কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ১৭
জৈৱিক
পদ্ধতিৰে কীট নিয়ন্ত্রণ
জৈৱিক পদ্ধতি
হ’ল, একোটা নিৰ্দিষ্ট পৰিৱেশত এবিধ নতুন প্ৰজাতিৰ কীট সংস্থাপিত
কৰি নাইবা ইতিমধ্যে পৰিৱেশত থকা কিছুমান প্ৰজাতিৰ কীটৰ সক্ৰিয়তা বৃদ্ধি কৰি সেইবোৰক
শস্যৰ অনিষ্টকাৰী কীটৰ বিৰুদ্ধে প্ৰাকৃতিক শত্ৰু হিচাপে ঠিয় কৰাই শস্যডৰাক ৰক্ষা কৰা।
পৰজীৱি
বা পৰভক্ষী পতঙ্গ,
সন্ধিপদী প্ৰাণী, পৰভক্ষী
মেৰুদণ্ড প্ৰাণী, পৰজীৱি ভেঁকুৰ, শস্যকৃমি,
বেক্টেৰীয়া, ভাইৰাছ আদিৰ দ্বাৰা অনিষ্টকাৰী কীট-পতঙ্গ আৰু বিভিন্ন ৰোগ-ব্যাধি নিয়ন্ত্রণ হয়।
সন্ধিপদী প্ৰাণী যেনে, মকৰাবোৰ হ’ল পৰভক্ষী
আৰু চাহিপোকবোৰ হ’ল পৰজীৱি।
পতঙ্গবোৰৰ
শতকৰা ২৫-৩০ % হ’ল কৃষকৰ বন্ধু। বহু কীট-পতঙ্গই অনিষ্টকাৰী
কীটবোৰক ধ্বংস কৰে। যেনে, অশ্বফৰিং (Mantid), লেডি বাৰ্ড বিটল, টাইগাৰ বিটল আৰু বৰলজাতীয় বিভিন্ন পতঙ্গ।
মেৰুদণ্ডী
প্ৰাণীৰ ভিতৰত মাছ, লালুকী, বেং,
চৰাই, সাপ, নেউল আদিয়েও প্ৰাকৃতিক
ভাৰাসাম্য ৰক্ষা কৰাত সহায় কৰে। কিছুমান
শস্যকৃমিয়েও পঁইতাচোৰা, ফৰিং, বিটল, চগা আদিৰ শৰীৰত পৰজীৱিৰূপে বাস কৰি সেইবোৰ নিয়ন্ত্রণ কৰে।
এইজৈৱিক
পদ্ধতিত ৩ টা প্ৰধান অৱলম্বন কৰা হয়-
১। সংস্থাপন (Importation)
২। সংৰক্ষণ (Conservation)
৩। বৃদ্ধি (Augmentation)
১। সংস্থাপন:
অন্য এঠাইৰ
পৰা কিছুমান পোক-পতঙ্গ সৰবৰাহ কৰি আনি কোনো এক স্থানত সংস্থাপন কৰি প্ৰাকৃতিভাৱে সেই স্থানৰ
অনিষ্টকাৰী পোক নিয়ন্ত্রণ কৰা হয়। বৰ্তমান
এখন দেশৰ পৰা অন্য এখন দেশলৈ সেই দেশৰ আইন অনুযায়ী উপকাৰী কীট-পতঙ্গ সৰবৰাহ কৰাৰ ব্যৱস্থা
আছে।
২। সংৰক্ষণ:
প্ৰাকৃতিক
উপকাৰী
কীটবোৰ যাতে প্ৰকৃতিৰ পৰা বিলুপ্ত হৈ নেযায় তাৰবাবে কীটবোৰৰ সুপ্ত অৱস্থা যেনে, কণী, লেটা আদি সংৰক্ষণ কৰা, ক্ষতিকৰ কৃষি পদ্ধতি অৱলম্বন পৰিহাৰ
কৰা, জীৱবিচিত্রতা ৰক্ষা কৰা, প্ৰাকৃতিক আৰু কৃত্রিম
খাদ্য যোগান, কীটনাশকৰ পৰা ৰক্ষা কৰা ইত্যাদি।
৩।
বৃদ্ধি:
কোনো এক
নিৰ্দিষ্ট অঞ্চলত থকা প্ৰাকৃতিক উপকাৰী কীটবোৰৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু সেইবোৰৰ কাৰ্যকৰিতাৰ বৃদ্ধিৰ
বাবে কিছুমান উপায় লোৱা হয়।
কীট
আৰু ৰোগ নিয়ন্ত্রণৰ জৈৱিক উপায়সমূহ-
মেৰুদণ্ডী প্ৰাণীঃ
মাছ, লালুকী, বেং, ভেকুলী, জেঠী আদিয়ে ম’হ আৰু বিভিন্ন পোকৰ কণী আদি খাই ধ্বংস কৰে
বুলি আমি সকলোৱে জানো। পৃথিৱীত
থকা বিভিন্ন প্ৰজাতিৰ সাপৰ ভিতৰত প্ৰায় ৭০% ই বিষাক্ত নহয়। এইবোৰে এন্দুৰ, নিগনি আদি খাই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে।
ঠিক
সেইদৰে বিভিন্ন প্ৰজাতিৰ চৰায়েও শস্য অনিষ্টকাৰী কীট-পতঙ্গ খাই সেইবোৰৰ নিয়ন্ত্রণত সহায় কৰে।
বলয়ী
প্ৰাণীঃ
গুৱৰুৱা, ফৰিং, পঁইতাচোৰা, চগা আদিৰ দেহত বিভিন্ন প্ৰজাতিৰ কৃমিয়ে পৰজীৱি হিচাপে বাস কৰি সিহতক ধ্বংস কৰে। নিয়এপ্লেকটনা দাটকি নামৰ কৃমিবিধ বৰ্তমান বিভিন্ন অনিষ্টকাৰী কীট-পতঙ্গ নিয়ন্ত্রণ কৰিবলৈ পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰি থকা হৈছে।
সন্ধিপদী প্ৰাণীঃ
মকৰা, চাঁহি আৰু পৰভক্ষী কীটে জৈৱিকভাৱে কীট-পতঙ্গ নিয়ন্ত্রণত
সহায় কৰে। লেডি বাৰ্ড বিটল নামৰ কীটবিধে ফুলকবি, বন্ধাকবি আদিৰ মোৱা পোক খাই তাক নিয়ন্ত্রণ কৰে।
অন্যান্য পৰভোজী পতঙ্গ কিছুমান হ’ল- গাগিনি (প্ৰেয়িং মেনটিড), ক্ৰাইচপাৰলা প্ৰাজাতি, ট্ৰাইকগ্ৰামা প্ৰজাতি আদি। বৰ্তমান ট্ৰাইকগ্ৰামা প্ৰজাতিৰ ক’লা বৰণৰ সৰু বৰলজাতীয় পোকৰ কণীয়ে ধানৰ মজাখোৱা নাইবা পাতমেৰুৱা পোকৰ কণী খায়। মাইকী পোকবোৰে আশ্ৰয়দাতা অনিষ্টকাৰী পোকৰ কণীৰ ভিতৰত ২০-৪০ টা কণী পাৰে আৰু আশ্ৰয়দাতা খাদ্যৰ পৰা আহৰণ কৰি শেষত পূৰ্ণবয়স্ক পৰাশ্ৰয়ী পোক ১০-১৪ দিনত ওলাই আহে। আজিকালি এইবিধ পোকৰ কণী গৱেষণাগাৰত সংৰক্ষণ আৰু বৃদ্ধি কৰি কৃষকৰ পথাৰত মেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ‘ট্ৰাইক’কাৰ্ড’ নামেৰে উপলদ্ধ এই কণীবোৰ প্ৰতি বিঘাত প্ৰতি সপ্তাহত প্ৰায় ৭০০০ কৈ ধাননি পথাৰত মেলি দিব লাগে। ইয়াৰবাবে ধান ৰোৱাৰ ৩০ দিনৰ পিছৰে পৰা প্ৰতি সপ্তাহতে ট্ৰাইক’কাৰ্ডখন ৬-১২ টুকুৰা কৰি পাতত আঠা দি লগাই দিব লাগে যাতে কণীবোৰ গোটেই পথাৰতে সমানে বিয়পি পৰে।
আদ্যপ্ৰাণীঃ
আদ্যপ্ৰাণীবোৰৰ
প্ৰায় ২০ বিধ প্ৰজাতিয়ে অনিষ্টকাৰী কীট-পতঙ্গক আক্ৰমণ কৰি সেইবোৰক
নিঃশেষ কৰে। ব্যুভেৰিয়া বেছিয়ানা, মেটাৰিঝিয়াম এনিচপ্লি, বেছিলাছ থুৰিনজিয়েনচিছ,
এন.পি.ভি. ভাইৰাছ আদি অণুজীৱ ব্যৱহাৰ কৰিও বিভিন্ন অনিষ্টকাৰী কীট নিয়ন্ত্রণ কৰিব পাৰি।
ব্যুভেৰিয়া
বেছিয়ানাঃ
বিছা বা পলুজাতীয় পোকৰ নিয়ন্ত্রণত এইবিধ ভেঁকুৰৰ মিশ্ৰণ স্প্ৰে কৰিব পাৰি।
মেটাৰিঝিয়াম এনিচপ্লিঃ
এই প্ৰজাতিৰ বেক্টেৰীয়াৰ
পৰা তৈয়াৰ কৰা জৈৱিক কীটনাশকবিধে বন্ধাকবি, ফুলকবিৰ ডায়মণ্ড ব্ল্যাক
মথ, আৰ্মি ৱৰ্ম,
চেমিলুপাৰ, বিলাহীৰ ফল বিন্ধা কৰা পোক,
বেঙেনাৰ ডাল আৰু ফল বিন্ধা কৰা পোক, নেমুটেঙাৰ
পখিলাজাতীয় পোক আদিৰ বিৰুদ্ধেও ব্যৱহাৰ কৰি ভাল ফল পোৱা গৈছে।
এন.পি.ভি. ভাইৰাছ (নিউক্লিয়েৰ পলিহেড্ৰছিছ):
বিলাহী বেঙেনা আদিৰ ফল বিন্ধা কৰা পোক মটৰ মাহ সৰিয়হ, মগুমাহ, মাটিমাহ আদিৰ চেঁই বিন্ধ কৰা পোক, ধানৰ পাত মেৰুৱা পোক আদি নিয়ন্ত্রণৰ বাবে এইবিধ ভাইৰাছ ব্যৱহাৰ কৰিব পাৰি।
চিউডমনাছ ফ্লৰেন্সঃ
বিলাহী, বেঙেনাৰ বেক্টেৰীয়া আৰু ভেঁকুৰজনিত লেৰেলি যোৱা ৰোগ নিয়ন্ত্রণৰ
বাবে এই প্ৰজাতিৰ বেক্টেৰীয়াৰ পৰা তৈয়াৰ কৰা জৈৱিক কীটনাশক বিধ ব্যৱহাৰ কৰা হয়।
ট্ৰাইকড্ৰামা
প্ৰজাতিৰ ভেঁকুৰঃ
শাক-পাচলিৰ গুড়ি পচা ৰোগ নিয়ন্ত্রণৰ বাবে এইবিধ ভেঁকুৰ ব্যৱহাৰ কৰা হয়।