঁচনি সম্পৰ্কীয় সিদ্ধান্ত

৩। কাৰ্যকৰী সিদ্ধান্ত

৪। প্ৰশাসনীয় সিদ্ধান্ত


১। উৎপাদন আৰু আন্তঃগাঠনিমূলক সিদ্ধান্তঃ

         পামৰ উৎপাদন আৰু সাংগঠনিক দিশত আহি পৰা কিছুমান প্ৰাথমিক প্ৰশ্নৰ ক্ষেত্ৰত পোনপ্ৰথমেই সিদ্ধান্ত ল’ব লাগিব। প্ৰশ্নবোৰ হ’ল ভূমি সংক্ৰান্তীয়- কি উৎপাদন কৰিব আৰু কেনেকৈ কৰিব? এই সিদ্ধান্তবোৰক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হ’ল- পামৰ আঁচনি সম্পৰ্কীয় সিদ্ধান্ত আৰু আনটো হ’ল কাৰ্যকৰী সিদ্ধান্ত।

ক। কৌশলপূৰ্ণ সিদ্ধান্তঃ

         এই সিদ্ধান্তবোৰত শকত পৰিমাণৰ মূলধন বিনিয়োগ কৰা হয় আৰু এইবোৰ দীৰ্ঘস্থায়ী হয়। এই সিদ্ধান্তবোৰেই পাম ব্যৱসায়ৰ মূল সাংগঠনিক কাঠামোৰ সৃষ্টি কৰে। এনে সিদ্ধান্তবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

পামৰ সঠিক আকাৰ নিৰ্দ্ধাৰণ কৰি লোৱা:

পামৰ আকাৰ নিৰ্দ্ধাৰণ কৰিবলৈ যাওতে কেইবাটাও দিশ যেনে, পামখন ক’ত আৰু কেনেধৰণেৰে স্থাপন কৰা হব, মাটিখিনিত জলসিঞ্চনৰ কি ব্যৱস্থা আছে, যন্ত্ৰ-পাতিৰ সুবিধা কি আছে, শস্য নিবিড়তা কিমান, কষকজনৰ কৃষি ব্যৱসায় পৰিচালনা কৰাৰ সামৰ্থ কিমান ইত্যাদি বিবেচনা কৰিব লাগিব। অন্যান্য ব্যৱসায়তকৈ কৃষি পাম ব্যৱসায়ত পামৰ আকাৰ সঠিক হোৱাটো অতি দৰকাৰী। কিয়নো এই ব্যৱসায়ত আয় খুউব লাহে লাহে হয়।

পামৰ শ্ৰমিক আৰু যন্ত্ৰ-পাতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তঃ

পামৰ আকাৰ অনুযায়ী শ্ৰমিক আৰু যন্ত্ৰ-পাতিৰ ব্যৱহাৰ কৰা হয়। কিমান পৰিমাণে শ্ৰমিক আৰু কেনেকুৱা যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি অধিক লাভবান হব পাৰি তাক নিৰ্দ্ধাৰণ কৰি লব লাগে। ধৰি লোৱা হওঁক, এজন কৃষকৰ ২০ বিঘা মাটি আছে; এতিয়া কৃষকজনে এখন ট্ৰেক্টৰ ক্ৰয় কৰিলে লাভ হবনে, লোকচান হব তাৰ সিদ্ধান্ত আগতীয়াকৈয়ে লব লাগিব।

পাম ঘৰ সজাৰ সিদ্ধান্তঃ

কি ধৰণৰ পাম প্ৰতিষ্ঠা কৰা হৈছে আৰু পামৰ আকাৰ কিমান, তাৰ ওপৰত নিৰ্ভৰ কৰিহে পামঘৰৰ আকাৰ কি আৰু কেনেকুৱা হব লাগে তাৰ সিদ্ধান্ত লব লাগে।

জলসিঞ্চন, ভূমি সংৰক্ষন আৰু পুনৰ গঠনৰ সিদ্ধান্তঃ জলসিঞ্চন হ’ল আধুনিক কৃষি ব্যৱস্থাৰ এক অপৰিহাৰ্য দিশ। বান্ধ, আচ্ছাদন জৰিয়তে ভূমি সংৰক্ষন কৰা, মাটিৰ অম্লতা বা ক্ষাৰকীয়তা গুণৰ পৰিবৰ্তন কৰা ইত্যাদিবোৰৰ ক্ষেত্ৰত আগতীয়া সিদ্ধান্ত লোৱাতো দৰকাৰ।

খ। কাৰ্যকৰী সিদ্ধান্ত

        এই সিদ্ধান্তবোৰ খুউব সঘনে লোৱা বিধৰ আৰু তুলনামূলকভাবে কম মূলধনৰ আৱশ্যক হয়। এনে কিছুমান সিদ্ধান্ত হ’ল- কি উৎপাদন কৰিব? কিমান উৎপাদন কৰিব? কেনেকৈ উৎপাদন কৰিব? কেতিয়া উৎপাদন কৰিব?

কি উৎপাদন কৰিব?

        মাটি, জলবায়ু আদিৰ ওপৰত নিৰ্ভৰ কৰি তথা উৎপাদন আৰু বজাৰৰ কথা বিবেচনা কৰি কি উৎপাদন কৰিব সেয়া নিৰ্দ্ধাৰণ কৰিব লাগিব। ইয়াৰবাবে শস্যাৱৰ্তন, নতুন জাত আৰু শেহতীয়া প্ৰযুক্তিকৌশলৰ বিষয়ে তথ্য সংগ্ৰহ কৰাতো জৰুৰী হৈ পৰে। মুঠ কথা হ’ল, খৰচ আৰু আয়ৰ কথা মনত ৰাখি কি কি কাৰ্য কৰিলে লাভ হব সেয়া উলিয়াই লোৱাতো দৰকাৰ।

কিমান উৎপাদন কৰিব?

         পামত থকা উৎসৰ ওপৰত এই সিদ্ধান্ত নিৰ্ভৰ কৰে। উপলব্ধ উৎসৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিহে উৎপাদনৰ পৰিমাণ ঠিক কৰিব লাগে। সাধাৰণতে শ্ৰমিকৰ উপলব্ধতা, মাটিৰ ব্যৱহাৰ তথা ইয়াৰ সাৰুৱা গুণৰ ৰক্ষনাবেক্ষণ, পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ পৰিমাণ আৰু যন্ত্ৰ-পাতিৰ ক্ষমতা আদিৰ ওপৰতে উক্ত সিদ্ধান্ত নিৰ্ভৰ কৰে।

কেনেকৈ উৎপাদন কৰিব?

         বছৰটোৰ কোনটো ঋতুত কি খেতি কৰিব, উৎপাদন কেতিয়া হব আৰু সেই সময়ত উৎপাদিত সামগ্ৰীৰ বিক্ৰিৰ বাবে বজাৰ পোৱা যাবনে নাই ইত্যাদি কথাবোৰৰ সিদ্ধান্ত আগতীয়াকৈয়ে লব লাগিব। উদাহৰণস্বৰূপে, ফুলকবিৰ বা বন্ধাকবিৰ খেতি বছৰৰ কোনটো সময়ত কৰিলে লাভবান হব পাৰি সেইবিষয়ে আগতীয়াকৈয়ে সিদ্ধান্ত লব পাৰি।

২। প্ৰশাসনীয় সিদ্ধান্ত

        উৎপাদন আৰু সাংগঠনিক সিদ্ধান্তবোৰ গ্ৰহণৰ পিছত সেইবোৰ যাতে নিৰ্দিষ্ট সময়ত আৰু উপযুক্তভাবে ৰূপায়ন হয় তাৰবাবে লক্ষ্য কৰিব পাৰিব লাগিব। সেয়ে এইক্ষেত্ৰতো কিছুমান আগতীয়া সিদ্ধান্ত লব লাগিব।

-      বিত্তীয় দিশৰ সিদ্ধান্ত অৰ্থাৎ টকা কিমান আছে, যদি প্ৰয়োজনমতে টকা নাই সেই টকা ক’ৰ পৰা আহিব আৰু নিৰ্দিষ্ট সময়ত সেই টকা পোৱা যাবনে নাই সেই কথাৰ সিদ্ধান্ত আগতীয়াকৈয়ে লব লাগিব।

-      পামৰ তত্বাৱধান তথা কাম-কাজ চোৱা-চিতা কৰা কামবোৰ সঠিকভাবে সঠিক সময়ত যাতে কাৰ্যকৰী হয়।

-      হিচাপ-পত্ৰ সংৰক্ষন অৰ্থাৎ পামৰ খা-খৰচ, আয়,বিক্ৰি তথা অন্যান্য তথ্যবোৰ পৰিপাটিকৈ কেনেকৈ ৰাখিব, কি কি বহী-পত্ৰ লাগিব, কেনেকৈ হিচাপ ৰখা হব সেইবোৰৰ সিদ্ধান্ত আগতীয়াকৈয়ে লব লাগিব।

-      পামৰ উৎপাদন আৰু বিপননৰ ক্ষেত্ৰত চৰকাৰী নীতি, আঁচনি আৰু আইন-কানুনৰ লগত সামঞ্জস্য ৰখা।

-      ঘৰুৱা ব্যৱহাৰ আৰু বজাৰ ক্ষেত্ৰৰ সিদ্ধান্ত। পামত উৎপাদন কৰা সামগীবোৰৰ কিমান পৰিমাণে ঘৰত ৰাখিব পাৰি, কিমান পৰিমাণে বিক্ৰিৰ বাবে ৰাখিব তাৰ সিদ্ধান্তও লব লাগিব।

৩। বিপনন সিদ্ধান্ত

পাম পৰিচালনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল- বজাৰ আৰু ক্ৰয়-বিক্ৰয়ৰ সিদ্ধান্ত। কেতিয়া কিনিব আৰু কেনেকৈ কিনিব? ঠিক সেইদৰে বিক্ৰিৰ ক্ষেত্ৰতো কেতিয়া বিক্ৰি কৰিব, ক’ত বিক্ৰি কৰিব আৰু কেনেকৈ কৰিব তাৰ সিদ্ধান্ত লোৱাতো দৰকাৰ।

আত্ম বিশ্লেষণ:

কোনো এক ব্যৱসায় আৰম্ভ কৰোতে আত্ম বিশ্লেষণ অতি দৰকাৰী নিজৰ শক্তি-সামৰ্থ্য, দুৰ্বলতা, সুযোগ আৰু প্ৰত্যাহ্বানবোৰ নিৰ্দ্ধাৰণ কৰি উপযোগী আৰু অনুপযোগী  বিষয়সমূহৰ লগত কিমানখিনি মোকাবিলা কৰিব বিচৰা হৈছে সেয়া গম পোৱা যাব

-      আৰম্ভ কৰিব বিচৰা ব্যৱসায়ৰ প্ৰয়োজনীয়তা আৰু ৰাপ আছেনে?

-      নিজৰ ৰাপ আৰু মনোভাৱৰ লগত ব্যৱসায় প্ৰতিষ্ঠানৰ চৰিত্রৰ মিল আছেনে?

-      ব্যৱসায়টো ৰূপায়নৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু যোগ্যতা আছেনে?

-      দক্ষতা বিকাশৰ বাবে সক্ষমতা বৃদ্ধি প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছেনে?

-       কি কি উৎস নিজৰ হাতত আছে? যেনে, মানৱ সম্পদ, বিত্তীয় সম্পদ আদি

-      কোনো বিত্তীয় বিনিয়োগ গৰাকীৰ লগত যোগাযোগ কৰাতো দৰকাৰ বনে?

এজন পাম পৰিচালকৰ বাবে থাকিবলগীয়া গুণ

        নিৰ্দিষ্ট লক্ষ্যত উপনীত হবৰ বাবে পাম পৰিচালনাৰ ক্ষেত্ৰত এজন সুদক্ষ পৰিচালকৰ প্ৰয়োজন হয়। সেয়ে কৃষি বৃত্তিৰ জৰিয়তে স্ব-নিৰ্ভৰশীল তথা আৰ্থিক স্বচ্ছলতাৰ বাবে কৃষকজন হব লাগিব এজন দক্ষ পৰিচালক। একোজন দক্ষ পৰিচালকৰ বাবে থাকিবলগীয়া গুণসমূহ হ’ল-

-      পামৰ লক্ষ্য-উদেশ্য নিৰ্দ্ধাৰণ কৰিব পাৰিব লাগিব

-      সমস্যা আৰু সুযোগসমূহৰ চিনাক্তকৰণ তথা বিশ্লেষণ কৰিব পাৰিব লাগিব

-      প্ৰয়োজনীয় তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ কৰিব লাগিব

-      বিকল্পৰ সন্ধান আৰু বিশ্লেষণ কৰিব পাৰিব লাগিব

-      সিদ্ধান্ত গ্ৰহণ আৰু বিকল্পৰ চিন্তা কৰিব পাৰিব লাগিব

-      কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিব

-      সিদ্ধান্তসমূহ গ্ৰহণ আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দায়িত্বশীল হব লাগিব

-      ফলাফলৰ বিশ্লেষণ কৰিব লাগিব

পাম ব্যৱসায়ৰ পৰিকল্পনা কেনেকৈ কৰিব?

উৎপাদন পৰিকল্পনা:

-      উৎপাদন সমন্ধীয় তথ্য

-      খৰচৰ তথ্য

-      হাজিৰা আৰু শ্ৰম

উৎপাদনৰ কাৰ্যক্ৰমমাহেকীয়া ভিত্তিত : সামগ্ৰী ভিত্তিত

কাৰ্যকৰী ব্যয়

বজাৰ পৰিকল্পনা:

-      বিক্ৰিৰ বাবে কি ব্যৱস্থা লোৱা ?

-      সাম্ভাব্য বিক্ৰি কেনেকৈ নিৰ্দ্ধাৰণ কৰিব?

-      তুলনামূলক প্ৰতিযোগিতাৰ সুযোগ কেনেকৈ ?

-      সামগ্ৰীৰ বৰ্ণনা

-      সামগ্ৰীৰ প্ৰতিষ্ঠা

বিত্তীয় পৰিকল্পনা:

-      পুঁজিৰ উৎস কি?

-      প্ৰকল্প আয়/লাভ লোকচানৰ প্ৰতিবেদন

-      অৰ্থপ্ৰবাহ বিশ্লেষণ

-      পামৰ উপাৰ্জন আৰু কৰ-কাটল

প্ৰতিষ্ঠানীয় সহযোগীতা:

-      প্ৰযুক্তি কৌশল: প্ৰশিক্ষণ, পৰামৰ্শ

-      বিত্তীয়, ঋণ,সুদ, পৰিশোধৰ কাল, ৰাজ-সাহাৰ্য

-      বজাৰ (ঘৰুৱা আৰু ৰপ্তানি), সম মূল্য

-      আইন আৰু ৰাজনৈতিক

 






 


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান