কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২৪
সজ কৃষি
অনুশীলন (Good Agricultural Practices)
“সজ কৃষি অনুশীলন” মানে কি ?
কৃষি-কাৰ্যৰ যিবোৰ অনুশীলনে পৰিবেশ, অৰ্থনীতি আৰু সামাজিক
দিশ বৰ্তাই ৰাখি নিৰাপদ
আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য আৰু অ-খাদ্য কৃষিজাত দ্ৰব্য উৎপাদন
কৰে
সেইবোৰকে
“সজ কৃষি অনুশীলন” বুলি কোৱা হয়। (FAO COAG 2003 Paper)
সজ কৃষি
অনুশীলনৰ
ছাৰিটা মূল ভেটি হ’ল- অৰ্থনৈতিক স্থায়ীত্ব, পৰিবেশীয়
ধাৰণশীলতা, সামাজিক গ্ৰহণযোগ্যতা আৰু নিৰাপদ তথা গুণগত খাদ্য। এই মূল ভেটি কেইটাকে ব্যক্তিগত আৰু সামূহিক
দিশৰ মানদণ্ড হিচাপে ধৰি লোৱা হৈছে।
v
পৰিবেশ আৰু শ্ৰমিক কল্যানৰ প্ৰতি যত্নশীল
হৈ নিৰাপদ খাদ্য আৰু অন্যান্য উৎপন্ন দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতাসকল এতিয়া যথেষ্ট
সচেতন।
v “সজ কৃষি অনুশীলন”বোৰ হ’ল এলানি নীতি, নিয়ম-কানুন আৰু অনুমোদিত প্ৰযুক্তিকৌশল, যিবোৰক মানব স্বাস্থ্য, পৰিবেশ আদি ৰক্ষা কৰা তথা শ্ৰমিকসকল তথা তেওলোকৰ পৰিয়ালৰ অৱস্থা উন্নত কৰাৰ বাবে উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
“সজ
কৃষি অনুশীলন”ৰ পৰা কোন উপকৃত হয় ?
·
কৃষক আৰু তেওলোকৰ পৰিয়ালে নিৰাপদ, স্বাস্থ্যসন্মত আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য লাভ কৰে। ফলত তেওলোকৰ পুষ্টি আৰু শাৰীৰিক বিকাশসাধন
নিশ্চিত হয় আৰু তেওলোকৰ উৎপাদিত সামগ্ৰীত মূল্যসংযোজন হৈ বজাৰত বিক্ৰি কৰাৰ সুবিধা
হয়।
·
নিৰৱছিন্ন উৎপন্ন দ্ৰব্যৰে ক্ৰেতাসকলে তুলনামূলকভাবে
অধিক গুণগত আৰু নিৰাপদ খাদ্য উপভোগ কৰে।
· সৰ্বসাধাৰণ জনগণে এক উন্নত পৰিবেশৰ ফল ভোগ কৰে।
“সজ কৃষি অনুশীলন”কেনেকৈ প্ৰতিপালন হয় ?
“সজ
কৃষি অনুশীলন” কিয় কৰিব লাগে?
শস্যত সজ কৃষি অনুশীলন
খেতিৰ
বাবে কোনখিনি স্থান আটাইতকৈ উপযুক্ত ?
-
খেতি কৰিব বিচৰা স্থানডোখৰত আগতে কি কৰা
হৈছিল?
-
পানীৰ সুবিধা থকা অধিক সাৰুৱা মাটিক চিনাক্ত
কৰিব লাগে।
-
দূষিত ৰাসায়নিক পদাৰ্থ থকা পথাৰত কেতিয়াও
খেতি কৰিব নেলাগে।
-
পথাৰখন আৱৰ্জনা, কাগজ, প্লাষ্টিক আৰু খালি টেমা আদিৰ পৰা মুক্ত হ’ব লাগে।
-
পথাৰখনত যাতে পানী দূষিত হব নোৱাৰে তাক নিশ্চিত
কৰিব লাগে।
-
পথাৰখনৰ বিশেষকৈ খেতি কৰিব বিচৰা স্থানডোখৰৰ
শস্য অনিষ্টকাৰী কীট,
ৰোগ আৰু অপতৃণ আদিৰ বিষয়ে সম্যক জ্ঞান থাকিব লাগে।
-
কাষৰীয়া মাটিৰ সাম্ভাব্য দূষিত উৎস পৰীক্ষা
কৰিব লাগে।
-
শস্যৰ নাম আৰু মাটিৰ খণ্ড নম্বৰ দি খেতি
কৰা স্থানত ফলক আঁৰি দিব লাগে।
-
এই সিদ্ধান্তবোৰ লবৰ বাবে এজন বিশ্বাসী বিশেষজ্ঞৰ
প্ৰয়োজন হয়।
-
বিশেষজ্ঞৰজনৰ সহযোগত মাটিৰ ধৰণ আৰু মাটিৰ
কিমান তললৈকে শস্যৰ শিপা সুস্থ বৃদ্ধি হয় তাক নিৰ্দ্ধাৰণ কৰি লব লাগে।
-
মাটিৰ ঢাল অনুসৰি কোনটো স্থানত শস্য ৰোপন
কৰিব লাগে তাক নিৰ্দ্ধাৰণ কৰি লব লাগে।
-
যিমান কমকৈ পাৰি সিমান কমকৈ মাটি চহ কৰিব
লাগে।
-
মাটিৰ খহনীয়া আৰু সংকোচন যাতে নহয়।
- শস্যাৱৰ্তন কৰা।
শস্যৰ
পৰিচালনা কেনেকৈ কৰিব ?
-
মাটিডোখৰৰ লগত খাপখোৱা বীজহে নিৰ্বাচন কৰিব
লাগে
-
বিশেষজ্ঞৰ অনুমোদন মতে সঘনে হোৱা ৰোগ-ব্যাধিক প্ৰতিৰোধ কৰিব পৰা উন্নত বীজ নিৰ্বাচন কৰিব লাগে।
-
যদি প্ৰয়োজন হয়, বীজৰ পৰা কীট আৰু ৰোগৰ বীজাণু
নাইকীয়া কৰিবৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগে যাতে সেইবোৰে
শস্যক আক্ৰমণ কৰিব নোৱাৰে।
-
খৰাং,অনিষ্টকাৰী কীট আৰু
ৰোগৰ পৰা সাৰিবলৈ বীজ সিঁচাৰ উপযুক্ত তাৰিখ নিৰ্বাচন কৰিব লাগে।
-
মাটিডৰাৰ এক উপযুক্ত স্থানত জাৱৰ-জোঠৰ পেলোৱা পাচি বা পাত্ৰ ৰাখিব লাগে যাতে দিনটোৰ কাম শেষ হোৱাৰ পিছত জাৱৰ-জোঠৰবোৰ তাত পেলাব পাৰি।
-
নিৰ্দিষ্ট জোখতহে বীজ সিঁচিব লাগে।
-
সবল পুলিহে ৰোপন কৰিব লাগে, দুৰ্বল আৰু ৰুগীয়া পুলি আঁতৰাই পেলাব লাগে।
- বীজাণুমুক্ত আৰু পৰিষ্কাৰ সঁজুলিহে খেতিৰ কামত ব্যৱহাৰ কৰিব লাগে।
শস্য
ৰক্ষা:
-
বীজতলীত: সূৰ্যৰ প্ৰখৰ তাপ
আৰু দোবাল-পিটা বৰষুণৰ পৰা পুলিবোৰ ৰক্ষা কৰিব লাগে।
-
সেউজ গৃহত: উষ্ণতা আৰু আদ্ৰতাৰ সু-নিয়ন্ত্ৰণ।
- বায়ু সঞ্চালন: ঋতু অনুযায়ী আৰু শস্যৰ আৱশ্যকীয়তা অনুযায়ী উষ্ণতা, আদ্ৰতা আৰু বায়ুৰ নিয়ন্ত্ৰণ।
পানী
কেনেকৈ ব্যৱহাৰ আৰু পৰিচালনা কৰিব ?
-
পানীৰ দূষিতকৰণ নিৰীক্ষণ কৰিবলৈ বছেৰেকত এবাৰ হলেও পথাৰখনৰ পানী পৰীক্ষা
কৰিব লাগে।
-
পানীৰ সদব্যৱহাৰ কৰা যাতে শস্যত দৰকাৰী পৰিমাণৰ পানীহে যোগান ধৰা হয়।
-
পানীৰ উৎস থকা স্থানলৈ যাতে প্ৰাণী আদি আহিব
নোৱাৰে।
- পানীৰ উৎস থকা স্থানৰ ওচৰে-পাজৰে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ আৰু মিহলি কৰিব নেলাগে।
শস্য চপোৱাৰ উৎকৃষ্ট পদ্ধতি কি
?
এই পৰ্যায়টো অতি দৰকাৰী, যিহেতু
খাদ্য সামগ্ৰী দূষিত হব পাৰে।
শস্য চপোৱাৰ কামত নিয়োগ কৰা বনুৱাসকলৰ অৱস্থা
কেনেকুৱা হোৱা উচিত?
-
শস্য চপোৱা কৰ্মীসকলৰ হাত পৰিষ্কাৰ হব
লাগে, নখ থাকিব নেলাগে, চুলি বন্ধা হব লাগে আৰু শস্য চপোৱাৰ সময়ত কেতিয়াও ধূম-পান
বা জল-পান কৰিব নেলাগে।
-
মাটিত পৰি থকা ফল-পাচলি আদি সংগ্ৰহ কৰিব
নেলাগে।
-
গছজোপা জোকাৰি ফল-পাচলি চিঙিব নেলাগে।
-
চিঙি অনা ফল-পাচলি মাটিৰ সংস্পৰ্শত
নহাকৈ পৰিষ্কাৰ পাত্ৰত (ভালদৰে ধোৱা আৰু নতুন) ৰাখিব লাগে।
-
ৰাসায়নিক সামগ্ৰী থকা নাইবা সাৰৰ বেগ
শস্য চপাবৰ বাবে ব্যৱহাৰ কৰিব নেলাগে।
-
চিঙি অনা ফল-পাচলি পশু-পক্ষীৰ পৰা আৰু
ৰাসায়নিক সামগ্ৰী তথা সাৰৰ মজুত গৃহৰ পৰা আঁতৰত ছাঁ ঠাইত ৰাখিব লাগে।
-
খাদ্য-সামগ্ৰী কেনেকৈ পৰিবহন কৰিব ?
-
পৰিবহন আইন-কানুন মানি চলা পৰিষ্কাৰ আৰু
ভাল অৱস্থাৰ বাহন হব লাগে।
-
খাদ্য-সামগ্ৰী বোজাই কৰাৰ সময়ত সাৱধান
হব লাগে।
-
যদি বাহনখন খোলা হয় তেতিয়া বোজাই কৰা
সামগ্ৰীখিনি ৰ’দ, ধূলি আৰু বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ভালদৰে ঢাকিব লাগে।
-
পশু-পক্ষী, ৰাসায়নিক সামগ্ৰী তথা সাৰৰ
লগত একেলগে পৰিবহন কৰিব নেলাগে।
-
বোজাই কৰা আৰু নমোৱা কামত নিয়োজিত
বনুৱাসকলেও অন্যান্য বনুৱাসকলৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলিব লাগে।
-
খাদ্য সামগ্ৰীৰ নাম, তাৰিখ, বনুৱাৰ নাম
বা পৰিয়ালৰ সদস্যৰ নাম আৰু পৰিবহন কৰা গাড়ীৰ চালকৰ নাম আদি পঞ্জীয়ন কৰিব লাগে।
-
খাদ্য-সামগ্ৰী বিক্ৰি কৰিবলৈ কি
ব্যৱস্থা লব
?
-
বজাৰৰ অধ্যয়ন কৰিব লাগে আৰু সামগ্ৰীৰ
মূল্য সংগ্ৰহ কৰিব লাগে।
-
ওচৰ-চুবুৰীয়াৰ লগত আলোচনা কৰি সামগ্ৰীৰ
মূল্য সম্পৰ্কে আৰু ক’ত বিক্ৰি কৰিব তাক জানিব লাগে।
-
উচিত মূল্য পাবৰ বাবে অন্যান্য উৎপাদনকাৰীৰ লগত একেলগ হব লাগে।
-
বিশ্বাসী লোকৰ ওচৰত বিক্ৰি কৰাৰ
ব্যৱস্থা লব লাগে।
- সমবায়, পাইকাৰী, চুপাৰ মাৰ্কেট আদিৰ লগত যোগাযোগ কৰিব লাগে।
উৎপাদনৰ ক্ষেত্ৰত উপযুক্ত নিয়ন্ত্ৰণৰ বাবে
তথ্য তালিকাভূক্ত কৰা-
তথ্য তালিকাভূক্ত কৰিলে কি সুবিধা হয়-
-
পথাৰ আৰু শস্যৰ বিষয়ে সম্যক জ্ঞান আহৰণ হয়।
-
উৎপাদনী খৰচৰ ধন ৰাহি হয়।
-
সমস্যা নিৰ্দ্ধাৰণ তথা কীট আৰু ৰোগ-ব্যাধি চিনাক্তকৰণত সুবিধা হয়।
-
উৎপাদিত সামগ্ৰীৰ গুণগত মানদণ্ড উন্নত হয়।
-
কাৰ্য সমাপ্ত হোৱাৰ লগে লগেই তথ্য যেনে, বীজ সিঁচাৰ তাৰিখ, শস্য চপোৱাৰ তাৰিখ, শস্য প্ৰয়োগ কৰা দ্ৰব্যৰ নাম আৰু তাৰিখ আদি তালিকাভূক্ত কৰিব লাগে।
তালিকাভূক্ত তথ্যই উৎপাদিত শস্যৰ বিষয়ে সবিশেষ বিৱৰণ লিপিৱদ্ধ কৰে,
যিখিনি তথ্য নুন্যতম ৩ বছৰৰ বাবে নথিভূক্ত হয়। আয়-ব্যয়ৰ তথ্য লিপিৱদ্ধ কৰা
-
বীজৰ দাম আৰু খৰচ / কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ দাম আৰু খৰচ/
সা-সঁজুলি খৰচ/ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা, হাজিৰা আদি/ শস্য
ৰোপনৰ খৰচ/ শস্য চপোৱাৰ খৰচ/ পৰিয়াল আৰু
শ্ৰমিকৰ স্বাস্থ্যৰ খৰচ/ অন্যান্য খৰচ যেনে, খাদ্য, পোছাক, পৰিবহন আদি/
উৎপাদিত শস্যৰ পৰা হোৱা আয়/ অন্যান্য আয়/
উৎপাদিত শস্যৰ বিক্ৰি মূল্য
শস্য পথাৰৰ তথ্য
-
ডৰাৰ নাম/ স্থান/ মাটিৰ গৰাকীৰ নাম/ বিশেষজ্ঞ বা প্ৰশাসকৰ নাম/
ৰোপন এলেকা
-
শস্য পথাৰৰ কাম-কাজৰ বিৱৰণ
-
কিমান পৰিমাণৰ বীজ সিঁচা হ’ল/ শস্য পথাৰত প্ৰয়োগ কৰা কৃষি ৰাসায়নিক দ্ৰব্য,
ৰাসায়নিক সাৰ, পচন সাৰৰ পৰিমাণ/ শস্য পথাৰত কৃষি ৰাসায়নিক দ্ৰব্য, ৰাসায়নিক সাৰ,
পচন সাৰৰ প্ৰয়োগ কৰা তাৰিখ/ প্ৰয়োগ কৰা কৃষি ৰাসায়নিক
দ্ৰব্য, ৰাসায়নিক সাৰ, পচন সাৰৰ নাম আৰু
সেইবোৰ প্ৰয়োগ কৰা শ্ৰমিকৰ নাম/ পচন সাৰ ক’ৰ পৰা অনা হৈছে/ পথাৰত কাম কৰা শ্ৰমিকৰ নাম/ কীট আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণ
শস্য চপোৱা:
-
শস্য চপোৱা তাৰিখ/ চপোৱা শস্যৰ পৰিমাণ/ চপোৱা কাম জড়িত শ্ৰমিকৰ পৰিমাণ/
উৎপাদিত সামগ্ৰী যোগান ধৰা তাৰিখ/ যোগান ধৰা উৎপাদিত সামগ্ৰীৰ পৰিমাণ/
সামগ্ৰী কিনোতাৰ নাম/ পৰিবহন কৰা ব্যক্তিৰ নাম-ঠিকনা
গ্ৰাহকে কেনেকৈ জানিব যে উৎপাদিত শস্য
“সজ কৃষি অনুশীলন”ৰ দ্বাৰা খেতি কৰা হৈছে
-
খাদ্য সামগ্ৰীসমূহ সজ কৃষি অনুশীলনৰ
দ্বাৰাই যে তৈয়াৰী সেইবিষয়ে গ্ৰাহকে পেকিং চায়েই গম পাব লাগিব।
-
ভাল বিক্ৰি ব্যৱস্থা থকা স্থানত উৎপাদিত
সামগ্ৰী বিক্ৰি কৰিব লাগে।
-
গ্ৰাহকে উৎপাদিত সামগ্ৰীৰ স্বীকৃতি প্ৰদান কৰা তথ্য বিক্ৰি স্থানত ওলোমাই ৰাখিব লাগিব।
- কৃষি-ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ
কি ধৰণৰ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত ?
-
কি কি অপতৃণ, ৰোগ-ব্যাধিয়ে শস্যক আক্ৰমণ কৰিব পাৰে তাক আগতীয়াকৈ জানি
লব লাগে।
-
ৰাসায়নিক দ্ৰব্যৰে নিয়ন্ত্ৰণৰ সলনি অন্য
কিবা জৈৱিক উপায় আছেনেকি সেয়া চালি-জাৰি চাব লাগে।
-
শস্য তথা ইয়াক আক্ৰমণ কৰিব পৰা অপতৃণ, ৰোগ-ব্যাধি অনুযায়ী কি কি কৃষি-ৰাসায়নিক দ্ৰব্য (কীটনাশক/ অপতৃণনাশক
আদি) অনুমোদন কৰা হৈছে সেইবিষয়ে এজন কৃষি বিশেষজ্ঞৰ লগত আলোচনা
কৰিব লাগে।
-
যি বিধ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব বিচৰা হৈছে সেইবিধ দেশীয় আইনৰ গণ্ডীৰ ভিতৰত পঞ্জীয়নভূক্ত
হয়নে?
-
ম্যাদ ওকলা নাইবা নিম্ন মাণদণ্ডৰ কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা উচিত নহয়।
- উপৰোক্ত সকলো বিষয়ৰ বাবে এজন নিৰ্ভৰযোগ্য কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
নিজকে সুৰক্ষিত কৰিবৰ বাবে আমি কেনেকুৱা
ব্যৱস্থা লোৱা উচিত ?
-
শিশু, গৰ্ভৱৰ্তী মহিলা
আৰু বৃদ্ধ ব্যক্তিক কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা স্থানৰ
পৰা নিৰাপদ দূৰত্বত ৰাখিব লাগে।
- কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ পিছত শ্ৰমিকজনে পৰিষ্কাৰকৈ গা ধুব লাগে আৰু ব্যৱহাৰ কৰা সামগ্ৰীবোৰো পৰিষ্কাৰকৈ ধুব লাগে
-
কৃষি-ৰাসায়নিক দ্ৰব্য কেনেকৈ
ব্যৱহাৰ কৰিব লাগে?
-
কৃষি বিশেষজ্ঞই অনুমোদন জনোৱা পৰিমাণতহে
কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে।
-
নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শস্যডৰা পৰ্যবেক্ষণ
কৰিব লাগে যাতে কৃষি সমস্যাবোৰ উচিত সময়ত উদ্ঘাটন কৰিব পাৰি।
-
কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ
কৰা তথ্যখিনি লিপিৱদ্ধ কৰিব লাগে।
-
কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ
কৰা পিছত ‘অপেক্ষা সময়’ৰ প্ৰতি সচেতন হব
লাগে।
-
কৃষি-ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ
কৰা পিছত লগে লগেই শস্যডৰাত প্ৰৱেশ কৰিব নেলাগে।
-
কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ
ক’ত আৰু কেনেকৈ ৰাখিব লাগে?
-
কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ
মজুত কৰি ৰাখিবৰ বাবে শস্য পথাৰৰ ওচৰতে বিশেষভাবে নিৰ্মিত গৃহ থাকিব লাগে।
-
যেতিয়া কম পৰিমাণে ৰাখিবলগীয়া হয়, তেতিয়া বাসগৃহৰ পৰা আঁতৰত বন্ধ বাকছ নাইবা পেকেটত ৰাখিব লাগে।
-
স্থানডোখৰ শিশু আৰু পশু-পখীৰ বাবে নিৰাপদ হব লাগে।
-
স্থানডোখৰ সুৰক্ষিত, বায়ু চলাচল কৰা, শুকান আৰু তলা বন্ধ কোঠাৰ হব লাগে।
-
চকুত লগা বিভিন্ন ফলক আঁৰি দিব লাগে- “সাৱধান”, “বিহ”, “ধুমপান নিষেধ”,
“ইয়াত খোৱা নিষেধ”, “অনুগ্ৰহ কৰি নুচুব”
ইত্যাদি।
- কৃষি-ৰাসায়নিক দ্ৰব্যবোৰ বীজ, ঘাঁহ, চপোৱা শস্য আৰু ৰাসায়নিক সাৰৰ পৰা পৃথককৈ আৰু আঁতৰত ৰাখিব লাগে
খালী টেমা বা পাত্ৰবোৰ কি কৰিব লাগে?
-
কৃষি-ৰাসায়নিক দ্ৰব্যৰ
খালী টেমা বা পাত্ৰবোৰ খুউব ভালদৰে পানীৰে পৰিষ্কাৰ কৰিব লাগে যাতে সেই ধোৱা পানীখিনি খোৱা পানী নাইবা শস্যত
যোগান ধৰা পানীৰ লগত মিহলি নহয়।
-
খালী টেমা বা পাত্ৰবোৰ ভাঙি নাইবা নষ্ট কৰি পেলাব লাগে যাতে সেইবোৰ পুনৰ ব্যৱহাৰ
কৰিব নোৱাৰে।
-
বন্ধ মোনাত সেইবোৰ বান্ধি পেলনীয়া সামগ্ৰী
কেন্দ্ৰলৈ পঠাবলৈ সাজু কৰি ৰাখিব লাগে
কি সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে?
-
কেৱল জৈৱিক সাৰ ব্যৱহাৰ কৰিলেই হব নে ৰাসায়নিক
সাৰো ব্যৱহাৰ কৰিব লাগে সেইবিষয়ে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লব লাগে।
-
কি সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে
তাৰো পৰামৰ্শ লব লাগে।
-
অনুমোদিত হাৰতহে সাৰ প্ৰয়োগ কৰিব লাগে। কেতিয়াও অধিক হাৰত সাৰ প্ৰয়োগ কৰিব নেলাগে।
- সাৰ প্ৰয়োগৰ সকলো তথ্য নিয়াৰিকৈ লিপিৱদ্ধ কৰিব লাগে।
জৈৱিক সাৰ কেনেকৈ
ব্যৱহাৰ কৰিব লাগে?
-
শস্য পথাৰত পশু নে উদ্ভিদ
সৃষ্ট জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে তাক বিশ্লেষণ কৰিব লাগে।
-
মনত
ৰাখিব লাগে যে ভূলকৈ প্ৰয়োগ কৰা জৈৱিক সাৰেই শস্য পথাৰলৈ বীজাণু কঢ়িয়াই আনিব পাৰে।
কেনেধৰণৰ জৈৱিক সাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে?
-
কেৱল
সুস্থিৰ জৈৱিক সাৰহে ব্যৱহাৰ কৰিব লাগে।
-
আগতীয়াকৈ
পচাই লোৱা জৈৱিক সাৰহে ব্যৱহাৰ কৰিব লাগে।
-
শস্য
ৰোপন নাইবা সিঁচাৰ আগতেই জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে।
-
তথ্যসমূহ লিপিৱদ্ধ
কৰিব লাগে।
জৈৱিক সাৰ ক’ত তৈয়াৰ কৰিব লাগে?
-
শস্য পথাৰৰ পৰা সূদূৰত জৈৱিক সাৰ তৈয়াৰ কৰিব
লাগে
- বানপানীৰ সম্ভাৱনা থকা মাটি আৰু পানীৰ উৎসৰ পৰা আঁতৰতহে জৈৱিক সাৰ তৈয়াৰ কৰিব লাগে
পথাৰত পশু-পক্ষী কেনেকৈ ৰাখিব?
কাম-কাজত লগোৱা পশু:
-
পশুকেইটা কাম কৰিবৰ বাবে উপযুক্ত হয়নে নহয়
সেয়া পশু চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰিব লাগে।
- যেতিয়া কামত লগোৱা নহয় পশুকেইটা শস্য এলেকাৰ পৰা সুদূৰত ৰাখিব লাগে।
নিৰ্দিষ্ট দ্ৰব্য উৎপাদনৰ
(গাখীৰ, মাংস আদি) বাবে পশু:
-
পশু-পক্ষীৰ কল্যানৰ প্ৰতি গুৰুত্ব
দিব লাগে: পৰ্যাপ্ত ঠাই, স্বাস্থ্যবান পশু-পক্ষী, পৰ্যাপ্ত খাদ্য আৰু পৰিষ্কাৰ পানী
অন্যান্য ঘৰচীয়া প্ৰাণী:
-
ঘৰচীয়া প্ৰাণী (কুকুৰ, মেকুৰী) খেতি-পথাৰ, ৰাসায়নিক সাৰ তথা অন্যান্য ৰাসায়নিক দ্ৰব্য থকা
ঠাইৰ পৰা বহু আঁতৰত ৰাখিব লাগে।
-
ঘৰচীয়া প্ৰাণী যাতে খেতি-পথাৰত সোমাব নোৱাৰে তাৰ বাবে সকলো কৰ্মচাৰীকে সজাগ কৰি ৰাখিব লাগে আৰু চাইন-বৰ্ডত লিখি আঁৰি থব লাগে।
শস্য চপোৱাৰ আটাইতকৈ ভাল পদ্ধতি কি?
-
এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পৰাই খাদ্য সামগ্ৰী দূষিত হব পাৰে।
-
কেনেধৰণেৰে কৰ্মীসকলে শস্য চপাব লাগে?
-
শস্য চপোৱাৰ সময়ত কৰ্মীসকলৰ হাত চাফা হব
লাগে,
আঙুলিৰ নখ থাকিব নেলাগে, চুলি বান্ধি ৰাখিব লাগে
আৰু ধুমপান বা সুৰাপান কৰিব নেলাগে।
-
তল সৰা ফল বুটলিব নেলাগে।
-
ফল-মূল নাইবা পাচলি কেতিয়াও
জোকাৰি নাইবা আঘাত লগাকৈ চিঙিব নেলাগে।
-
চপাই অনা ফল-মূল নাইবা পাচলি মজিয়াত নলগাকৈ ভালকৈ চাফা কৰা পাত্ৰত ৰাখিব লাগে।
-
ৰাসায়নিক দ্ৰব্য নাইবা সাৰ ৰখা পাত্ৰত চিঙি
অনা ফল-মূল নাইবা পাচলি ৰাখিব নেলাগে।
- চপোৱা ফল-মূল নাইবা পাচলি ছাঁ ঠাইতহে ৰাখিব লাগে। প্ৰাণী নাইবা ৰাসায়নিক দ্ৰব্য ৰখা ঠাইৰ পৰা সেইবোৰ আঁতৰত ৰাখিব লাগে।
খাদ্য সামগ্ৰী কেনেকৈ পৰিবহন কৰিব?
-
পৰিবহন নিয়ম-কানুন মানি চলা পৰিষ্কাৰ আৰু ভাল অৱস্থাৰ বাহনৰ জৰিয়তে পৰিবহন কৰিব লাগে।
-
খোলা বাহনত খাদ্য-সামগ্ৰী উঠোৱাৰ পিছত সেইবোৰ ৰ’দ, ধূলি-মাকতি, বৰষুণ আদিৰ পৰা ৰক্ষা
কৰিবলৈ ভালদৰে ঢাকি নিব লাগে।
-
পশু-পক্ষী, ৰাসায়নিক সাৰ বা কৃষি-ৰাসায়নিক দ্ৰব্যৰ লগত কেতিয়াও খাদ্য
সামগ্ৰীবোৰ পৰিবহন কৰিব নেলাগে।
-
সামগ্ৰী উঠোৱা-নমোৱা কৰ্মচাৰীসকলো অন্যান্য কৰ্মচাৰীৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগিব।
-
পৰিবহন কৰা খাদ্য সামগ্ৰীৰ নাম, বোজাই কৰা তাৰিখ, কৰ্মচাৰীৰ নাম বা পৰিয়ালৰ সদস্যৰ নাম,
গাড়ী চালকৰ নাম আদি পঞ্জীয়ন কৰিব লাগে।
(ৰাষ্ট্ৰ সংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ৰ (Food and Agriculture Organisation: Guidelines “Good
Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এই
লিখনি প্ৰস্তুত কৰা হৈছে)