আদাৰ কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

কীট-পতঙ্গ আৰু ইয়াৰ নিয়ন্ত্ৰণ

১। পোখা বিন্ধা কৰা পোক (Shoot Borer):

ক্ষতিৰ লক্ষণ:

- আদাৰ ঠোৰৰ মাজত সোমাই এই পোকৰ পলুৱে খাই আৰু ঠোৰটো হালধীয়া হৈ পৰে, পিছত শুকাই যায়। 

- পোখাত পোকে ফুটা কৰে আৰু মাজত থকা ঠোৰটো হালধীয়া হৈ মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- অন্তৱৰ্তী শস্য হিচাপে বেলিফুল, মাকৈ, আনাৰস আদিৰ খেতি কৰিব লাগে

- সেউজীয়া পাতেৰে আদাখেতি ভেটিবোৰত আচ্ছাদন দিব লাগে

- নিমৰ খলিহৈ মাটিত মিহলাব লাগে

- লক্ষণ দেখাৰ লগে লগে আক্ৰান্ত ঠোৰবোৰ কাটি লৈ পলুবোৰ উলিয়াই নষ্ট কৰিব লাগে। ১৫ দিনৰ মূৰে মূৰে নিম তেল ( প্ৰতি লিটাৰ পানীত ৫ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে।

- সেউজীয়া পচতীয়া পাতেৰে আদা খেতিত আচ্ছাদন দিব লাগে ( বিঘাই প্ৰতি প্ৰায় ৬০০ কিলোগ্ৰাম পাত)

- আক্ৰান্ত আদা গছৰ ঠোৰবোৰ কাটি পলুবোৰ উলিয়াই নষ্ট কৰিব লাগে।

- আদা খেতিৰ কাষত নিম গছ ৰোপন কৰিলে এই পোক আদা খেতি আক্ৰমণৰ পৰা আঁতৰত থাকে।


২। কন্দৰ শল্ক পোক (Rhizome Scale):

ক্ষতিৰ লক্ষণ:

- পোখাবোৰ শেতা হৈ শুকাই যায়

- চপোৱাৰ সময়ত কন্দবোৰত ক্ষুদ্ৰ ক্ষুদ্ৰ হালধীয়া বগাই থকা পোক দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- অলাগতিয়াল বন-বাত বোৰ উভালিব লাগে

- আদাখেতি চপোৱাৰ পিছত পচি যোৱা আদাৰ কন্দবোৰ আঁতৰাই নষ্ট কৰিব লাগে


৩। পাত মেৰোৱা পোক/ স্কীপাৰ (Leaf roller/ Skipper)

ক্ষতিৰ লক্ষণ:

- পাতবোৰ দীঘে দীঘে মেৰ খাই যায়

- বেছিকৈ আক্ৰান্ত হলে পাতবোৰ পোখাৰ পৰা এৰাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- অলাগতিয়াল বন-বাত বোৰ উভালিব লাগে

- আদাখেতি চপোৱাৰ পিছত পচি যোৱা আদাৰ কন্দবোৰ আঁতৰাই নষ্ট কৰিব লাগে


৪। পাত ওকণী (Thrips):

ক্ষতিৰ লক্ষণ:

- পাতবোৰৰ ওপৰফালে ৰস শুহি খায়

- নতুনকৈ ওলোৱা পাত আৰু পোখাবোৰ আক্ৰান্ত হয়

- পাতবোৰ ঘেৰ খাই, শেতা হৈ পৰে আৰু লাহে লাহে শুকাই যায়

- বেছিকৈ আক্ৰান্ত হলে পোখাবোৰ মৰহি শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাত আৰু গছবোৰ আঁতৰাই নষ্ট কৰিব লাগে

- সেউজীয়া পাতৰ আচ্ছাদন দিব লাগে

- ৩০-৪০% ছাঁৰ ব্যৱস্থা কৰিব লাগে


৫। বগা গুবৰুৱা (White Grubs):

ক্ষতিৰ লক্ষণ:

- কোমল আদাৰ কন্দবোৰ, শিপা বা পোখাৰ গুৰি অংশ খাই আৰু পোখাবোৰ হালধীয়া হৈ মৰহি যায়

- কন্দত ডাঙৰ ডাঙৰ ফুটা কৰে, ফলত বিক্ৰিমূল্য কমি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত গছবোৰ আঁতৰাই নষ্ট কৰিব লাগে

- ভালকৈ পচি যোৱা পচনসাৰহে ব্যৱহাৰ কৰিব লাগে

- প্ৰথম জাক বৰষুণ পৰাৰ পিছতে পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- ৰোৱাৰ আগতে মাটিখিনি সৌৰকৰণ কৰিব লাগে

- ‘মেটাৰিঝিয়াম এনিচপ্লি’ নামৰ ভেঁকুৰ গো-মূত্ৰৰ লগত মিহলাই গছৰ গুৰিৰ মাটিত প্ৰয়োগ কৰিলে এই পোক নিয়ন্ত্ৰণ হয়।


৬। কন্দ মাখি (Rhizome fly):

ক্ষতিৰ লক্ষণ:

- এই পোকৰ পলুৱে কন্দ খাই আৰু ফলত গছজোপা হালধীয়া হৈ যায় আৰু কন্দবোৰ পচিবলৈ ধৰে

- ঠোৰটো মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আক্ৰান্ত পাত আৰু গছবোৰ আঁতৰাই নষ্ট কৰিব লাগে

- সেউজীয়া পাতৰ আচ্ছাদন দিব লাগে

- ৩০-৪০% ছাঁৰ ব্যৱস্থা কৰিব লাগে


৭। শস্য কৃমি (Root knot, Burrowing and Lession nematode):

ক্ষতিৰ লক্ষণ:

- কোমল আদাৰ কন্দবোৰ, শিপা বা পোখাৰ গুৰি অংশ খাই, গছজপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়, পোখা কম হয়, পাতত দাগ পৰি শুকাই যায়

- শিপাত টেমুনা আৰু ঘা দেখা যায় আৰু শিপাবোৰ পচি যায়

- কন্দবোৰ মুগা বৰণৰ হয়, পানী জোলা দেখা যায়

নিয়ন্ত্ৰণৰ দিহা:

- অন্তৱৰ্তী শস্য হিচাপে নাৰ্জিফুলৰ খেতি কৰিব লাগে

- গ্ৰীষ্মকালত মাটি দ’কৈ চহাই সৌৰকৰণ কৰিব লাগে

- নিয়ন্ত্ৰণৰ বাবে বিঘাই প্ৰতি ৩৩৪ কিলোগ্ৰাম নিম খলিহৈ প্ৰয়োগ কৰিব লাগে। আদা ৰোপনৰ ৪৫ দিনৰ পিছত পুনৰ এবাৰ প্ৰয়োগ কৰিব লাগে।


ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ:


১। আদা গুৰি বা কন্দ পচি যোৱা (Soft rot):

ক্ষতিৰ লক্ষণ:

- আদাৰ পোখাৰ গুৰিৰ পৰা ওপৰলৈ ক্ৰমান্বয়ে পচি যায়। গুৰিৰ পচা অংশ আদাৰ কন্দলৈ বিয়পি যায়

- পিছত শিপাবোৰো পচি যায়

- পোখাৰ তলৰ পাতবোৰৰ আগ অংশৰ পৰা ঈষৎ হালধীয়া হৈ পাতৰ মাজভাগলৈ বিয়পি যায়

- প্ৰথমাৱস্থাত পাতৰ মাজভাগ সেউজীয়া হয় আৰু কাষবোৰহে হালধীয়া হয়

- পোখাৰ তলভাগৰ পৰা ওপৰলৈ পাতবোৰ আক্ৰান্ত হৈ শেষত গোটেই গছজোপাই মৰহি যায়

নিয়ন্ত্ৰণৰ দিহা:

- আদা খেতিৰ মাটিত পানী জমা নহবৰ বাবে সুন্দৰ নলাৰ ব্যৱস্থা থাকিব লাগে।

- ৰোৱাৰ আগতে আদাৰ কন্দবোৰ জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ত (২০ গ্ৰাম প্ৰতি লিটাৰ পানীত) ৩০ মিনিট সময়ৰ বাবে শোধন কৰিব লাগে আৰু ছাঁত মেলি দি শুকুৱাই লব লাগে।

- জৈৱিক সাৰ প্ৰয়োগ কৰোতে সেইবোৰৰ লগত ‘ট্ৰাইক’দাৰমা ভিৰিদি’ ভেঁকুৰনাশক মিহলাব লাগে।

-  ৰোৱাৰ ৪৫ দিনৰ পিছত আদাৰ পাতত আৰু গুৰিৰ মাটিত জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে। পুনৰ এমাহৰ অন্তৰে অন্তৰে ৰোগ চকুত পৰাৰ লগে লগে প্ৰয়োগ কৰিব লাগে।

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ৰুবৰ ৰখা আদাবোৰ মজুত কৰাৰ আগতে mancozeb 0.3% (প্ৰতি লিটাৰ পানীত ৩ গ্ৰাম মিহলাই) ৩০ মিনিট সময়ৰ বাবে ৰাখি ছাঁত শুকুৱাই লৈহে মজুত কৰিব লাগে। পিছত পুনৰ ৰোৱাৰ আগতে একেদৰেই কন্দবোৰ শোধন কৰিব লাগে 


২। বেক্টেৰীয়াজনিত মৰহি যোৱা ৰোগ (Bacterial wilt):

ক্ষতিৰ লক্ষণ:

- পোখাৰ গুৰি অংশত পানজোলা হৈ ওপৰ আৰু তলফালে বিয়পি যায়

- তলৰ পাতবোৰ হালি যায় আৰু কাষবোৰ ঘেৰ খাই যায়

- প্ৰথমে পোখাৰ তলৰ পাতবোৰ হালধীয়া হয় আৰু পিছলৈ ওপৰৰ পাতবোৰো হালধীয়া হয়

- আক্ৰান্ত ঠোৰবোৰ চুই দিলে ফিচিকি যায় আৰু তাৰ পৰা গাখীৰৰ দৰে পুঁজ ওলায়।

নিয়ন্ত্ৰণৰ দিহা:

- আদাৰ ভেটিবোৰ ৩০ ছেন্টিমিটাৰ ওখ আৰু ১ মিটাৰ বহল হ’ব লাগে

- ৰোৱাৰ ৪৫ দিনৰ পিছত আদাৰ পাতত আৰু গুৰিৰ মাটিত জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে।

- গ্ৰীষ্মকালত ৬০ দিনৰ বাবে মাটিৰ সৌৰকৰণ কৰা

- নিৰোগী ৰোপন সামগ্ৰীহে ৰোৱাৰ বাবে নিৰ্বাচন কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট’চাইক্লিন বেক্টেৰীয়ানাশক (অনুমোদিত হাৰ) মিশ্ৰণত আধা ঘন্টাৰ বাবে শোধন কৰি ছাঁত শুকুৱাই লৈ ৰোপন কৰিব লাগে

- খেতিডৰাত এই ৰোগৰ লক্ষণ দেখাৰ লগে লগে Bordeaux mixture 1%  (১ লিটাৰ পানীত ১০ গ্ৰাম চূণ + ১০ গ্ৰাম তুতিয়া) or copper oxychloride 0.2% (২ ১ লিটাৰ পানীত ২ গ্ৰাম) স্প্ৰে কৰিব লাগে.


৩। পাতত দাগ পৰা (Leaf Spot):

ক্ষতিৰ লক্ষণ:

- পাতত পানীজোলা হৈ দাগ পৰে আৰু পিছত সেইবোৰ বগা দাগ হৈ কাষবোৰ হালধীয়া হয়।

- পিছত দাগবোৰ লগ হৈ সেই অংশবোৰ মৰি যায়

নিয়ন্ত্ৰণৰ দিহা:

- copper oxychloride 0.25% ( ১ লিটাৰ পানীত ২.৫ গ্ৰাম) স্প্ৰে কৰিব লাগে


৪। গুদামত পচি যোৱা ৰোগ (Storage Rot):

ক্ষতিৰ লক্ষণ:

- এই ৰোগ আদা চপোৱাৰ আগতেই পথাৰতে গছবোৰ আক্ৰান্ত হয়।

- প্ৰথমে পোখাৰ তলৰ পাতবোৰ আগ অংশ হালধীয়া হয় আৰু পিছলৈ পাতখিলাৰ তললৈ বিয়পি বৌখালৈকে কাষবোৰ হালধীয়া হয়। পাতৰ মাজ অংশ সেউজীয়া হৈ থাকে

- পিছলৈ পোখাৰ ওপৰৰ পাতবোৰো হালধীয়া হয়

- গুৰি অংশ মুগা বৰণীয়া হৈ পানীজোলা হয়

- আক্ৰান্ত গছজোপা সহজেই উভালি আনিব পাৰি

- চপোৱা আদাবোৰৰ ৰং শেতা হয় 

নিয়ন্ত্ৰণৰ দিহা:

- আদাৰ কন্দবোৰ mancozeb (প্ৰতিলিটাৰ পানীত ২ গ্ৰাম) ৰে শোধন কৰিব লাগে

- নিম খলিহৈ প্ৰতিবিঘাত ২.৫ কুইন্টল প্ৰয়োগ কৰিব লাগে।


৫। হালধীয়া পৰা ৰোগ (Fusarium yellows/ yellow disease):

ক্ষতিৰ লক্ষণ:

- গছজোপা হালধীয়া হৈ মুজুৰা পৰে

- পোখাৰ তলৰ পাতবোৰ প্ৰথমে হালধীয়া হয়

- আক্ৰান্ত গছৰ পৰা উৎপাদন হোৱা আদাবোৰৰ আকৃতি অভজা হয়

নিয়ন্ত্ৰণৰ দিহা:

- আদাৰ ভেটিবোৰ ৩০ ছেন্টিমিটাৰ ওখ আৰু ১ মিটাৰ বহল হ’ব লাগে

- ৰোৱাৰ আগতে মাটিৰ সৌৰকৰণ কৰা

- মাটিত নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে


৫। বৌখা বা পাতৰ ব্লাইট ৰোগ (Sheath blight/ leaf blight):

ক্ষতিৰ লক্ষণ:

-  সাধাৰণতে বৌখাবোৰ আক্ৰান্ত হয় আৰু পাতলৈ এই ৰোগ বিয়পে

- প্ৰথমতে পাতৰ সৰু ঘা নিচিনা লাগি পিছলৈ সেইবোৰ বাঢ়ি যায় আৰু পাতখিলা মৰি যায়।

নিয়ন্ত্ৰণৰ দিহা:

- ৰোৱাৰ ৪৫ দিনৰ পিছত আদাৰ পাতত আৰু গুৰিৰ মাটিত জৈৱিক কীটনাশক ‘চিউদ’ম’নাচ ফ্লৰেন্স’ অনুমোদিত হাৰত স্প্ৰে কৰিব লাগে।

- গ্ৰীষ্মকালত ৬০ দিনৰ বাবে মাটিৰ সৌৰকৰণ কৰা

- নিৰোগী ৰোপন সামগ্ৰীহে ৰোৱাৰ বাবে নিৰ্বাচন কৰিব লাগে

- খেতিডৰাত এই ৰোগৰ লক্ষণ দেখাৰ লগে লগে Bordeaux mixture 1%  (১ লিটাৰ পানীত ১০ গ্ৰাম চূণ + ১০ গ্ৰাম তুতিয়া) or Copper oxychloride 0.2% (১ লিটাৰ পানীত ২ গ্ৰাম) স্প্ৰে কৰিব লাগে.


৬। শুকান পচা ৰোগ (Dry rot):

ক্ষতিৰ লক্ষণ:

- কন্দবোৰৰ বাকলিৰ ৰং শেতা হয় আৰু তাত ভেঁকুৰৰ সংক্ৰমণ হয় পচিবলৈ ধৰে

নিয়ন্ত্ৰণৰ দিহা:

- আদাৰ কন্দবোৰ Mancozeb (প্ৰতিলিটাৰ পানীত ২ গ্ৰাম) ৰে শোধন কৰিব লাগে


পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন


১। নাইট্ৰজেন মৌলৰ অভাৱ:

- পাতত ইউৰীয়া (১ লিটাৰ পানীত ১০ গ্ৰাম) স্প্ৰে কৰিব লাগে


২। পটেছিয়াম মৌলৰ অভাৱ:



- পটেছিয়াম ক্লৰাইড ১% (KCl 1%) -১ লিটাৰ পানীত ১০ গ্ৰাম মিহলাই স্প্ৰে কৰিব লাগে

৩। বৰ’ণ মৌলৰ অভাৱ:

- বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৪। কপাৰ মৌলৰ অভাৱ:

- কপাৰ চালফেট (CuSO4) প্ৰতিলিটাৰ পানীত  ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

৫। আইৰণ মৌলৰ অভাৱ:

- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে

৬। মেঙ্গানিজ মৌলৰ অভাৱ:

- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে

৭। জিংক মৌলৰ অভাৱ:

- জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ১ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান