সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

 

নয়ন কুমাৰ বৰা

         

খোৱা তেল বা মিঠাতেল হিচাপে সৰিয়হৰ তেল আমাৰ সমাজৰ প্ৰতিটো পৰিয়ালতে এক অপৰিহাৰ্য্য দ্ৰব্য মিঠাতেলৰ বজাৰ চাহিদাও কম নহয় আজিকালি পেকেট মিঠাতেলৰ ব্যৱসায় হোৱাৰ পৰা ই এক বিশেষ উদ্যগলৈ গতি কৰিছে কেৱল খোৱাতেল হিচাপেই যে ইয়াৰ চাহিদা আছে তেনে নহয় কাহুদি, খৰালি, পানীটেঙা মচলা চাটনিৰ উপৰিও সৰিয়হৰ খলিহৈক পশু খাদ্য আৰু কীটনাশক হিচাপে ব্যৱহাৰ কৰাৰ চাহিদাও বৰ্ত্তমান সময়ত বৃদ্ধি পাইছে

অসমত প্ৰায় ২.৮৬ লাখ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰা হয় যদিও গড় উৎপাদন অতি কম হৈ আছে, প্ৰতি হেক্টৰত মাত্ৰ ৬৪৩ কিলোগ্ৰাম। মুঠ উৎপাদন ১.৮৪ লাখ উৎপাদন যদিও এই উৎপাদনে অসমৰে চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত অসমৰ বাহিৰৰ পৰা বুজন পৰিমাণৰ সৰিয়হ আমদানি কৰিবলগীয়া হয়। অসমৰ বালিচঁহীয়া পলসুৱা মাটিবোৰ সৰিয়হৰ খেতিৰ বাবে অতি উপযুক্ত তদুপৰি বান অধ্যুষিত অঞ্চলত এই খেতিয়ে এক উল্লেখযোগ্য পৰিৱৰত্তন আনি দিব পাৰে 

সৰিয়হৰ প্ৰজাতি:

          সৰিয়হৰ প্ৰজাতিসমূহ হ- হালধীয়া সৰিয়হ (Yellow Sarson), মুগা সৰিয়হ (Brown Sarson), ৰেপচিদ বা টৰীয়া (Rapeseed or Toria), ৰাই (Rye), লা সৰিয়হ (Black mustard), পাহাৰী ৰাই (Brassica juncea), তাৰামিৰা (Taramira) আৰু বগা সৰিয়হ (White mustard)

অসমত সাধাৰণতে ২ প্ৰজাতিৰ- ৰেপচিদ বা টৰিয়া আৰু ৰাই (লাই) সৰিয়ৰ খেতি কৰা হয় টৰিয়াবোৰ কম দিনত চপাব পৰা সৰিয়হ (৯০-৯৫ দিন) আৰু গছ চাপৰ হয় কমদিনতে চপাব পৰা জাত হলেও টৰিয়া জাতৰ উৎপাদন কম খৰাং বতৰ, কীট-পতংগ আৰু বেমাৰ আজাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও কম তদুপৰি গুটি ধৰিবৰ বাবে ফুলাৰ সময়ত মৌ-মাখিৰ জৰিয়তে পৰাগ সংযোগ হবই লাগিব যদি পথাৰত মৌ-মাখি বা অন্য ধৰণৰ পৰাগ সংযোগকাৰী পতঙ্গ নেথাকে তেন্তে ছেঁইবোৰত গুটি নধৰে আনহাতে,লাইজাতীয় সৰিয়হত এইবোৰ সমস্যা নাই কিন্তু, টৰিয়াতকৈ ইহঁতৰ অধিক সময় লাগে ইহঁতবোৰ ওখ, থিয় আৰু উৎপাদনো বেছি ভাৰতৰ অন্যান্য ৰাজ্যত এই লাইজাতীয় সৰিয়হৰ খেতি বেছিকৈ কৰা হয়

অনুমোদিত জাত:

ৰেপচিড বা টৰিয়া জাত:  টি.এচ.-৩৮ (৯০-৯৫ দিন), টি.এচ.৩৬ (৯০-৯৫ দিন), এম২৭ (৯০-৯৫ দিন), টি.এচ.৪৬ (৯৪ দিন), টি.এচ.৭ (৯০ দিন), আৰু জে.টি ৯০-১ (জেউতি-১০৫-১১৫ দিন)

মাষ্টাৰ্ডঃ  পি.ম.২ (১০৭ দিন), পি.ম.২৭ (১০৭ দিন), এন.আৰ.চি.এইচ.বি-১০১(১০৭ দিন)

মাটি প্ৰস্তুতি

    বালিচহীয়া পলসুৱা মাটি সৰিয়হৰ বাবে উপযুক্ত চৰ-চাপৰি নৈপৰীয়া অঞ্চলত সেয়েহে সৰিয়হৰ খেতি ভাল হয় সৰিয়হৰ খেতিৰ বাবে মাটিখিনি মিহিকৈ চাহ কৰা হব লাগে যদিও বালিয়া মাটিত বেছিকৈ চাহ কৰিলে মাটিৰ পানীধাৰন ক্ষমতা কমি যাব আৰু বীজৰ অঙ্কুৰণ তথা গছৰ বৃদ্ধিত ব্যাঘাত জন্মাব অসমৰ প্ৰায়বোৰ মাটিয়েই আম্লিক অৰ্থাৎ টেঙা হোৱাৰ বাবে শস্যৰ উৎপাদন কমি যায় সেয়ে এই টেঙা গুণটো নাইকিয়া নাইবা কমাবৰ বাবে বিঘাই প্ৰতি ৬৫.৫ কিঃগ্ৰাঃ ডলমাইট চূণ সিঁচাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ৰসায়নিক সাৰৰ পৰিমাণঃ

বৰষুনিৰ্ভৰশীলঃ ইউৰিয়া-১২ কিঃগ্ৰাঃ, চুপাৰ-২৮ কিঃগ্ৰাঃ আৰু পটাচ- ৩ কিঃগ্ৰাঃ

জলসিঞ্চিত খেতিত ইউৰিয়া-১৮ কিঃগ্ৰাঃ, চুপাৰ-কিঃগ্ৰাঃ আৰু পটাচ-৮ কিঃগ্ৰাঃ

পাহাৰীয়া অঞ্চলত (বৰষুনিৰ্ভৰশীল): ইউৰিয়া-২০ কিঃগ্ৰাঃ, চুপাৰ-২৮ কিঃগ্ৰাঃ

উপৰোক্ত সাৰখিনি শেষত চাহ হালবোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে।

তদুপৰি, বৰাক্স সাৰো উক্ত সাৰৰ লগতে প্ৰয়োগ কৰিলে সৰিয়হৰ উৎপাদন ভাল হয়। অঞ্চলভেদে বৰাক্স সাৰৰ পৰিমাণ হ’ল-

উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত      : বিঘাই প্ৰতি ১.৩৪ কিলোগ্ৰাম

উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল                   : বিঘাই প্ৰতি ০.৬৭ - ১.৩৪ কিলোগ্ৰাম

মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল                       : বিঘাই প্ৰতি  ১.০ কিলোগ্ৰাম

বীজ সিঁচা সময়  আৰু পদ্ধতি:

·       প্ৰতি বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ-.৩ কিঃগ্ৰাঃ

·       সৰিয়হ সিঁচাৰ উপযুক্ত সময় হল অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ অৱশ্যে বীজৰ পৰিমাণ কিছু বঢ়াই নবেম্বৰৰ শেহতীয়াকৈ সিঁচিব পাৰি যিমান সোনকালে সিঁচে, সিমান মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি

·       ভেঁকুৰজাতীয় ৰোগৰ প্ৰতিষেধক হিচাপে বীজখিনি Metalaxyl 35 WS (প্ৰতি কিলোগ্ৰামত ৬ গ্ৰাম) শোধন কৰি লব লাগে

সৰিয়হৰ ৰোগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা:

১। অলটাৰনেৰিয়া ব্লাইট:

 

ক্ষতিৰ লক্ষণ:

- পাতৰ তলপিঠিত প্ৰথমে বৃত্তাকাৰ মুগা ৰঙৰ দাগ দেখিবলৈ পোৱা যায় আৰু পিছলৈ সেইবোৰৰ আকাৰ বৃদ্ধি পাবলৈ ধৰে আৰু পাতবোৰ গেলিবলৈ আৰম্ভ কৰে আৰু সৰি যায়

- বৃত্তাকাৰ বা অৰ্দ্ধ-বৃত্তাকাৰ একেধৰণৰ লক্ষণ ঠাল আৰু ছেঁইতো দেখিবলৈ পোৱা যায়

আক্ৰান্ত ছেঁইবোৰৰ পৰা ঢেলা ৰঙৰ সোঁতোৰা পৰা বীজ উৎপাদন হয়

নিয়ন্ত্ৰণৰ দিহা: মেটালেক্সিল৮% + মেনকজেব৬৪% - প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩  লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতি লিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)

২। বগা মামৰে ধৰা (White rust):

 

ক্ষতিৰ লক্ষণ:

- পাতত বগা-হালধীয়া মাখনৰ নিচিনা ফোঁহা দেখা যায় আৰু পিছলৈ গোটেই পাতখিলালৈ বিয়পি পৰে

- সৰিয়হৰ ফুল ধৰাৰ সময়ত এই ৰোগে আক্ৰমণ কৰিলে ফুলৰ ঠাৰি অংশ ‘হৰিণ শিং’ৰ নিচিনা আকাৰ হয়

নিয়ন্ত্ৰণৰ দিহা: মেটালেক্সিল৮% + মেনকজেব৬৪% - প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩  লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতি লিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)

৩। ডাউনি মিলদিউ (Doney mildew)

ক্ষতিৰ লক্ষণ:

-      পাতৰ তলপিঠিত কজলা বৰণৰ অনিয়মিত শেতা দাগ দেখা যায়

-      এই ৰোগে আক্ৰমণ কৰিলেও ফুলৰ ঠাৰি অংশ ‘হৰিণ শিং’ৰ নিচিনা আকাৰ হয়        

নিয়ন্ত্ৰণৰ দিহা: মেটালেক্সিল৮% + মেনকজেব৬৪% - প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩  লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতি লিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)। 

৪। পাউদাৰী মিলদিউ (Powdery mildew)

ক্ষতিৰ লক্ষণ:

-      লেতেৰা বগা, বৃত্তাকাৰ, পাউদাৰৰ নিচিনা দাগ পাতৰ দুয়োপিঠিতে দেখা যায়

-      বতৰ বেয়া হলে গোটেই পাতখিলা, ঠাল-ঠেঙুলি, ফুল আৰু ছেঁইবোৰ এই ৰোগত আক্ৰান্ত হয়        

নিয়ন্ত্ৰণৰ দিহা:

-      নিৰ্দিষ্ট সময়ত সৰিয়হ সিঁচিব লাগে

-      পথাৰখন চাফ-চিকুনকৈ ৰাখিব লাগে

-     অনুমোদিত হাৰত পটাছ সাৰ প্ৰয়োগ কৰিব লাগে

সৰিয়হৰ কীট আৰু নিয়ন্ত্ৰণ ব্যৱস্থা:

১। মোৱা পোক (Mustard Aphid):

ক্ষতিৰ লক্ষণ:

-      এই পোকৰ লেটা আৰু প্ৰাপ্তবয়স্ক পোকে সৰিয়হৰ পাত, চুপহি আৰু চেঁইৰ ৰস চুহি খাই অনিষ্ট কৰে

-      আক্ৰান্ত পাতবোৰ মেৰ খাই আৰু পিছত গছজোপা শুকাই মৰি যায়।

-      সৰিয়হজপোা নিশকতীয়া হৈ যায় আৰু ছাঁই বৰণীয়া ভেঁকৰৰ আক্ৰমণ পৰিলক্ষিত হয়।        

নিয়ন্ত্ৰণৰ দিহা:

-      সাধাৰণতে আগতীয়াকৈ অৰ্থা অক্টোবৰ (কাতি-আঘোন) মাহত সৰিয়হ সিঁচিলে মোৱা পোকৰ আক্ৰমণৰ পৰা শস্যডৰা ৰক্ষা কৰিব পাৰি।

-      সৰিয়হ তলিত হালধীয়া ৰঙৰ আঠাযুক্ত কাৰ্ড লগাই মোৱা পোকৰ সংখ্যা হ্ৰাস কৰিব পাৰি।

-      প্ৰথম অৱস্থাতে সৰিয়হৰ পথাৰ নিৰীক্ষণ কৰি মোৱা পোক আক্ৰমণিত ঠাল-ঠেঙুলিবোৰ চিঙি আনি নষ্ট কৰি পেলাব লাগে।

-      নিমতেল(২% শক্তিযুক্ত)বা নিমগুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫% শক্তিযুক্ত) সৰিয়হতলীডৰাত ছটিয়াই ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

-      শেহতীয়াকৈ পৰভক্ষী পতঙ্গ যেনে, লেডি বাৰ্ড বিটল, লেচউইং, পৰাশ্ৰয়ী পতঙ্গ আৰু পৰাশ্ৰয়ী ভেঁকুৰ আদিৰ জৰিয়তে জৈৱিকভাৱে এই পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা হৈছে।

-      ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ক্লৰপাইৰিফচ্ ২০ ই.চি. বা মালাথিয়ন ৫০ ই.চি. আৰু অন্যান্য অনুমোদিত কীটনাশক বিশেষজ্ঞৰ পৰামৰ্শ লৈহে স্প্ৰে কৰা উচিত।

২। সৰিয়হৰ কৰত মাখি (Mustard Saw Fly):

ক্ষতিৰ লক্ষণ:

-      এই পোকে পলু অবস্থাত পাতৰ কাষৰ পৰা মধ্য সিৰালৈকে খাই

-      পাতত বহুতো ফুটা সৃষ্টি কৰে আৰু পিছত গোটেই পাতখিলাই গো-গ্ৰাসে খাই অনিষ্ট কৰে

-      সৰিয়হজোপা শুকাই যায় আৰু ছেঁই নধৰে

নিয়ন্ত্ৰণৰ দিহা:

-      আগতীয়াকৈ সৰিয়হ সিঁচা আৰু চাফ-চিকুণকৈ খেতি কৰা

-      পুলি অৱস্থাত জলসিঞ্চন কৰিলে এই পোকৰ পলুবোৰ মৰি যায়

-      প্ৰাথমিক অৱস্থাতে পলুবোৰ দেখিলেই হাতেৰে মোহাৰি পেলোৱা

-      প্ৰতি বিঘাৰ বাবে Dimethoate 30% EC : ৮৮ মিলিলিটাৰ ৭০-১৩০ লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে কৰিব লাগে

পেইন্টেদ বাগ (উৰহ জাতীয় পোক):

ক্ষতিৰ লক্ষণ:

-      এই পোকৰ লেটা আৰু প্ৰাপ্তবয়স্ক পোকে সৰিয়হৰ পাত আৰু ঠাল-ঠেঙুলিৰ পৰা ৰস শুহি খায়।

-      পুলি অৱস্থাতে গছবোৰ মৰি যায়

-      সৰিয়হ চপোৱাৰ পিছতো এই পোকৰ আক্ৰমণ চলি থাকে 

নিয়ন্ত্ৰণৰ দিহা:

-      দকৈ মাটি চহালে এই পোকৰ কণী, লেটা ধ্বংস হয়

-      সৰিয়হ চপোৱাৰ পিছত পথাৰত ৰৈ যোৱা অৱশিষ্ট জাৱৰ-জোথৰ পুৰি পেলালে পৰৱৰ্তী বৰ্ষত এই পোকৰ আক্ৰমণ নহয়

-      ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে  প্ৰতি কিলোগ্ৰাম বীজত ১ গ্ৰাম Imidacloprid 70% WS সানি লৈহে বীজ সিঁচিব লাগে

সৰিয়হৰ পুষ্টিমৌলৰ অভাৱজনিত বিসঙ্গতি:             

১। চালফাৰ মৌলৰ অভাৱ:

 প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ মেগছিয়াম চালফেট (MgSO4)  পাতত স্প্ৰে কৰিব লাগে বা প্ৰতি বিঘাত ৩৩.৩৩ কিলোগ্ৰাম জিপচাম মাটিত প্ৰয়োগ কৰিব লাগে

২। আইৰণ মৌলৰ অভাৱ:

প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত ৩-৪ বাৰ এসপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে

৩। মেঙ্গানিজ মৌলৰ অভাৱ:

প্ৰতিলিটাৰ পানীত ২-৩ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত ৩-৪ বাৰ এসপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে

৪। জিংক মৌলৰ অভাৱ:

জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে। মিশ্ৰণটোত ২.৫ গ্ৰাম চূণ মিহলাব লাগে বা বিঘাই প্ৰতি ২.৬৭- ৩.৩৪ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিব লাগে

৫। কপাৰ মৌলৰ অভাৱ:

কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত ৩-৪ বাৰ এসপ্তাহৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে

৬। মলিবদেনাম মৌলৰ অভাৱ:

চডিয়াম মলিবদেট (প্ৰতি লিটাৰ পানীত ৩৭-৩৯ গ্ৰাম) স্প্ৰে কৰিব লাগে

সৰিয়হৰ উৎপাদন বৃদ্ধিৰ কেতবোৰ প্ৰয়োজনীয় কৌশল:

১। মাটি ৩-৪ বাৰহে চহাব লাগে। বেছিকৈ মাটি চহালে সৰিয়হৰ উৎপাদন কমি যায়।

২। সৰিয়হৰ মাজত নাঙলৰ সীৰলুয়েদি পানী যোগান ধৰিলে সৰিয়হৰ উৎপাদন ১০% বাঢ়ে আৰু ৩৩% পানী ৰাহি কৰিব পাৰি

৩। সৰিয়হৰ বীজত নাইট্ৰজেন সংস্থাপনকাৰী বেক্টেৰীয়া সানি ললে প্ৰতি হেক্টৰ মাটিত ৩০ কিলোগ্ৰাম নাইট্ৰজেন যোগান ধৰা হয় আৰু প্ৰায় ২১% উৎপাদন বৃদ্ধি হয়।

৪। প্ৰতি হেক্টৰ মাটিত ৪০ কিলোগ্ৰাম চালফাৰ (জিপচাম) সৰিয়হৰ বীজত ২% তেলৰ পৰিমাণ বৃদ্ধি হয় আৰু উৎপাদন ২৫% বৃদ্ধি পায়।

৫। প্ৰতি হেক্টৰ মাটিত ৫ কিলোগ্ৰাম জিংক প্ৰয়োগ কৰিলে প্ৰতিজোপা গছতে ছেঁইৰ পৰিমাণ বৃদ্ধি পায়, মাটিৰ পৰা নাইট্ৰজেন ব্যৱহাৰ বাঢ়ে আৰু ১২% উৎপাদন বৃদ্ধি হয়।

৬। বৰ’ণ সাৰ প্ৰয়োগে ছেঁই আৰু গুটি ধৰাত সহায় কৰে। বীজ সিঁচাৰ আগেয়ে প্ৰতি হেক্টৰত ১ কিলোগ্ৰাম বৰ’ণ (বৰাক্স(১২%)- ৮.৫ কিলোগ্ৰাম) বা বৰিক এচিদ(০.২৫%) বীজ সিঁচাৰ ৪০ দিন আৰু ৬০ দিন পিছত দুবাৰ স্প্ৰে কৰিলে গুটিৰ উৎপাদন ২৫% বৃদ্ধি পায়।

৭। কেঁচুসাৰ বা পচন সাৰ (প্ৰতি হেক্টৰত ২৫ কুইন্টল), অনুমোদিত ৰাসায়নিক সাৰৰ (৭৫%) লগত প্ৰয়োগ কৰিলে উৎপাদন অধিক হয়।

৮। সিঁচৰিত বা টোপাল জলসিঞ্চন (Sprinkler & Drip Irrigation) কৰিলে সৰিয়হৰ ২৫-৩০% উৎপাদন বৃদ্ধি হয়।

৯। সৰিয়হ খেতি কৰাৰ আগেয়ে মাটিখিনিত লেচেৰা মাহ বা ধইনচা (সেউজ সাৰ) সিঁচিলে সৰিয়হৰ উৎপাদন বহুখিনি বৃদ্ধি পায়। 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান