“সজ কৃষি অনুশীলন”- খণ্ড-১
“ সজ কৃষি অনুশীলন ” মানে কি ? কৃষি - কাৰ্যৰ যিবোৰ অনুশীলনে পৰিবেশ , অৰ্থনীতি আৰু সামাজিক দিশ বৰ্তাই ৰাখি নিৰাপদ আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য আৰু অ - খাদ্য কৃষিজাত দ্ৰব্য উৎপাদন কৰে সেইবোৰকে “ সজ কৃষি অনুশীলন ” বুলি কোৱা হয় । ( FAO COAG 2003 Paper) সজ কৃষি অনুশীলনৰ ছাৰিটা মূল ভেটি হ ’ ল - অৰ্থনৈতিক স্থায়ীত্ব , পৰিবেশীয় ধাৰণশীলতা , সামাজিক গ্ৰহণযোগ্যতা আৰু নিৰাপদ তথা গুণগত খাদ্য । এই মূল ভেটি কেইটাকে ব্যক্তিগত আৰু সামূহিক দিশৰ মানদণ্ড হিচাপে ধৰি লোৱা হৈছে । পৰিবেশ আৰু শ্ৰমিক কল্যানৰ প্ৰতি যত্নশীল হৈ নিৰাপদ খাদ্য আৰু অন্যান্য উৎপন্ন দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতাসকল এতিয়া যথেষ্ট সচেতন । “ সজ কৃষি অনুশীলন ” বোৰ হ ’ ল এলানি নীতি , নিয়ম - কানুন আৰু অনুমোদিত প্ৰযুক্তিকৌশল , যিবোৰক মানব স্বাস্থ্য , পৰিবেশ আদি ৰক্ষা কৰা তথা শ্ৰমিকসকল তথা তেওলোকৰ পৰিয়ালৰ অৱস্থা উন্নত কৰাৰ বাবে উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । “ সজ কৃষি অনুশীলন ” ৰ পৰা কোন উপকৃত হয় ? · কৃষক আৰু তেওলোকৰ পৰিয়ালে নিৰাপদ , স্বাস্থ্যসন্মত আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য লাভ কৰে । ফলত তেওলোকৰ পুষ্টি