মাটিমাহ আৰু মগুমাহৰ অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

অনিষ্টকাৰী কীট-পতঙ্গ:

১। মাহ শস্যৰ ছেঁই বিন্ধা কৰা পোক (Gram Pod Borer):

ক্ষতিৰ লক্ষণ:




- পোৱালি পলুবোৰে প্ৰথমে পাতবোৰ খাই আৰু পিছত ছেঁইবোৰ খাবলৈ আৰম্ভ কৰে, ছেইবোৰৰ শাহ অংশখিনি খাই ফোপোলা কৰি দিয়ে

- ছেঁইবোৰত ঘুৰণীয়া ফুটা হয়

- পাত, কোঁহ, কলি আৰু ঠাল-ঠেঙুলি খাই

নিয়ন্ত্ৰণৰ দিহা:

- শাৰী পদ্ধতিত খেতি কৰিব মাজত লেচেৰা মাহৰ খেতি কৰিব লাগে

- Chlorantraniliprole 18.5% SC -প্ৰতি বিঘাত ১৩ মিলিলিটাৰ ৬৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে বা Monocrotophos 36% SL - প্ৰতি বিঘাত ৮৩ মিলিলিটাৰ ৬৩-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


২। ফুটুফুটীয়া ছেঁই বিন্ধা কৰা পোক (Spotted Pod Borer):


ক্ষতিৰ লক্ষণ:


- কলি, ফুল আৰু ছেঁইবোৰত ফুটা কৰে

- আক্ৰান্ত ছেঁই আৰু ফুলবোৰ লগ লাগি জাল গুঠাৰ নিচিনা হয়

নিয়ন্ত্ৰণৰ দিহা:

- শাৰী পদ্ধতিত খেতি কৰিব মাজত লেচেৰা মাহৰ খেতি কৰিব লাগে

- Chlorantraniliprole 18.5% SC -প্ৰতি বিঘাত ১৩ মিলিলিটাৰ ৬৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে বা Monocrotophos 36% SL - প্ৰতি বিঘাত ৮৩ মিলিলিটাৰ ৬৩-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৩। কাঁইটীয়া ছেঁই বিন্ধা কৰা পোক (Spiny Pod Borer):



ক্ষতিৰ লক্ষণ:



- ফুল আৰু কুমলীয়া ছেঁইবোৰ ওলমি পৰে

- পলু সোমোৱা পূৰঠ ছেঁইবোৰত মুগা বৰণীয়া দাগ দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- শাৰী পদ্ধতিত খেতি কৰিব মাজত লেচেৰা মাহৰ খেতি কৰিব লাগে

- Chlorantraniliprole 18.5% SC -প্ৰতি বিঘাত ১৩ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে বা Monocrotophos 36% SL - প্ৰতি বিঘাত ৮৩ মিলিলিটাৰ ৬৭-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৪। ৰঙা চাঁহি পোক (Red Spider Mite):


ক্ষতিৰ লক্ষণ:


- আক্ৰান্ত পাতবোৰ ৰঙচুৱা-মুগা বৰণৰ আৰু তাম বৰণীয়া হয়

- বেছিকৈ আক্ৰান্ত হলে পলুবোৰে পাতত জাল গুঠে

- পাতবোৰ শুকাই যায় অৰু সৰি পৰে

- ফুল আৰু ফল ধৰাত বাধা জন্মে

নিয়ন্ত্ৰণৰ দিহা:

- চাবোন মিহলি পানী পাতত স্প্ৰে কৰিব লাগে

- আৱশ্যক অনুযায়ী জলসিঞ্চন কৰিব লাগে


৫। নোমাল বিহাৰী পলু পোক (Bihar Hairy Caterpillar):

ক্ষতিৰ লক্ষণ:



- পোৱালি পলুবোৰে পাতৰ তলপিঠিত গো-গ্ৰাসে খাই

- বিছা অৱস্থাত পাতবোৰ খাই গছজোপা লঠঙা কৰি দিয়ে

- আক্ৰান্ত পাতবোৰ শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- দুডৰা খেতিৰ মাজত ১ ইঞ্চি দ’কৈ নলা খান্দিব লাগে আৰু তাত পাউদাৰ জাতীয় কীটনাশক (মালাথিয়ন ৫% পাউদাৰ) ছটিয়াব লাগে

- Quinalphos 25% EC - প্ৰতি বিঘাত ২০০ মিলিলিটাৰ ৬৭-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে বা Phenthoate 50% EC- প্ৰতি বিঘাত ১০৬ মিলিলিটাৰ ৬৭-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৬। মোৱাপোক (Aphid):

ক্ষতিৰ লক্ষণ:


- মোৱাপোকে নিঃসৰণ কৰা মিঠা ৰসত ছাঁই বৰণীয়া ভেঁকুৰৰ সংক্ৰমিত হয়

- মোৱাপোক পাতৰ মজাইক ভাইৰাচৰ বাহকো হয়

নিয়ন্ত্ৰণৰ দিহা:

- বৰষুণ আৰু বতাহ আহিলে মোৱাপোকৰ উপদ্ৰপ কমে

- Quinalphos 25% EC - প্ৰতি বিঘাত ২০০ মিলিলিটাৰ ৬৭-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৭। ডাল বিন্ধা কৰা মাখি (Stem Fly):

ক্ষতিৰ লক্ষণ:

- আক্ৰান্ত ডালবোৰ ভিতৰভাগ ৰঙা হয় আৰু একা-বেকা সুৰঙ্গৰ নিচিনা দেখা যায় আৰু তাত পোকৰ কনী আৰু লেটাও দেখা যায়

- বেছিকৈ আক্ৰান্ত হলে গছবোৰ লেৰেলি যায়

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- হালধীয়া আঠাযুক্ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে

- ফেৰম’ন ফান্দ ব্যৱহাৰ কৰিব পাৰি

- Phorate10%CG- প্ৰতি বিঘাত ১.৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে


৮। বগা মাখি (White Fly):

ক্ষতিৰ লক্ষণ:


- ছেঁইবোৰত ক’লা ফুট  পৰে

- সেউজীয়া ছেঁইবোৰ সৰি যায়

- ছেঁইবোৰ সম্পূৰ্ণ পূৰঠ নহয় আৰু বীজবোৰ সোঁতোৰা-সোঁতোৰ হয়

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- হালধীয়া আঠাযুক্ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে

- ফেৰম’ন ফান্দ ব্যৱহাৰ কৰিব পাৰি

- Phorate10%CG- প্ৰতি বিঘাত ১.৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে


৯। পাত ওকনি (Thrips):

ক্ষতিৰ লক্ষণ:



- পাতত ৰূপালী ৰঙৰ আঁচ বা চকলা দেখা যায়, যিবোৰ ৰ’দত তিৰবিৰাই থাকে

- বেছিকৈ আক্ৰান্ত হলে চকলাবোৰ লগ লাগি পাতখিলাত সালোক-সংশ্লেষণ হ্ৰাস পায়  

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- হালধীয়া আঠাযুক্ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে

- ফেৰম’ন ফান্দ ব্যৱহাৰ কৰিব পাৰি

- নাইট্ৰজেনযুক্ত সাৰৰ বেছিকৈ প্ৰয়োগ কৰিব নেলাগে

- আক্ৰান্ত গছবোৰ উভালি নষ্ট কৰিব লাগে


১০। ব্লিষ্টাৰ বিটল (Blister Beetle):

ক্ষতিৰ লক্ষণ:


- প্ৰাপ্তবয়স্ক পোকে গো-গ্ৰাসে কলি আৰু ফুলবোৰ খায়

নিয়ন্ত্ৰণৰ দিহা:

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- হালধীয়া আঠাযুক্ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে

- ফেৰম’ন ফান্দ ব্যৱহাৰ কৰিব পাৰি

- নাইট্ৰজেনযুক্ত সাৰৰ বেছিকৈ প্ৰয়োগ কৰিব নেলাগে

- আক্ৰান্ত গছবোৰ উভালি নষ্ট কৰিব লাগে


অনিষ্টকাৰী ৰোগ:


১। পাতত ফুটফুটীয়াদাগ পৰা (Cercospora Leaf Spot):

ক্ষতিৰ লক্ষণ:


- শেতা মুগা বৰণৰ বহুত সৰু সৰু ফোঁট পাতত দেখা যায়

- বেছিকৈ আক্ৰান্ত হলে পাতবোৰত অসংখ্য ফোঁট হয় আৰু পাতখিলা নষ্ট হৈ সৰি পৰে

নিয়ন্ত্ৰণৰ দিহা:

 - Mancozeb (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা Carbendazim (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) লক্ষন দেখাৰ লগে লগে স্প্ৰে কৰিব লাগে আৰু ১০ দিনৰ পিছত পুনৰ স্প্ৰে কৰিব লাগে


২। হালধীয়া মজাইক ৰোগ (Yellow Mosaic):

ক্ষতিৰ লক্ষণ:


- মাটিমাহত এই ৰোগ বেছিকৈ হয়

- প্ৰথমতে কুমলীয়া পাতত অনিয়মীয়া হালধীয়া ফোঁট দেখা যায়

- মাহ জোপাৰ আগলি অংশৰ পৰা ওলোৱা তিনিপতীয়া পাতখিলা হালধীয়া হয়

- পাতবোৰ শেতা হৈ যায় আৰু আক্ৰান্ৰ গছজোপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হৈ ফুল আৰু ফল ধৰাত বাধা প্ৰাপ্ত হয়

নিয়ন্ত্ৰণৰ দিহা:

- হালধীয়া আঠাযুক্ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগে

- আক্ৰান্ত গছবোৰ উভালি নষ্ট কৰিব লাগে

- Dimethoate 30 EC - প্ৰতি বিঘাত ৬৭ মিলিলিটাৰ ৬৭-১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে


৩। বেক্টৰীয়াজনিত পাত জহি যোৱা ৰোগ (Baterial Leaf Blight):

ক্ষতিৰ লক্ষণ:


- বুঢ়া পাতবোৰত সৰু সৰু ক’লা দাগ দেখা যায়

- দাগবোৰ বহল হৈ যায় আৰু কাষবোৰ হালধীয়া হয়

- পিছত পাতবোৰ জহি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আগতীয়াকৈ বীজ সিঁচিব লাগে

- খেতিৰ পথাৰত পানী জমা হৈ থাকিব নেলাগে


৪। এনথ্ৰাকন’জ (Anthracnose):

ক্ষতিৰ লক্ষণ:



- পাতত বৃত্তাকাৰ, ক’লা দাগ আৰু কাষটো ৰঙা-কমলা ৰঙৰ হয়

- বেছিকৈ আক্ৰান্ত হলে পাতবোৰ সৰি যায়

- গজালি মেলা সময়ত আক্ৰান্ত হলে গজালি জহি যায়

নিয়ন্ত্ৰণৰ দিহা:

- Carbendazim  (২ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) ৰে বীজ শোধন কৰিব লাগে

- আক্ৰান্ত গছবোৰ উভালি নষ্ট কৰিব লাগে

- Mancozeb (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা Carbendazim ( ০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে


৫। পাতত পাউদাৰ নিচিনা গুড়ি (Powdery Mildew):

ক্ষতিৰ লক্ষণ:


-পাতত আৰু অন্যান্য সেউজীয়া অংশত বগা পাউদাৰৰ নিচিনা ঘাঁ দেখা যায়

- ঘাঁবোৰ পিছলৈ বাঢ়ি যায় আৰু পাতৰ তলপিঠিত ঘুৰণীয়া দাগ দেখা যায়

- যেতিয়া সংক্ৰমণ বাঢ়ি যায় তেতিয়া দুয়োখন পিঠিতে বগা পাউদাৰ নিচিনা অংশবোৰ সম্পূৰ্ণকৈ দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- নিম তেল (৩%) ৰোগৰ লক্ষণ দেখাৰ পৰাই ১০ দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে

- ইউকেলিপটাচ পাতৰ ৰস (১০%) ৰোগৰ লক্ষণ দেখাৰ পিছত স্প্ৰে কৰিব লাগে, ১০ দিনৰ পিছত পুনৰ স্প্ৰে কৰিব লাগে

- Carbendazim (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা Propiconazole (১ মিলিলিটাৰ প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে


৬। শিপা পচা আৰু পাত জহি যোৱা ৰোগ (Root Rot and Leaf Blight):

ক্ষতিৰ লক্ষণ:



- এইবিধ ভেঁকুৰজনিত ৰোগত আক্ৰান্ত হলে বীজ, শিপা, গুৰি অংশ, ঠালত ঘাঁ লাগি পচি যায় আৰু মগুমাহত পাত জহি যায়

- আক্ৰান্ত পাতবোৰ হালধীয়া হৈ যায় আৰু পাতত অনিয়মিত ঘাঁ লগা দেখা যায়

- শিপা আৰু মাহজোপাৰ নিম্নাংশ ক’লা হৈ পৰে আৰু ছালবোৰ এৰাই যায়

- গছজোপা লাহে লাহে মৰি যায়, আক্ৰান্ত গছৰ মূল শিপা ফালি চালে সেইবোৰৰ ৰং ৰঙা দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- Trichoderma viride  (৪ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) বা  Pseudomonas fluorescens (১০ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) ৰে বীজ শোধন কৰিব লাগে

- মাটিত বীজ সিঁচাৰ আগতে জিংক চালফেট (৩.৩৪ কিলোগ্ৰাম প্ৰতি বিঘাত) প্ৰয়োগ কৰিব লাগে

- পুলিৰ গুৰি অংশত  Carbendazim (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে


৭। পাতত মামৰে ধৰা (Rust):

ক্ষতিৰ লক্ষণ:


- শেতা মুগা বৰণৰ কেন্দ্ৰ আৰু কাষবোৰ ৰঙা ৰঙৰ কিছুমান সৰু সৰু ফোঁট পাতত, ঠাল-ঠেঙুলি আৰু ছেঁইবোৰত দেখা যায়

- বেছিকৈ আক্ৰান্ত হলে পাতবোৰত অসংখ্য দাগ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে

নিয়ন্ত্ৰণৰ দিহা:

- Mancozeb (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা wettable sulphur (৩ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে


পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ:

১। নাইট্ৰজেন মৌলৰ অভাৱ :



প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ ইউৰীয়া  ৭ দিনৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে

২। ফচফৰাচ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ ডি.এ.পি পাতত স্প্ৰে কৰিব লাগে

৩। পটেছিয়াম মৌলৰ অভাৱ:



- পটেছিয়াম ক্লৰাইড (KCl) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৪। কেলছিয়াম মৌলৰ অভাৱ:


- কেলছিয়াম চালফেট (CaSO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৫। মেগনেছিয়াম মৌলৰ অভাৱ:


- মেগছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ ১৫ দিনৰ মূৰে মূৰে পাতত  স্প্ৰে কৰিব লাগে

৬। চালফাৰ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ৫-১০ গ্ৰামকৈ কেলছিয়াম চালফেট ( CaSO4)  পাতত স্প্ৰে কৰিব লাগে

৭। বৰ’ণ মৌলৰ অভাৱ:


- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৮। আইৰণ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

৯। মেঙ্গানিজ মৌলৰ অভাৱ:


- প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত বীজ সিঁচাৰ ২০, ৩০, ৪০ দিনত স্প্ৰে কৰিব লাগে বা প্ৰতিবিঘা মাটিত ৩.৩ কিলোগ্ৰামকৈ MnSO4 মাটি শেষবাৰ চহোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে

১০। জিংক মৌলৰ অভাৱ:


- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ বীজ সিঁচাৰ ২০, ৩০, ৪০ দিনত পাতত স্প্ৰে কৰিব লাগে বা বিঘাই প্ৰতি ৩.৩৪ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিব লাগে

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান