“সজ কৃষি অনুশীলন”- খণ্ড-১



“সজ কৃষি অনুশীলন” মানে কি ?

কৃষি-কাৰ্যৰ যিবোৰ অনুশীলনে পৰিবেশ, অৰ্থনীতি আৰু সামাজিক দিশ বৰ্তাই ৰাখি  নিৰাপদ আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য আৰু অ-খাদ্য কৃষিজাত দ্ৰব্য উৎপাদন কৰে সেইবোৰকে “সজ কৃষি অনুশীলন” বুলি কোৱা হয়।   (FAO COAG 2003 Paper)
সজ কৃষি অনুশীলনৰ ছাৰিটা  মূল ভেটি হ’ল- অৰ্থনৈতিক স্থায়ীত্ব, পৰিবেশীয় ধাৰণশীলতা, সামাজিক গ্ৰহণযোগ্যতা আৰু নিৰাপদ তথা গুণগত খাদ্য। এই মূল ভেটি কেইটাকে ব্যক্তিগত আৰু সামূহিক দিশৰ মানদণ্ড হিচাপে ধৰি লোৱা হৈছে।

  •  পৰিবেশ আৰু শ্ৰমিক কল্যানৰ প্ৰতি যত্নশীল হৈ নিৰাপদ খাদ্য আৰু অন্যান্য উৎপন্ন দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতাসকল এতিয়া যথেষ্ট সচেতন।
  • “সজ কৃষি অনুশীলন”বোৰ হ’ল এলানি নীতি, নিয়ম-কানুন আৰু অনুমোদিত প্ৰযুক্তিকৌশল, যিবোৰক মানব স্বাস্থ্য, পৰিবেশ আদি ৰক্ষা কৰা তথা শ্ৰমিকসকল তথা তেওলোকৰ পৰিয়ালৰ অৱস্থা উন্নত কৰাৰ বাবে  উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।  

“সজ কৃষি অনুশীলন”ৰ পৰা কোন উপকৃত হয় ?

· কৃষক আৰু তেওলোকৰ পৰিয়ালে নিৰাপদ, স্বাস্থ্যসন্মত আৰু উৎকৃষ্ট মানদণ্ডৰ খাদ্য লাভ কৰে। ফলত তেওলোকৰ পুষ্টি আৰু শাৰীৰিক বিকাশসাধন নিশ্চিত হয় আৰু তেওলোকৰ উৎপাদিত সামগ্ৰীত মূল্যসংযোজন হৈ বজাৰত বিক্ৰি কৰাৰ সুবিধা হয়।
·  নিৰৱছিন্ন উৎপন্ন দ্ৰব্যৰে ক্ৰেতাসকলে তুলনামূলকভাবে অধিক গুণগত আৰু নিৰাপদ খাদ্য উপভোগ কৰে।
·  সৰ্বসাধাৰণ জনগণে এক উন্নত পৰিবেশৰ ফল ভোগ কৰে।

“সজ কৃষি অনুশীলন”কেনেকৈ প্ৰতিপালন হয় ?


 “সজ কৃষি অনুশীলন” কিয় ব্যৱহাৰ কৰিব লাগে?




(ৰাষ্ট্ৰ সংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ৰ (Food and Agriculture Organisation) Guidelines “Good Agricultural Practices” for Family Agriculture পুস্তিকাৰ সহায়ত এইলানি ৰচনা ‘সেউজ চিন্তা’ৰ পাঠকৰ বাবে আগবঢ়োৱা হৈছে- সম্পাদক, সে.চি.)
Source: Guidelines “Good Agricultural Practices” for Family Agriculture- FAO publication


Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

অমিতা খেতিৰ কিছুমান দৰকাৰী বিষয়

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান