বগাই যোৱা শাক-পাচলিৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ


১। বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণ (Fruit fly):

ক্ষতিৰ লক্ষণ:




- কণীৰ পৰা ওলোৱা পলুবোৰে ফলৰ ভিতৰত সোমাই খাই আৰু ফলটো গেলি যায়।

- কলি অৱস্থাত এই পোকে আক্ৰমণ কৰিলে ফলটো বাঢ়িবলৈ নেপাই আৰু অপৈনত আৱস্থাতে সৰি যায়

- ফলবোৰত পিছত বেক্টেৰীয়া সংক্ৰমিত হৈ পচি যায়

নিয়ন্ত্ৰণৰ দিহা:

- বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণৰ বাবে আক্ৰমণিত ফলবোৰ সংগ্ৰহ কৰি আঁতৰত ধ্বংস কৰি পেলসাব লাগে।

- ফল চপোৱাৰ পিছত চাঙৰ তলৰ মাটিখিনি পাতলীয়াকৈ খুচুৰি-মেলি দিব লাগে।

- জৈৱিকভাবে নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

- মিথাইল ইউজেনল (০.১%) ফান্দ ব্যৱহাৰ কৰিব লাগে। (এইবিষয়ে সবিশেষ লিখনিৰ লগত সংলগ্ন ফটো চাওক)


২। ৰঙা বিটল পোক: (Red Pumpkin Beetle):

ক্ষতিৰ লক্ষণ:



- পাত আৰু ফুলবোৰ খাই ফুটা কৰি আনিষ্ট কৰে

- গুৱৰুৱা অৱস্থাত গছজপাৰ মাটি অংশত লাগি থকা ডাল আৰু শিপা খাই অনিষ্ট কৰে

নিয়ন্ত্ৰণৰ দিহা:

- এই পোকৰ লেটা, কণী আদি মাটিতে থাকে বাবে খেতি কৰাৰ আগতেই মাটিডৰা দ’কৈ চহাব লাগে যাতে সেইবোৰ মাটিৰ ওপৰত ওলাই ৰ’দৰ তাপত অনিষ্ট হয়।

- নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে trichlorfon  5% GR প্ৰতি বিঘা মাটিত ৬৫ গ্ৰাম প্ৰয়োগ কৰিব লাগে


৩। পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner):

ক্ষতিৰ লক্ষণ:




- পাতত ভিতৰত সোমাই খাই আৰু সুৰঙ্গৰ সৃষ্টি কৰে

- বেছিকৈ আক্ৰমণ কৰিলে পাতবোৰ শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- এইবিধ পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত এৰা, বিলাহী বা নাৰ্জী ফুল প্ৰতিৰোধী শস্য হিচাপে ৰোপন কৰিব লাগে।

- হালধীয়া আঠাযুক্ত কাৰ্ড বা ফান্দ (প্ৰতি বিঘা মাটিত ৩ খনকৈ) আঁৰি দিব লাগে।

- প্ৰাকৃতিক শত্ৰু পোক যেনে, মকৰা, লেডি বাৰ্ড বিটল, লেচ উইং আদিক সংৰক্ষণ কৰিব লাগে।

- নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

- মোৱা পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত উৰহী, নিজে গুটি সৰি পৰা ফুল বৰ্ষীয় আৰু বহুবৰ্ষীয় শস্য আদি ৰোপন কৰিব লাগে।

-  অতিমাত্ৰা আক্ৰমণিত হ’লে ‘ইমিডাক্লপিদ’৭০% ডব্লিউ জি ( প্ৰতিবিঘাৰ বাবে ৫ গ্ৰাম ৬৫ লিটাৰ পানীত)স্প্ৰে কৰিব লাগে।


ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ


১। ডাউনি মিলদিউ (Doney mildew):

ক্ষতিৰ লক্ষণ:




- পাতৰ তলপিঠিত হালধীয়া ৰঙৰ কোণীয়া দাগ দেখা যায় যিবোৰ ‘মজাইক’ কৰা নিচিনা লাগে

- সেমেকা বতৰত পাতৰ তলপিঠিত বেঙুনীয়া ৰঙৰ বৃদ্ধি দেখা যায়

- পিছত দাগবোৰ শুকাই যায়

- আক্ৰান্ত পাতবোৰ হালধীয়া হৈ সৰি পৰে

- ফলবোৰ পৈনত নহয় আৰু সোঁৱাদ নেথাকে

নিয়ন্ত্ৰণৰ দিহা:

- ওপৰৰ পৰা জলসিঞ্চন কৰিব নেলাগে

- ৰাতিপুৱা বেলা দেৰিকৈহে জলসিঞ্চন কৰিব লাগে

- বনৰীয়া বগাই যোৱা পাচলি গছবোৰ চাফা কৰিব লাগে

- ৰোগ নিয়ন্ত্ৰণৰ বাবে Zineb 75% WP  (২০০-২৬৫ গ্ৰাম ১০০- ১৩০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে


২। পাউদাৰী মিলদিউ (Powdery mildew):

ক্ষতিৰ লক্ষণ:



- বগা বা কজলা বৰণৰ পাউদাৰৰ নিচিনা দাগ পাত,  ঠাল-ঠেঙুলি আৰু আগ অংশত দেখা যায় আৰু পিছত গোটেই পাতখিলালৈ বিয়পি পৰে।

- আক্ৰান্ত অংশ মুগা হৈ শুকাই যায় আৰু পাতবোৰ অকালতে সৰি পৰে

- ফলবোৰ পূৰঠ নহয় আৰু মেটুৰা-মেটুৰি হয়

নিয়ন্ত্ৰণৰ দিহা:

- পাতবোৰৰ মাজত বায়ু চলাচল কৰাৰ সুবিধা কৰি দিব লাগে

- Carbendazim 50% WP  - ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৩। তিঁয়হ মজাইক ভাইৰাছ (Cucumber Mosaic Virus):

ক্ষতিৰ লক্ষণ:




- পুলি ৬-৮ পতীয়া হওতে এই ৰোগৰ আক্ৰমণ হলে কুমলীয়া পাত আৰু বাঢ়ন পাতবোৰত ‘মজাইক’ লক্ষণ ফুটি উঠে

- আক্ৰান্ত পাতবোৰ ঘেৰ খাই, ফুটুকা-ফুটুকী হোৱা, কেঁকুৰা-কেঁকুৰি হয় আৰু আকাৰৰ সৰু হৈ যায়

- পাববোৰ সৰু হৈ সিৰাবোৰ গোট খাই যায়

- যদি প্ৰথম অৱস্থাতে আক্ৰমণ হয়, গছত ফলন কম হয়

- ফলবোৰ অভজা হয়,  ফুটুকা-ফুটুকী হয় আৰু আকাৰত সৰু হয়

নিয়ন্ত্ৰণৰ দিহা:

- ‘তিঁয়হ মজাইক ভাইৰাছ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব।

- খেতিডৰাৰ চাৰিওকাষে ৪ শাৰী কীট প্ৰতিৰোধী শস্য যেনে, মাকৈ ৰোপন কৰিব লাগে

- এই ৰোগৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰবাবে imidacloprid 70% WG প্ৰতি বিঘাত ৪.৬৬ গ্ৰাম ৬৬ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে 


৪। পাতত ফুটফুটীয়া দাগ পৰা ৰোগ (Cercospora Leaf Spot)

ক্ষতিৰ লক্ষণ:




- প্ৰথমে পাতত সৰু সৰু পানী জ্বলা বা হালধীলা দাগ পৰে

- দাগবোৰ তৎক্ষনাত বাঢ়ি যায়, পিছত দাগবোৰ শেতা মুগা বৰণৰ বৃত্তাকাৰ নাইবা অনিয়মীয়া হয়; পাতৰ কাষবোৰ মুগা বা ক’লা হৈ যায়।

- দাগবোৰ লগ হৈ বহল হৈ যায়।

- পাতখিলা শুকাই যায় নাইবা দেই যোৱা নিচিনা হৈ যায়

- ফলবোৰো কেতিয়াবা এই ৰোগত আক্ৰান্ত হব পাৰে

নিয়ন্ত্ৰণৰ দিহা:

- পথাৰখন পৰিষ্কাৰ হৈ থাকিব লাগে

- মাটিত পানী জমা হৈ থাকিব নেলাগে আৰু গছবোৰৰ মাজত বতাহ চলাচল কৰা হব লাগে


৫। গছ লেৰেলি যোৱা ৰোগ (Fusarium wilt):

ক্ষতিৰ লক্ষণ:




- পাতৰ সিৰাবোৰ উজ্বল হৈ পৰে আৰু ৰঙ শেতা হৈ পৰে

- কুমলীয়া পাতবোৰ লেৰেলি যায় আৰু কেইদিনমানৰ ভিতৰতে গোটেই গছজোপাই লেৰেলি যায়

নিয়ন্ত্ৰণৰ দিহা:

- মাটি সৌৰকৰণ: বীজ সিঁচাৰ আগতে ভেটিবোৰ পলিথিনেৰে (০.৪৫ মিলিমিটাৰ ডাঠ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাকিব লাগে। এনে কৰিলে মাটিত থকা অনিষ্টকাৰী বীজাণুবোৰ কমি যায়।

- বীজ শোধন: প্ৰতি ১০০ গ্ৰাম বীজৰ লগত ২ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিডি  সানি শোধন কৰক। 

- পচন সাৰৰ লগত ট্ৰাইক’ডাৰমা ভিৰিডি  ( প্ৰতি বিঘাত ২.৫ কিলোগ্ৰাম) মিহলাই মাটিত প্ৰয়োগ কৰিব লাগে।

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (প্ৰতিবিঘাৰ বাবে ১০০-৩০০ মিলিলিটাৰ ২০০-২৫০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। 


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন:


১। নাইট্ৰজেন মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ১০-২০ গ্ৰামকৈ ইউৰীয়া  পাতত স্প্ৰে কৰিব লাগে


২। ফচফৰাচ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ ডি.এ.পি ১৫ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

৩। পটেছিয়াম মৌলৰ অভাৱ:




- পটেছিয়াম ক্লৰাইড  (KCl) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


৪। কেলছিয়াম মৌলৰ অভাৱ:



- কেলছিয়াম ক্লৰাইড (CaCl2) প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত তিনিবাৰ স্প্ৰে কৰিব লাগে


৫। মেগনেছিয়াম মৌলৰ অভাৱ:



- মেগছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত  স্প্ৰে কৰিব লাগে


৬। চালফাৰ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ কেলছিয়াম চালফেট (CaSO4) পাতত স্প্ৰে কৰিব লাগে

৭। বৰ’ণ মৌলৰ অভাৱ:



- বৰণ সাৰ প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

- তিতাকেৰেলাত চডিয়াম মলিবদেট (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে 


৯। আইৰণ মৌলৰ অভাৱ:

- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

১০। মেঙ্গানিজ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে


১১। জিংক মৌলৰ অভাৱ:


- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান