কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ১৯

প্ৰাকৃতিক কীটনাশকেৰে কীট নিয়ন্ত্রণ

বিভিন্ন প্ৰজাতিউদ্ভিদপাত, ফল আৰু গুটিক প্ৰাকৃতিক কীটনাশক হিচাপে ব্যৱহাৰ কৰি শস্যৰ অনিষ্টকাৰী বহুতো কীটক নিয়ন্ত্রণ কৰিব পাৰি তেনে কিছুমান প্ৰাকৃতিক কীটনাশকৰ বিষয়ে এই অধ্যায়ত আলোচনা কৰা হৈছে

ঘোঁৰা নিম


        
ঘোঁৰা নিমৰ পাত, গছৰ বাকলি বা গুটি আদিত কীটক আঁতৰাই পঠাব পৰা গুণ আছে পু্ৰণি কালৰ পৰাই এই নিমপাতক কিতাপৰ মাজত, কাপোৰৰ মাজত ভৰাই থৈ পোকৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰি আহিছে এমুঠি নিম পাতৰ ৫ লি: পানীত সিজাই লৈ সাধাৰণ ভেঁকুৰনাশক, কীটনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি

পাতৰ আৰকঃ

৫ লি: পানীৰ বাবে ৫০০ গ্ৰা: সেউজীয়া নিম পাতৰ দৰকাৰ হয়

- পাতখিনি এৰাতি পানীত তিয়াই পিছদিনা পাতবোৰ পিচি চেকি লোৱা হয়

-      খাদী চাবোনৰ পানী ৫ মি:লি: মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

এই আৰকৰ দ্বাৰা উঁ, বিভিন্ন পলু, মহ, মাখি আদি নিয়ন্ত্রণ কৰিলে বিভিন্ন পোকে পাখাবলৈ ভাল নেপায় নিম স্প্ৰে কৰা পাত কামোৰাৰ বা খোৱাৰ পিছত পোকবোৰ অসুস্থ হৈ পৰে আৰু পাত খাবলৈ বন্ধ কৰি দিয়ে এই আৰক ব্যৱহাৰ কৰিলে মাইকী পোকবিলাকৰ কণী পৰা সংখ্যা কমি যায়

গুটিৰ আৰকঃ


-      ২৫০ গ্ৰাম গুটিৰ বাকলি গুচাই এনেদৰে খুন্দিব লাগে যাতে তাৰ তেল লাই নাহে

-      খুন্দা গুটিখিনি পাতল কাপোৰত বান্ধি এৰাতি তিয়াই ৰাখিব লাগে

-      পিছদিনা টোপোলাটো চেপি আৰকখিনি চেকি লোৱা হয়

-      চেকি লোৱা আৰকখিনিত পানী মিহলাই ১০ লি: কৰি লব লাগে আৰু খাদী চাবোনৰ পানী ১০ মি:লি: মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

এই মিশ্ৰণৰ দ্বাৰা থ্ৰিপছ, মোৱা পোক আদি নিয়ন্ত্রণ কৰিব পাৰি

 

নিম খলিহৈৰ আৰকঃ


-     
১ লি: পানীৰ বাবে ৫০ গ্ৰা: নিম গুটিৰ খলিহৈৰ আৱশ্যক হয় এখন কপাহী কাপোৰৰ টোপোলাত খলিহৈ খিনি বান্ধি ওৰে ৰাতি পানীত ডুবাই থব লাগে পিছদিনা ৰাতিপুৱা টোপোলাটো হাতেৰে চেপি লৈ তাত আঠাজাতীয় দ্ৰব্য মিহলাই (১ লি: পানীত ১ মি:লি: আৰক) প্ৰয়োগ কৰিব লাগে এই আৰকে মোৱা পোক, থ্ৰিপছ আদি নিয়ন্ত্রণ কৰিব পাৰে

নিম তেল স্প্ৰেঃ


-      ১৫ মি:লি: ঘোঁৰা নিমৰ গুটিৰ পৰা নিষ্কাষণ কৰা তেলৰ লগত ১০ লি: পানী আৰু ১ মি:লি: আঠাজাতীয় দ্ৰব্য মিহলাই স্প্ৰে কৰিব পাৰি ইয়াৰ দ্বাৰা পাত সোহনি পোক, টেঙা গছৰ চাঁহি পোক, মোৱা পোক আদি নিয়ন্ত্রণ কৰিব পাৰি

 

তুলসী

অতীতৰ পৰাই তুলসী কীটনাশক হিচাপে ব্যৱহাৰ হৈ আহিছে তুলসীৰ শুকান পাতৰ গুড়ি, ফুল আৰু গোটেই গছ জোপাৰ পৰা আৰক প্ৰস্তুত কৰিব পাৰি

দৰকাৰী সামগ্ৰী আৰু প্ৰস্তুত প্ৰণালীঃ

-      ১০০ গ্ৰা: তুলসী পাতৰ পৰা ১ লি: আৰক প্ৰস্তুত কৰিব পাৰি

-      প্ৰথমে পাতবোৰ ওৰেটি নিশা পানীত তিয়াই থব লাগে

-      পিছদিনা পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়

-      চেকি লোৱা আৰকখনিত খাদী চাবোনৰ পানী (প্ৰতি লি: আৰকত ১ মি:লি:) মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

এই আৰকৰ দ্বাৰা নিয়ন্ত্রণ কৰিব পৰা পোক কিছুমান হ- শূৰ পোক, পঁইতাচোৰা, চাঁহি, মহ আদি

কৰচ গছ


-      কৰচ গছৰ পৰা প্ৰস্তুত কৰা বিভিন্ন আৰকসমূহৰ প্ৰাকৃতিক কীটনাশকৰ গুণ আছে

 

কৰচ পাতৰ আৰকঃ


-     
১ কি:গ্ৰা: কৰচ পাত ১ লি: পানীত এৰাতিৰ বাবে তিয়াই থব লাগে

-      পিছদিনা পাতবোৰ পিচি আৰক প্ৰস্তুত কৰা হয় আৰু সেইখিনি চেকি লোৱা হয়

-      চেকি লোৱা আৰকখিনিত ৪ লি: মান পানী মিহলাই ৫ লি: কৰি লব লাগে আৰু খাদী চাবোনৰ পানী ৫ মি:লি: কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

কৰচ গুটিৰ আৰকঃ


-      ৫০ গ্ৰা: কৰচ গুটি বাকলি গুচাই লব লাগে যাতে তাৰ তেল ওলাই নাহে

-      খুন্দা গুটিখিনি কোমল পাতল কাপোৰত বান্ধি এৰাতি ৰাখিব লাগে

-      পিছদিনা টোপলাটো চেপি আৰকখিনি চেকি লোৱা হয়

-      চেকি লোৱা আৰকখিনিত পানী মিহলাই ১০ লি: কৰি লব লাগে আৰু খাদী চাবোনৰ পানী ১০ মি:লি: মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

কৰচ গুটিৰ খলিহৈৰ আৰকঃ


-     
১০০ গ্ৰা: কৰচ গুটিৰ খলিহৈ ভালদৰে খুন্দি এখন পাতল কপাহী কাপোৰেৰে বান্ধি ১ লি: পানীত ৰাতিটোৰ বাবে বাবে তিয়াই থব লাগে

-      পিছদিনা টোপোলাটো চেপি আৰকখিনি প্ৰস্তুত কৰা হয়

-      এই আৰকখিনিত ১ মি:লি: খাদী চাবোনৰ পানী মিহলাই স্প্ৰে কৰিব পাৰি

 


কৰচ গুটিৰ তেলঃ

-      ৩০ মি:লি: কৰচ গুটিৰ তেল ১ লি: পানীত মিহলাব লাগে

-      ১ মি:লি: খাদী চাবোনৰ উক্ত মিশ্ৰণত ভালদৰে মিহলাই স্প্ৰে কৰিব পাৰি

কৰচ গছৰ পৰা প্ৰস্তুত কৰা বিভিন্ন আৰকৰ দ্বাৰা শূৰ পোক, মোৱা পোক, টেঙা শস্যৰ লিফ মাইনাৰ, শস্য কৃমি, মজাখোৱা পোক আদি নিয়ন্ত্রণ কৰিব পাৰি

কীটনাশক হিচাপে ঘৃতকুমাৰী আৰু পচতীয়া পাত



-      ৫০ মি:লি: ঘৃতকুমাৰী পাতৰ ৰসৰ পৰা ২ লি: আৰক প্ৰস্তুত কৰিব লাগে

-      ৫ কি:গ্ৰা: পচতীয়া পাত পানীত ডুব যোৱাকৈ তিয়াই উতলাই লব লাগে আৰু পিছত চেকি লব লাগে

-      দুয়োখিনি আৰক মিহলাই তাৰ লগত ৫০ লি: পানী মিহলাই লব লাগে আৰু কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

নিয়ন্ত্রণ কৰিব পৰা কিছুমান পোক হ-

আমেৰিকান বল ৱৰ্ম, মোৱা পোক, শূৰ পোক, বেক্টেৰীয়াজনিত আৰু ভেঁকুজনিত ৰোগ আদি

কীটনাশক হিচাপে নহৰু, আদা আৰু  জলকীয়া



 

-      ৫০০ গ্ৰা: নহৰু ১০০ মি:লি: কেৰাচিনত মিহলাই এৰাতি তিয়াই থব লাগে আৰু পিছদিনা বাকলিবোৰ গুচাই পেষ্ট তৈয়াৰ কৰিব লাগে

-      ১০০ গ্ৰা: কেঁচা জলকীয়া ৫০ মি:লি পানীত মিহলাই পেষ্ট তৈয়াৰ কৰিব লাগে

-      তিনিওবিধ সামগ্ৰীৰ পেষ্ট মিহলাই তাৰ লগত ২৫-৩০ লি: পানী মিহলাই কীট নিয়ন্ত্রণৰ বাবে স্প্ৰে কৰিব পাৰি

নিয়ন্ত্রণ কৰিব পৰা পোক কিছুমান হ-

শাক-পাচলিৰ বিভিন্ন পাত খোৱা পোক, বৰল পোক, মোৱা পোক, শূৰ পোক আদি

কীটনাশক হিচাপে মেক্সিকান নাৰ্জীফুল


         মেক্সিকান নাৰ্জীফুলৰ পৰা প্ৰস্তুত কৰা প্ৰাকৃতিক কীটনাশকে বিভিন্ন কীটক নিয়ন্ত্রণ কৰিব পাৰি এটা বাল্টিত কিছু পৰিমাণে মেক্সিকান নাৰ্জীফুল লৈ অলপ পানী দি ৫-৬ দিনৰ বাবে ৰাখি থব লাগে যেতিয়া ফুখিনি পচিবলৈ আৰম্ভ কৰে তেতিয়াই সেইখিনি কাপোৰেৰে চেকি লৈ তাত খাদী চাবোনৰ পানী মিহলাই স্প্ৰে কৰিব পাৰি

 

পথৰুৱা বিহলঙনিৰ আৰক

৩০ কি:গ্ৰা: পথৰুৱা বিহলঙনি মিহিকৈ কাটি ১০০ লি: পানীত ডুবাই ৰাখিব লাগে ৪ দিনৰ পিছত পানীভাগ চেকি শতকৰা ১০-২০ ভাগ হাৰত শস্যত স্প্ৰে কৰিব লাগে এই মিশ্ৰণে ৰঙা চাঁহী পোক নিয়ন্ত্রণত কাম কৰে এই মিশ্ৰণৰ লগত পচতীয়া পাতো ব্যৱহাৰ কৰিব পাৰি

 

অন্যান্য প্ৰাকৃতিক কীটনাশক

         মোৱা পোক, পাত সোহা পোক, পাত ওকনি, ফুটফুটীয়া বিটল পোক, পলু পোক মজাখোৱা পোক, বৰল পোক আদি নিয়ন্ত্রণৰ বাবে তলত দিয়া কীটনাশকবোৰ ব্যৱহাৰ কৰিব পাৰি


হালধীৰ ৰসঃ


২০ গ্ৰা: হালধীৰ ৰস ২০০ মি:লি: গাই গৰুৰ মূতৰ লগত ভালদৰে মিহলাব লাগে উক্ত মিশ্ৰণটো ২-  লি: পানীৰ মিহলাই স্প্ৰে কৰিব লাগে

 

আদাৰ ৰসঃ


        ৫০ গ্ৰা: আদা পিচি লৈ এটা প্ৰলেপ তৈয়াৰ কৰিব লাগে আৰু ২-৩ লি: পানীৰ লগত মিহলাই স্প্ৰে কৰিব লাগে

 

আটলচ কঠাল নিম জলকীয়াৰ মিশ্ৰণঃ


-     
১০০ গ্ৰা: আটলচ কঁঠালৰ পাত ভালদৰে খুন্দি লব লাগে ৫০০ মি:লি: পানী তাত মিহলাব লাগে আৰু চেকিব লাগে

-      অন্যহাতে, ২৫ গ্ৰাম শুকান জলকীয়া ৰাতিটোৰ বাবে তিয়াই থব লাগে আৰু পিছদিনা পিচি লৈ চেকিব লাগে ৫০ গ্ৰা নিমৰ গুটি খুন্দি লৈ ২০০ মি:লি পানীত মিহলাই ৰাতিটোৰ বাবে ৰাখি থব লাগে আৰু পিছদিনা চেকি লব লাগে এতিয়া তিনিওবিধ মিশ্ৰণ ৫০৬ লি: পানীত মিহলাব লাগে আৰু পুৰ চেকি লৈ স্প্ৰে কৰিব পাৰি

অমিতা পাতৰ ৰসঃ

-      ৫০ গ্ৰা: ভালদৰে পিহিলোৱা অমিতাৰ পাত ১০০ মি:লি: পানীত তিয়াই থব লাগে ভালদৰে জোকাৰিব লাগে আৰু ৰাতিটোৰ বাবে ৰাখি থব লাগে পিছদিনা পাতল কপাহী কাপোৰেৰে চেকি লৈ ২-৩ লি: চাবোন পানীত মিহলাই স্প্ৰে কৰিব পাৰি এই চাবোন পানীখিনি প্ৰতি লি: মিশ্ৰণত ৪ মি:লি কৈ মিহলাই লব লাগে

শস্যকৃমি নিয়ন্ত্রণৰ বাবেঃ

      


 
মাটিত নিমৰ খলিহৈ প্ৰয়োগ

   % নিম গুটিৰ পাউদাৰেৰে বীজ শোধন

 




শস্যৰ ভেঁকুৰজনিত, বেক্টেৰীয়াজনিত আৰু ভাইৰাছজিনত ৰোগ নিয়ন্ত্রণঃ

-      গুৰি চিয়া হৈ শুকাই যোৱা, আগ শুকাই যোৱা, হঠাৎ লেৰেলি যোৱা, ফল পচা, শিপা পচা আদি নিয়ন্ত্রণৰ বাবে তলত দিয়া মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰি

 

গৰুৰ মূতঃ


         ৫০ মি:লি গৰুৰ মূত ৫০০ মি:লি: পানীত মিহলাই ৰাতিপুৱা সময়ত শস্যত স্প্ৰে কৰিব লাগে

 

 


গোৱৰৰ মিশ্ৰণঃ


        ১ কি:গ্ৰা: গোৱৰ ১০ লি: পানীত ভালদৰে মিহলাব লাগে এখন কাপোৰেৰেচেকি মিশ্ৰণখিনি পুনৰ ৫ লি: পানীত মিহলাব লাগে পুৰ একেখন কাপোৰেৰে চেকিব লাগে উক্ত মিশ্ৰণখিনি শস্যত স্প্ৰে কৰিব লাগে


পদিনাৰ ৰসঃ

     

   ২৫০ গ্ৰা: পদিনাৰ পাত পিচি এটা প্ৰলেপ তৈয়াৰ কৰিব লাগে আৰু ইয়াৰ লগত ২ লি: পানী মিহলাব লাগ উক্ত মিশ্ৰণখিনি শস্যত স্প্ৰে কৰিব লাগে




বচ গছৰ  আলুৰে বীজ শোধনঃ


১০ গ্ৰা
: বচ গছৰ আলুৰ গুড়ি ৬০ মি:লি: পানীৰ লগত মিহলাই চেকি লব লাগে বীজ সিঁচাৰ আগেয়ে  উক্ত মিশ্ৰণখিনি আধাঘন্টাৰ বাবে তিয়াই ৰাখিব লাগে

 



পঞ্চ-পত্ৰৰ আৰকঃ   

পাঁচবিধ বিভিন্ন গুণাগুণৰ উদ্ভিদৰ পাত দৰকাৰ হয়-

বগা আঠা ওলোৱা উদ্ভিদ- যেনে, কেক্টাছ, ভোট-এৰা, আকন, কৰবী ফুল আদি

তিতা জাতীয় উদ্ভিদ- নিম, চিৰতা, অমৰলতা আৰু দোৰোণ

যিবোৰ উদ্ভিদ সাধাৰণতে গৰুৱে নেখায়- তিতা বাহেক, বাম কলমৌ

সুগন্ধি উদ্ভিদ- পচতীয়া, ৰাম তুলসী

কীট আৰু ৰোগ-ব্যাধিয়ে সহজে আক্ৰমণ নকৰা উদ্ভিদ- বাম কলমৌ, নুনী

প্ৰত্যেকবিধৰে ১ কিলোগ্ৰাম পাত লব লাগে আৰু ভালদৰে মোহাৰি লব লাগে দ্ৰব্যখিনি এটা মাটিৰ পাত্ৰত ভৰাব লাগে আৰু দুগুণ পানী ভৰাব লাগে মিশ্ৰণটোত ১ লিটাৰ গৰু-মূত আৰু ১০০ গ্ৰাম হিং মিহলাব লাগে পাত্ৰটোৰ মুখখন কাপোৰেৰে টানকৈ বান্ধিব লাগে আৰু প্ৰতিদিনে আবেলি মিশ্ৰণটো ভালদৰে লৰাব লাগে

উক্ত মিশ্ৰণটো এসপ্তাহৰ বাবে ব্যৱহাৰ কৰিব পাৰি উক্ত মিশ্ৰণৰ ৫০০ মিলিলিটাৰ ১০ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি কীট আক্ৰমণৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰি ১ লিটাৰলৈকে মিশ্ৰণটো বঢ়াব পাৰি

ভোট-এৰাৰ আৰকঃ


প্ৰতি বিঘা শস্যৰ বাবে ১-১.৫ কিলোগ্ৰাম ভোট-এৰাৰ পাতৰ প্ৰয়োজন হয় উক্ত পাতখিনি থেতালি লৈ এটা মাটিৰ পাত্ৰত ভৰাব লাগে তাৰ লগত ১.৫ লিটাৰ পানী মিহলাব লাগে পাত্ৰটোৰ মুখখন বান্ধি ৩-৭ দিনৰ বাবে ৰাখি থব লাগে পিছত মিশ্ৰণখিনি চেকিব লাগে আৰু উক্ত মিশ্ৰণৰ ০.৫ লিটাৰ ৯.৫ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি

 


কাশ্যম প্ৰস্তুতঃ

কাশ্যম প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ হোৱা উদ্ভিদবোৰ হল-

 

                        বনমেথি                                                                               কালমেঘ

কালমেঘ- সকলোপ্ৰকাৰৰ পলু পোক নিয়ন্ত্ৰণৰ বাবে

বন-মেথি- মোৱা পোক আৰু অন্যান্য ৰস শুহি খোৱা পোক নিয়ন্ত্ৰণৰ বাবে

বাহেক তিতা- ভেঁকুৰজনিত ৰোগ

পঞ্চ তিতা কাশ্যম- সকলো প্ৰকাৰৰ কীট

নিৰ্বাচিত উদ্ভিদবিধ শিপা নোহোৱাকৈ সংগ্ৰহ কৰি আনি সৰু সৰুকৈ কাটিব লাগে প্ৰতি বিঘা মাটিৰ বাবে প্ৰায় ৭০০ গ্ৰাম দৰকাৰ হয় উক্ত উদ্ভিদখিনি বহল মুখৰ পাত্ৰত ভৰাই তাৰ  লগত প্ৰায় ৩ লিটাৰ পানী মিহলাই উতলাব লাগে পানীৰ পৰিমাণ কমি গৈ যেতিয়া প্ৰায় ৭৫০ মিলিলিটাৰ হয়গৈ তেতিয়াই সেইখিনি ঠাণ্ডা হবলৈ দিব লাগে আৰু চেকিব লাগে উক্ত মিশ্ৰণৰ ৩০০ মিলিলিটাৰ লৈ তাৰ লগত পানী মিহলাই ১০ লিটাৰ কৰিব লাগে আৰু তাৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাই আক্ৰান্ত শস্যৰ পথাৰত ৰাতিপুৱা ছটিয়াব পাৰি

 

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান