‘বাৰী’খনেই হওক গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ

নয়ন কুমাৰ বৰা

প্ৰাকৃতিক আৰু মানব সম্পদৰ উপযুক্ত আৰু পৰিকল্পিত ব্যৱহাৰে এখন সমাজৰ উন্নয়নৰ পথ ৰচনা কৰে উৎপাদনী সম্ভাৱনা থকা প্ৰতিবিধ বস্তুৱেই হল আমাৰ সম্পদ এই সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ দ্বাৰা মানুহে খাবৰ বাবে এমুঠি অন্ন, পিন্ধিবৰ বাবে এসাজ কাপোৰ, থাকিবৰ বাবে এটি ঘৰৰ লগতে অৰ্থ উপাৰ্জনৰ বাবে শিল্প-উদ্যোগ তথা বেহা-বেপাৰৰ সমলখিনিও গোটাই লয় এনে সমল সংগ্ৰহৰ সফলতা নিৰ্ভৰ কৰে মানুহৰ ওপৰত দক্ষ, কৌশলপূৰ্ণ, বিজ্ঞানসন্মত শ্ৰমে প্ৰাকৃতিক সম্পদক পৰিণত কৰে অমূল্য সম্পদত

বৰ্তমান আমাৰ অসমত প্ৰাকৃতিক আৰু মানব সম্পদৰ কিদৰে চূড়ান্ত অপচয় হৈছে সেয়া আমি সকলোৱে প্ৰত্যক্ষ কৰিছো অজস্ৰ সম্ভাৱনা থকাৰ স্বতেও লাখ লাখ শিক্ষিত যুৱক-যুৱতী নিবনুৱা হৈছে লাখ লাখ কৃষক, শ্ৰমিক আৰু কাৰিকৰে ব্যস্ত হৈ আছে কেৱল দুবেলা-দুমুঠি চাউল আৰু এসাজ কাপোৰ যোগাৰ কৰাত আমাৰ নিজৰ গাওঁ বিলাকলৈকে লক্ষ্য কৰোচোন সৰহখিনি মানুহৰে আজি পেটে-ভাতে খাই থকাৰ অৱস্থা হৈছে সাৰুৱা পথাৰৰ মাটি আছে, বাৰী মাটি আছে আৰু শ্ৰম কৰিব পৰা উপযুক্ত ব্যক্তিও আছে কিন্তু আৰ্থিক উন্নয়নহে হোৱা নাই গাঁৱৰ ভিতৰে-বাহিৰে আছে কৃষি, ক্ষুদ্ৰ উদ্যোগ, বাণিজ্য আদি উৎপাদৰ অজস্ৰ সম্ভাৱনা পাৰ্গত শিপিনী, বাঢ়ৈ, ভাস্কৰ্য শিল্পী আদিও সিঁচৰিত হৈ আছে অনেকজন কিন্তু, উন্নয়নৰ আঁচনিবোৰে আজিকোপতি সেই সম্ভাৱনাবোৰৰ পৰিকল্পিত আৰু উপযুক্ত ব্যৱহাৰ কৰিব পৰা নাই যাৰফলত গ্ৰাম্য সমাজত প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয় হৈছে

 

খিলঞ্জীয়াৰ অৰ্থনীতি বিকাশৰ মূল ভেটি অসমৰ গাঁওসমূহ:

ভাৰতৰ স্বাধীন হোৱাৰ পিছৰ প্ৰায় দুটা দশকলৈকে অসমৰ জনমুৰি আয় ভাৰতৰ অন্যান্য অগ্ৰণী ৰাজ্যৰ লগত সমানেই ফেৰ মাৰিব পৰা আছিল কিন্তু, সত্তৰ দশকৰ ভাৰতৰ সেউজ বিপ্লৱৰ পিছতে অসমৰ কৃষি অৰ্থনীতিয়ে বেয়াকৈ মাধমাৰ খাবলগীয়া হঅসমৰ স্ব-নিৰ্ভৰশীল কৃষি অৰ্থনীতি থান-বান হৈ পৰিল এইবিষয়ে অধিক বিশ্লেষণ নকৰি মাত্ৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ সৰুকালতে পঢ়া এটি পদ্যলৈ মনত পেলাব বিছাৰিছো

শুৱনি আমাৰ                  গাঁওখন অতি

শুৱনি গছেৰে ভৰা,

ডাল ভৰি ভৰি                 ফল ফুল লাগে

কত পাও তল সৰা

শুৱনি আমাৰ                  ধাননি  পথাৰ

ধানেৰে উপচি পৰে,

শুৱনি নদীৰ           পানী ভৰা ঘাট

মুদৈয়ে বেপাৰ কৰে

চালত কোমোৰা      লাও জিকা ভোল

ভৰালত জহা ধান,

গোহালিত গৰু                পুখুৰীত মাছ

বাৰীত তামোল পাণ

গছৰ ডালত           শুৱনি চৰায়ে

শুৱলা সঙ্গীত গায়,

শাকনিত  শাক                 ফুলনিত ফুল

দেখিলে হিয়া জুৰায়

ঘৰে ঘৰে ৰং           ধেমালিৰ হাট

ঘৰে ঘৰে হাঁহি মুখ,

ঘৰে ঘৰে ভাল                 চেনেহা-চেনেহী

ঘৰে ঘৰে দেখো সুখ

ভাওনা সবাহ          গীত ভাল পোৱা

মধুৰ মুৰুলি তান,

দহোটাৰ কাম                   একেজনে কৰা

চহাৰ সৰল প্ৰাণ

তাহানিতে প্ৰাথমিক বিদ্যালয়ত চিঞৰি চিঞৰি পঢ়া উক্ত পদ্যটিৰ মাজেৰেই অসমৰ গ্ৰাম্য-অৰ্থনীতিৰ এক সৰল আৰু নিভাজ বৰ্ণনা কৰিছে সঁচা কথা, অসমৰ স্ব-নিৰ্ভৰশীল কৃষি অৰ্থনীতি বিকাশৰ বাবে আমি বহল ভিত্তিক কৃষি অৰ্থাৎ শস্য, মৎস্য, পশুপালন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আমাৰ গাঁওসমূহত ধান, মাহ আদিকে ধৰি বিভিন্ন শস্যৰ লগতে উদ্যান শস্য যেনে, ফল-মূল, শাক-পাচলি, ফুল, ঔষধি উদ্যান ইত্যাদিৰ প্ৰচুৰ সম্ভাৱনা আছে এতিয়াও অপকাৰী ৰাসায়নিক পদাৰ্থৰে  দূষিত নকৰা আমাৰ বাৰীবোৰত আৰু পৰিত্যক্ত ওখ মাটিবোৰত জৈৱিক পদ্ধতিৰে এইবোৰৰ খেতি কৰিব পাৰি আৰু অসমৰ অৰ্থনীতি সবল কৰিব পাৰি

অসমৰ গ্ৰামাঞ্চলৰ কথা মনলৈ আহিলেই ইয়াৰ বাৰে-ৰহনীয়া কৃষ্টি-সংস্কৃতি, মনোমোহা প্ৰাকৃতিক পৰিবেশ, জন-জীৱন, কৃষি-কাৰ্য আৰু আনুসঙ্গিক বৃত্তিসমূহ, প্ৰাকৃতিক দুৰ্যোগ যেনে, বানপানী-খহনীয়া ইত্যাদি কথা মনলৈ আহে। প্ৰকৃতাৰ্থত অসমখন সুন্দৰ কৰি ৰাখিছে ইয়াৰ গ্ৰামাঞ্চলৰ হেজাৰ-হেজাৰ কৃষক পৰিয়ালে। বানপানী, গৰাখহনীয়া আৰু নানা প্ৰাকৃতিক সমস্যাই বছৰ বছৰ ধৰি জুৰুলা কৰি আহিলেও কৃষকসকল জীৱন সংগ্ৰামত কেতিয়াও হাৰি যোৱা নাই। প্ৰকৃতিৰ লগত সহ-অৱস্থান নীতিৰে এইসকল কৃষকে অসমখনক সদায় সুন্দৰ কৰি ৰাখিছে। পুৰুষাণুক্ৰমে অৰ্জন কৰি অভিজ্ঞতা আৰু প্ৰাকৃতিক পৰিবেশৰ লগত কৰি অহা সহ-অৱস্থানে কণ কণ লৰা-ছোৱালীকে ধৰি বুঢ়া-বুঢ়ীলৈকে প্ৰতিজন ব্যক্তিয়েই কৃষিৰ লগত ওতঃপ্ৰোত সমন্ধ স্থাপন কৰি আহিছে। বোকা-পানী, নাঙল-যুঁৱলি, গৰু-গাই, মাছ-পুঠি, জাল-জুলুকি ইত্যাদিৰ লগত সকলোৱেই চিনাকি। পথাৰৰ বোকা মাটিৰ গোন্ধ, সেউজীয়া ধাননি পথাৰ, আঘোনৰ হালধীয়া হালি-জালি থকা শস্যৰ পথাৰ, ৰান্ধনি বেলিৰ ঘৰমূৱা পক্ষীৰ জাক আদি সকলোৱেই হৈ পৰে তেওলোকৰ বুকুৰ আপোন।

গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটি “বাৰী”

অসমৰ খিলঞ্জীয়া গাঁওসমূহৰ প্ৰায় প্ৰত্যেক ঘৰ পৰিয়ালতে এখনি বাৰী অৰ্থাৎ বহলভিত্তিক উদ্যান শস্যৰ বাগিচা আছে কেৱল ভাৰততে নহয়, পৃথিৱীৰ ভিতৰতে বিৰল এই আমাৰ গাঁও আৰু বাৰীখনে আমাৰ ঐতিহ্য বহন কৰাই নহয়, গ্ৰাম্য অৰ্থনীতি মূল ভেটি হিচাপে পৰিগণিত হৈ আছে আহোম ৰাজত্বৰ (১২২৮- ১৮২৬ চনলৈকে) দিনৰ পৰা এইবাৰীখনে অসমীয়া মানুহৰ সাংস্কৃতিক ঐতিহ্যও বহন কৰিছে

আমাৰ গ্ৰামাঞ্চলৰ প্ৰত্যেকজন কৃষকৰ নিজৰ একোখনকৈ বাৰী আছে প্ৰায় ১ কঠা মাটিৰ পৰা ১৫-২০ বিঘালৈকে এই বাৰীবোৰত মাটি আছে এই বাৰীখন সাধাৰণতে এখনি সমন্বিত উদ্যান শস্যৰ বাগিচা, যিখন আমি ভাৰতৰ অন্যান্য স্থানত দেখিবলৈ পোৱা নেযায় নিজৰ পৰিয়াল  বস-বাস কৰা ঘৰটিৰ উপৰিও হাঁহ পালন, ছাগলী পালন, মীন পালন, গাহৰি পালন, এড়ি পলু পালন, মুগা পলু পালন, শাকনি বাৰী, বনৌষধি, থলুৱা ফলমূল, কল, অমিতা, তামোল, নাৰিকল, ৰবাব টেঙা, নেমুটেঙা, মচলা (হালধি, আদা), ফুলনি আৰু কত যে কি…. ঘৰৰ পিছফালে এডৰা বাঁহনিৰ উপৰিও কিছুমান বনজ সম্পদো থাকে ঘৰখনিৰ সন্মুখত থকা মেটমৰাভৰালটোৱে চহকী মানুহৰ চিনাকি নিদিয়েনে বাৰু! মৰণা মৰা চোতাল, গোহালি ঘৰ, গোঁসাই ঘৰ আদিয়ে ঘৰখনিৰ সৌন্দৰ্য বঢ়োৱাই নহয়, এইবোৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত সময়ে সময়ে ব্যৱহাৰ কৰা হয় ঘৰৰ সন্মুখত থকা এখনি ফুলনি বাগিচা আৰু চৌহদত থকা বাঁহৰ জেওৰাখনিয়েও সৌন্দৰ্য বঢ়ায় বাৰমাহে লাও, জিকা  লাগি থকা চাঙখনিয়ে ঘৰখনক বতৰৰ পাচলি যোগান ধৰাই নহয়, দুপইচা অৰ্জনতো সহায় কৰে

সাম্প্ৰতিক এইটো পৰিলক্ষিত হৈছে যে থলুৱা ফলমূল, শাক-পাচলি, মচলা, বনৌষধি আদিয়ে নগৰ অঞ্চলত চাহিদা বৃদ্ধি কৰিছে কিয়নো এইবোৰত থকা উচ্চ পৰিমাণৰ পুষ্টিমৌল আৰু ঔষধি গুণে নাগৰিকসকলক খাদ্যদ্ৰব্যৰ প্ৰতি সচেতন কৰিছে দৰকাৰী কথা হল আমাৰ গ্ৰামাঞ্চলৰ বাৰীয়ে-ঘৰে কচু, ঢেকীয়া, মানিমুনি, কলমৌ, কলডিল আদি প্ৰাকৃতিকভাবেই হয় আৰু এইবোৰ বছৰ বছৰ ধৰি মানুহে ব্যবহাৰ কৰি আহিছে গতিকে এইবোৰ নিসন্দেহে জৈৱিক

আমাৰ কৃষকসকলৰ বাবে এই বাৰীখন হল গ্ৰাম্য-অৰ্থনীতিৰ মূল ভেটি সাধাৰণতে পৰিয়ালৰ দৈনন্দিন খা-খৰচৰ বাবে, ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচ, কাপোৰ-কানিৰ খৰচ, উৎসৱ-পাৰ্বনৰ খৰচ, চিকিৎসাৰ খৰচ ইত্যাদি বাৰীখনৰ উপাৰ্জনৰ পৰাই আহে সাপ্তাহিক বজাৰবোৰত আমাৰ খেতিয়কসকলে নিজৰ উৎপাদিত শস্যবোৰ বিক্ৰি কৰি প্ৰয়োজনীয় সামগ্ৰীবোৰ ক্ৰয় কৰি আনে যদিও বাৰীবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে পৰিচালনা কৰা নহয়, তথাপি কিন্তু এই বাৰীখন হল কৃষকৰ বেঙ্ক আৰু ভৱিষ্যতৰ বীমা পৰিকল্পিত চিন্তাৰে আমাৰ গাওঁবোৰক আটক ধুনীয়াকৈ সজাই তুলিব পাৰি কিয়নো, আমাৰ অসমৰ গাঁওবোৰৰ এক সুকীয়া বৈশিষ্ট আছে যিবোৰ বৈশিষ্ট ভাৰতৰ আন ৰাজ্যবোৰত সাধাৰণতে দেখিবলৈ পোৱা নেযায় আনকি আমাৰ বোধেৰে এই বৈশিষ্ট সমগ্ৰ পৃথিৱীৰ ভিতৰতে বিৰল কিন্তু, আমাৰ সম্ভাৱনাখিনিক অনুভব কৰা হোৱা নাই তাহানি মোমাই তামুলী বৰবৰুৱাৰ দিনতে এই সম্ভাৱনাৰ বীজ ৰোপন কৰা হৈছিল এই মোমাই তামুলী বৰবৰুৱাৰ আহ্বানতে তামোলৰ বাৰী পাতি প্ৰতিঘৰ পৰিয়ালৰে বাৰীখনক এক অৰ্থনৈতিক উত্পাদন ক্ষেত্ৰলৈ পৰিৰ্বতন কৰা হৈছিল আৰু গাঁও পাতি বাস কৰাৰ ধাৰণাটোক গতিশীল কৰিছিল গ্ৰামীন ৰাইজেও নিজৰ ঘৰখনৰ লগতে উপাৰ্জনৰ ক্ষেত্ৰখনো গঢ়ি তুলি এক বিৰল স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়ি তোলাৰ লগতে সাংস্কৃতিক বিকাশৰ পথটোও গতিশীল কৰি তুলিলে কিন্তু পৰৱৰ্তী সময়ত মানৰ আক্ৰমণ, বৃটিছৰ আগমন আৰু আহোম শাসন যুগৰ পৰিসমাপ্তিয়ে অসমৰ গাঁওবোৰৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশৰ ধাৰাটোক স্তিমিত কৰিলে স্বাধীনত্তোৰ কালত গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে বিভিন্ন পৰিকল্পনা আৰু কৰ্মসূচী লোৱা হল যদিও স্বাধীনতাৰ অৰ্ধ শতিকা পাৰ হৈ যোৱাৰ পিছতো আমাৰ গাঁওসমূহত চকুত লগা বিধৰ পৰিবৰ্তন নহল মহাত্মা গান্ধীৰ ৰাম ৰাজ্য প্ৰতিস্থা নহল পঞ্চায়তীৰাজ ব্যৱস্থাৰে গ্ৰাম্য স্বৰাজ তথা অৰ্থনৈতিক বিকাশৰ পথ ত্বৰাম্বিত নহলঅসমৰ খিলঞ্জীয়া কৃষকৰ অৰ্থনৈতিক উন্নয়ত এই বাৰীখনে এক উল্লেখযোগ্য ভূমিকা বহন কৰি আহিছে গতিকে কৃষকৰ উন্নয়নৰ আঁচনিয়ে এই বাৰীবোৰক সামৰি লোৱাটো জৰুৰী হৈ পৰিছে ইয়াৰবাবে এক সমন্বিত সম্প্ৰসাৰণ আঁচনিৰ প্ৰয়োজন হব

গ্ৰামীন কৃষি অৰ্থনীতি বিকাশ কেনেকৈ হব:

আমাৰ গাঁও বিলাকৰ এনে এটা পৰিবেশ কল্পনা কৰকচোন- "চাৰিওফালে গছ-গছনি, বাৰমাহেই খেতি-পথাৰ; ৰাস্তা- পদূলিবোৰ আহল-বহল পকী; পথাৰৰ মাজে মাজে সৰু সৰু পকী ৰাস্তা; সকলো স্থানতে বিজুলী, যোগাযোগ আৰু খোৱা পানীৰ সু-ব্যৱস্থা; পথাৰৰ মাজে মাজে গোটেই বছৰ জুৰি পানীৰে পৰিপূৰ্ণ হৈ থকা জলসিঞ্চনৰ নলা; শস্য পথাৰৰ মাজতে মজুত ভঁৰাল;  ঠায়ে ঠায়ে সকলো সুবিধা থকা আটক-ধুনীয়া গ্ৰাম্য বজাৰ;  আহল-বহল বাৰীৰ সৈতে এখনি সুন্দৰ ঘৰ, ঘৰবোৰ আধুনিক অথচ স্থানীয় কলা-কৃষ্টি বৈশিষ্টপূৰ্ণ; বিদ্যালয়বোৰো সুস্থ শিক্ষা বিকাশৰ কেন্দ্ৰ .......... আৰু যে কত কি!

আমাৰ নিজৰ ঘৰখন, গাঁওখনৰ কথাকে ধৰা হওকচোন এতিয়াও আমি কি কি সামগ্ৰীত দৈনিক ধন খৰচ কৰি আছো? আটা, দাইল, পিঁয়াজ, মছলা, কণী, গাখীৰ, মাছৰ বাবে দৈনিক ধন খৰচ কৰিছো আৰু সেই ধনখিনি কলৈ যায়? চাবোন, সুগন্ধি তেল, কাপোৰ আদিৰ বাবেইতো আছেই কথা হল, এই সুৰুঙাবোৰ বন্ধ নকৰাকৈ আমি অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই নিব পাৰিমনে?

সেয়ে, বৰ্তমান প্ৰয়োজন হৈছে বজাৰ চাহিদাসম্পন্ন সামগ্ৰীৰ উৎপাদন এই চাহিদা পূৰণৰ বাবে আমাৰ প্ৰয়োজন হব এক দীৰ্ঘ আৰু হ্ৰস্বম্যাদী শস্য উৎপাদনৰ পৰিকল্পনা কোনখন গাঁৱে কি শস্য উৎপাদন কৰিব, কেতিয়া কৰিব, কিমান পৰিমাণে কৰিব, কেনকুৱা মানদণ্ডৰ উৎপাদন কৰিব, বিক্ৰি কৰিব ইত্যাদি এশ-এবুৰি প্ৰশ্নৰ উত্তৰসমূহ শস্য পৰিকল্পনাত সামৰি লব লাগিব আৰু কৃষকৰ নিশ্চিত লাভৰ পথত থকা হেঙাৰসমূহৰ নিৰাময়ৰ উপায়ো এই পৰিকল্পনাত অন্তৰ্ভূক্ত কৰিব লাগিব

এইক্ষেত্ৰত এখন জনকল্যানকামী চৰকাৰৰে হ প্ৰাথমিক দায়িত্ব গ্ৰামাঞ্চলৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰবোৰ চিনাক্ত কৰি সেইবোৰৰ ওপৰত উপযুক্ত কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰি ৰূপায়নৰ বাবে জনগণক অংশীদাৰী কৰিব লাগিব ইয়াৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সফল ৰূপায়ন হব লাগিব এইটো প্ৰত্যক্ষ কৰা হৈ আহিছে যে পঞ্চায়ত ব্যৱস্থাৰ জৰিয়তে গ্ৰামাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা সাধাৰণতে কৰা নহয় ফলত সেই পঞ্চায়তৰ অধীনস্থ গাওঁসমূহত কেনেধৰণৰ অৰ্থনৈতিক কাম-কাজ কৰিব লাগিব সেয়া চৰকাৰী আঁচনিত অন্তৰ্ভূক্ত নহয় আৰু উৰ্দ্ধতম মহলৰ পৰা জাপি দিয়া আঁচনিসমূহেই ৰূপায়ন কৰিবলৈ প্ৰচেষ্টা লোৱা হয় ধৰি লোৱা হওক, এখন গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা নাই এতিয়া সেই গাঁওখনত যদি হাইব্ৰীড ধানৰ খেতি কৰিবলৈ দিয়া হয়, আঁচনিখন সফল হবনে? আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হল- তৃণমূল পৰ্যায়ত বিভিন্ন বিভাগসমূহৰ সমন্বয় তথা ঐক্যৱদ্ধ প্ৰচেষ্টাৰে আঁচনি ৰূপায়ন নোহোৱাতো বহুসময়ত একেখন আঁচনিকে বেলেগ ৰূপত কেইবাটাও বিভাগে ৰূপায়ন কৰে যাৰফলত হিতাধিকাৰীসকলে বিপাঙত পৰে আৰু আঁচনিৰ সফল ৰূপায়নত বেমেজালিয়ে দেখা দিয়ে সেয়ে প্ৰতিখন গাঁৱৰ বাবে অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা কি হব সেয়া তৃণমূল অৰ্থাত্ পঞ্চায়ত পৰ্যায়তে প্ৰতিটো বিভাগৰ সহযোগিতাত সিদ্ধান্ত লোৱা উচিত উক্ত অৰ্থনৈতিক পৰিকল্পনাত কেৱল যে চৰকাৰী বিভাগ সমূহেই অন্তৰ্ভূক্ত হব লাগে তেনে নহয়, বে-চৰকাৰী সংস্থা, বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান সমূহো জড়িত হোৱা উচিত এনেদৰেই এখন সুস্থ সমন্বিত অৰ্থনৈতিক পৰিকল্পনাৰে প্ৰাকৃতিক আৰু মানব সম্পদৰ ব্যাপক অপচয় ৰোধ কৰিবলৈ শক্তিশালী কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি

কৃষি পৰ্যটন দিশৰ পৰাও অসমখনক আকৰ্ষণীয় কৰি তুলিব পাৰি। ইয়াৰবাবে নিম্নলিখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব-

১। প্ৰাকৃতিক জীৱ-বিচিত্ৰতাই চহকী কৰি ৰখা অসমৰ গ্ৰামাঞ্চলসমূহৰ নানা তৰহৰ গছ-গছনি, বন-বাত, চৰাই-চিৰিকতি, পৰিবেশ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰাখিব লাগিব।

২। আধুনিক কৃষি বিজ্ঞানৰ উপকৰণসমূহ যেনে, ৰাসায়নিক সাৰ, কীটনাশক, হাইব্ৰীড বীজ আদি ব্যৱহাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ নীতি-নিয়ম কাৰ্যকৰী কৰিব লাগিব।

৩। বান-গৰাখহনীয়াৰ লগতে অন্যান্য প্ৰাকৃতিক সমস্যাৰ পৰা গ্ৰামাঞ্চলসমূহক ৰক্ষা কৰিবলৈ তথা মোকাবিলা কৰিবলৈ বিশেষ বিজ্ঞানসন্মত উপায় কাৰ্যকৰীকৰিব লাগিব।

৪। যাতায়ত আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি পৰ্যটন আৰু কৃষি-বাণিজ্য দিশটো শক্তিশালী কৰি তুলিব লাগিব।

৫। কৃষি-প্ৰযুক্তি কৌশলসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত বহনক্ষম কৃষি (Sustainable Agriculture ) ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

৬। কৃষকৰ অতি চিনাকি জৈবিক কৃষি পদ্ধতিসমুহ শক্তিশালী ৰূপত গঢ়ি তুলি শস্য উৎপাদনৰ দিশটো টনকিয়াল কৰি তুলিব লাগিব।

 ------------------------------------------------------------

অসমীয়া প্ৰতিদিন, ৯ আগষ্ট, ২০২২ সংখ্যাত সম্পাদিত ৰূপত প্ৰকাশিত

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান