জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব
নয়ন কুমাৰ বৰা
কৃষিকাৰ্যত ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত বিজ্ঞানীসকলে
আধুনিক কৃষি পদ্ধতিৰ আৰম্ভনিৰ পৰাই সতৰ্ক বাণী শুনাই আহিলেও সেইবোৰৰ প্ৰতি ভ্ৰক্ষেপ
নকৰি জধে-মধে সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত ন ন পৰিবেশীয় সমস্যাই দেখা দিলে। প্ৰাকৃতিক ভাৰসাম্যতাৰ
প্ৰতি ভাবুকি আহিল। মানব স্বাস্থ্য আৰু জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হ’বলৈ ধৰিলে। শস্য
অনিষ্টকাৰী কীট-পতঙ্গ আৰু ৰোগৰ বীজাণুৰ বাবে আধুনিক কৃষিয়ে এক অনুকূল পৰিবেশ সৃষ্টি
কৰি সেইবোৰৰ উপদ্ৰৱ বঢ়াই তুলিলে আৰু সেইবোৰক নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰৰ
ব্যৱহাৰ নিশ্চিত হৈ পৰিল। ইয়েই আকৌ পৰিবেশৰ ওপৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিলে। বাৰে
বাৰে কীটনাশক ব্যৱহাৰ হৈ থকাৰ ফলত নিয়ন্ত্ৰণ কৰিব বিছৰা কীটৰ কিছু অংশই আকৌ নিৰ্দিষ্ট
কীটনাশকৰ প্ৰতি সহ্যশক্তি গঢ়ি তুলিছে। অন্যহাতে কীটনাশক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অপকাৰী
কীটৰ লগতে অনেক উপকাৰী কীটৰো ধ্বংস হৈছে।
শস্যৰ পথাৰত পৰ্যাপ্ত পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক
ব্যৱহাৰ কৰাৰ ফলত শস্যই গ্ৰহণ কৰিব নোৱাৰা অৱশিষ্ট অংশ নাইবা সেইবোৰ প্ৰয়োগৰ পিছতে
প্ৰাকৃতিক উপায়েৰে উটি গৈ ভূ-গৰ্ভৰ পানী, নলীনাদ, কুঁৱা, নৈ, বিল, সুঁতি আদি পানীৰ
লগত মিহলি হৈ পৰে আৰু খোৱা পানীটুপিও বিষাক্ত কৰি তোলে। মাৰাত্মক কথা হ’ল, বিভিন্ন
খাদ্যশস্য, ফলমূল আৰু শাক-পাচলিত অৱশিষ্ট হিচাপে জমা হৈ থকা কীটনাশকৰ কণিকাই মানুহ
আৰু জীৱ-জন্তুৰ শৰীৰত প্ৰৱেশ কৰি নানাধৰণৰ ৰোগৰ কাৰক হিচাপে পৰিগনিত হৈছে। শৰীৰত ‘শ্ল-পয়জন’
হিচাপে এইবোৰে ক্ৰিয়া কৰিছে। সমীক্ষা কিছুমানৰ পৰা দেখা গৈছে যে উৎপাদিত শস্যবোৰৰ প্ৰায়
৭২ শতাংশতে কীটনাশকৰ উপস্থিতি পোৱা গৈছে আৰু ইয়াৰে প্ৰায় ২৫ শতাংশত থকা কীটনাশকৰ পৰিমাণ
মানব শৰীৰৰ সহ্যশক্তিৰ সীমা চেৰাই গৈছে। আনকি এই কীটনাশকৰ উপস্থিতি মানুহ আৰু জন্তুৰ
গাখীৰ, মাংস, মাছ আদিতো অৱশিষ্টৰূপে ৰৈ যোৱাৰ প্ৰমাণ পোৱা গৈছে।
সেয়ে, বৰ্তমান কৃষি ব্যৱস্থাটোৰ বিকল্প চিন্তা হিচাপে
সমন্বিত কৃষি ব্যৱস্থা তথা জৈৱিক কৃষি ব্যৱস্থাৰ প্ৰাসংগিকতা আহি পৰিছে।
জৈৱিক পাচলিৰ বাগিচা কেনেকৈ
পৰিকল্পনা কৰিব?
দৈনিক প্ৰয়োজনীয় সতেজ পাচলি যোগান ধৰিবৰ বাবে একোখনি ঘৰত
এখনি পাচলি বাগিচাৰ আকাৰ কিমান ডাঙৰ হ’ব সেইটো নিৰ্ভৰ কৰিব বাৰীখনত শাক-পাচলি খেতিৰ বাবে কিমান
উপযোগী মাটি আছে? সুবিধা অনুযায়ী মাটিডোখৰ আয়তকাৰ হ’লে ভাল হয়। সাধাৰণতে ৬-৭ জনীয়া এটি পৰিয়ালৰ বাবে প্ৰায় ১ কঠা মাটিৰ প্ৰয়োজন হয়,
যাতে গোটেই বছৰজুৰি পৰিয়ালটোৰ দৰকাৰী শাক-পাচলি
যোগান ধৰিব পাৰি।
কেনেকৈ পৰিকল্পনা কৰিব?
এই পৰিকল্পনাৰ মূখ্য উদেশ্য হ’ল - সৰ্ব্বোচ্চ উৎপাদন কৰি গোটেই বছৰজুৰি
লানি নিছিগাকৈ লাগতিয়াল পাচলি যোগান ধৰা।
- কিছুমান বহুবৰ্ষী পাচলি উদ্ভিদ যেনে, চজিনা, কাচকল, নৰসিংহ,
আম, মধুৰীআম, আটলচ,
কঁঠাল আদি বাগিচাখনৰ এফালে ৰোপন কৰিব লাগে। সাধাৰণতে বাগিচাখনৰ দক্ষিণ-পশ্চিম দিশত এইবোৰ ৰোপন কৰিব লাগে।
- বাগিচাখনৰ সোমাজত অহা যোৱা কৰিব পৰা এটি পথ ৰাখি তাৰ কাষত
থকা মাটিত কিছুমান হ্ৰস্বকালীন শস্য যেনে, ধনীয়া, পালেং, মৰিচা, মেথিগুটি, পদিনা আদি ৰোপন কৰিব লাগে।
- বাগিচাখনৰ চাৰিওফালে থকা জেওৰা বা ফেন্সিঙত বগাই যোৱা পাচলি
যেনে, জিকা, তৰৈ,
ভোল, তিতাকেৰেলা, ভাতকেৰেলা
আদি ৰোপন কৰি বগাবলৈ দিব লাগে।
- বাগিচাৰ চুক বা কোণবোৰত পচনসাৰৰ গাত তৈয়াৰ কৰিব লাগে।
- বাগিচাখনৰ মাটিখিনি আলি বান্ধি ভাগ কৰিব লাগে। আলিটোত পিঁয়াজ, নহৰু, আদা, হালধী আদি ৰোপন কৰিব
পাৰি।
মাটি প্ৰস্তুতি কেনেকৈ কৰিব?
এখনি জৈৱিক পাচলি বাগিচা স্থাপনৰ বাবে মাটিখিনিত পৰ্যাপ্ত
পৰিমাণে জৈৱিক পদাৰ্থ বিশেষকৈ পচন সাৰ মাটিত প্ৰয়োগ কৰাটো দৰকাৰ। পচি যোৱা গোৱৰ নাইবা পচনসাৰ মাটিত যোগান ধৰিলে উদ্ভিদৰ বাবে
পৰ্যাপ্ত নাইট্ৰ’জেনৰ উৎস হিচাবে ক্ৰিয়া কৰে। উপযুক্ত সাৰুৱা মাটিৰ ৰং কলা বৰণৰ আৰু সিক্ত অৱস্থাত মুঠি
মাৰি ধৰিলে আলসুৱা চপৰা হয়।
পামসাৰ:
ই হ’ল ঘৰচীয়া গৰু,
ছাগলী, গাহৰি, ভেড়া আদিৰ
বিস্তা বা গোৱৰৰ মিহলি দ্ৰব্য। ব্যৱহাৰ কৰাৰ আগতে
এইবোৰ সম্পূৰ্ণৰূপে পচিব লাগে। গোহালিৰ এচুকৰ ছাঁ-পৰা ঠাইৰ পৰা এইবোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব লাগে। সংগ্ৰহ কৰাৰ পিছত বালিৰে পাতলকৈ ঢাকি দিব লাগে। যদি গোৱৰবোৰ ৰ’দৰ তাপত মেলি দিয়া হয় ইয়াত থকা উদ্ভিদ বা পুষ্টিকৰ দ্ৰব্যবোৰ ধ্বংস হ’ব পাৰে। পাম সাৰে নাইট্ৰ’জেন, ফচফৰাচ আৰু পটেছিয়াম যোগান ধৰে। একঠা মাটিত ২-৩ কুইন্টেল পাম সাৰ প্ৰয়োগ কৰিব লাগে।
হাঁহ-কুকুৰাৰ মল আৰু অৱশিষ্ট:
ঘৰত পোহা হাঁহ, কুকুৰা, পাৰ আদিৰ গড়াল নাইবা বাহৰ পৰা এইবোৰ সংগ্ৰহ কৰা
হয়। পাম সাৰতকৈ ই উৎকৃষ্ট সাৰ আৰু ইয়াক কমকৈ প্ৰয়োগ কৰিলেও হয়। পাত শাক আৰু ঘাঁহ খেতিৰ বাবে ই উপযুক্ত। মাটিত প্ৰয়োগৰ আগতে
ই ভালদৰে পচিব লাগে। অন্যথা ই শস্যৰ
বাবে বিষাক্ত হ’ব পাৰে।
পাত সাৰ:
উদ্ভিদৰ পাত,
ঘাঁহ আৰু উদ্ভিদৰ কোমল অংশ যেনে, গা-গছ নাইবা আগলি অংশৰ পৰা এই পাত সাৰ তৈয়াৰ কৰা হয়। টাৱ নাইবা মাটিৰ পাত্রৰ মাধ্যমৰ
বাবে ই অতি উপযুক্ত। ই মাটিৰ গঠন ঢিলা কৰি ৰাখে আৰু পুষ্টিদ্ৰব্যৰ পৰিমাণ
বৃদ্ধি কৰে।
পাতসাৰ কেনেকৈ তৈয়াৰ কৰিব?
বাগিচাৰ এচুকত দীঘ আৰু বহলে ৩ ফুটকৈ এটি গাঁত খান্দিব লাগে। গাঁতটোৰ দ’ ২ ফুটতকৈ বেছি হ’ব নেলাগে। গাঁতটোৰ তলিভাগত শিলগুটি নাইবা ভগা ইটাৰ টুকুৰাৰ এটি তৰপ দিব লাগে। তাৰ ওপৰত শাক-পাচলিৰ পাত, বন-বাত আদিৰ তৰপ দিব
লাগে। গছৰ টান ডাল, ঠাল-ঠেঙুলি, পলিথিন জেং আদি গাঁতটোত
কেতিয়াও দিব নালাগে। ঘৰুৱা জাৱৰ-জোথৰ, চুৱা-পাত,
কণীৰ বাকলি, শাক-পাচলিৰ অৱশিষ্ট অংশ গাঁতটোত দিব লাগে। যেতিয়া এই তৰপটো এফুটমান হয় তেতিয়া ১ ইঞ্চিমান ডাঠকৈ ভালকৈ পচা গোৱৰ আৰু
১/২ ইঞ্চি ডাঠকৈ
চূণৰ এটি তৰপ দিব লাগে। চূণৰ সলনি ছাইও
ব্যৱহাৰ কৰিব পাৰি। চূণ বা কাঠৰ ছাই দিলে মিশ্ৰণখিনিৰ অম্লতা হ্ৰাস কৰি ৰাখিব
পাৰি। উল্লিখিত তপৰটো পুনৰ এফুটকৈ জাপি তাত গোৱৰ আৰু চূণ দি একেবাৰে ওপৰত খাৰুৱা মাটিৰ এটা তৰপ দিব লাগে। দুসপ্তাহৰ মূৰে
মূৰে এবাৰ তৰপবোৰ লুটিয়াই-বগৰাই দিব লাগে। খৰাং বতৰত পাতলীয়াকৈ পানী ছটিয়াব লাগে। কিন্তু জেকা হৈ থাকিব নেলাগে। এই পাত সাৰ তিনি মাহতে তৈয়াৰ হৈ যায়।
ছাঁদৰ ওপৰত নাইবা বাৰান্দাত পাত সাৰ তৈয়াৰ কৰিবৰ বাবে মাটিৰ
টাৱ নাইবা ডাঙৰ প্লাষ্টিকৰ পাত্র ব্যৱহাৰ কৰিব পাৰি।
নিম খলিহৈ:
এই নিম খলিহৈ আজি কালি বজাৰত পোৱা যায়। সাধাৰণতে নিমগুটিৰ পৰা তেল নিষ্কাষণৰ পিছত এই খলিহৈৰ সৃষ্টি
হয়। এই নিম খলিহৈ চহ কৰাৰ সময়তে মাটিত প্ৰয়োগ কৰিব লাগে। নিম খলিহৈয়ে মাটিত থকা শস্যকৃমি আৰু উঁই পোক নিয়ন্ত্রণ কৰে।
কেঁচুসাৰ:
বৰ্ত্তমান
কৃষিকাৰ্যত পুষ্টিমৌল যোগানৰ বাবে ব্যৱহাৰ কৰিব পৰা অন্য এবিধ জৈৱিক সাৰ হ’ল- কেঁচুসাৰ
বা ‘ভাৰ্মিকমপষ্ট’। বছৰ বছৰ ধৰি মাটিৰ গুনাগুণ নষ্ট নোহোৱাকৈ
শস্যত পুষ্টিমৌল
যোগানৰ
বাবে এক উৎকৃষ্ট আৰু ফলপ্ৰসূ ব্যৱস্থা। নিজৰ চৌহদতে
নাইবা মাটিৰ পাত্র, পকী বা প্লাষ্টিকৰ টাৱ আদিতে
অনায়াসে এই সাৰ প্ৰস্তুত কৰি ল’ব পাৰি।
সকলো কেঁচুয়েই
কেঁচুসাৰৰ বাবে উপযুক্ত নহয়। কেঁচুসাৰৰ
বাবে উপযুক্ত কেইবিধমান কেঁচুৰ বৈজ্ঞানিক নাম হ’ল- আইচেনিয়া
ফ’টিডা, এমাইনথেচ্
ডিকিৰিনজেনচ্,লেমপিট মৰিচি, ইউড্ৰিলাচ
ইউজেনি আদি
কেঁচুসাৰ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। আমাৰ অসমত গোটেই বছৰ ধৰি কেঁচুসাৰ উৎপাদন
কৰিবলৈ হ’লে ওখ, পানী জমা
নোহোৱা মাটিত ৪০ ফুট দীঘল, ১০ ফুট বহল আৰু
২.৫ ফুট ওখ
আকাৰৰ পকী নাইবা বাঁহেৰে এটা টেঙ্কী তৈয়াৰ কৰি লব লাগে।
এনে
আকাৰৰ টেঙ্কীৰ পৰা প্ৰায় ১০০-১৫০ কুইন্টেল কেঁচুসাৰ
পোৱা যায়। প্ৰয়োজনমতে টেঙ্কীৰ আকাৰ সৰু, ডাঙৰ কৰি লব
পাৰি। টেঙ্কীৰ তলিভাগত ৮-১০ ইঞ্চিৰ
সৰু সৰু শিলগুটিৰে বা ইটাগুটিৰে এটা তৰপ দিব লাগে।
তাৰ
ওপৰত ১-১.৫ ইঞ্চিৰ
এটা
মোটা বালিৰ তৰপ
দিব লাগে আৰু ইয়াৰ ওপৰত ৮-১০ ইঞ্চিৰ সেমেকা
পলসুৱা মাটিৰ এটা তৰপ দিব লাগে। এতিয়া প্ৰায়
১৫-২০ কিলোগ্ৰাম
কেঁচু তাত
এৰি
দিব লাগে। তাৰ ওপৰত গোৱৰৰ ৩-৪ ইঞ্চিৰ
এটা তৰপ দি ২-৩ ইঞ্চিৰ
শুকান ঘাঁহ-বনৰ এটা তৰপ দিব
লাগে। এতিয়া এই তৰপবোৰক সিক্ত কৰি ৰাখিবৰ বাবে
পানী চটিয়াই থাকিব লাগে। ৩০ দিনৰ
পিছত পুনৰ আগৰ দৰেই শুকান গোৱৰ আৰু ঘাঁহ-বনৰ তৰপ
সপ্তাহত
দুদিনকৈ জাপিব লাগে। প্ৰায় ২-৩ মাহৰ
ভিতৰত কেঁচুসাৰ তৈয়াৰ হয়। মাজে-সময়ে তৰপবোৰ
লুটিয়াই বগৰাই থাকিব
লাগে। সংগ্ৰহ কৰা কেঁচুসাৰখিনি ছাঁত শুকুৱাই লৈ
চালনীৰ সহায়ত তাঁত থকা কেঁচু, কেঁচুৰ কণী বা অন্য
মোটা
জৈৱিক
পদাৰ্থ আদি আঁতৰাই পেলাব
লাগে।
কিমান পৰিমাণে জৈৱিক সাৰ প্ৰায়োগ কৰিব?
প্ৰতি ১ কঠা মাটিৰ বাবে—
পাম সাৰ ৫০ কি:গ্ৰা:
হাঁহ কুকুৰাৰ মল ১.২ কি:গ্ৰা:
নিম খলিহৈ ১.০ কি:গ্ৰা:
কেঁচুসাৰ ২৫.০ কি:গ্ৰা:
ৰোগ নিয়ন্ত্রণৰ বাবে বীজ শোধন:
খেতিৰ বাবে ব্যৱহাৰ কৰা বীজবোৰ উৎকৃষ্ট মানদণ্ডৰ হোৱা উচিত। আৱশ্যকীয় পৰিমাণৰ বীজ এখন পাতল কপাহী কাপোৰত ঢিলাকৈ বান্ধি
ল’ব লাগে। অন্যহাতে, ৯০ গ্ৰাম বচ গছৰ শিপাৰ লগত ৬০ মি:লি: পানী মিহলাই চেকি ল’ব লাগে। এই মিশ্ৰণত আধাঘন্টাৰ বাবে তিঁয়াই ৰাখিব লাগে।
শাক-পাচলিৰ অনিষ্টকাৰী কীট নিয়ন্ত্রণ কেনেকৈ কৰিব:
শাক-পাচলিত সাধাৰণতে
মোৱা পোক, ৰস শুহি খোৱা পোক, পাত ওকনী,
ৰঙা চাহী পোক, গুৱৰুৱা পোক, পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক, পাত
মেৰুৱা পোক, শুৰ পোক, ফল বিন্ধা কৰা পোক, মাখি পোক আদিয়ে আক্ৰমণ কৰে। জৈৱিক পদ্ধতিত এই পোকবোৰক নিয়ন্ত্রণৰ বাবে কিছু মিশ্ৰণ তৈয়াৰ
কৰাৰ বিষয়ে জানিব লাগিব।
১) হালধী ৰস: ২০ গ্ৰাম কেঁচা হালধি থেতালি লৈ ২০০
মি:লি: গৰু মূতৰ লগত মিহলাব লাগে। এই মিশ্ৰণটোৰ ২-৩ লি: পানীৰ লগত মিহলাই স্প্ৰে
কৰিব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: পাতখোৱা বিভিন্ন পলু পোক, চাঁহি পোক।
২) আদাৰ ৰস: ৫০ গ্ৰাম কেঁচা আদা পিচি ল’ব লাগে আৰু তাৰ লগত ২-৩ লি:পানী মিহলাই মিশ্ৰণটো চেকি লব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: পাত ওকনী, পাত শোহা পোক, মোৱা পোক,
ফল বিন্ধা কৰা পোক
৩) আদা
আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ: ৫০ গ্ৰাম নহৰু ১০ মি:লি: কেৰাচিন তেলত এৰাতি তিয়াই ৰাখিব লাগে। পিছদিনা নহৰুৰ বাকলি গুচাই পিচিব লাগে। অন্য এটা পাত্রত ২৫ গ্ৰাম কেঁচা জলকীয়া ৫০ মি:লি: পানীত মিহলাই পিচি ল’ব লাগে। একেদৰে ২৫ গ্ৰাম
আদা পিচি ল’ব লাগে। এতিয়া তিনিওটা মণ্ড ৩ লি: পানীত মিহলাই চেকি ল’ব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: পলু পোক, সুৰঙ্গী পোক, শুৰ পোক
আদি।
৪) তুলসী পাতৰ ৰস: ২-৩ লি মিশ্ৰণ প্ৰস্তুত কৰাৰ বাবে ৫০ গ্ৰাম তুলসীৰ পাত দৰকাৰ হয়। পাতখিলা এৰাতিৰ বাবে তিঁয়াই ৰাখিব লাগে। পিচদিনা পাতখিনি পাতখিনি পিচিব লাগে আৰু মিশ্ৰণখিনি চেকি
ল’ব লাগে। ৰাতিপুৱা সময়ত এই মিশ্ৰণ স্প্ৰে কৰিব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: পলু পোক, ৰঙা চাঁহি পোক,
ৰঙা স্কেল পোক, ফুটফুটীয়া গোৱৰুৱা
৫) আটলচ, কঁঠাল নিম আৰু জলকীয়াৰ ৰস:
১০০ গ্ৰাম আটলচ কঁঠালৰ পাত লৈ ভালদৰে পিচিব লাগে। তাত ৫০০ মি:লি:পানী মিহলাই ভালদৰে ঘুটিব লাগে। মিশ্ৰণটো চেকি লৈ একাষৰীয়াকৈ থব লাগে। ২৫ গ্ৰাম শুকান জলকীয়া লৈ এৰাতিৰ বাবে তিয়াই ৰাখিব লাগে। পিছদিনা সেইখিনি পিচি লৈ ৰসখিনি চেকি ল’ব লাগে। ৫০ গ্ৰাম খুন্দি
লোৱা নিম গুটি ২০০ মি:লি: পানীত ৰাতিটোৰবাবে
তিয়াই ৰাখিব লাগে আৰু পিছদিনা ৰসখিনি চেকি ল’ব লাগে। এতিয়া তিনিওবিধ ৰস মিহলাই তাত পানী ঢালি ৫-৬ লি: কৰি ল’ব লাগে। পুণৰ মিশ্ৰণটো চেকি লৈ শস্যত স্প্ৰে কৰিব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: মোৱা পোক,পাতখোৱা পলু পোক পলু পোক, মোৱা পোক,পাতখোৱা
৬) অমিতা পাতৰ ৰস: প্ৰায় ৫০ গ্ৰাম খুন্দি লোৱা অমিতা পাত ১০০ মি:লি:
পানীত তিঁয়াই ৰাখিব লাগে। ভালদৰে ঘুটি ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। পিছদিনা এখন কপাহী কাপোৰেৰে চেপি লৈ ৰসখিনি ২-৩ লি: পানীত মিহলাই ল’ব লাগে।
নিয়ন্ত্রণ কৰিব পৰা কীট: পাত খোৱা,পলু পোক
৭) নিমগুটি শাহৰ ৰস: ৫০ গ্ৰাম নিম গুটিৰ শাহৰ গুড়ি ১ লি: পানীৰ
বাবে দৰকাৰ হয়। নিমগুটিৰ বাহিৰৰ
খোলাটো এনেকৈ এৰুৱাই লৈ শাহখিনি ল’ব লাগে আৰু সেইখিনি খুন্দি মিহি কৰিব লাগে যাতে তাৰ পৰা তেলখিনি ওলাই নাহে। এখন মিহি কপাহী
কাপোৰেৰে সেইখিনি বান্ধি ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। পিছদিনা সেইখিনি চেকি লৈ তাত পানী মিহলাই ১০০ লি: মিশ্ৰণ প্ৰস্তুত কৰি শস্যত স্প্ৰে কৰিব পাৰি।
নিয়ন্ত্রণ কৰিব পৰা কীট: পাত সুৰঙ্গী পোক, পলু আৰু বিছা পোক, ফল আৰু ডাল বিন্ধা কৰা পোক, পাতৰ ৰস শুহি খোৱা পোক,
মোৱা পোক, পাত মেৰুৱা পোক আদি।
৮) ধপাতৰ ৰস: ১৫০ গ্ৰাম ধপাত লৈ সৰু সৰুকৈ কুটি ল’ব লাগে। ১ লি: পানী গৰম কৰি লৈ উতলিবলৈ ধৰা অৱস্থাত ধপাতখিনি মিহলাব লাগে। পাত্র জুইৰ পৰা নমাই ১০ ঘন্টাৰ বাবে ঢাকি ৰাখিব লাগে। পিছত সেইখিনি চেকি লৈ সেইখিনি ১০ গুণ পানী মিহলাই
শস্যত স্প্ৰে কৰিব পাৰি।
নিয়ন্ত্রণ
কৰিব পৰা কীট: মোৱা পোক, সেউজীয়া
সোহনি পোক, পাত ওকনি,বগা ওৰহ (মিলি বাগ)
জৈৱিক কীটনাশকবোৰ
পাতত সম্পূৰ্ণৰূপে বিয়পি পৰা আৰু লাগি ধৰা কেনেকৈ কৰিব?
উল্লেখিত জৈৱিক কীটনাশকবোৰৰ লগত খাদী চাবোনৰ পানী মিহলাব
লাগে। এটুকুৰা খাদী চাবোন ৰাতিটোৰ বাবে তিঁয়াই ৰাখিব লাগে। উক্ত চাবোন মিশ্ৰণৰ পৰা ৪ মি:লি: প্ৰতি লি: হিচাবে
জৈৱিক কীটনাশকত শস্যত প্ৰয়োগ কৰাত আগেয়ে মিহলাই ল’ব লাগে।