বন্ধাকবি আৰু ফুলকবিৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। ডাইমণ্ড ব্লেক মথ (Diamond Black Moth):

ক্ষতিৰ লক্ষণ




- ইয়াৰ পলুবোৰে পাতৰ তলপিঠিত খাই আৰু পাতখিলাত ফুটা সৃষ্টি কৰি নষ্ট কৰে

- পাতবোৰ মৰহি যায়

নিয়ন্ত্ৰণৰ দিহা

- আক্ৰমণিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি Pপুৰি পেলাব লাগে।

- ফান্দ-শস্য (Trap Crop) ২৫ টা বন্ধাকবি শাৰীৰ মাজত ২ শাৰী লাই সৰিয়হ সিঁচিব লাগে যাতে চগাবোৰ আহি তাত পৰিব পাৰে। প্ৰথম শাৰী বন্ধাকবিৰ পুলি ৰোপনৰ ১২ দিনৰ আগেয়ে আৰু দ্বিতীয় শাৰী ২৫ দিনৰ পিছত সিঁচিব লাগে।

- বন্ধাকবিৰ শাৰীৰ মাজত বিলাহী, নহৰু, গাজৰ নাইবা ধনীয়াৰ খেতি কৰিব লাগে

- ফেৰ’ম’ণ ফান্দ (বিঘাই প্ৰতি ১-২ খন) ব্যৱহাৰ কৰি পোকৰ আক্ৰমণ পৰ্যবেক্ষণ কৰিব লাগে।

- নিমৰ পৰা তৈয়াৰী কীটনাশক অনুমোদিত হাৰত স্প্ৰে কৰিব পাৰি

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ফ্লুবেনদিয়ামাইদ ২০% WG (বিঘাই প্ৰতি ৫ গ্ৰাম ৫০ লিটাৰ পানীত মিহলাই) বা লুফেনুৰণ ৫.৪% EC (১ বিঘাৰ বাবে ৮০ গ্ৰাম ৬৫ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে


২। বন্ধাকবি বিন্ধা কৰা পোক (Cabbage Head Borer):

ক্ষতিৰ লক্ষণ





- কবিৰ পাতবোৰত জাল বান্ধে আৰু ঠাৰি, পাতৰ সিৰাত ফুটা কৰে

- বন্ধাকবিত ফুটা কৰি খোৱাৰ অনুপযোগী কৰে

- ফুটাবোৰত পোকৰ মল লাগি থাকে

নিয়ন্ত্ৰণৰ দিহা

- আক্ৰমণৰ প্ৰথমাৱস্থাতে পলুবোৰ হাতেৰে সংগ্ৰহ কৰি ধ্বংস কৰি পেলাব লাগে

- মালাথিয়ন ৫০ ইচি কীটনাশক (প্ৰতি বিঘাৰ বাবে ২০০ মিঃলিঃ ৬৫-১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।


৩। বন্ধাকবিৰ জাল বন্ধা কৰা পোক (Cabbage Leaf Webber):

ক্ষতিৰ লক্ষণ





- পাতবোৰত জাল বান্ধে আৰু পোকৰ মলবোৰ লাগি থাকে

- পাতখিলা সম্পূৰ্ণকৈ ফুটা ফুটা কৰি দিয়ে

নিয়ন্ত্ৰণৰ দিহা

- পোকৰ সৈতে জাল বন্ধা পাতবোৰ আঁতৰাই নষ্ট কৰিব লাগে

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব পাৰি


৪। মোৱা পোক (Aphid):

ক্ষতিৰ লক্ষণ



- প্ৰাপ্তবয়স্ক নাইবা পোৱালি মোৱাপোকে পাতৰ আৰু ঠাৰিৰ ৰস শুহি খাই পাতখিলা দুৰ্বল কৰি তোলে। পিছত আক্ৰান্ত পাতখিলাৰ ছাঁই সদৃশ ভেঁকৰৰ জন্ম হয় আৰু পাতৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়া হ্ৰাস কৰি দিয়ে

নিয়ন্ত্ৰণৰ দিহা

- হালধীয়া আঠাযুক্ত ফান্দ (প্ৰতি বিঘাত ৪ খন) ওলোমাই মোৱাপোক পৰ্যবেক্ষণ কৰিব লাগে

- নিমৰ পৰা তৈয়াৰী কীটনাশক অনুমোদিত হাৰত স্প্ৰে কৰিব পাৰি

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ডাইমেথ’ৱেট ৩০% EC (বিঘাই প্ৰতি ৮৮ মিলিলিটাৰ ৬৫-১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে


৫। ধপাত পলু পোক (Tobacco Caterpillar):

ক্ষতিৰ লক্ষণ



- প্ৰথমাৱস্থাত পলুবোৰ দলবান্ধি পাতৰ পত্ৰহৰিৎখিনি আঁকুহি পেলায় আৰু পাতখিলা কাগজৰ নিচিনা কৰি তোলে। পিছত পলুবোৰ খকুৱা হৈ পৰে আৰু পাতখিলা ফুটা ফুটা কৰি পেলায়।

- কবিবিলাক ফুটা কৰি অনিষ্ট কৰে

নিয়ন্ত্ৰণৰ দিহা

- খেতিডৰা পৰিষ্কাৰ কৰি ৰাখিব লাগে

- পোহৰ ফান্দ ব্যৱহাৰ কৰিব পাৰি

- নিমৰ পৰা তৈয়াৰী কীটনাশক অনুমোদিত হাৰত স্প্ৰে কৰিব পাৰি

- Chlorfluazuron 5.4% EC (বিঘাই প্ৰতি ২০০ মিলিলিটাৰ ৬৬ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে


৬। বন্ধাকবিৰ পখিলা (Cabbage Butterfly):

ক্ষতিৰ লক্ষণ



- এই পোক বোৰেও পাত খাই ফুটা ফুটা কৰে আৰু কবিটো অনিষ্ট কৰে

নিয়ন্ত্ৰণৰ দিহা

- পুলিবাৰীত মিহি জালেৰে বেৰি দিব লাগে যাতে পখিলাবোৰে পুলিবোৰত কণী পাৰিব নোৱাৰে

- কণী আৰু পলুবোৰ হাতেৰে মোহাৰি নষ্ট কৰিব লাগে


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। পুলিৰ জেলুকা লগা ৰোগ (Damping off):

ক্ষতিৰ লক্ষণ



- পুলিৰ জেলুকা লগা ৰোগ সাধাৰণতে দুটা অৱস্থাত হয়- পুলি গজালি মেলাৰ আগতে আৰু গজালি মেলাৰ পিছত

- পুলি গজালি মেলাৰ আগতে এই ৰোগ হ’লে পুলিটো মাটিৰ ওপৰলৈ অহাৰ আগতে ই মৰি যায়। মাতিৰ তলত গজালি মেলোতেই কোমল জন্মকাণ্ড মৰি যায়

- গজালি মেলাৰ পিছত এই ৰোগ হ’লে পুলিৰ মাটিত লাগি থকা কোমল গুৰি অংশত পানীজোলা হয় আৰু পুলিটো হালি পৰে আৰু মৰহি যায়

নিয়ন্ত্ৰণৰ দিহা

- উৎকৃষ্ট মানদণ্ডৰ বীজহে ব্যৱহাৰ কৰিব লাগে

- অতিমাত্ৰা পানী দিব নেলাগে আৰু পানী বন্ধ হৈ থকা মাটিত এই খেতিবোৰ কৰিব নেলাগে।

- বীজখিনি Captan 75% WP ৰে শোধন কৰিব লাগে (প্ৰতি কিলোগ্ৰাম বীজত ২০-৩০ গ্ৰাম)

- বীজতলীডৰাৰ মাটিখিনিত Captan 75% WP (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম) প্ৰয়োগ কৰিব লাগে আৰু পুলি ৰোপন কৰাৰ আগেয়ে ৰোপন কৰা স্থানখিনিতো (প্ৰতি বিঘাৰ বাবে ৩৩০ গ্ৰাম Captan 75% WP ১৩০ লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিব লাগে। 


২। শিপা মোটা হৈ যোৱা (Club Root Disease):

ক্ষতিৰ লক্ষণ



- পুলি বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু পাতবোৰ হালধীয়া হৈ পৰে

- ৰ’দ পালে পুলিবোৰ জঁই পৰি যায়

- শিপাবোৰত গাঁঠি ধৰি মোটা হয়

নিয়ন্ত্ৰণৰ দিহা

- নিৰোগী পুলিহে ৰোপন কৰিব লাগে

- মাটিৰ অম্লতা কমাই ৰাখিব লাগে (৭.২)। ইয়াৰবাবে বিঘাই প্ৰতি ৫০ কিলোগ্ৰাম কৃষি চূণ পুলি ৰোপন কৰাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে

- মাটিডৰাত অতিৰিক্ত পানী জমা হবলৈ দিব নেলাগে


৩। পাতত দাগ পৰা অলটাৰনেৰিয়া ৰোগ (Alternaria Leaf Spot):

ক্ষতিৰ লক্ষণ




- প্ৰথমে সৰু সৰু ডাঠ ৰঙৰ দাগ পৰে। পিছত দাগবোৰ বাঢ়ি যায়, ঘূৰণীয়া হয়। দাগবোৰত ৰিং থাকে।

- পিছত পাতখিলা গেলি যায়

- পাতৰ ঠাৰি, গুৰি আদিতো এই ৰোগ হয়

নিয়ন্ত্ৰণৰ দিহা

- কবি,মূলা, লাই, সৰিয়হজাতীয় খেতি কৰাৰ পিছত অন্ততঃ তিনিবছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে।

- শস্যৰ শাৰী আৰু দুজোপাৰ  মাজত যথেষ্ট  দূৰত্ব থাকিব লাগে।

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে মেনক’জেব (প্ৰতি বিঘাত ১০০ লিটাৰ পানীত ২০০-২৫০ গ্ৰাম) স্প্ৰে কৰিব লাগে।


৪। ক’লা পৰি পচি যোৱা ৰোগ (Black Rot Disease):

ক্ষতিৰ লক্ষণ




- প্ৰথমে পাতৰ কাষবোৰত শেতা বা হালধীয়া ৰঙৰ দাগ পৰে

- হালধীয়া অংশ সিৰা আৰু মধ্য সিৰালৈ বাঢ়ি গৈ ইংৰাজী  ‘V’ আখৰৰ দৰে হয় আৰু পিছত ক’লা হৈ পৰে 

- সিৰা, উপসিৰাবোৰ মুগা বৰণৰ হৈ পিছত ক’লা হৈ পৰে

- পাতৰ ঠাৰিলৈও ৰোগটো বিয়পি যায়

- শিপা অংশলৈও এই ৰোগ বিয়পে আৰু সংবহনী কলাবোৰ ক’লা হৈ পৰে

- যদি এই ৰোগটো আগতীয়াকৈ হয় তেতিয়া পুলিটো লেৰেলি মৰি যায়

- যদি ৰোগটো দেৰিকৈ হয় তেতিয়া গছজোপা পচি মৰি যায়

নিয়ন্ত্ৰণৰ দিহা

- খেতিডৰা পৰিষ্কাৰ-পৰিছন্ন কৰি ৰাখিব লাগিব। 

- পচা বা বেমাৰী পাত, গছ আদি গোটাই আঁতৰত পুতি থব লাগে। 

- একেডৰা মাটিতে সৰিয়হজাতীয় শস্য যেনে, বন্ধাকবি, ওলকবি, লাই, সৰিয়হ আদিৰ খেতি প্ৰতিবছৰে কৰিব নেলাগে। অন্ততঃ ২-৩ বছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে

- প্ৰতিষেধক হিচাপে ষ্ট্ৰেপ্ট’চাইক্লিন বেক্টেৰীয়ানাশক (১ গ্ৰাম ১০ লিটাৰ পানীত) পুলি ৰোপনৰ ১৫ দিনমানৰ পিছত স্প্ৰে কৰিব লাগে। 


৫। ডাউনি মিলদিউ (Downy mildew):

ক্ষতিৰ লক্ষণ 





- পাতৰ তলপিঠিত সৰু বেঙুনীয়া-মুগা দাগ পৰে

- পাতৰ ওপৰ পিঠিত সৰু, শেতা হালধীয়া, কোণীয়া দাগ পৰে, পাতবোৰ শোতোৰা পৰি শুকাই যায়

- বন্ধাকবিৰ কবিটো পচি যায়, ফুলকবিৰ মুগা দাগ পৰে, কবিৰ ঠাৰিডালত ডাঠ মুগা দাগ পৰে

নিয়ন্ত্ৰণৰ দিহা

- কবি,মূলা, লাই, সৰিয়হজাতীয় খেতি কৰাৰ পিছত অন্ততঃ তিনিবছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে।

- আক্ৰমণিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি নাইবা পুৰি পেলাব লাগে।

- শস্যৰ শাৰী আৰু দুজোপাৰ  মাজত যথেষ্ট  দূৰত্ব থাকিব লাগে।

- ইয়াক নিয়ন্ত্ৰণৰ বাবে মেনক’জেব- 75 WP (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা কাৰ্বানডাজিম ০.০৫%  ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।


৫। পাউদাৰী মিলদিউ (Powdery mildew):

ক্ষতিৰ লক্ষণ




- পাতৰ ওপৰ পিঠি, ঠাৰি, ফুল আদিত বগা পাউদাৰৰ নিচিনা দাগ পৰে

- কবিজোপা পচি যোৱা নিচিনা হয় আৰু বৃদ্ধি ভাল নহয়

নিয়ন্ত্ৰণৰ দিহা

- আক্ৰমণিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি নাইবা পুৰি পেলাব লাগে।

- শস্যৰ শাৰী আৰু দুজোপাৰ  মাজত যথেষ্ট  দূৰত্ব থাকিব লাগে।


৬। বগা মামৰে ধৰা (white rust):

ক্ষতিৰ লক্ষণ



- পাতৰ তলপিঠি, ঠাৰি আৰু ফুলত বগা, ওখহা ঘাঁ লাগে, ঘাঁবোৰ লগ লাগি ডাঙৰ হয়

- পাতখিলাত বগা পাউদাৰ সদৃশ দ্ৰব্য লাগি থাকে

- ফুল, ঠাৰি আদিৰ আকাৰ বিসঙ্গতি দেখা যায় আৰু গছজোপা আকৃতিও সলনি হৈ যায়

নিয়ন্ত্ৰণৰ দিহা

- সুস্থ আৰু নিৰোগী বীজহে ব্যৱহাৰ কৰিব লাগে

- Mancozeb (প্ৰতি লিটাৰ পানীত ২.৫ কিলোগ্ৰাম মিহলাই) স্প্ৰে কৰিব লাগে


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন

১। নাইট্ৰজেন মৌলৰ অভাৱ (Nitrogen Deficiency):




- পাতত ইউৰীয়া (১ লিটাৰ পানীত ২০ গ্ৰাম) স্প্ৰে কৰিব লাগে


২। ফচফৰাচ মৌলৰ অভাৱ (Phosphorus Deficiency):


-  অনুমোদিত হাৰত ফচফৰাচ জাতীয় সাৰ যেনে একক চুপাৰ ফচফেট বা ডাই এম’নিয়াম ফচফেট প্ৰয়োগ কৰিব লাগে


৩। পটেছিয়াম মৌলৰ অভাৱ (Potassium Deficiency):



- পাতত পটেছিয়াম চালফেট ১% (K2SO4 1%) -১ লিটাৰ পানীত ১০ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে


৪। মেগনেছিয়াম মৌলৰ অভাৱ (Magnessium Deficiency):



- পাতত মেগনেছিয়াম চালফেট ১% (MgSO4 0.2%) -১ লিটাৰ পানীত ২ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে

৫। চালফাৰ মৌলৰ অভাৱ (Sulphur Deficiency):


- মাটিত জিপছাম প্ৰতি বিঘাত ৩৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে বা চালফাৰ থকা সাৰ যেনে, একক চুপাৰ ফচফেট সাৰ প্ৰয়োগ কৰিব লাগে।

- পাতত পটেছিয়াম চালফেট বা কেলছিয়াম চালফেট ১% (K2SO4 or CaSO41%) -১ লিটাৰ পানীত ১০ গ্ৰাম মিহলাই দুবাৰ স্প্ৰে কৰিব লাগে

৬। বৰ’ণ মৌলৰ অভাৱ (Boron Deficiency):


- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৭। কপাৰ মৌলৰ অভাৱ (Copper Deficiency):



- কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত  ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৮। আইৰণ মৌলৰ অভাৱ (Iron Deficiency):



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে


৯। মেঙ্গানিজ মৌলৰ অভাৱ (Manganese Deficiency):

- প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত এসপ্তাহৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে

১০। জিংক মৌলৰ অভাৱ (Zinc Deficiency):


- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

১১। কেলছিয়াম মৌলৰ অভাৱ (Calcium Deficiency):



- কেলছিয়াম চালফেট প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে


১২। মলিবদেনাম মৌলৰ অভাৱ (Molybdenum Deficiency):



- এম’নিয়ামলিবদেট প্ৰতি লিটাৰ পানীত ০.৫ গ্ৰামকৈ মহিলাই পাতত এসপ্তাহৰ মূৰত দুবাৰ স্প্ৰে কৰিব লাগে 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান