Posts

Featured Post

ঢেকীয়া শাকৰো খেতি কৰিব পাৰি

Image
নয়ন কুমাৰ বৰা অসম তথা উত্তৰ পূ্ৰ্বাঞ্চলত অতীজৰে পৰাই ঢেকীয়া শাকৰ ব্যৱহাৰ প্ৰচলন হৈ আহিছে। গ্ৰাম্য সমাজত এই ঢেকীয়া শাক প্ৰাকৃতিকভাবেই পোৱা হয় যদিও বৰ্তমান নিকটৱৰ্তী চহৰসমূহত ইয়াৰ বাণিজ্যিক চাহিদা বৃদ্ধি হোৱাৰ বাবে ইয়াৰ উপলভ্যতা হ্ৰাস পাইছে। এমুঠি ঢেকীয়াশাক, ৫-১০ টকা দৰত চহৰসমূহত বিক্ৰি হৈ আছে, কিন্তু বজাৰসমূহত পৰ্যাপ্ত পৰিমাণে পোৱা নেযায়। সেয়ে, এই ঢেকীয়া শাকৰো যদি পৰিকল্পিতভাবে খেতি কৰি আৰ্থিকভাবে লাভৱান হোৱাৰ সম্ভাৱনা আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন প্ৰজাতিৰ ঢেকীয়া পোৱা যায় যদিও তাৰ ভিতৰত কেইবিধমান প্ৰজাতিৰ ঢেকীয়াহে শাক হিচাপে ব্যৱহাৰ কৰা হয়। তেনে কেইবিধমান প্ৰজাতি হ’ল- Diplazium esculentum (Retz.) Sw., Huperzia phlegmaria (L.) Rothm., Huperzia squarrosa (G. Forst.) Trevis. And Nephrolepis cordifolia (L.) C. Presl বিভিন্ন খনিজ লৱন, খাদ্য-আঁহ আৰু ঔষধি গুণেৰে পৰিপু্ৰ্ণ এই ঢেকীয়া শাক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীসমূহে বিভিন্নধৰণে ৰন্ধন-প্ৰকৰণ কৰে। সতেজ, কেঁচা ঢেকীয়া শাকত থকা বিভিন্ন উপাদান সমূহ নিম্নলিখিত টেবুলত উল্লেখ কৰা হৈছে – ক্ৰ.ন. উপাদান

মাকৈ খেতিৰ দিহা

Image
জাতঃ অসমৰ বাবে অনুমোদিত জাতসমূহ- সাধাৰণ মাকৈৰ জাতঃ Bisco Champion 61 (Bisco 2238), DKC 9126 (MCH 46), RMH-4558 (PRO-379), Vivek Maize Hybrid 47 (FH 3513). Vivek Maize Hybrid 53 (FH 3556), Bio 9544 (BIO151), Bisco 97 Gold (Bisco New 704), Bio 9544 (BIO151), LG 32-81 (Yuvraj Gold), Sun Vaaman, Central Maize VL 55 (FH3605) মিঠা মাকৈ ( Sweet corn) ৰ জাতঃ Hi-brix-39 (ADVSW-1), NSCH-12 (Misthi), CANDY (KSCH-333), Central Maize VL Sweet Corn 1 (FSCH18) (পাহাৰীয়া অঞ্চলৰ বাবে) আখৈ মাকৈ ( Pop Corn ) ৰ জাতঃ Shalimar Pop Corn-1 (KDPC-2) বিভিন্ন প্ৰকাৰৰ মাকৈ- দন্ত মাকৈ ( Dent Corn) :      এইবিধ মাকৈ সাধাৰণতে পশুৰ খাদ্য, সংসাধিত খাদ্য আদিৰ বাবে উদ্যোগত ব্যৱহাৰ কৰা হয়। সাধাৰণ দাঁত আকৃতিৰ; মাকৈৰ শাহটো কোমল, সোপোকা আৰু আগ অংশ কিছু বাঢ়ি যোৱা ধৰণৰ হয়।   কঠিন মাকৈ ( Flint Corn) :             এইবিধ মাকৈ গুটিৰ বাহিৰৰ বাকলি টান হয়, শাহটো কোমল আৰু ঘূৰণীয়া হয় মিঠা মাকৈ ( Sweet Corn):       পাচলি হিচাপে খাব পৰা এইবিধ মাকৈ সংসাধন কৰি ৰাখি থবও পাৰি। শাহটো কোমল আৰু ইয়াৰ এবিধ বিশেষ মিঠা সোৱাদ আ

ক্ষুদ্ৰ পৰ্যায়ত শাক-পাচলিৰ সংৰক্ষন আৰু সংসাধন

Image
 ★  সতেজ পাচলিয়ে বজাৰত উপযুক্ত দাম পাবলৈ সক্ষম হয় যদিও এইবোৰক সোনকালে বিক্ৰি কৰিব লগীয়া হয়। সেয়ে, দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ বাবে শাক-পাচলি চপোৱাৰ পিছত সেইবোৰক বিভিন্ন পদ্ধতিৰে শোধন আৰু সংসাধন কৰিবলগীয়া হয়। ★  শাক-পাচলি সংৰক্ষনৰ সকলো প্ৰযুক্তি-কৌশলৰ উদেশ্যে হ’ল- শাক-পাচলিৰ জীৰ্ণ হোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰা বা ইয়াক দীঘলীয়া কৰা। অন্য কথাত, শাক-পাচলিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া হ্ৰাস কৰা। ★  অৱশ্যে,চপোৱাৰ সময়ত শাক-পাচলিৰ পূৰঠ অৱস্থা আৰু ভৌতিক কাৰকসমূহৰ বিষয়ে গুৰুত্ব দিব লাগিব ★    তদুপৰি, শাক-পাচলি চপোৱা আৰু ইয়াৰ পৰা প্ৰস্তুত দ্ৰব্য মাজৰ সময়খিনি যিমান পাৰি সিমান কম হব লাগে। ★  অনুজীৱৰ সংক্ৰমণৰ দ্বাৰা যাতে পাচলি পচি যাব নোৱাৰে তাৰবাবে কিছুমান ব্যৱস্থা লোৱাতো দৰকাৰ। শাক-পাচলি চিঙোতে যাতে আঘাটপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো এই আঘাটবোৰেদি অনুজীৱৰ সংক্ৰমণ হয় আৰু শাক-পাচলি সোনকালেই পচিবলৈ ধৰে। ★  প্ৰাথমিক সংসাধন পৰ্যায়ত শাক-পাচলি বাচনি কৰা, চাফা কৰা ইত্যাদি কাৰ্যসমূহ কৰা হয়। ★  দ্বিতীয় পৰ্যায়ত পৰিষ্কাৰ কৰা শাক-পাচলিবোৰ ব্যৱহাৰ কৰা হয়। এই পৰ্যায়ত শ্ৰেণী বিভাজন কৰা, টুকুৰা কৰা, বৰ্নহী

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান