কৃষি উদ্যমী যুৱক কুৰুছাৰ টিমুঙ
কাৰ্বি
আংলঙৰ এজন কৃষি উদ্যমী কুৰুছাৰ টিমুঙ। সামাজিক
কাম-কাজত সাংঘাটিকভাবে ব্যস্ত এজন কৃষক।
তেখেত
বৰ্তমান ভাৰতীয় কিষাণ সংঘ,
অসমৰো সভাপতি। সামাজিকভাবে
এটি গুৰুত্বপূৰ্ণ পদত থাকিও তেখেত হাড়ে-হিমজুৱে এজন সফল কৃষক। তেখেতৰ কৃষি কৰ্মই ইতিমধ্যে জিলাখনৰ লগতে
অসমখনৰো কৃষি উন্নয়নত যথেষ্ট ভুমিকা পালন কৰিছে।
মুলতঃ
উদ্যান শস্যৰ খেতি কৰা কুৰুছাৰ টিমুঙৰ কৃষি পামখনত আছে বিভিন্ন তৰহৰ ফলমুল-
১। লিচু – ১৫০ জোপা
২। আম – ১৫০ জোপা
৩। মধুৰীআম – ১০০ জোপা
৪। সুমথিৰা (খাচী মেণ্ডাৰিন)– ১০০ জোপা
৫। সুমথিৰা (নাগপুৰ)– ২৫ জোপা
৬। মালভোগ কল – ১০০০ জোপা
৭। চেনিচম্পা কল – ৫০০ জোপা
৮। কল (জি-৯) – ৩০০ জোপা
৯। জাহাজী কল – ১০০ জোপা
৯। কাচকল – ৫০ জোপা
১০। আপেল – ৪ জোপা
১১। আপেল বগৰী – ২০ জোপা
১২। ড্ৰেগন ফল – ১০ জোপা
১৩। পেচন ফল – ১০ জোপা
উক্ত
ফলমূলৰ খেতিৰ উপৰিও তেখেতে প্ৰায় ৭.৫ বিঘা মাটিত আদা,
৩.৫ বিঘা মাটিত হালধি, ২
বিঘা মাটিত ষ্ট্ৰ-বেৰী
আৰু প্ৰায় ১ বিঘা মাটিত ঋতুকালীন শাক-পাচলিৰ খেতিও কৰে।
কৃষি
পামখনত ১ বিঘা মাটিকালিৰ দুটি পুখুৰীৰ উপৰিও চোম (১৫০ জোপা)
আৰু কেচেৰু গছ (১০০ জোপা) (মুগা খেতিৰ বাবে), ১২ জোপা বাঁহ গছো আছে ।
মুঠতে
কুৰুছাৰ টিমুঙৰ কৃষি পামখনে পাহাৰীয়া জিলাখনৰ কৃষি-অৰ্থনৈতিক বিকাশৰ
এক চাক্ষুস চানেকি ডাঙি ধৰিছে।