ড : লক্ষী শইকীয়া পৃথিৱীৰ ভিতৰতে ভাৰততে অধিক পৰিমাণে তামোল উৎপাদন হয় । ভাৰতৰ বাহিৰে পশ্চিম এচিয় আৰু পূৰ্বদেশ স্থানীয় লোকে প্ৰচুৰ পৰিমাণে তামোল ব্যৱহাৰ কৰে । সেইবাবে ইয়াৰ সংৰক্ষণ কৌশলো অৱলম্বন কৰা হৈছে আৰু বেহা - বেপাৰৰ ব্যৱস্থাও কৰা হৈছে । তামোল খোৱাৰ অভ্যাস অনুসৰি শুকুৱাই , কেঁচাই নাইবা কোমোলাই খোৱাৰ পদ্ধতি প্ৰচলন হৈ আহিছে । কেৰেলা , অসম আৰু উত্তৰ বঙ্গত তামোল কেঁচাই খোৱা হয় । গছত পকা তামোলবোৰ এওলোকে চোবাই খাই তৃপ্তি লাভ কৰে । দ্বিতীয়তে অন্যান্য ঠাইত বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা তামোলহে খোৱা হয় । ভাৰতৰ পশ্চিম অংশৰ আৰু দক্ষিণ অঞ্চলৰ পকা তামোলবোৰ শুকুৱাই চালি হিচাবে নাইবা ‘ পাৰ্চা ’ হিচাবে আধা কটা আকাৰত বহুলভাৱে ব্যৱহাৰ কৰা হয় । অন্ধ্ৰপ্ৰদেশ , কৰ্ণাটক আৰু তামিলনাডুত কেঁচা অৱস্থাতে প্ৰস্তুত কৰা তামোল , অৰ্থাৎ ‘ কালিপাক ’ অধিক জনপ্ৰিয় । উত্তৰ পূৰ্বাঞ্চলৰ ত্রিপূৰী , মেঘালয়ী আৰু নগাসকলৰ মাজতো কেঁচা তামোলৰ ব্যাপক সমাদৰ আছে ।