কৃষি বিজ্ঞানৰ অ.আ.ক.খ.: অধ্যায়- ১৬

দৈহিক আৰু যান্ত্রিক পদ্ধতিৰে শস্যৰ কীট আৰু ৰোগ নিয়ন্ত্রণ

কাতি বিহুত শস্য পথাৰত মাটি চাকি, আকাশ বন্তি আদি জ্বলায় এইবোৰ পদ্ধতিত বিজ্ঞানসন্মত ভিত্তি আছেনে? যদিও পৰম্পৰাগতভাৱে এই পদ্ধতিবোৰ মানুহৰ মাজত চলি আহিছে ইয়াৰ অন্তৰালতো কিছুমান বৈজ্ঞানিক ভিত্তি লক্ষ্য কৰা হৈছে কাতি বিহুৰ সময়ত ধানৰ গেৰ ধৰা অৱস্থা পায় বা গেৰ ওলাবলৈ আৰম্ভ কৰে সেইসময়তে কৃষকে পথাৰত চাকি জ্বলাই পোক-পৰুৱাক আকৰ্ষণ কৰে আৰু জুইৰ উত্তাপত সেইবোৰৰ মৃত্যু হয় আনকি অনন্ত কালৰে পৰা আমাৰ খেয়কে এনেকুৱা বহুতো পদ্ধতি অৱলম্বন কৰি আহিছে তেনে কিছুমান পদ্ধতি হ-

পোকৰ কণী, লেটা আদি ধ্বংস কৰা, আক্ৰান্ত ডাল-পাত আঁতৰাই পেলোৱা, নলা খন্দা, ঢোল বা টিং বজোৱা, জেং পোতা আদি উদাহৰণস্বৰূপে, আমাৰ বহু কৃষকে ধানৰ কঠীয়া ৰোৱাৰ আগতে তাৰ আগবোৰ চিঙি বোকাত পুতি থয় এনে কৰাৰ ফলত চৰহা, জাখোৱা পোকৰ কণী, লেটা আদি ধ্বংস হৈ পোক নিবাৰণত সহায় কৰে

পোহৰ ফান্দঃ

উৰি ফুৰা পোক যেনে, ধানৰ মজাখোৱা পোক, পিঁয়াজী পোক, মুগা বৰণীয়া পাত সোহনী পোক, শূৰ পোক, শাক-পাচলি আৰু অন্যান্য শস্যৰ চগাজাতীয় পোক, গুৰিকটা পোক বা পাত খোৱা পোকৰ পখিলা আদিক পোহৰৰ ফান্দ ব্যৱহাৰ কৰি নিয়ন্ত্রণ কৰিব পাৰি

বাঁহ বা কাঠেৰে তিনিকোনীয়া আকৃতিৰ এটি সৰঞ্জাম তৈয়াৰ কৰি এনে পোহৰ ফান্দ তৈয়াৰ কৰিব পাৰি আজিকালি এনে পোহৰ ফান্দ বজাৰতো কিনিবলৈ পোৱা যায় তিনিকোনীয়া সৰঞ্জামটো শস্যৰ মাজত স্থাপন কৰিব লাগে আৰু তাৰ ভিতৰত এটা লেম্প থৈ সন্ধিয়া সময়ত জ্বলাব লাগে সৰঞ্জামটোৰ ঠিক তলতে এটা পাত্রত অলপ পানী নাইবা অলপ পোৰা মবিল লব লাগে

কীট-পতঙ্গৰ জীৱন চক্ৰ আৰু শস্যবাঢ়ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এনে পোহৰ ফান্দ ব্যৱহাৰ কৰিব পাৰি উত্তম সময় হল পোকৰ চগা অৱস্থাৰ আগে আগে বা কণী পৰাৰ ঠিক আগেয়ে

আঠা লগোৱা ফান্দঃ

৩০ x ৩০ ছে:মি: জোখৰ এখন পাতল টিঙত কমলা বা উজ্জল কমলা ৰং সানি তাৰ ওপৰত তেল বা আঠাজাতীয় পদাৰ্থ সানি লব লাগে উজ্জল ৰঙৰ পোকৰ মাখিবোৰ বা পখিলাবোৰ আকৰ্ষিত হৈ আঠা/তেলত লাগি ধৰে

 


ফেৰমন ফান্দঃ

ফেৰমন হল মাইকী পোকবোৰে মতা পোকবোৰক ইহঁতৰ ওচৰলৈ আকৰ্ষণ কৰিবলৈ নিঃসৰণ কৰা এবিধ ৰাসায়নিক পদাৰ্থ এনে ফেৰমনবোৰকে টোপ হিচাপে ব্যৱহাৰ কৰি শস্যৰ মাজত বিশেষ সৰঞ্জামৰে কীট নিয়ন্ত্রণৰ বাবে স্থাপন কৰা হয় এনে ফেৰমনবোৰ নিৰ্দিষ্ট হয় অৰ্থাৎ নিৰ্দিষ্ট পোকৰ বাবে নিৰ্দিষ্ট ফেৰমনহে ব্যৱহাৰ কৰা হয় ধানৰ মাজখোৱা পোক আৰু বিলাহী, বেঙেনাৰ মজাখোৱা পোক নিয়ন্ত্রণৰ বাবে এনে ফেৰমন ফান্দ ব্যৱহাৰ কৰি সুফল পোৱা গৈছে

হাতেৰে মোহাৰি বা আঁতৰাই পেলোৱাঃ

অনিষ্টকাৰী পোকৰ কণী বা পলু হাতেৰে মোহাৰি বা পাত চিঙি আঁতৰাই বহুতো পোকৰ আক্ৰমণ প্ৰাথমিক অৱস্থাতে নিয়ন্ত্রণ কৰিব পাৰি বন্ধাকবিৰ ডাইমণ্ড ব্লেকমথ পোকৰ কণী প্ৰাথমিক অৱস্থাতে চিনাক্তকৰণ কৰি, মোহাৰি পেলাই সেই পোকৰ আক্ৰমণৰ পৰা বহুখিনি হাত সাৰিব পাৰি

বিভিন্ন টোপঃ

শস্যৰ গুৰি কটা পোক নিয়ন্ত্রণৰ বাবে সমান পৰিমাণৰ কাঠৰ গুড়ি, তুঁহ আৰু গুৰেৰে অলপ পানী মিহলাই এটা আঠাযুক্ত মিশ্ৰণ প্ৰস্তুত কৰিব লাগে এই মিশ্ৰণটি সন্ধিয়া সময়ত পুলিৰ চাৰিওফালে দি থলে গুড়ৰ গোন্ধত গুড়ি কটা পোক আকৰ্ষিত হয় আৰু ইয়াৰ মাজেদি পাৰ হৈ যাব খুজিলে সিঁহত আঠাযুক্ত মিশ্ৰণত লাগি ধৰে আৰু পিছত ৰদত শুকাই মৰি যায়

         লাও, জিকা, ভোল আদিৰ চাঙত প্লাষ্টিক বটলত টোপৰ মিশ্ৰণ ভৰাই ওলোমাই থৈ ফল বিন্ধা কৰা মাখি পোক নিয়ন্ত্রণ কৰিব পাৰি

 

Popular posts from this blog

গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি

জিকা আৰু ভোল খেতিৰ দিহা

জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কেনেকৈ কৰিব

সৰিয়হৰ খেতিৰেও গঢ়িব পাৰি অসমৰ সবল কৃষি অৰ্থনীতি

কৃষক ডম্বৰুধৰ বৰা : শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.

শস্যৰ কীট, ৰোগ আৰু অপুষ্টিৰ সমস্যা আৰু সমাধান