ইমৰাণ হুছেইন , আই আপং , ৰাজেশ দেৱনাথ , ৰাজশ্ৰী দেৱী , মনিশা বৰুৱা , মানশ্ৰী ডেকা চিন্তে মীন মহাবিদ্যালয় , অসম কৃষি বিশ্ব - বিদ্যালয় মাছ আমাৰ অতি প্ৰিয় খাদ্য আৰু অসম তথা উত্তৰ - পূব ভাৰতৰ ৰাজ্যসমূহত সতেজ মাছৰ যথেষ্ট চাহিদা আছে । আমাৰ ৰাজ্যত থকা নৈ - বিল , জান - জুৰি , পুখুৰী , জলাশয় - পিতনি আদিত বুজন পৰিমাণৰ মাছ ধৰা হয় । ইয়াৰে কিছু পৰিমাণে বিক্ৰি কৰা হয় যদিও , অনুন্নত আন্তঃগাঠনি , পৰিবহন আৰু সংৰক্ষণ ব্যৱস্থা তথা উপযুক্ত বজাৰৰ অভাৱত ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলসমূহত যথেষ্ট পৰিমাণৰ মাছ নষ্ট হয় নাইবা লোকচানকৈ বিক্ৰি কৰিবলগীয়া হয় । এনেদৰে নষ্ট হোৱা নাইবা লোকচানকৈ বিক্ৰি কৰিবলগীয়া মাছখিনিক মূল্য সংযোজন কৰি বিভিন্ন সু - স্বাদু খাদ্য প্ৰস্তুত কৰিব পাৰি । তেনে খাদ্য কেইবিধমান হল - মাছৰ আচাৰ , কাটলেট , টিকিয়া ( ৱেফাৰ ), ফিংগাৰ , বল , চ ’ প , ৰ ’ ল , পাপৰ , চ্যুপ ইত্যাদি ।