বেঙেনাৰ অনিষ্টকাৰী কীট-পতঙ্গ, ৰোগ আৰু পুষ্টিহীনতা আৰু ইয়াৰ নিয়ন্ত্ৰণ

অনিষ্টকাৰী কীট-পতঙ্গ:

১। ডাল আৰু ফল বিন্ধা কৰা পোক (Fruit & Shoot borer):



ক্ষতিৰ লক্ষণ:




- এই পোকৰ কণীৰ পৰা ওলোৱা পলুবোৰ বেঙেনাৰ কুমলীয়া ডালৰ আগ অংশ বা ফুলৰ কলি বা কুমলীয়া ফলৰ ভিতৰলৈ সোমাই আৰু বেঙেমাৰ ভিতৰৰ অংশ খাবলৈ অৰম্ভ কৰে। ফলত কুমলীয়া আগলি অংশ লেৰেলি যায়, শুকাই যায় আৰু ওলমি পৰে। 

- আক্ৰান্ত অংশইদি নতুনকৈ পোখা ওলাই আৰু ফল ধৰাৰ সময় দীঘলীয়া কৰি দিয়ে।

নিয়ন্ত্ৰণৰ দিহা:

- একেডৰা মাটিতে বেঙেনা আৰু আলু খেতি বাৰে বাৰে কৰি থাকিব নেলাগে

- বেঙেনা খেতিৰ দুশাৰীৰ মাজত এশাৰী ধনীয়া নাইবা চফ গুটি (গুৱামুৰি)ৰ খেতি কৰিবলাগে

- ফেৰম’ন ফান্দ (প্ৰতি বিঘাত ১/২ খন) ৰাখিব লাগে। ২০ দিনৰ পিছত ‘লিউৰ’টো সলাই দিব লাগে

- ফল চপোৱা কাম শেষ নোহোৱালৈকে আক্ৰান্ত ডাল আৰু ফলবোৰ আঁতৰাই থাকিব লাগেআৰু সেইবোৰ পুৰি পেলাব লাগে

- জৈৱিক ট্ৰাইক’গ্ৰামা ছিলনিচ নামৰ পৰাশ্ৰয়ী পোকৰ কণী (বিঘাই প্ৰতি ৭০০০/ প্ৰতি সপ্তাহত) ৰোপন কৰাৰ ২১ দিন পিছত বেঙেনা খেতিডৰাত মেলি দিব পাৰি।

- নিমৰ পৰা তৈয়াৰী azadirachtin 1% EC প্ৰতিবিঘাৰ বাবে ১৩৪-২০০ মিলিলিটাৰ ১৩৪ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰি

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে lambda cyhalothrin 4.9% CS (প্ৰতিবিঘাৰ বাবে ৪০ মিলিলিটাৰ ৫৩-৮০ লিটাৰ পানীত মিহলাই) বা  dimethoate 30% EC (প্ৰতিবিঘাৰ বাবে ৮৮ মিলিলিটাৰ ৬৭-১৩৪ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব পাৰি


২। ফুট-ফুটীয়া পোক (Epilachna beetle/ Hadda beetle/ Spotted beetle)

ক্ষতিৰ লক্ষণ:




-এই পোকে পলু আৰু প্ৰাপ্তবয়স্ক অৱস্থাত মুখেৰে পাতৰ সেউজীয়া অংশ আঁকুহি খাই আৰু জখলা সদৃশ খিৰিকি নিচিনা দাগ পৰে। দাগ পৰা অংশ শুকাই যায় আৰু সৰি পৰে, পাতখিলাত ফুটা ফুটা হৈ যায়।

নিয়ন্ত্ৰণৰ দিহা:

- যিমান পাৰি হাতেৰে লেটা, পলু আৰু প্ৰাপ্ত বয়স্ক পোক সংগ্ৰহ কৰি নষ্ট কৰিব লাগে

- cypermethrin 25 % EC (প্ৰতি বিঘাত ২০-২৬ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাব লাগে)


৩। মজ্জা খোৱা পোক (Stem borer):

ক্ষতিৰ লক্ষণ:





- কণী ফুটি পলু হোৱাৰ পিছতেই ই মাটিৰ লগত লাগি থকা ডাল-ঠাল-ঠেঙুলিত সোমাই যায় আৰু সোমোৱা ফুটাতো বন্ধ কৰি লয়। মুল ডালৰ ভিতৰত সোমাই তলমূৱাকৈ ভিতৰৰ অংশ খাবলৈ আৰম্ভ কৰে। ফলত গছডাল নিশকতীয়া হয় আৰু লেৰেলি যাবলৈ আৰম্ভ কৰে। - বেঙেনাৰ মূঢ়াবোৰ খেতি চপোৱাৰ পিছত উঠাই পেলাব লাগে

নিয়ন্ত্ৰণৰ দিহা:

- খেতিডৰাত পোহৰ ফান্দ ব্যৱহাৰ কৰিব লাগে

- নিমৰ পৰা তৈয়াৰী azadirachtin 1% EC প্ৰতিবিঘাৰ বাবে ১৩৪-২০০ মিলিলিটাৰ ১৩৪ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰি

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে lambda cyhalothrin 4.9% CS (প্ৰতিবিঘাৰ বাবে ৪০ মিলিলিটাৰ ৫৩-৮০ লিটাৰ পানীত মিহলাই) বা  dimethoate 30% EC (প্ৰতিবিঘাৰ বাবে ৮৮ মিলিলিটাৰ ৬৭-১৩৪ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব পাৰি


৪। পাত শোহনী পোক (Leaf hoppers):

ক্ষতিৰ লক্ষণ:




- এই পোকৰ পলু আৰু প্ৰাপ্তবয়স্ক পোকে পাতৰ তলপিঠিৰ পৰা ৰস শুহি খায় আৰু পাতত বিহযুক্ত লেলাউটি সুমুৱাই দিয়ে, পাতখিলা হালধীয়া হৈ পৰে। 

- পাতবোৰ মেটুৰা-মেটুৰী হয়, ঘেৰ খাই আৰু শুকাই যায়

নিয়ন্ত্ৰণৰ দিহা:

- কীট আকৰ্ষণকাৰী উদ্ভিদ যেনে, ভেন্দি খেতিডৰাৰ কাষত ৰোপন কৰিব লাগে

- আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে

- cypermethrin 25 % EC (প্ৰতি বিঘাত ২০-২৬ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাব লাগে) বা

betacyfluthrin 8.49% + imidacloprid 19.81% OD (প্ৰতি বিঘাত ২৩-২৬ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাব লাগে)


৫। বগা মাখি (Whitefly):

ক্ষতিৰ লক্ষণ:



-  এই পোকৰ পলু আৰু প্ৰাপ্তবয়স্ক পোকে পাতৰ পৰা ৰস শুহি খায় আৰু গছজোপা নিসকতীয়া কৰি পেলায়

- বেছিকৈ আক্ৰান্ত হলে পাত হালধীয়া হয় আৰু সৰি পৰে

- এবিধ মিঠা ৰস নিঃসৰণ কৰে য’ত ছাঁই বৰণীয়া ভেঁকৰৰ সৃষ্টি হয় আৰু গছজোপাৰ আহাৰ তৈয়াৰ কৰা প্ৰণালীটো লেহেমীয়া হৈ যায়

নিয়ন্ত্ৰণৰ দিহা:

- পথাৰখন পৰিষ্কাৰ কৰি ৰখাখিব লাগে

- পথাৰখনৰ চাৰিওকাষে বেৰাত ৪ শাৰী মাকৈৰ খেতি কৰা

- কাষত পদিনাৰ খেতি কৰিলে তাৰ গোন্ধত এই পোক আঁতৰি যায়

- কীট আকৰ্ষণকাৰী উদ্ভিদ হিচাপে ফ্ৰেন্সবোনৰো খেতি কৰিব পাৰি

- নিমৰ পৰা তৈয়াৰী কীটনাশক স্প্ৰে কৰিব লাগে

 - ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে Thiamethoxam 25% WG (১ বিঘা শস্যৰ বাবে ১৩ গ্ৰাম ৬৬ – ১৩৩ লিটাৰ  পানীত) স্প্ৰে কৰিব পাৰি


৬। মোৱাপোক (Aphids):

ক্ষতিৰ লক্ষণ:





- কুমলীয়া আগ, পাতৰ তলপিঠিৰ পৰা ৰস শুহি গছজোপাক নিসকতীয়া কৰে

- পাতবোৰ ঘেৰ খাই আৰু মেটুৰা-মেটুৰি হয়

- মোৱাপোকে এবিধ মিঠা ৰস নিঃসৰণ কৰে য’ত ছাঁই বৰণীয়া ভেঁকৰৰ সৃষ্টি হয়

- এই মোৱা পোক হ’ল ভাইৰাছৰো বাহক; ফলত গছজোপা ভাইৰাছৰ দ্বাৰাও আক্ৰান্ত হয় 

 নিয়ন্ত্ৰণৰ দিহা:

- betacyfluthrin 8.49% + imidacloprid 19.81% OD (প্ৰতি বিঘাত ২৩-২৬ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাব লাগে)


৭। চাহি পোক (Mites):

ক্ষতিৰ লক্ষণ:


- মকৰা নিচিনা চাহি পোকে পাতৰ পৰা ৰস শুহি খায়

- পাতখিলা বগা বা হালধীয়া আঁচোৰ পৰে আৰু বেছিকৈ আক্ৰান্ত হলে পাতখিলা সৰি পৰে।

- পাতত সূতা উলিয়াই বলটোৰ নিচিনা বাহ সাঁজি এজোপা গছৰ পৰা পৰা আনজোপা গছলৈ গতি কৰে

নিয়ন্ত্ৰণৰ দিহা:

- বেঙেনা খেতিৰ বীজতলীখন চাহি পোক আক্ৰান্ত খেতিৰ পৰা আঁতৰত ৰাখিব লাগে

- খেতিৰ কাষত বহুবৰ্ষী শস্য যেনে, ৰহৰ মাহৰ গছ ৰোপন কৰিব লাগে যি মোৱা পোকক আকৰ্ষণ কৰে

- আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে 

- Dicofol 18.5% EC (প্ৰতি বিঘাত ১৮০-৩৬০ মিলিলিটাৰ ৬৭-১৩৪ লিটাৰ পানীত মিহলাব লাগে)

বা Malathion 50% EC (প্ৰতি বিঘাত ২০০ মিলিলিটাৰ ৬৭-১৩৪ লিটাৰ পানীত মিহলাব লাগে)


বেঙেনাৰ ৰোগ আৰু নিয়ন্ত্ৰণ:


১। পুলিৰ গুৰি পচা (Damping off):

ক্ষতিৰ লক্ষণ:



- এই ৰোগ দুটা অৱস্থাত হয়- বীজ গজালি মেলাৰ আগতে হোৱা আৰু বীজ গজালি মেলাৰ পিছত হোৱা।

- বীজ গজালি মেলাৰ আগতে হ’লে গজালিটো মাটিৰ পৰা ওলাই অহাৰ আগতেই মৰহি যায়। ফলত বীজ পচি গৈ নগজে।

- বীজ গজালি মেলাৰ পিছত হ’লে পুলিবোৰৰ মাটিত লাগি থকা অংশত ভেঁকুৰে আক্ৰমণ কৰে আৰু গেলি-পচি নষ্ট হৈ যায়। 

- পুলিটো লাহে লাহে লেৰেলিবলৈ আৰম্ভ কৰে

নিয়ন্ত্ৰণৰ দিহা:

- জেকা মাটিত বীজতলী তৈয়াৰ কৰিব নেলাগে

- বীজতলীত অত্যাধিক পানী দিব নেলাগে

- বীজতলীৰ ভেটি কমেও ১৫ ছেন্টিমিটাৰ ওখ হব লাগে

- প্লাষ্টিকৰ ট্ৰেত পুলি গজাব লাগে

- ২৫০ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিদি ৫০ লিটাৰ পানীত মিহলাই বীজতলীখন ভিজাই দিব লাগে

- ১ লিটাৰ পানীত ১০ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিদি মিহলাই ৰোৱাৰ আগতে পুলিখিনিৰ শিপা ১৫ মিনিট সময়ৰ বাবে ডুবাই ৰাখি লৈহে ৰোপন কৰিব লাগে

- এবিঘা মাটিৰ বাবে ৩৩০ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিদি ১০ কিলোগ্ৰাম পচনসাৰৰ লগত মিহলাই পুলি ৰোপন কৰাৰ আগতে মাটিখিনিত  প্ৰয়োগ কৰিব লাগে

- ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে বীজখিনি captan 75 WS (১ কিলোগ্ৰাম বীজত ২৫-৩০ গ্ৰাম বিহলাব লাগে)

- বীজতলীৰ মাটিখিনি captan 75% WP ৰে (প্ৰতি লিটাৰ পানীত ২.৫-৩.০ গ্ৰাম) শোধন কৰিব লাগে


২। বেঙেনাৰ সৰু সৰু পাত হোৱা (Little of leaf of brinjal):

ক্ষতিৰ লক্ষণ:



- এই ৰোগৰ লক্ষণ প্ৰথমতে এটা ডালত দেখা যায় আৰু পিছলৈ গোটেই গছডালতে লক্ষণ দেখা যায়

- নতুনকৈ ওলোৱা পাতবোৰ আকাৰত সৰু হৈ যায়

- পাতৰ ঠাৰিবোৰ ছুটি হৈ যায় আৰু ডালৰ লগতে লাগি থকাৰ নিচিনা লাগে

- আক্ৰান্ত পাতবোৰ ঠেক, কোমল, মিহি আৰু হালধীয়া ৰঙৰ ছুটি পাত

- সাধাৰণতে গছজোপাত ফুল নুফুলে, যদি ফুলেও তাৰ ৰং সেউজীয়া হয়

- ফল সাধাৰণতে নেলাগে, যদি কেনেবাকৈ লাগেও সেইবোৰ টান, খহতা হয় আৰু পূৰঠ নহয়

নিয়ন্ত্ৰণৰ দিহা:

- এই ৰোগ চকুত পৰাৰ লগে লগে আক্ৰান্ত গছবোৰ উভালি আঁতৰত পুতি পেলাব লাগে নাইবা পুৰি পেলাব লাগে।

- খেতিৰ কাষত থকা বেঙেনা প্ৰজাতিৰ বন-বাতবোৰ সম্পূৰ্ণ পৰিষ্কাৰ কৰিব লাগে। 

- ভাইৰাছজনিত এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক পোক- সোহনী পোক নিয়ন্ত্ৰণৰ বাবে কীটনাশক স্প্ৰে কৰিব লাগে।


৩। বেক্টেৰিয়াজনিত লেৰেলি যোৱা ৰোগ (Bacterial Wilt):


ক্ষতিৰ লক্ষণ:


- হঠাতে গছজোপা লেৰেলি যায় আৰু পিছত মৰি যায়

- বেঙেনাৰ ডাল আৰু শিপাৰ ভিতৰৰ কোষ মুগা বৰণৰ হয়

- আক্ৰান্ত গছৰ ডাল কাটি পৰিষ্কাৰ পানীত চালে ধোঁৱা বৰণীয়া বেক্টেৰীয়াৰ ৰস নিৰ্গত হয় 

নিয়ন্ত্ৰণৰ দিহা:

- একেডৰা মাটিতে বেঙেনা প্ৰজাতিৰ খেতি নকৰি মাকৈ, ধান নাইবা ধইনছা (সেউজ সাৰ) আদিৰ লগত  শস্যাৱৰ্তন কৰিব লাগে

- নিয়ন্ত্ৰণৰ বাবে মাটিত নিমকেক ব্যৱহাৰ কৰিব লাগে। 

- ১ কিলোগ্ৰাম ট্ৰাইকডাৰমা ভিৰিডি ২৫ কিলোগ্ৰাম পচন সাৰৰ লগত মিহলাই বেঙেনাতলীডৰাত ছটিয়াই জলসিঞ্চন কৰিব লাগে।


৪। ভেঁকুৰজনিত ফল পচা বা জহি যোৱা ৰোগ (Phomopsis fruit rot or blight):

ক্ষতিৰ লক্ষণ:


- যিকোনো অৱস্থাতে বেঙেনা গছজোপাৰ গুৰি পচি লেৰেলি যোৱা

- পাতত বৃত্তাকাৰ বা অনিয়মীয়া, কজলা-মুগা বৰণৰ স্পষ্ট দাগ দেখা যায়, আক্ৰান্ত গছজোপাৰ পাত হালধীয়া হৈ যায় আৰু সৰি পৰে। আগতীয়াকৈ হোৱা দাগবোৰত ক’লা বৰণৰ সৰু সৰু গুটি দেখা যায়।

- ডালত থকা দাগবোৰ মুগা বৰণৰ, বৃত্তাকাৰ, অৰ্দ্ধবৃত্তাকাৰ; যিবোৰৰ কজলা বৰণৰ কেন্দ্ৰত ক’লা বৰণৰ সৰু সৰু গুটি থাকে। ডালৰ নিম্নাংশত ঘাঁ লাগে আৰু গছজোপা হালি যায়

- ফলটোত সৰু, শেতা, ওখহা দাগ থাকে যিবোৰ এককেন্দ্ৰিক

নিয়ন্ত্ৰণৰ দিহা:

- বীজখিনি সম্পূৰ্ণ সুস্থ গছৰ পৰা সংগ্ৰহ কৰা হব লাগিব আৰু ৫০ ডিগ্ৰী উঞ্চতাৰ গৰম পানীত ৩০ মিনিট সময়ৰ বাবে ভিজাই লব লাগে

- একেডৰা মাটিতে বেঙেনা খেতি কৰি থাকিব নেলাগে। মাকৈ, ধান নাইবা ধইনছা (সেউজ সাৰ) আদিৰ লগত  শস্যাৱৰ্তন কৰিব লাগে

- আক্ৰান্ত গছবোৰ আঁতৰাই পুৰি পেলাব লাগে

- zineb 75% WP (প্ৰতি বিঘাৰ বাবে ২০০- ২৬৭ গ্ৰাম ১০০-১৩৪ লিটাৰ পানীত মিহলাই) বা  carbendazim 50% WP (প্ৰতি বিঘাৰ বাবে ৪০ গ্ৰাম ৮০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে


বেঙেনাৰ পুষ্টিহীনতা আৰু ইয়াৰ সংশোধন:


১। নাইট্ৰজেন মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ ইউৰীয়া প্ৰতি সপ্তাহৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে


২। পটেছিয়াম মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পটেছিয়াম চালফেট (K2SO4) পাতত স্প্ৰে কৰিব লাগে


৩। মেগনেছিয়াম মৌলৰ অভাৱ:



- মেগনেছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


৪। কেলছিয়াম মৌলৰ অভাৱ:



- কেলছিয়াম চালফেট (MgSO4) প্ৰতিলিটাৰ পানীত ২০ গ্ৰামকৈ এসপ্তাহৰ মূৰে মূৰে পাতত স্প্ৰে কৰিব লাগে


৫। চালফাৰ মৌলৰ অভাৱ:



-  প্ৰতিলিটাৰ পানীত ১০ গ্ৰামকৈ পটেছিয়াম চালফেট (K2SO4) পাতত স্প্ৰে কৰিব লাগে


৬। বৰ’ণ মৌলৰ অভাৱ:



- প্ৰতিবিঘা মাটিত ৬৬৭ গ্ৰাম বৰাক্স প্ৰয়োগ কৰিব লাগে বা বৰণ সাৰ (প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


৭। আইৰণ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ ফেৰাচ চালফেট (FeSO4) পাতত স্প্ৰে কৰিব লাগে


৮। মেঙ্গানিজ মৌলৰ অভাৱ:



- প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেঙ্গানিজ চালফেট (MnSO4) পাতত স্প্ৰে কৰিব লাগে


৯। জিংক মৌলৰ অভাৱ:



- প্ৰতিবিঘা মাটিত ২.৬৭- ৩.৩৪ কিলোগ্ৰাম জিংক চালফেট (ZnSO4) প্ৰয়োগ কৰিব লাগে বা জিংক চালফেট (ZnSO4) (প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ পাতত স্প্ৰে কৰিব লাগে


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান