কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ
হেমেন্দ্ৰ কুমাৰ বৰি “ এমুঠিত দুটকাকৈ চাৰিমুঠি লেচেৰামাহৰ দাম আঁঠ টকা , এটা জাতিলাও , যাৰ দাম হ ’ ব দুটকা , মুঠ দহ টকা পাম , এসাঁ জ ভাতৰ বাবে প্ৰয়োজনীয় চাউলৰ ল গ তে মাছ - পুঠি কিবা এটাও যোগাৰ হ ’ লে ৰাতিৰ ভাত সাঁজ ভালকৈ খাবলৈ পাম- এই আশাৰে বজাৰলৈ গৈছিলোঁ৷ কিন্তু …..” তেওঁ বাকৰুদ্ধ হৈ পৰিল৷ তেওঁৰ আবেগত গধূৰ হৈ পৰা মাতটোৱে কথোপকথন আগুৱাই নিয়াত বাধা প্ৰদান কৰিলে ৷ চকুলৈ জলপ্লাৱন নামি অহাৰ আগজাননী আহিল , লগে লগে তেওঁৰ মুখাৱয়বত ফুটি উঠিল সেই প্লাৱনক বাধা প্ৰদান কৰাৰ এক সকৰুণ ৰূপ ৷ মানুহৰ এনে ৰূপে মোক বৰকৈ বিচলিত কৰে ৷