কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ২২

বহনক্ষম কৃষি (Sustainable Agriculture)

বহনক্ষম কৃষি হল এনে এক কৃষি প্ৰণালী যত মাটি, পানী আৰু বায়ুৰ প্ৰাকৃতিক উৎসমূহৰ ভেটি সুৰক্ষিত কৰে, যাতে ই ভৱিষ্যত প্ৰজন্মক পৰ্যাপ্ত পৰিমাণৰ নিৰাপদ আৰু স্বাস্থসন্মত খাদ্যৰ যোগান ধৰিবলৈ সক্ষম হয় আধুনিক কৃষিয়ে কঢ়িয়াই অনা বিভিন্ন সমস্যাসমূহ যেনেমাটিৰ উৎপাদিত শক্তি হ্ৰাস, কৃষি প্ৰদূষণৰ সমস্যা, অত্যধিক উৎপাদনী খৰচৰ ফলত নিন্মগামী আয় আৰু নিচেই কম বা অৰ্থনৈতিকভাবে লাভ নোহোৱা উৎপাদন আদি সমস্যাসমূহ মোকাবিলা কৰিবলৈ এই বহনক্ষম কৃষিয়ে কিছুমান পদ্ধতিক অনুমোদন কৰে

·      মাটিৰ স্বাস্থ্য পৰীক্ষা: মাটিৰ পুষ্টি বঢ়াই তুলি ইয়াৰ গুণাগুণ ৰক্ষা কৰিব

·      পুষ্টি মৌলৰ পৰিচালনা: ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমাই জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব

·      জল পৰিচালনা: উপযুক্ত জল-প্ৰযুক্তি ব্যৱহাৰ কৰি শস্যৰ গুণাগুণ আৰু জলাশয়বোৰ ৰক্ষা কৰিব পাৰি

·      শস্য আৰু পাৰি-পাৰ্শ্বিক বিচিত্ৰতা: বিভিন্ন তৰহৰ শস্যৰ খেতিয়ে জলবায়ু-বতৰ, অপকাৰী পোক- পতঙ্গৰ পৰা ৰক্ষা পোৱাৰ উপৰিও মাটিত থকা অণুজীৱবোৰ, উপকাৰী কীট-পতঙ্গ আৰু পুষ্টি মৌল ৰক্ষা কৰে

·      বিপনন- উপযুক্ত বিপনন ব্যৱস্থাই কৃষকক বেছি লাভ দিয়ে কিন্তু, উপযুক্ত বজাৰ ক? কেনেকৈ উৎপাদিত সামগ্ৰী সৰবৰাহ কৰিব?

বহনক্ষম কৃষিৰ নীতি:

-কৃষক আৰু তেওঁলোকৰ পৰিয়ালকে ধৰি বিভিন্ন কৃষি প্ৰণালীসমূহৰ আন্তঃসম্পৰ্ক

-জৈৱিক সম্পৰ্কসমূহ বঢ়াই তোলা হয় আৰু এই সম্পৰ্ক বিনষ্ট কৰিব পৰা পদাৰ্থ আৰু পদ্ধতিসমূহ হ্ৰাস কৰা হয়

-সমন্বিত, উৎস সংৰক্ষণকৃত আৰু সমতুল্য কৃষি প্ৰনালী সৃষ্টি কৰিবলৈ বিগত অভিজ্ঞতাসমূহ আৰু অত্যাধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰ কৰা হয়

-পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰি কৃষি উৎপাদনৰ ধাৰাবাহিকতা ৰক্ষা কৰা, হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন অৰ্থনৈতিক ক্ষমতা বৃদ্ধি কৰা আৰু গ্ৰামীন জনগণৰ সুস্থিৰতা তথা জীৱনধাৰণৰ মানদণ্ড অক্ষুন্ন ৰখা

-প্ৰাকৃতিক উৎসসমূহৰ ভাণ্ডাৰ আৰু বহন ক্ষমতাৰ ওপৰত হেঁচাৰ সৃষ্টি নকৰা

বহনক্ষম কৃষিৰ উপাদানসমূহ কি কি?

কৃষি-পাৰ্শ্বিক অঞ্চলভেদে  বহনক্ষম কৃষিৰ উপাদানসমূহৰ বিভিন্নতা থাকিলেও, কিছুমান  উপাদান আছে যিবোৰ প্ৰায়বোৰ কৃষকে সৰ্বসাধাৰণতে ব্যৱহাৰ কৰে সেইবোৰ হ-

ভূমি সংৰক্ষণ: পাহাৰীয়া এঢলীয়া মাটি খলপ কাটি নাইবা বান্ধ দিয়া, উদ্ভিদ প্ৰতিৰোধক, তৰপে তৰপে বিভিন্ন শস্য ৰোপন, আবৃত শস্য, মাটি কমকৈ চহ কৰা ইত্যাদি পদ্ধতিসমূহে বতাহ নাইবা পানীৰ দ্বাৰা হোৱা মাটিৰ খহনীয়া হ্ৰাস কৰে

শস্য বিভিন্নতা: যিমানেই শস্য বিভিন্নতা থাকে, সিমানেই প্ৰতিকূল বতৰ, বজাৰৰ অৱস্থা আৰু ৰোগ-ব্যাধিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা হয় শস্য বিভিন্নতা বাঢ়ি যোৱাৰ লগে লগে গুল্ম, জোপোহা আৰু তৃণ জাতীয় উদ্ভিদৰ পৰিমাণ বাঢ়ি ভূমি সংৰক্ষণ, থলুৱা উদ্ভিদৰ আবাস ৰক্ষা কৰা আৰু উপকাৰী কীটৰ সংখ্যা বৃদ্ধি আদিও হয়

পুষ্টি মৌল পৰিচালনা: উদ্ভিদৰ দৰকাৰী মৌলসমূহৰ সমন্বিত পৰিচালনাই মাটিৰ সাৰুৱা গুণ ৰক্ষা তথা বৃদ্ধি কৰাত সহায় কৰাৰ উপৰিও পৰিবেশো ৰক্ষা কৰে কৃষকে সহজতে পোৱা জৈৱিক সাৰ, পচন সাৰ, সেউজ সাৰ আৰু শস্যৰ অৱশিষ্ট অংশই কেৱল উৎপাদনী খৰছ কমোৱাই নহয়, এইবোৰে মাটিৰ স্বাস্থ্য ভালে ৰখাত অৱদান আগবঢ়ায়

কীট নিয়ন্ত্ৰণ: সহজতে পোৱা পৰিচৰ্যামূলক পদ্ধতিসমূহ, ভৌতিক, যান্ত্ৰিক, জৈৱিক আৰু ৰাসায়নিক পদ্ধতিসমূহৰ সমন্বয়ত এক বৰ্তীমান নিয়ন্ত্ৰণ পদ্ধতি অৱলম্বন কৰা হয়, যিয়ে উৎপাদনী খৰছ কমোৱাৰ উপৰিও প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰে

পানীৰ গুণাগুণ আৰু পানী সংৰক্ষণ: শূণ্য চহ পদ্ধতি (Zero tillage), মাটি দকৈ চহোৱা, পানী ধৰি ৰাখিবলৈ মাটিত আৱৰণ দিয়া (mulching), ক্ষুদ্ৰ জলসিঞ্চন আদি ব্যৱস্থাৰ দ্বাৰা পানীৰ সদ্ব্যৱহাৰ কৰাৰ উপৰিও বহুদিনলৈ ইয়াক ব্যৱহাৰ কৰি থাকিব পাৰি এই ব্যৱস্থাই খোৱা পানী আৰু সমতলৰ পানীৰ গুণাগুণ ৰক্ষা কৰাতো সহায় কৰে

কৃষি-বনানীকৰণ: বনানীকৰণৰ লগত ঘাঁহ শস্যৰ খেতি কৰি পশুপালন, কৃষি-বন-ঘাঁহ, কৃষি-উদ্যান শস্য, বন-ঘাঁহ, বনৰ মাজত খেতি আদিয়ে ভূমি আৰু পানী সংৰক্ষণ কৰাৰ উপৰিও এইবোৰ যথেষ্ট লাভজনক কিয়নো এই পদ্ধতিবোৰে ইন্ধনৰ বাবে খৰি যোগান ধৰাৰ উপৰিও ফলমূল আদি যোগান ধৰে

বাণিজ্য: বজাৰ ব্যৱস্থাৰ সুযোগসমূহ সৃষ্টি হোৱাৰ লগে লগে কৃষকসকলে ধাৰাবাহিকভাবে উপযুক্ত মূল্য পায় আৰু এই ব্যৱস্থা বহুদিনলৈ তিষ্ঠি থাকিব পাৰে

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান