কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২৩
উলম্ব কৃষি: খাদ্য
উৎপাদনৰ
নব্য চিন্তাধাৰা
বৰ্তমান খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এটি সংকট অহি পৰিছে। তাৰ কাৰণবোৰ
হ’ল-
-
মানুহৰ নগৰীয়া জীৱন-যাপন ক্ষেত্ৰখন দিনে দিনে সম্প্ৰসাৰণ হোৱাৰ লগে লগে খাদ্য উৎপাদনৰ বাবে দৰকাৰী ভূমিও সংকুচিত হৈ আহিছে।
-
জলবায়ু পৰিবৰ্তনৰ লগে লগে খাদ্য উৎপাদনৰ প্ৰণালীটো একেবাৰে থুনুকা হৈ পৰিছে। বতৰৰ আগতীয়া অনুমান কৰিব নোৱাৰাৰ বাবে খৰাং, বানপানী, ঘূৰ্ণী, আবতৰীয়া বৰষুণ আদিত কৃষকে লোকচানৰ সন্মুখীন হৈছে।
-
অধিক মুনাফাৰ কাৰণে পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি ৰাসায়নিক কৃষি আৰু একক শস্য
আহি
পৰাৰ লগে লগে মাটিৰ উৰ্বৰতা ধ্বংস হ’বলৈ আৰম্ভ কৰিলে আৰু উৎপাদিত ফচলো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ল। ফলত সচেতন নগৰীয়া লোকসকলে জৈৱিক কৃষিৰ প্ৰতি ধাবিত হবলৈ আৰম্ভ কৰিছে। কিছুসংখ্যকে আকৌ নিজৰ ছাঁদৰ ওপৰতে শাক-পাচলিৰ বাগিচা স্থাপন কৰি নিজৰ প্ৰয়োজনীয়খিনি উৎপাদন কৰি লৈছে। জৈৱিকভাবে উৎপাদিত খাদ্য-শস্যৰ চাহিদা সাংঘাতিকৰূপে বাঢ়ি গৈছে।
এনে এক সন্ধিক্ষণতে কৃষি বিজ্ঞানী আৰু উদ্যমীসকলে বিভিন্ন প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিবলৈ উঠি-পৰি লাগিছে। তেনে এক উদ্ভাৱনেই হ’ল- উলম্ব কৃষি (Vertical Farming) য’ত কম পৰিসৰতে বেছি উৎপাদন কৰিব পাৰি।
এই উলম্ব কৃষিৰ লক্ষণসমুহ হ’ল-
-
কিছুমান বিশেষভাবে তৈয়াৰী চাঙত (Plant bed) শস্যৰ খেতি কৰি সেইবোৰ
উলম্বভাবে
থাক-থাককৈ সজোৱা হয়।
-
জলবায়ু আৰু পৰিবেশ নিয়ন্ত্ৰণ কৰিব পৰা বিশেষভাবে তৈয়াৰী গৃহতহে এই পদ্ধতিৰে খেতি কৰিব পাৰি।
-
‘হাইড্ৰপনিকচ’ বা ‘এৰ’পনিকচ’ পদ্ধতিত মাটিবিহীনভাবেই খেতি কৰা হয়।
‘হাইড্ৰপনিকচ’ত পানীক মাধ্যম হিচাপে লৈ শস্যৰ শিপাক প্ৰয়োজনীয় পুষ্টিমৌলৰ যোগান ধৰা হয় আৰু ‘এৰ’পনিকচ’ত পুষ্টিমৌল মিহলি জলীয়বাষ্পৰ জৰিয়তে শস্যৰ শিপাক পুষ্টিমৌল যোগান ধৰা হয়। দুয়োটা পদ্ধতিতে কম সময়তে উদ্ভিদৰ বৃদ্ধি হৈ অধিক ফচল দিয়ে।
-
সূৰ্যৰ পোহৰৰ সলনি এল.ই.ডি. লাইট ব্যৱহাৰ কৰা হয়।
হাইড্ৰপনিকচ্
পদ্ধতিৰে কি কি কৃষিকাৰ্য কৰিব পাৰিঃ
শাক-পাচলি- বিলাহী, লেটুজ, লাই, পালেং, ধনীয়া, তিয়ঁহ আদি।
ফল- তৰমুজ, ষ্ট্ৰবেৰী, আঙুৰ আদি।
সুগন্ধিজাতীয়
বন শাক
হাইড্ৰপনিকচ্
পদ্ধতিৰে কৰা কৃষিকাৰ্যত নিন্মলিখিত সুবিধাসমূহ পৰিলক্ষিত হয়-
১) এই প্ৰণালীত মাটিৰ প্ৰয়োজন নহয় বাবে বছৰৰ যিকোনো সময়ত বা গোটেই বছৰ কৃষিকাৰ্য
সম্পাদন কৰিব পাৰি।
২) ঘাঁহ-বন আদি বাৰে বাৰে পৰিস্কাৰ কৰি থাকিব লগা নহয়।
৩) কীটনাশক, বননাশক আদি প্ৰয়োগ কৰিব লগা নহয়।
৪) নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে দুই বা ততোধিক চাং (ৰেক) পথালিকৈ তৈয়াৰ কৰি স্তৰ ৰোপনৰ
ব্যৱস্থাৰে মুঠ পৰিসৰ বঢ়াব পাৰি।
৫) প্ৰয়োজনীয় পুষ্টিদ্ৰব্য ১০০ শতাংশই নষ্ট নোহোৱাকৈ ব্যৱহাৰ
হয়।
৬) বতৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়।
৭) উদ্ভিদৰ বিকাশ বা বৃদ্ধি হয় ক্ষীপ্ৰ।
৮) বহুমূখী আৰু মিশ্ৰিত কৃষি গোটেই বছৰ ধৰি কৰিব পাৰি।
৯) তুলনামূলকভাৱে পৰম্পৰাগত কৃষি ব্যৱস্থাতকৈ ৯০ শতাংশ পানী ৰাহি হয়। একেখনি পানী পুনৰ ব্যৱহাৰ
কৰিব পাৰি।
১০) পৰিচৰ্চা বা যত্নত জটিলতা নাই।
অৱশ্যে
প্ৰশিক্ষণ নতুবা অভিজ্ঞজনৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন।