কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ১৫
কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতি
শস্যৰ অনিষ্টকাৰী কীট-পতঙ্গ নিয়ন্ত্ৰণৰ বাবে
অতীজৰ পৰাই কৃষকসকলে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি আহিছে। এনে পদ্ধতিসমূহক মূলতঃ নিম্নলিখিতধৰণে
বিভক্ত কৰিব পাৰো।
১। কৃষিকাৰ্য আৰু পৰিচৰ্যামূলক পদ্ধতিৰে
২। দৈহিক আৰু যান্ত্ৰিক
পদ্ধতি
৩। জৈৱিক পদ্ধতি
৪। ৰাসায়নিক পদ্ধতি
৫। আণুবংশিক পদ্ধতি
৬। প্ৰচলিত দেশীয় আইন আৰু নীতি-নিয়মসমূহ
কৃষিকাৰ্য আৰু পৰিচৰ্যামূলক পদ্ধতিৰে
কীট
আৰু ৰোগ নিয়ন্ত্রণ
কৃষকসকলে
নিয়মিতভাৱে কৰি অহা বিভিন্ন কৃষি পদ্ধতি তথা পৰম্পৰাগত কলা-কৌশলসমূহেও শস্যৰ অনিষ্টকাৰী বিভিন্ন কীট-পতঙ্গ নিবাৰণ
নাইবা ধ্বংস কৰাত সহায় কৰে। বহু সময়ত
কৃষকৰ অজানিতেও তেওঁলোকে হালবোৱা, কোৰমৰা আৰু নিৰণি আদিৰ সময়ত বহুতো পোক,
সেইবোৰৰ কণী, লেটা আদি ধ্বংস কৰে। বিনা পইচাৰেই কৃষকে কৰিব পৰা এনেবোৰ কাম-কাজ হ’ল- হালবোৱা, বীজ সিঁচা, জলসিঞ্চন, শস্য চপোৱা আদিৰ ক্ষেত্রত সময়ৰ ইফাল-সিফাল কৰি লোৱা,
শস্যাৱৰ্তন আৰু অন্যান্য উন্নত কৃষি প্ৰযুক্তি। কৃষকসকলে অৱলম্বন কৰি অহা এনে কিছুমান পদ্ধতিৰ
বিষয়ে তলত আলোচনা কৰা হ’ল-
১। মাটি চহ কৰাঃ
বিভন্ন শস্য অনিষ্টকাৰী পোকৰ বাসস্থান হ’ল মাটি। বিশেষকৈ কীটৰ সুপ্ত জীৱন কালছোৱা লেটা অৱস্থাৰ মাজেৰে মাটিত অতিবাহিত হয়। সেয়ে মাটি চহালে সেইবোৰ ৰ’দৰ তাপত নষ্ট হয় নাইবা চৰাই-চিৰিকতি আদিয়ে খাব পাৰে। লাও, জিকা, ভোল আদি বগাই যোৱা শস্যৰ হেঁদালিৰ তলখনেই হ’ল প্ৰায়বোৰ কীটৰ জন্মস্থান। বিশেষকৈ লেটা অৱস্থাত থকা এই পোকবোৰেই বাৰে বাৰে শস্যক আক্ৰমণ কৰি থাকে। ইয়াক নিবাৰণ কৰিবলৈ হ’লে হেঁদালিৰ তলখন চাফা কৰি মাটিখিনি মাজে সময়ে লুটিয়াই-বগৰাই থাকিব লাগে। উঁইচিৰিঙা, উঁইপৰুৱা আদি কীটৰ বাহ থাকে মাটিৰ তলত। গতিকে এই কীটবোৰ নিয়ন্ত্রণৰ বাবে মাটি দ’কৈ চহোৱা নাইবা অন্য ব্যৱস্থাৰে সেই পোকবোৰৰ কণী ধ্বংস কৰিব পাৰি।
বিশুদ্ধ
বীজঃ
নিৰোগী বীজহে খেতিত ব্যৱহাৰ কৰিব লাগে। কিয়নো বহুতো ৰোগৰ বীজাণু আৰু কণী বীজবোৰৰ ভিতৰতে থাকে। উদাহৰণস্বৰূপে, আলুৰ ব্লাইট ৰোগৰ বীজাণু আৰু আলু গেলোৱা পোকৰ কণী আলুৰ বাকলিতে থাকে। উপযুক্ত ব্যৱস্থাৰে ইয়াক নিয়ন্ত্রণ কৰিব পাৰি। ধানৰ বীজতো ব্লাষ্ট আৰু পাতত হোৱা ব্লাইট ৰোগৰ বীজাণু বহণ কৰে।
জলসিঞ্চনঃ
খেতি পথাৰত পানী উলিয়াই-সোমোৱাই দিলেও বহুতো পোক ধ্বংস হয় আৰু কিছুমান বাহিৰলৈ ওলাই প্ৰকৃতিক শত্ৰুৰ মুখত পৰি ধ্বংস হয়। বিশেষকৈ মাটিত থকা উঁই চিৰিঙা, গুৰি কটা পোক, আৱদ্ধ পানী থকা পথাৰত বেছিকৈ হয়। পথাৰৰ পৰা পানীখিনি উলিয়াই দিলে এই পোক যথেষ্ট পৰিমাণে নিয়ন্ত্রণ হয়।
সাৰঃ
মাটিত থকা
সাৰৰ তাৰতম্যৰ বাবেও বহুতো কীট-পতঙ্গ আৰু ৰোগৰ প্ৰদুৰ্ভাৱ হয়। সেয়ে শস্যডৰা যাতে পুষ্টিহীনতাত নোভোগে তাৰ বাবে যত্নপৰ হ’ব লাগে। উদাহৰণস্বৰূপে, বালিয়া মাটিত ধান আৰু অন্যান্য শাক-পাচলিৰ খেতিত খুউব
সহজতে নাইট্ৰ’জেন সাৰৰ অভাৱ হয়।
অন্যহাতে
উচ্চহাৰত নাইট্ৰ’জেন সাৰ প্ৰয়োগ হ’লে ধানখতিত মজাখোৱা, পাতমেৰুৱা, পিঁয়াজী আদি পোক আৰু
ব্লাষ্টৰ নিচিনা ৰোগৰ প্ৰাদূৰ্ভাৱ বেছি হয়।
পটাছ
সাৰৰ অভাৱৰ বাবে ধানৰ বেক্টেৰীয়াজনিত ৰোগ; বৰণ, জিংক, মলিবদেনাম, মেঙ্গানিজ,
মেগনেচিয়াম আদিৰ অভাৱত ফল-মূল আৰু শাক-পাচলিৰ বিভিন্ন বিসংগতি হ’ব পাৰে।
পৰিষ্কাৰ-পৰিচ্ছন্নতাঃ
পৰিষ্কাৰ-পৰিচ্ছন্নতাও হ’ল কীট-পতঙ্গ আৰু ৰোগ নিৰ্মূলৰ এক ফলপ্ৰসু ব্যৱস্থা। অলাগতিয়াল বন-বাত আৰু শস্যৰ অৱশিষ্ট অংশ ৰোগৰ উৎপত্তিস্থল। সেয়ে এইবোৰ পৰিষ্কাৰ কৰি শস্যডৰাক ৰক্ষা কৰিব পাৰি। নাৰিকলৰ গড়পোকে গোৱৰৰ দ’ম নাইবা গাঁতত কণী পাৰে। গতিকে নাৰিকল গছৰ ওচৰত তেনে দ’ম থাকিব নেলাগে। বহুতো ফলমূল আৰু শাক-পাচলিৰ অনিষ্টকাৰী পোকৰ লেটা, কণী আদি সেইবোৰৰ ভিতৰতে থাকে। গতিকে বেয়া হৈ যোৱা ফল-মূল নাইবা শাক-পাচলিৰ অৱশিষ্ট অংশ য’তে ত’তে পেলাব নেলাগে। বেঙেনা, বিলাহী গছ মৰহি যোৱা ৰোগত আক্ৰান্ত পাত, ঠাল-ঠেঙুলি আদি উভালি কেতিয়াও শস্যডাৰাৰ মাজত পেলাব নেলাগে। অন্যতা, নিৰোগী গছবোৰো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
ৰোপন
দূৰত্বঃ
ৰোপন দূৰত্বয়ো কিছুমান কীটৰ আক্ৰমণ আৰু ৰোগৰ প্ৰাদূৰ্ভাৱ হ্ৰাস কৰিব পাৰে। ধানৰ পাতসোহনী পোক, মাহজাতীয় শস্যৰ চেঁই বিন্ধা কৰা পোক, বিলাহীৰ ব্লাইট
ৰোগ আদি বিয়পোৱাত ৰোপন দূৰত্বই প্ৰভাৱ পেলায়।
ঘনকৈ
ৰুলে কীট-পতঙ্গ আৰু ৰোগ সহজে বিয়পে। অন্যহাতে
চৰহা পোকৰ ক্ষেত্রত ধান ঘনকৈ ৰুলে চৰহাৰ আক্ৰমণ কম হয়।
শস্যাৱৰ্তনঃ
শস্যাৱৰ্তনো হ’ল, শস্যৰ কীট আৰু বীজাণু ধ্বংস কৰাৰ অন্য এক সু-ব্যৱস্থা। কীটবোৰক
আচলতে শস্যবোৰেই খাদ্য যোগান ধৰে। যদি গোটেই বছৰজুৰি খাদ্য যোগান অব্যাহত থাকে
তেতীয়া কীটৰ সংখ্যা দিনকদিনে বাঢ়ি যাব। সাধাৰণতে
শস্যৰ পথাৰতে একোবিধ কীটৰ জীৱনচক্ৰ পৰিচালিত হয়।
তদুপৰি
কীটভেদে আশ্ৰয়দাতা শস্যবোৰো বেলেগ বেলেগ। বেলেগ বেলেগ শস্যৰ খেতি
কৰিলে কীটবোৰে খাদ্যৰ অভাৱত ভোগে আৰু ইয়াৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰে। কেতিয়াবা কেৱল খাদ্যৰ অভাৱতেই একোবিধ কীট
শস্য পথাৰৰ পৰা নোহোৱা হৈ যাব পাৰে। আলু, বিলাহী, বেঙেনাৰ ভেঁকুৰজনিত আৰু বেক্টেৰীয়াজনিত ৰোগ একেডৰা
মাটিতে প্ৰতি বছৰে কৰি থাকিলে ইয়াৰ আক্ৰমণ বাঢ়ি যায়।
সেয়ে, তেনে মাটিত মাজতে ধান নাইবা মাহজাতীয় শস্যৰ খেতি কৰিব লাগে। ঠিক সেইদৰে ধানৰ মজাখোৱা পোকৰ আক্ৰমণ বাঢ়ি যাব পাৰে, যদিহে একেডৰা মাটিতে
শালিধানৰ পিছত বৰো নাইবা আহুধানৰ খেতি কৰা হয়।
অন্তৱৰ্তী
শস্যঃ
মূল শস্যৰ মাজত অন্য কিছুমান উপৰুৱা শস্য ৰোপন কৰি অনিষ্টকাৰী কীট-পতঙ্গক আকৰ্ষিত কৰা হয় আৰু প্ৰাকৃতিকভাৱেই এইবোৰক নিয়ন্ত্রণ কৰা হয়। শাক-পাচলি খেতিৰ মাজত মাকৈ খেতি, আলু খেতিৰ মাজত সৰিয়হৰ খেতি আদি
কীট আকৰ্ষণকাৰী উদ্ভিদঃ
মূল
শস্যৰ মাজত অন্য কিছুমান উপৰুৱা শস্য ৰোপন কৰি অনিষ্টকাৰী কীট-পতঙ্গক আকৰ্ষিত কৰা হয়
আৰু প্ৰাকৃতিকভাবেই এইবোৰক নিয়ন্ত্ৰণ কৰা হয়। ফুলকবিৰ মাজত লাই/ সৰিয়হ খেতি; বন্ধাকবিৰ,
বিলাহীৰ মাজত নাৰ্জীফুলৰ খেতি কৰি মূল শস্যক ৰক্ষা কৰিব পাৰি।
ডাল-পাত পৰিষ্কাৰ কৰা:
কীট আৰু ৰোগত আক্ৰান্ত ডাল-পাত আদি সময়ে সময়ে কাটি পৰিষ্কাৰ কৰিলেও বহুখিনি নিয়ন্ত্রণ কৰিব পৰা যায়। নেমুটেঙা, কমলাটেঙা আদি গছৰ বেমাৰী ডালবোৰ খৰালি কালত চাফা কৰি দিলে ডাল বিন্ধা কৰা পোক, ভেঁকুৰজনিত আৰু ভাইৰাছজনিত ৰোগৰ পৰা গছজোপাক ৰক্ষা কৰিব পাৰি। ঠিক সেইদৰে ভেঁকুৰজনিত ৰোগত আক্ৰান্ত বিলাহী, বন্ধাকবি আদিৰ পাতবোৰ পৰিষ্কাৰ কৰি দিলেও সেই ৰোগৰ পৰা কিছু পৰিমাণে শস্যডৰাক ৰক্ষা কৰিব পাৰি।
শস্য
সিঁচা আৰু চপোৱাৰ সময়:
পৰিৱেশ আৰু বতৰত ওপৰত নিৰ্ভৰ কৰি বছৰটোৰ বিভিন্ন ঋতুত বিভিন্ন ৰোগ হয়। সেয়ে, বছৰৰ কোনটো সময়ত কোনটো শস্য, ক’ত কৰিব তাক নিৰ্দ্ধাৰণ কৰি লব পাৰিলে বহু বেমাৰ-আজাৰ আৰু কীটৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। উদাহৰণস্বৰূপে, আগতীয়াকৈ, অৰ্থাৎ অক্টোবৰ আৰু নবেম্বৰ মাহৰ মাজভাগৰ ভিতৰত সৰিয়হ সিঁচিলে মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। আগতীয়াকৈ আলু, বিলাহীৰ খেতি কৰিলে লেট ব্লাইট ৰোগৰ পৰা হাত সাৰিব পাৰি।
শস্যৰ
অৱশিষ্ট অংশ:
কোনো এবিধ শস্য চপোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ যেনে, ঠাৰি, শিপা, পাত আদিতো বিভিন্ন
কীটৰ কণী, লেটা আৰু ৰোগৰ বীজাণু থাকি যায়। গতিকে পৰৱৰ্তী শস্যৰ খেতি কৰাৰ আগেয়ে সেইবোৰ
হালবাই ভালদৰে পচাই লব লাগে। অন্যথা, শস্য চপোৱাৰ পিছত কিছুমান বীজাণু আৰু কীট অন্য সহজীৱি
উদ্ভিদলৈ গমন কৰে আৰু পৰৱৰ্তী সময়লৈকে তাতে জীৱন চক্ৰ সমাপ্ত কৰে। তেনে সহজীৱি উদ্ভিদবোৰক চিনাক্ত কৰি সেইবোৰ নিৰ্মূল কৰিলে পিছৰ শস্যত কীট আৰু ৰোগৰ আক্ৰমণ কম হয়।