কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-১০

 

মাটি পৰীক্ষা


            আমি আগতেই পাই আহিছো যে মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ আগেয়ে মাটি পৰীক্ষা কৰি ল’ব লাগে। এই পৰীক্ষাৰ জৰিয়তে  মাটিত থকা মৌলৰ পৰিমাণ নিৰ্ণয় কৰা হয় আৰু সেই অনুযায়ী মাটিত কিমান পৰিমানৰ ৰাসায়নিক সাৰ যোগান ধৰিব লাগে সেয়া অনুমোদন কৰা হয়। ইয়াৰোপৰি মাটিৰ অম্লতা (পি.এইচ) নিৰ্ণয় কৰি তাক হ্ৰাস কৰিবলৈ কিমান পৰিমাণৰ চূণ প্ৰয়োগ কৰিব লাগে তাকো অনুমোদন কৰা হয়।

মাটি পৰীক্ষা ক’ত কৰিব?

         অসমৰ কৃষি বিভাগৰ অধীনত গুৱাহাটী, তেজপুৰ, যোৰহাট, শিলচৰ, হাফলং আৰু ডিফুত মাটি পৰীক্ষাগাৰ আছে। এই পৰীক্ষাগাৰ সমূহত বিনামূলীয়াকৈ মাটি পৰীক্ষা কৰা হয়। ইয়াৰোপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাট আৰু বিভিন্ন গৱেষণাগাৰ সমূহতো মাটি পৰীক্ষা কৰাৰ ব্যৱস্থা আছে। অৱশ্যে বৰ্তমান গুহাৱাটী আৰু অন্যান্য স্থানত ব্যক্তিগত প্ৰতিস্থান কিছুমানতো মাটি পৰীক্ষা কৰাৰ সুবিধা উপলব্ধ হৈছে।

         বৰ্তমান, ভাৰত চৰকাৰে মাটি স্বাস্থ্য কাৰ্ড (Soil Health Card) প্ৰৰ্ৱতন কৰিছে আৰু ৰাজ্য চৰকাৰসমূহৰ কৃষি বিভাগৰ জড়িয়তে কৃষকসকলক প্ৰদান কৰাৰ আঁচনি ৰূপায়ন কৰিছে। কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগত যোগাযোগ কৰিলে সবিশেষ জানিব পৰা হব।


মাটি পৰীক্ষা কেনেকৈ কৰিবঃ

 


-      কোনখন পথাৰৰ পৰা কি শস্যৰ বাবে মাটি পৰীক্ষা কৰা হ’ব তাক নিৰ্দ্ধাৰণ কৰি ল’ব লাগে।

-      পথাৰখনক দ’, বাম আদি ভাগত ভাগ ভাগ কৰি লোৱাৰ উপৰিও মাটিৰ ৰং, গুণ অনুযায়ীও পথাৰখন বেলেগ হ’ব লাগে।

-      নমুনা সংগ্ৰহ কৰিব বিচৰা স্থানডোখৰৰ উপৰি ভাগৰ পৰা ঘাঁহ-বন চিকুনাই ল’ব লাগে। তাৰ পিছত কোৰ নাইবা খন্তিৰ সহায়ত ইংৰাজী ‘V’ আখৰৰ নিচিনাকৈ ৬ ইঞ্চি দ’ কৈ মাটি কাটি, চপৰাটো আঁতৰাই, গাঁতটোৰ দুয়োকাষে ওপৰৰ পৰা তললৈ মাটিখিনি চুৰুকি আধা কিলোমান মাটি গোটাব লাগে।

-      বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা মাটিখিনি ছাঁত শুকুৱাই লৈ ভালদৰে মিহলাব লাগে। এতিয়া মাটিখিনি সমানে ৪ ভাগ কৰি বিপৰীতমুখী মাটিভাগ পেলাই বাকী দুভাগ মাটিক পুনৰ ৪ ভাগ কৰি আগৰদৰেই দুভাগ মাটি ল’ব লাগে। যেতিয়ালৈকে মাটিৰ পৰিমাণ আধাকিলোমান নহয় তেতিয়ালৈকে আগৰদৰেই ভাগ কৰি থাকিব লাগে।

-      সংগ্ৰহ কৰা মাটিখিনি পলিথিনৰ বেগত ভৰাই, তাৰ লগত মাটি পৰীক্ষাৰ বাবে দৰকাৰী তথ্য যেনে, নমুনাৰ নম্বৰ, নাম, ঠিকনা, দাগ নম্বৰ, কি খেতি কৰিব আৰু অন্যান্য তথ্যবোৰ সন্নিবিষ্ট কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লাগে।


নমুনা সংগ্ৰহ কৰিবৰ ক্ষেত্রত মন কৰিবলগীয়া দিশঃ

-    ডাঙৰ গছ-গছনিৰ তল, পচনসাৰৰ গাত বা গোবৰ-জাৱৰৰ দমৰ কাষৰ পৰা মাটি সংগ্ৰহ কৰিব নেলাগে।

-      মাটিত সাৰ প্ৰয়োগ কৰাৰ কমেও ৩ মাহৰ ভিতৰত নমুনা সংগ্ৰহ কৰিব নেলাগে।

-     নমুনাৰ তথ্য সম্বলিত কাগজখন যাতে নষ্ট হৈ নাযায় তাৰ বাবে কাগজখন মাটিৰ সংস্পৰ্শলৈ আহিবলৈ দিব নেলাগে।

-      মাটিডৰাৰ কোনটো স্থানৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে তাৰ চিন ভালদৰে ৰাখিব লাগে।

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান