কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়-১৪
কীট-পতঙ্গ আৰু ৰোগ-ব্যাধি নিয়ন্ত্রণ
শস্যত কীট-পতঙ্গ দেখিলেই যে ইয়াক নিধন কৰিব লাগিব এনে ধাৰণা কেতিয়াও হ’ব নেলাগে। কিয়নো সকলো কীট-পতঙ্গই আৰু ৰোগেই অনিষ্টকাৰী নহয়। তদুপৰি ই শস্যৰ কিমান পৰিমাণে ক্ষতি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিহে নিয়ন্ত্রণৰ ব্যৱস্থা ল’ব লাগে। খাদ্য শস্যৰ অপৰিহাৰ্য উৎপাদন বৃদ্ধিৰ কথাটোলৈ লক্ষ্য ৰাখি অনিষ্টকাৰী কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰাটো প্ৰয়োজনীয় হৈ পৰে। কিন্তু পাৰিপাৰ্শ্বিক অৱস্থা আৰু প্ৰাকৃতিক ভাৰাসাম্যতাৰ প্ৰতি গুৰত্ব নিদিয়াকৈ কীট-পতঙ্গ বা ৰোগ নিয়ন্ত্রণ কৰিলে পৰিস্থিতি ভয়াৱহ হয়, প্ৰাকৃতিক জীৱ-জন্তু জীয়াই থকাটোও কঠিন হৈ পৰে।
কীট-পতঙ্গ আৰু ৰোগ নিয়ন্ত্রণৰ মূল নীতিঃ
ইতিমধ্যে
আমি আলোচনা কৰিছো যে,
জধে-মধে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাটো সঠিক নহয়। ইয়াৰবাবে আমি কিছুমান নিয়ম-নীতি মানি চলাটো দৰকাৰ।
প্ৰথমেই
অতি দৰকাৰী কথা হ’ল- এডৰা
মাটিত থকা শস্যৰ অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমা (Economic
Injury Level)
আৰু অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা (Economic Threshold Level) নিৰ্দ্ধাৰণ কৰি লোৱাটো। অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমা (EIL) হ’ল- শস্যডৰাক অৰ্থনৈতিকভাৱে ক্ষতি
কৰিব পৰা নিম্নতম সংখ্যক কীট-পতঙ্গৰ সংখ্যা আৰু অৰ্থনৈতিক ক্ষতিৰ
পৰিসীমা (ETL) হ’ল- শস্য এডৰা অৰ্থনৈতিক আক্ৰমণৰ পৰিসীমাত উপনীত হোৱাৰ পৰা ৰক্ষা পাবৰ বাবে, কীট-পতঙ্গ নিয়ন্ত্রণৰ ব্যৱস্থা ল’বৰ বাবে থাকিবলগীয়া নিম্নতম
কীটৰ সংখ্যা।
দ্বিতীয়তে, কীট-পতঙ্গৰ চিনাক্তকৰণ কৰা
কাৰ্যটো অতি দৰকাৰী কথা। কিয়নো, নিয়ন্ত্রণৰ বাবে কীট-পতঙ্গৰ খাদ্যাভাস, বাসস্থান, বংশবৃদ্ধি ইত্যাদি বিষয়বোৰ পৰিষ্কাৰভাৱে জনাটো
অতি দৰকাৰ।
তৃতীয়তে, অন্যান্য পাৰিপাৰ্শ্বিক কাৰকবোৰ যেনে, বায়ুৰ উষ্ণতা, পোহৰ, বতাহ,
আদ্ৰতা আদিৰ বিষয়েও বিতংভাৱে জানিব লাগিব। কিয়নো, পৰিৱেশৰ কেনেকুৱা
অৱস্থাত কীটৰ আক্ৰমণ বৃদ্ধি হয় তাৰ বিষয়ে জানিলেহে নিয়ন্ত্রণৰ পদ্ধতিসমূহ লোৱাত সুবিধা
হয়।
পাৰিপাৰ্শ্চিক সমস্যা আৰু সু-সংহত উপায়েৰে শস্যৰক্ষাঃ
আধুনিক
কৃষি বিকাশৰ লগে লগে অধিক শস্যৰ উৎপাদনৰ ধাৰণাই কৃষিকাৰ্যত ৰাসায়নিক দ্ৰব্য যেনে, ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণনাশক
আদিৰ ব্যৱহাৰ অপৰিহাৰ্য কৰি তুলিলে। অধিক উৎপাদনক্ষম
জাত,
হাইব্ৰীড জাতৰ ব্যৱহাৰৰ লগে লগে একোডৰা শস্যক অনিষ্টকাৰী কীট-পতঙ্গৰ আৰু ৰোগ-ব্যাধিৰ পৰা ৰক্ষা কৰাটোও জৰুৰী হৈ পৰে। ১৯৪০ চনত আয়াৰলেণ্ডত আলুৰ মাৰাত্মক লেইটব্লাইট
ৰোগৰ বাবে হোৱা দুৰ্ভিক্ষ,
১৯ শতিকাৰ শেষৰফালে শ্ৰীলংকাত মাৰাত্মক ৰোগৰ বাবে কফি খেতি সমুলঞ্চে
ধ্বংস হৈ যোৱা আৰু ১৯৩৪ চনত ধানৰ পাতত হোৱা ব্ৰাউন লিফ স্পট ৰোগৰ বাবে হোৱা বঙ্গদেশৰ
দুৰ্ভিক্ষৰ পিছতে আধুনিক কৃষিকাৰ্যত কীটনাশকৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়
দিশ বুলি বিবেচিত হয়। যাৰফলত
উন্নত দেশবোৰত ব্যাপক হাৰত কীটনাশক দ্ৰব্যৰ উৎপাদন আৰু ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিলে আৰু সেইবোৰ তৃতীয় দেশবোৰলৈও সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰিলে। বৰ্তমান
কীটনাশকৰ ব্যৱহাৰ ইমান বৃদ্ধি পাবলৈ ধৰিলে যে কৃষিকাৰ্যত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ
ক্ষেত্রত পৰিৱেশবিদসকলে সতৰ্কবাণী শুনালেও সেইবোৰৰ প্ৰতিকাৰৰ ভ্ৰুক্ষেপ নাই। কৃষিকাৰ্যত কীটনাশকৰ ব্যৱহাৰ হোৱাৰ ফলত ন
ন পৰিৱেশীয় সমস্যাৰ উদ্ভৱ হৈছে। প্ৰাকৃতিক
ভাৰাসাম্যতাৰ প্ৰতিও প্ৰবল ভাবুকি আহি পৰিল, মানৱ স্বাস্থ্য আৰু জীৱ-জন্তুৰ প্ৰতিও ব্যাপক ক্ষতিৰ সমস্যা আহি পৰিল।
শস্যৰ
অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণুৰ বাবে আধুনিক কৃষিয়ে এক অনুকূল
পৰিৱেশৰ সৃষ্টি কৰি সেইবোৰৰ উপদ্ৰৱ বঢ়াই তোলে আৰু ইয়াক নিয়ন্ত্রণ নাইবা দমনৰ বাবে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰৰ ব্যৱহাৰ
নিশ্চিত হৈ পৰিল। যাৰফলত
পৰিৱেশৰ ওপৰত ন ন সমস্যাৰ সৃষ্টি কৰিলে। বাৰে বাৰে
কীটনাশক ব্যৱহাৰ হৈ থকাৰ ফলত নিয়ন্ত্রণ কৰিব বিছৰা কীট-পতঙ্গৰ কিছুমান প্ৰতিৰোধ শক্তি বাঢ়ি অধিক শক্তিশালী
কীটনাশকৰ উৎপাদনৰ প্ৰয়োজনীয়তাক বঢ়াই তুলিলে।
শস্যৰ পথাৰত
পৰ্যাপ্ত পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হোৱাৰ ফলত শস্যই গ্ৰহণ নকৰা অৱশিষ্ট
অংশ ভূগৰ্ভৰ পানী,
নৈ, খাল, বিল আৰু জলসিঞ্চনৰ
পানীত মিহলি হৈ পৰে আৰু খোৱা পানীখিনিও বিষাক্ত হৈ পৰে। মাৰাত্মক কথা হ’ল, বিভিন্ন খাদ্য শস্য, ফল-মূল, শাক-পাচলি আৰু আনকি জন্তুৰ
গাখীৰতো এই কীটনাশকৰ অৱশিষ্ট অংশ ক্ষুদ্ৰ কণিকা হিচাপে জমা হৈ মানৱ শৰীৰত সোমাই নানাধৰণৰ
ৰোগৰ সৃষ্টিকাৰক হৈ পৰিছে।
দৰকাৰী
কথা হ’ল যে, নিশ্চিত উৎপাদনৰ বাবে শস্যডৰাক ৰোগ-ব্যাধি, অনিষ্টকাৰী কীট-পতঙ্গৰ
আক্ৰমণৰ পৰা ৰক্ষা কৰিবই লাগিব।
লহপহকৈ
বাঢ়ি অহা খেতিডৰা যেতিয়া চকুৰ সন্মুখতে ধ্বংস হ’বলৈ ধৰে তেতিয়া কৃষক এজনৰ মনত সাংঘাতিক দুখ হয়।
ফলত
বহু কৃষকে উপায়হীন হৈ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলগীয়া হয়।
তেন্তে
কৃষকৰ সন্মূখত কি পথ আছে,
যাৰ দ্বাৰা এই সমস্যাটো এৰাই চলিব পাৰি।
কৃষিবিজ্ঞানীসকলে ইতিমধ্যে এক উপায়ৰ বিষয়ে কৃষকসকলক অৱগত কৰিছে। সেইটো হ’ল- সু-সংহত উপায়েৰে শস্যৰক্ষা ব্যৱস্থাপনা।
এই ব্যৱস্থাপনা
হ’ল, এনে এক ব্যৱস্থাপনা, য’ত সকলোধৰণৰ কৌশল আৰু পদ্ধতিৰ এক সু-সমন্বয়েৰে
কীট-পতঙ্গৰ সংখ্যা শস্যৰ হানিকাৰক পৰ্যায়ৰ তলত
সীমাবদ্ধ কৰি ৰখা হয় যাতে শস্যৰ উৎপাদন লাভজনকভাৱে আৰু পৰিৱেশ বিনষ্ট নোহোৱাকৈ কৰিব
পাৰি। এই পদ্ধতিত শস্য অনুযায়ী অনিষ্টকাৰী কীট-পতঙ্গৰ সংখ্যা এক নিৰ্দিষ্ট পৰিসৰত নিৰূপন কৰা হৈছে,
যাক কোৱা হয়- অৰ্থনৈতিক ক্ষতিৰ পৰিসীমা। অৰ্থনৈতিক
ক্ষতিৰ
পৰিসীমা চেৰাই নোযোৱাকৈ শস্য এডৰাত কীটনাশক প্ৰয়োগ কৰা নহয়।